২ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
২ আগষ্ট (ইংৰাজী: 2 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৪তম (অধিবৰ্ষত ২১৫তম) দিন। বছৰ শেষ হ'বলৈ ১৫১ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
উল্লেখযোগ্য ঘটনাৱলীসম্পাদনা কৰক
- ১৮৩১ - নেডাৰলেণ্ডৰ সেনাই দহ দিনৰ বাবে বেলজিয়াম দখল কৰে।
- ১৮৫৮ - ব্ৰিটিছ চৰকাৰে গবৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট প্ৰয়োগ কৰে।
- ১৯৩৪ - হিটলাৰ জাৰ্মান সৈন্য় বাহিনীৰ মুখ্য় সেনাধিপতি হয়।
- ১৯৬৬ – নাৰায়ণপুৰ মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
- ১৯৮৭ - বিশ্বনাথন আনন্দই জুনিয়ৰ ডবা চেম্পিয়নত জয়লাভ কৰে।
- ১৯৯০ - ইৰাকে কুয়েটৰ ওপৰত আক্ৰমণ কৰে।
- ১৯৯৯ – অসমৰ গাইশাল ৰেল দুৰ্ঘটনাত ২৮৫জন লোক নিহত হৈছিল।
জন্মসম্পাদনা কৰক
- ১৮৬১ – প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ, ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ। (মৃত্যু ১৯৪৪)
- ১৮৬৮ - গ্ৰীচৰ ৰজা কনষ্টেটাইন প্ৰথম জন্ম হৈছিল।
- ১৮৭৬ – পিংগলি ভেংকয়া, স্বাধীনতা সংগ্ৰামী, ভাৰতৰ জাতীয় পতাকাৰ ডিজাইনাৰ।
- ১৮৭৭ – বৰিশংকৰ শুক্লাৰ, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ। (মৃত্যু ১৯৬৫)
- ১৯২২ - উদ্যোগপতি গংগা প্ৰসাদ বিৰলাৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৮৫৯ - আমেৰিকাৰ শিক্ষাবিদ হ'ৰেচ মেন (ইংঃ Horace Mann)।
- ১৯২২ – আলেকজেণ্ডাৰ গ্ৰেহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাবক।
- ২০১০ - ভাৰতীয় চিনেমা জগতৰ এগৰাকী চৰিত্ৰ অভিনেতা কমল কাপুৰৰ মৃত্যু হয়।
দিৱসসম্পাদনা কৰক
- গণতন্ত্ৰ দিৱস (উত্তৰ মেচিডনিয়া)।
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ দ্বিতীয় দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)