ৰাইডাং বেত (ইংৰাজী: Calamus rotang) ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ্ভিদ। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক আচবাব, খৰাহী, লাখুটি, ছাতিৰ নাল, মেজ, চকী আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দক্ষিণ-পূৱ এছিয়াত এই উদ্ভিদ প্ৰচুৰ পৰিমানে পোৱা যায়।

Calamus (palm) rotang
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Monocots
ক্লেড: Commelinids
গণ: Calamus (palm)
প্ৰজাতি: C. rotang
দ্বৈৰাশিক নামকৰণ
Calamus rotang
L.
সমাৰ্থক[1]
  • Calamus monoecus Roxb.
  • Calamus roxburghii Griff.
  • Calamus scipionum Lam.
  • Draco rotang Crantz
  • Palmijuncus monoecus (Roxb.) Kuntze
  • Rotang linnaei Baill.
  • Rotanga calamus Crantz

বিস্তৃতি সম্পাদনা কৰক

ৰাইডাং বেত ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা উদ্ভিদ৷ অসমত এই বেত প্ৰধানকৈ কাৰ্বি আংলং জিলাৰ ধনশিৰি আৰু দলদলি বনাঞ্চল আৰু ডিব্ৰুগড় জিলাৰ পানীডিহিং বনাঞ্চলত উৎপত্তি হয়৷[2]

বিৱৰণ সম্পাদনা কৰক

ৰাইডাং বেতৰ আঁকুহি কাইটযুক্ত হয়৷ সুবিধা অনুযায়ী লতাডালে পোনপটীয়াভাৱে আকাশমুৱা হৈ আঁকুহিৰ সহায়ত গছৰ ওপৰলৈ উঠি যায়৷ কোছা কোছে উৎপত্তি হোৱা শিপাৰ মুঢ়াত বিকশিত হোৱা পোখাবোৰ ক্ৰমে ডাঙৰ হৈ একোজোপা জোপোহা গছৰ আকৃতি ধাৰণ কৰে৷ বৌখাৰ সহায়ত পাতৰ ঠাৰি ধৰে আৰু এই ঠৰুৱাৰ আগলি অংশত ছিৰিলি ছিৰিলি পাতবোৰ বিকশিত হয়৷ ৰাইডাং বেতৰ গুৰি ভাগতকৈ লতাডালৰ আগভাগ ক্ৰমে মোটা হয়৷ [2]

ব্যৱহাৰ সম্পাদনা কৰক

ৰাইডাং বেত লাখুটি, লাঠি আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই বেতেৰে চকি,মেজ, খুঁটি আদিও সজা দেখা যায়৷এই বেতৰ আগলি ভাগে ধাৰণ কৰা কোমল বকটুৰ গাঁজ খাদ্য হিচাপেও খোৱা হয়৷[2]

চিত্ৰ সম্ভাৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. The Plant List, Calamus rotang
  2. 2.0 2.1 2.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

বাহ্যিক সংযোগ সম্পাদনা কৰক