ৰমেন ডেকা (জন্ম ১ মাৰ্চ ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ডেকা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ। তেওঁ অসমৰ [[মঙ্গলদৈ (লোকসভা সমষ্টি) |মঙলদৈ লোকসভা সমষ্টিক]] প্ৰতিনিধিত্ব কৰে। ডেকা ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1]

ৰমেন ডেকা
মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মে' ২০১৯ (2019-05-16)
পূৰ্বসূৰী নাৰায়ণ চন্দ্ৰ বৰকটকী
ব্যক্তিগত তথ্য
জন্ম ১ মাৰ্চ, ১৯৫৪ (৭০ বছৰ)
শুৱালকুছি, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী ৰাণী ডেকাকাকতি
সন্তান

জীৱন সম্পাদনা কৰক

ৰমেন ডেকাৰ জন্ম হৈছিল কামৰূপ (গ্ৰাম্য) জিলাৰ শুৱালকুছিত। তেওঁৰ পিতৃ সুৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃ চম্পাৱতী ডেকা।[1] ডেকাই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭৭ চনত ডেকা জনতা পাৰ্টীৰ অসম শাখাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যৰত আছিল। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টীৰ গঠনৰ সময়ত ৰমেন ডেকা এগৰাকী সদস্য আছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি, আৰু ২০০৫ চনৰ পৰা ২০০৯ চনলৈ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল। ডেকাই সংসদৰ গৃহ আৰু ৰাজহুৱা হিচাপ পৰীক্ষণ স্থায়ী কমিটিৰ (standing committee) ৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1]

১৯৭৯ চনত অসম সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক হিচাপে ৰমেন ডেকা নিৰ্বাচিত হৈছিল।[1]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Profile of Members". Government of India. https://www.india.gov.in/my-government/indian-parliament/ramen-deka। আহৰণ কৰা হৈছে: March 1, 2012.