ৰবাৰ্ট বিলট (ইংৰাজী: Robert Bilott; জন্ম ২ আগষ্ট, ১৯৬৫) এগৰাকী আমেৰিকান পৰিৱেশ অধিবক্তা। তেওঁ পশ্চিম ভাৰ্জিনিয়াৰ গুচৰীয়াসকলৰ হকে ডুপণ্ট (DuPont) নামৰ কোম্পানীটোৰ বিৰুদ্ধে চলোৱা মোকৰ্দমাৰ বাবে জনাজাত। বিলটে ২০ বছৰতকৈও অধিক সময় পাৰফ্লুৰোঅক্টানয়িক এচিড (Perfluorooctanoic acid, সংক্ষেপে PFOA) আৰু পাৰফ্লুৰোঅক্টেনছালফনিক এচিড (Perfluorooctanesulfonic acid, সংক্ষেপে PFOS) নামৰ দুবিধ ৰাসায়নিক পদাৰ্থৰ বিপদসংকুল ডাম্পিঙৰ বিৰুদ্ধে মোকৰ্দমা চলায়। ২০১৭ চনত বিলটক ইণ্টাৰনেচনেল ৰাইট লিভলিহুড এৱাৰ্ড প্ৰদান কৰা হয়। ইয়াক “বিকল্প ন'বেল বঁটা” বুলিও কোৱা হয়।

ৰবাৰ্ট বিলট
জন্ম ২ আগষ্ট, ১৯৬৫ (৫৮ বছৰ)
আলবানি, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান নিউ কলেজ অৱ ফ্ল'ৰিডা (BA)
অ'হায়ো ষ্টেট ইউনিভাৰ্ছিটি মৰিজ কলেজ অৱ ল (JD)
পেচা পৰিৱেশ অধিবক্তা
জনা যায় পশ্চিম ভাৰ্জিনিয়াৰ গুচৰীয়াসকলৰ হকে ডুপণ্ট নামৰ কোম্পানীটোৰ বিৰুদ্ধে চলোৱা মোকৰ্দমা
দাম্পত্যসঙ্গী ছাৰা বাৰলেজ
সন্তান ৩ গৰাকী

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৬৫ চনৰ ২ আগষ্ট তাৰিখে নিউয়ৰ্কৰ আলবানি নামে ঠাইত বিলটে জন্ম গ্ৰহণ কৰে।[1] বিলটৰ দেউতাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীত সেৱা আগবঢ়াইছিল আৰু সেই সূত্ৰে বিলটে তেওঁৰ শৈশৱ বিভিন্ন বায়ুসেনাৰ শিবিৰত কটাবলগীয়া হৈছিল। কৰ্মসূত্ৰে দেউতাক বিভিন্ন ঠাইলৈ বদলি হৈ থকাৰ বাবে বিলটে অ'হায়োৰ ফেয়াৰবৰ্ন হাই স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ আগলৈ আঠখনকৈ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। তাৰ পাছত তেওঁ ফ্লৰিডাৰ নিউ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান আৰু আৰবান ষ্টাডীজ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পাছলৈ ১৯৯০ চনত বিলটে অ'হায়ো ষ্টেট ইউনিভাৰ্ছিটি মৰিজ কলেজ অৱ লৰ পৰা জুৰিছ ডক্টৰ (Juris Doctor, সংক্ষেপে JD) ডিগ্ৰী অৰ্জন কৰে।[2][3]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৯০ চনত বিলট বাৰত ভৰ্তি হয়[3] আৰু অ'হায়োৰ চিনচিনাটিৰ টাফ্ট ষ্টেটিনিয়াছ এণ্ড হলিষ্টাৰত ওকালতি আৰম্ভ কৰে।[4] আঠ বছৰ ধৰি তেওঁ সুকীয়াকৈ বৃহৎ কৰ্পোৰেট গ্ৰাহকৰ বাবে কাম কৰিছিল আৰু তেওঁৰ বিশেষত্ব আছিল আদালতত ৰাসায়নিক কোম্পানীসমূহৰ সপক্ষে ওকালতি কৰা।[5] ১৯৯৮ চনত তেওঁ ফাৰ্মৰ অংশীদাৰ হয়।[1]

বিলটে পশ্চিম ভাৰ্জিনিয়াৰ পাৰ্কাছবাৰ্গৰ ৱিলবুৰ টেণেণ্টক প্ৰতিনিধিত্ব কৰিছিল যাৰ গৰুবোৰ মৃত্যুমুখে গতি কৰি আছিল।