ৰাইজমেল সমূহ প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণি কালছোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ আছিল। ১৭০৭ - ৬৯ ৰ কালছোৱাত মূলতঃ কৃষকৰ এক সামাজিক শক্তি হিচাবে উদ্ভৱ হৈ ১৮৯৪ চন মানলৈকে ই বৰ্তি আছিল। দৰং জিলাৰ পৰা আৰম্ভ কৰি মধ্য অসম পৰ্য্যন্ত এই ৰাইজমেল সমূহ দেখা গৈছিল। এইসমূহ অনিয়মীয়া সংগঠন আছিল আৰু ৰাইজৰ প্ৰয়োজন সাপেক্ষে গঠন বা আহবান কৰা হৈছিল। ইয়াৰ কোনো কেন্দ্ৰীয় নেতৃত্ব নাছিল আৰু ৰাইজৰ দ্বাৰা সমজুৱা স্বাৰ্থৰ হকে পৰিচালিত হৈছিল। ১৮২৮ - ৯৪ কালচোৱাত ফুলগুৰি, পথৰুয়াট, বজালী আদিত ব্ৰিটিছ শাসন প্ৰথাৰ বিৰুদ্ধে দেখা দিয়া বিভিন্ন কৃষক বিদ্ৰোহত এই ৰাইজমেল সমূহে বিশেষ অৰিহণা যোগাইছিল। এই সংগঠনসমূহৰ চৰিত্ৰ জাতি আৰু ধৰ্ম নিৰপেক্ষ আছিল আৰু কোঁচ, কলিতা, বামুন, হিন্দু, মুছলমান নিৰ্বিশেষে এইসমূহত অংশগ্ৰহণ কৰিছিল। প্ৰথমছোৱাত ৰজা আৰু ব্ৰিটিছ সকলেও এইসমূহক স্বীকৃতি দিছিল। মুখ্যতঃ কৃষিজীৱী প্ৰজাৰ এই সংগঠনসমূ্ত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অংশগ্ৰহণ আৰু সহযোগ সম্পৰ্কে অৱশ্যে বিতৰ্ক চলি আছে।[1]

প্ৰাক ব্ৰিটিছ কাল

সম্পাদনা কৰক

দৰং আহোমৰ তলতীয়া ৰাজ্য হৈ থকা অৱস্থাত ১৯৬৯ চনত অত্যাধিক কৰৰ প্ৰতিবাদ কৰি ৰাইজমেলৰ জৰিয়তে প্ৰায় ৪০০০ কৃষকে তৎকালীন আহোম ৰজা লক্ষ্মীনাথ সিংহক ৰাজধানী ৰংপুৰত আবেদন কৰে আৰু ৰজাই এই কৰ বাতিল কৰিবলৈ আদেশ দিবলৈ বাধ্য হয়।[2][3] গৌৰীনাথ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰাজ্যৰ পৰা বিতাৰিত ভগনীয়াসকলে দৰঙীয়া লোকৰ ওপৰত কৰা আতিশয্যৰ পৰিপ্ৰেক্ষিতত পুনৰ ৰাইজমেলসমূহ সক্ৰিয় হৈ পৰে।[4] বিভিন্ন গাঁৱৰ দুশ বৰমুৰীয়া মিলি গুৱাহাটীৰ বৰফুকনৰ সেৱাত থকা প্ৰায় ৬০০০ পাইকক ওভোটাই অনাৰ সিদ্ধান্ত লয়। তদুপৰি মোৱামৰীয়া বিদ্ৰোহৰ ক্ষেত্ৰত আহোম ৰাজত্বক বিৰোধিতা কৰাৰ সিদ্ধান্তৰে বিদ্ৰোহী মোৱামৰীবাৰ দৰে একেধৰণৰ দাবীত যুক্ত হ'ল।[5]

পৰবৰ্তীকালত ৰাইজমেলসমূহ দৰং, নগাঁও আৰু কামৰূপৰ কৃষকৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগত পৰিণত হ'ল। বিভিন্ন জনগোষ্ঠীয় আৰু নৃগোষ্ঠীয় সমাজত বৰ্তি থকা গণতান্ত্ৰিক উপাদানসমূহৰ প্ৰাথমিক ৰূপে এই ৰাইজমেলসমূহৰ উত্থানত প্ৰভাৱ বিস্তাৰ কৰিছিল। তদুপৰি শংকৰদেৱৰ (১৪৪৯-১৫৬৮) নৱবৈষ্ণব আন্দোলনৰ উদাৰনৈতিক প্ৰভাবেও এই অঞ্চলত গণতান্ত্ৰিক জীৱনধাৰা গঢ়ি উঠাত অৰিহণা যোগাইছিল। এই অঞ্চলসমূহত আহোম ৰাজত্বৰ কটকটীয়া প্ৰভাৱ আৰু নিৰ্দেশনাৰ অভাৱেও ৰাইজৰ পথপ্ৰদৰ্শনৰ কাৰক হিচাবেও এই ৰাইজমেলসমূহে গুৰুত্ব লাভ কৰিছিল।[1]

