ৰফিকুল হুছেইন (ইংৰাজী: Rafikul Hussain) অসমৰ এগৰাকী কবি তথা নাট পৰিচালক। তেখেতে ষাঠিৰ দশকৰ শেষৰ ভাগত কবি হিচাপে আত্মপ্ৰকাশ কৰে।[1] ১৯৫৪ চনত অসমৰ গোলাঘাট জিলাৰ বোকাখাতত জন্মলাভ কৰিছিল।

ৰফিকুল হুছেইন
জন্ম ১৯৫৪ চন
বোকাখাত, গোলাঘাট, অসম
পেচা কবি, নাট পৰিচালক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

প্ৰকাশিত গ্ৰন্থৰাজী সম্পাদনা কৰক

১৯৮৪ চনত তেওঁৰ প্ৰথম কবিতা সংকলন 'শৰবিদ্ধ আকাশ' প্ৰকাশ পায়। তাৰ পঁচিশ বছৰৰ পাছত ২০০৯ চনৰ ১০ অক্টোবৰত আঁক-বাঁক প্ৰকাশনৰ পৰা তেওঁৰ দ্বিতীয়খন কাব্য সংকলন "বিষাদ বসন্ত" প্ৰকাশিত হয়। ১৯৯৫ চনত প্ৰকাশ পোৱা "ধোঁৱা দৈৱকী জলাশয়" এতিয়ালৈকে প্ৰকাশিত হুছেইনৰ একমাত্ৰ নাট্য সংকলন।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 কাব্যগন্থ বিষাদ বসন্ত (বেটুপাত পৃষ্ঠা). আঁক-বাঁক প্ৰকাশন. ২০০৯.