[1] ৱিলবুৰৰ ফাৰ্মখন আৱৰ্জনাৰ দম এটাৰ তলৰ ফালে আছিল য'ত ডুপণ্ট নামৰ ৰাসায়নিক কোম্পানীটোৱে শ শ টন পাৰফ্লুৰোঅক্টানয়িক এচিড (PFOA) পেলাই আহিছিল। ১৯৯৯ চনৰ গ্ৰীষ্মকালত, বিলটে পশ্চিম ভাৰ্জিনিয়াৰ দক্ষিণ জিলাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিলা আদালতত ডুপণ্টৰ বিৰুদ্ধে যুক্তৰাষ্ট্ৰীয় গোচৰ ৰুজু কৰে। ইয়াৰ প্ৰত্যুত্তৰত, ডুপণ্টে পৰামৰ্শ দিয়ে যে ডুপণ্ট আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা সংস্থাৰ অধীনত কৃষকৰ সম্পত্তিৰ ওপৰত এক অধ্যয়ন কৰা হ'ব যিটো ডুপণ্টৰ দ্বাৰা নিৰ্বাচিত তিনিগৰাকী পশু চিকিৎসক আৰু পৰিৱেশ সুৰক্ষা সংস্থাৰ দ্বাৰা নিৰ্বাচিত আন তিনিগৰাকী পশু চিকিৎসকৰ দ্বাৰা পৰিচালনা কৰা হ'ব। যেতিয়া এই অধ্যয়নৰ প্ৰতিবেদন দাখিল কৰা হয়, তাত গৰুৰ মৃত্যুৰ বাবে টেণেণ্ট সকলকহে দোষাৰোপ কৰা হয়। তদুপৰি তেওঁলোকে কয় যে পৰিপুষ্টিৰ অভাৱ, পশুৰ অপৰ্যাপ্ত যত্ন আদিৰ বাবে গৰুবোৰ মৃত্যুমুখত পৰিছে।[5]

পাছলৈ বিলটে আৱিষ্কাৰ কৰে যে ডুপণ্টৰ পৰা বৰ্জিত হাজাৰ হাজাৰ টন পাৰফ্লুৰোঅক্টানয়িক এচিড টেণেণ্টসকলৰ সম্পত্তিৰ ওচৰতে থকা আৱৰ্জনাৰ দমটোত পেলাই অহা হৈছে আৰু এই এচিডেই ওচৰে পাজৰে থকা আটাইবোৰ পানীৰ উৎস দূষিত কৰি পেলাইছে। বিলটে এয়া আৱিষ্কাৰ কৰাৰ পাছতেই ডুপণ্টে টেণেণ্টসকলৰ গোচৰটোৰ নিষ্পত্তি কৰে। ২০০১ চনৰ আগষ্ট মাহত বিলটে পশ্চিম ভাৰ্জিনিয়া আৰু অ'হায়োৰ প্ৰায় ৭০,০০০ লোকৰ (যিয়ে PFOA ৰে দূষিত পানী ব্যৱহাৰ কৰি আহিছে) হকে এটা ক্লাছ-এক্সন গোচৰ ৰুজু কৰে। ২০০৪ চনৰ ছেপ্টেম্বৰ মাহত ডুপণ্টে গোচৰটো নিষ্পত্তি কৰিবলৈ ৰাজি হয়। তদুপৰি অঞ্চলবোৰত প্ৰভাৱিত সকলো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ খোৱা পানীৰ যোগানৰ বাবে পানী শোধন প্ৰণালী স্থাপন কৰিবলৈ আৰু লগতে ৭০ মিলিয়ন আমেৰিকান ডলাৰৰ নগদ পুৰস্কাৰ পৰিশোধ কৰিবলৈ সন্মত হয়। বিলট ইয়াতে ক্ষান্ত নাথাকি তেওঁৰ আইনী দলটোৰ সৈতে ক্লাছ মেম্বাৰসকলক এই প্ৰাপ্ত ৭০ মিলিয়ন আমেৰিকান ডলাৰ ব্যৱহাৰ কৰিবলৈ পতিয়ন নিয়াই যাতে তেওঁলোকে তেজৰ নমুনা, চিকিৎসাজনিত ইতিহাস আদি স্বতন্ত্ৰ বিজ্ঞানীসকলক যোগান ধৰি PFOA ৰ দ্বাৰা হ'ব পৰা ৰোগসমূহৰ বিতং তথ্য লাভ কৰিব পাৰে। এইদৰে এক বৃহৎ পৰিমাণৰ তথ্য গোট খালে যিয়ে PFOA য়ে স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত এক উচ্চ মানৰ এপিডেমিঅ'লজিকেল অধ্যয়ন কৰাত সহায় কৰিলে। এই স্বাধীনচিতীয়া অধ্যয়ন তথা বিশ্লেষণ কৰিবলৈ ৭ বছৰতকৈও অধিক সময় লাগিছিল আৰু ইয়াৰ বাবে যাৱতীয় খৰচ ডুপণ্টে বহন কৰিবলগীয়া হয়। অৱশেষত স্বতন্ত্ৰ বিজ্ঞানীসকলে নিশ্চিত কৰে যে PFOA ৰ সংস্পৰ্শ আৰু বৃক্কৰ কৰ্কট ৰোগ, টেষ্টিকুলাৰ কৰ্কট ৰোগ, থাইৰয়ড ৰোগ, উচ্চ কলেষ্টেৰল, প্ৰি-এক্লাম্পছিয়া আৰু আলচেৰাটিভ কলাইটিছৰ মাজত এক সম্ভাৱ্য সম্পৰ্ক আছে।[1] বহুতো মোকৰ্দমাৰ উত্থান-পতনৰ শেষত PFOA ৰ দ্বাৰা দূষিত পানীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ বাবে সৰ্বমুঠ ৭৫৩ মিলিয়ন আমেৰিকান ডলাৰ ডুপণ্টে মীমাংসাৰ আৰ্থিক মূল্য হিচাপে বহন কৰিবলগীয়া হয়।[6]