ব্ৰিটিছ শাসনকাল

সম্পাদনা কৰক

উপৰোক্ত পৰিস্থিতিত, উনবিংশ শতাব্দীৰ ব্ৰিটিছৰ শাসনকালতো ৰাইজৰ মাজত ৰাইজমেল জনপ্ৰিয় আৰু শক্তিশালী হৈ থাকিয়েই গ'ল। এখন চৰকাৰী প্ৰেৰণপত্ৰত (despatch) এইবুলি কোৱা হয় যে ব্ৰিটিছ শাসনৰ প্ৰথম পয়ত্ৰিশ বছৰত (১৮২৬-৬১) এই ৰাইজমেলবোৰ অসমৰ প্ৰশাসনৰ স্বীকৃত বৈশিষ্ট্য আছিল আৰু প্ৰশাসনো এইবোৰৰ প্ৰতি সদয় আছিল।[6]

ৰাইজমেলসমূহ প্ৰশাসনৰ লগত প্ৰজাৰ সংযোগ ৰক্ষাৰো এটা মাধ্যম আছিল।

কৃষক বিদ্ৰোহত ৰাইজমেলৰ ভূমিকা

সম্পাদনা কৰক

ব্ৰিটিছ শাসনৰ ভূমিনীতি, বৰ্ধিত ৰাজহ আদিৰ প্ৰতিবাদত প্ৰজা সংগঠিত হোৱাত ৰাইজমেলসমূহৰ বিশিষ্ট ভূমিকা আছিল। এই ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে আলোচনা বিলোচনা কৰি সংগঠিত হৈ ফুলগুৰি ধেৱা, পথৰুঘাটৰ ধেৱা আদি কৃষক বিদ্ৰোহ সংঘটিত কৰাৰ বাবে একজোট হৈছিল। এই ৰাইজমেলসমূহৰ জৰিয়তেই কামৰূপ, দৰং আৰু নগাঁৱৰ বিভিন্ন স্থানলৈ এই বিদ্ৰোহ বিয়পিছিল। ৰাইজমেল সমূহৰ সৰিয়তেই ৰাইজে ব্ৰিটিছলৈ পত্ৰ পঠাই প্ৰতিবাদ জনাইছিল আৰু সাৱধানবাণী শুনাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন] [7][1]

সাংগঠনিক আৰু আৰ্থ-সামাজিক বৈশিষ্ট্য

সম্পাদনা কৰক

ৰাইজমেল সমূহৰ কোনো কেন্দ্ৰীয় নেতৃত্ব নাছিল, ৰাইজে যৌথভাৱে ইহঁতক পৰিচালনা কৰিছিল। ইয়াৰ অন্য এক চকুত লগা বৈশিষ্ট্য আছিল ধৰ্মনিৰপেক্ষতা। বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মীয় সম্প্ৰদায়ৰ মানুহ ইয়াৰ সৈতে জড়িত আছিল। যেনে- বৰ্ণহিন্দু, মাছমৰীয়া আৰু লালুং (তিৱা) জনজাতীয় লোকসকল নগাঁৱৰ ফুলগুৰি ৰাইমেলৰ মূল অংশ আছিল আৰু আনহাতেদি কামৰূপ আৰু দৰং জিলাত । ৰাইজমেলসমূহ গঠন হৈছিল বামুন আৰু সকলো ধৰ্মৰ বৰ্ণহিন্দু, মুছলমান, কছাৰী আৰু বড়ো জনজাতীয় লোকসকলৰ দ্বাৰা।[1]

কাম-কাজৰ ধাৰাবাহিকতাৰ ফালৰপৰাও ৰাইজমেলসমূহ নিয়মীয়া সংগঠন নাছিল। সংকট বা জৰুৰীকালীন অৱস্থাত যেতিয়া ৰাইজৰ স্বাৰ্থ বিপদাপন্ন হৈছিল আৰু ৰাইজমেলৰ সেৱাৰ প্ৰয়োজন হৈছিল, তেতিয়াই এইবোৰ গঠিত হৈছিল।[1]

উল্লেখযোগ্য যে সমসাময়িক মধ্যশ্ৰেণীৰ মানুহে ৰাইজমেলসমূহক ভাল দৃষ্টিৰে চোৱা নাছিল।[1]

লগতে চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 কলিতা, ডঃ ৰমেশ চন্দ্ৰ (মে' - জুন ২০০১). "উনৈশ শতিকাৰ কৃষক বিদ্ৰোহ আৰু অসমীবা মধ্যশ্ৰেণী". নতুন পদাতিক খণ্ড (১): ৪৩. 
  2. ভুঞা, ডঃ এছ কে (1974). Anglo Assamese Relations 1771-1826 (2nd সম্পাদনা). লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী. পৃষ্ঠা. ২৬৯-৭০. 
  3. Assam District Gadgets. দৰং জিলা, অসম চৰকাৰ. ১৯৭৪. 
  4. Wade, Dr John Peter (1800). বেণুধৰ শৰ্মা. ed. An Account of Assam (2nd, Guwahati, 1962 সম্পাদনা). পৃষ্ঠা. 262. 
  5. Wade, Dr John Peter (1800). An Account of Assam (2nd, Guwahati, 1962 সম্পাদনা). পৃষ্ঠা. 262-3, ডঃ ভূঞা, টোকা-৪. 
  6. E H Lushitong, Secy to the Govt of Bangle, No. 891, to Major to W Angnew offs. Commissioner of Assam, Judicial Fort William, dt. 31st May 1862, NAL
  7. দীপক কাকতি (জুন 2012), "অসমৰ কৃষক বিদ্ৰোহৰ জ্বলন্ত স্বাক্ষৰ - পথৰুঘাটৰ ৰণ", প্ৰান্তিক (প্ৰদীপ বৰুৱা), ১৬-৩১ জুন ২০১২