২০১৮ চনত বিলটে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ (যাৰ তেজত PFAS ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে) হকে অন্য এটা নতুন গোচৰ ৰুজু কৰে। এই গোচৰ আছিল ডুপণ্ট, 3M আৰু Chemours ৰ বিৰুদ্ধে।[7] উল্লেখযোগ্য যে এই তিনিটা কোম্পানীৰ উপৰিও অতিৰিক্ত আঠটা কোম্পানীৰ বিৰুদ্ধে এই মোকৰ্দমা চলোৱা হয়। কিয়নো এই কোম্পানীকেইটাই কিছুমান বিষাক্ত ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে যিবোৰ সাধাৰণতে ননষ্টিকী কুকৱেৰ, ৱাটাৰপ্ৰুফ কাপোৰ ইত্যাদিত ব্যৱহাৰ কৰা হয়। যদিও প্ৰথমাৱস্থাত PFOA আৰু PFOS ৰ গুৰুত্ব দিয়া হৈছিল, এই গোচৰটোৱে GenX কে ধৰি PFAS ৰাসায়নিক পদাৰ্থৰ সমগ্ৰ শ্ৰেণীটোকেই লক্ষ্য কৰিছে।[1]

২০১৬ চনত বিলটৰ কাহিনীটো নিউয়ৰ্ক টাইমছ আলোচনীত নাথানিয়েল ৰিচ্ছে যুগুত কৰা এটা ক'ভাৰ ষ্টোৰীৰ কেন্দ্ৰবিন্দু আছিল যাৰ শিৰোনাম আছিল “The Lawyer Who Became DuPont's Worst Nightmare”। পাছলৈ ২০২১ চনত ৰিচ্ছে তেওঁৰ নিজৰ কিতাপ “Second Nature” ত উক্ত কাহিনীটো প্ৰকাশ কৰে।[8] দ্য হাফিংটন পোষ্ট আৰু দ্য ইণ্টাৰচেপ্ট নামৰ কাকতদুখনতো বিলটৰ কৰ্ম সম্পৰ্কে নাতিদীৰ্ঘ প্ৰবন্ধ প্ৰকাশিত হয়।

২০১৯ বৰ্ষত Atria Books ৰ দ্বাৰা প্ৰকাশিত “Exposure: Poisoned Water, Corporate Greed, and One Lawyer's Twenty-Year Battle Against DuPont” গ্ৰন্থখনৰ লেখক স্বয়ং ৰবাৰ্ট বিলট।[9] গ্ৰন্থখনৰ অডিঅ'বুক সংস্কৰণটো বৰ্ণনা কৰিছে জেৰেমি ববে আৰু প্ৰথম অধ্যায়টো বৰ্ণনা কৰিছে অভিনেতা মাৰ্ক ৰাফেলোৱে। ২০১৯ চনত নিৰ্মিত “Dark Waters” নামৰ চলচ্চিত্ৰখনো বিলটৰ কাহিনীৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনত বিলট আৰু বিলটৰ পত্নী ছাৰা বাৰলেজৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে মাৰ্ক ৰাফেল’ আৰু এনি হাথাৱেয়ে। “The Devil We Know“ শীৰ্ষক তথ্যচিত্ৰখনতো এই কাহিনীটো দৰ্শোৱা হৈছে। আমেৰিকান কবি ট্ৰেচি কে. স্মিথে ৰচনা কৰা “Watershed“ নামৰ কবিতাটোৰ মুখ্য বিষয়ো বিলট। ২০১৭ চনত নেচনেল জিয়োগ্ৰাফিক চেনেলত সম্প্ৰচাৰিত “Parched“ নামৰ তথ্যচিত্ৰখনৰ “Toxic Waters“ শীৰ্ষক খণ্ডটোৰ বিষয়ো বিলটেই আছিল। ইয়াৰোপৰি দ্য গেৰি ডগলাছ বেণ্ডৰ “Deep in the Water“ শীৰ্ষক গীত আৰু ভিডিঅ'টোৰো মুখ্য বিষয় আছিল ৰবাৰ্ট বিলট। বিলটে ২০২১ চনত চিআৰচি প্ৰেছৰ দ্বাৰা প্ৰকাশিত “Forever Chemicals“ নামৰ কিতাপখনৰ পাতনি লিখিছে।[10]

বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  • 2005 - Trial Lawyer of the Year. Presented by The Trial Lawyers For Public Justice Foundation.[3]
  • 2006 - Super Lawyer Rising Star. Selected by Cincinnati Magazine.[3]
  • 2008 - 100 Top Trial Lawyers from Ohio. Named by American Trial Lawyers Association.[3]
  • 2008 - Present Leading Lawyer Honoree. Name by Cincy Magazine Environmental Law.
  • 2010 - Present Honoree, Environmental Law, Litigation. Named by Best Lawyers in America.
  • 2011 - Present Top Local Plaintiff Litigation Star Honoree. Presented by Benchmark Plaintiff.
  • 2014 - Clarence Darrow Award Honoree. Presented by Mass Tort Bar.
  • 2016 - Giraffe Hero Commendation Honoree. Presented by Giraffe Heroes Project.
  • 2016 - Joined the board of the Next Generation Choices Foundation (a.k.a. Less Cancer) "to support its mission in championing education and policy that will help prevent cancer."[11]
  • 2017 - Present Class Action Honoree. Presented by Kentucky Super Lawyers.[12]
  • 2017 - Right Livelihood Award. Presented by The Right Livelihood Foundation (December 1, 2017).[1][13]
  • 2017 - MVP for Class Action Honoree. Named by Law360.
  • 2019 - Lawyer of the Year in Litigation - Environmental. Named by Best Lawyers.[14]
  • 2020 - Public Interest Environmental Law David Brower Lifetime Achievement Award.[15]
  • 2020 - Kentucky Bar Association Distinguished Lawyer Award.[16]
  • 2020 - Big Fish Award. Presented by Riverkeeper Fishermen's Ball.[17]
  • 2020 - Consumer Safety Award. Presented by the Kentucky Justice Association. [18]
  • 2021 - Lawyer of the Year in Litigation - Environmental. Named by Best Lawyers.[19]
  • 2021 - Honorary Doctor of Laws Degree from New College of Florida.
  • 2022 - Lawyer of the Year in Environmental Law - Cincinnati. Named by Best Lawyers.[20]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৯৬ চনত ছাৰা বাৰলেজৰ সৈতে বিলট বিবাহপাশত আৱদ্ধ হয়। বৰ্তমান তেওঁলোক টেডি, চাৰ্লি আৰু টনি নামে তিনিজন সন্তানৰ পিতৃ-মাতৃ।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Robert Bilott". The Right Livelihood Award. https://www.rightlivelihoodaward.org/laureates/robert-bilott/। আহৰণ কৰা হৈছে: 4 October, 2021. 
  2. 2.0 2.1 Rich, Nathaniel (6 April 2016). "The Lawyer Who Became DuPont's Worst Nightmare". New York Times. https://www.nytimes.com/2016/01/10/magazine/the-lawyer-who-became-duponts-worst-nightmare.html। আহৰণ কৰা হৈছে: 4 October, 2021. 
  3. 3.0 3.1 3.2 3.3 3.4 "Robert Bilott". thenationaltriallawyers.org. Archived from the original on December 9, 2019. https://web.archive.org/web/20191209141820/https://www.thenationaltriallawyers.org/profile-view/Robert/Bilott/3272/। আহৰণ কৰা হৈছে: December 9, 2019. 
  4. "Robert A. Bilott | People | Taft Stettinius & Hollister LLP". www.taftlaw.com. https://www.taftlaw.com/people/robert-a-bilott. 
  5. 5.0 5.1 The Lawyer Who became Dupont's worst nightmare, New York Times, 6 January 2016
  6. "DuPont, Chemours in $4 Billion 'Forever Chemicals' Cost Pact" (en ভাষাত). Bloomberg.com. 2021-01-22. https://www.bloomberg.com/news/articles/2021-01-22/dupont-and-chemours-in-4-billion-forever-chemicals-cost-pact. 
  7. Lerner, Sharon (October 6, 2018). "Nationwide Class Action Lawsuit Targets DuPont, Chemours, 3M, and Other Makers of PFAS Chemicals". https://theintercept.com/2018/10/06/dupont-pfas-chemicals-lawsuit/। আহৰণ কৰা হৈছে: 4 October, 2021. 
  8. author., Rich, Nathaniel, 1980-, Second nature, ISBN 978-1-250-79233-4, OCLC 1244130110, http://worldcat.org/oclc/1244130110, আহৰণ কৰা হৈছে: 4 October, 2021 
  9. Rivlin, Gary (October 14, 2019). "For 'Erin Brockovich' Fans, a David vs. Goliath Tale With a Twist". The New York Times. https://www.nytimes.com/2019/10/14/books/review/exposure-dupont-robert-bilott.html. 
  10. Kempisty, David M.; Racz, Leeann (2021). Forever Chemicals. doi:10.1201/9781003024521. ISBN 9781003024521. https://www.taylorfrancis.com/books/edit/10.1201/9781003024521/forever-chemicals-david-kempisty-leeann-racz. 
  11. "Bilott Joins Less Cancer Board". Taft Stettinius & Hollister LLPTaftLaw.com. https://www.taftlaw.com/news-events/news/bilott-joins-less-cancer-board। আহৰণ কৰা হৈছে: 16 December 2019. 
  12. "Top Rated Covington, KY Class Action & Mass Torts Attorney | Robert Bilott". https://profiles.superlawyers.com/kentucky/covington/lawyer/robert-bilott/8a98ec7a-18e2-41b5-953d-eea38ca5ff4e.html. 
  13. "Alternative Nobel Prize awarded to four activists". September 26, 2017. https://www.cbsnews.com/news/alternative-nobel-prize-right-livelihood-awarded-to-four-activists-including-u-s-lawyer/। আহৰণ কৰা হৈছে: December 8, 2019. 
  14. "Robert A. Bilott". bestlawyers.com. https://www.bestlawyers.com/lawyers/robert-a-bilott/67765। আহৰণ কৰা হৈছে: December 9, 2019. 
  15. "David Brower Lifetime Achievement Award Recipient Robert Bilott | PIELC". pielc.org. 18 February 2020. Archived from the original on 3 July 2020. https://web.archive.org/web/20200703193912/http://pielc.org/david-brower-lifetime-achievement/। আহৰণ কৰা হৈছে: 4 October, 2021. 
  16. "Taft attorney who inspired Mark Ruffalo film wins prestigious award". www.bizjournals.com. https://www.bizjournals.com/cincinnati/news/2020/05/15/tat-attorney-who-inspired-mark-ruffalo-film-wins.html। আহৰণ কৰা হৈছে: 4 October, 2021. 
  17. "Meet Riverkeeper's 2020 Fishermen's Ball honorees". 12 June 2020. Archived from the original on 8 March 2021. https://web.archive.org/web/20210308154143/https://www.riverkeeper.org/news-events/events/rvk-events/meet-riverkeepers-2020-fishermens-ball-honorees/। আহৰণ কৰা হৈছে: 4 October 2021. 
  18. "Kentucky Justice Association" (en ভাষাত). www.facebook.com. https://www.facebook.com/KentuckyJusticeAssociation/posts/10158376538615180। আহৰণ কৰা হৈছে: 4 October, 2021. 
  19. "Robert A. Bilott - Cincinnati, OH - Lawyer". blrankings-bl2-prod-eastus2-app.azurewebsites.net. http://blrankings-bl2-prod-eastus2-app.azurewebsites.net/Profile/Lawyer?id=67765। আহৰণ কৰা হৈছে: 4 October, 2021. [সংযোগবিহীন উৎস]
  20. "14 Taft Attorneys Named "Lawyer of the Year" by Best Lawyers® 2022 | News | Taft Stettinius & Hollister LLP" (en ভাষাত). www.taftlaw.com. https://www.taftlaw.com/news-events/news/14-taft-attorneys-named-lawyer-of-the-year-by-best-lawyers-r-2022। আহৰণ কৰা হৈছে: 4 October, 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক