ৰাইদঙীয়া দৌল

অসমৰ ধৰ্মীয় স্থান
(ৰাইদঙ্গীয়া দৌলৰ পৰা পুনঃনিৰ্দেশিত)

ৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (ইংৰাজী: Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস্থিত ঐতিহাসিক দৌল। ১৭৫০ চনত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে (১৭৪৪–১৭৫১) নিৰ্মাণ কৰাইছিল।[1] ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰ আছিল। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলৰ ৰাইজে শিৱ পূজা কৰি আহিছে। সেয়ে বৰ্তমান দৌলটোক শিৱ দৌল বা ৰাইদঙীয়া শিৱ দৌল বুলিও কোৱা হয়। ইয়াৰ মূল উৎসৱ হ'ল মহা শিৱৰাত্ৰিঅসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে ৰাইদঙীয়া দৌলক ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।[2]

ৰাইদঙীয়া দৌল
ৰাইদঙীয়া দৌল is located in Assam
ৰাইদঙীয়া দৌল
অসম মানচিত্ৰত ৰাইদঙীয়া দৌলৰ অৱস্থান
ভূ-স্থানাংক 27°16′57″N 94°47′34″E / 27.2825°N 94.7928°E / 27.2825; 94.7928
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
স্থাপত্য শৈলী নীলাচল স্থাপত্যশৈলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৭৫০
প্ৰতিস্থাপক স্বৰ্গদেউ প্ৰমত্ত সিংহ

অৱস্থান সম্পাদনা কৰক

ৰাইদঙীয়া দৌল ডিব্ৰুগড় জিলাৰ বৰবৰুৱা ৰাজহ চক্ৰৰ লৰুৱা মৌজাৰ অন্তৰ্গত লেজাই মিৰিপথাৰ গাঁৱত অৱস্থিত। ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা ই প্ৰায় ২২ কিলোমিটাৰ নিলগত অৱস্থিত। লেজাই-কলাখোৱা পথৰ পৰা আৰম্ভ কৰি ৰাইদঙীয়া পথ নামেৰে জনাজাত এটা ঐতিহাসিক পথে মন্দিৰটোক মূল পথৰ সৈতে সংযোগ কৰিছে। ৰাইদঙীয়া পথৰ উত্তৰ দিশত আৰু মূল লেজাই-কলাখোৱা পথৰ পশ্চিমে এই মন্দিৰটো অৱস্থিত।

ইতিহাস সম্পাদনা কৰক

১৭৪২ চনত আহোম ৰাজ্যৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই (১৭৪৪-১৭৫১) এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। সেই সময়ত বৰ্তমানৰ লেজাই অঞ্চলৰ মুৰব্বী বুলি ধৰা ৰাইদঙীয়া ৰজাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা তেওঁৰ মৰমৰ ভগ্নী যামিনীৰ নামত এই মন্দিৰটো যৌতুক হিচাপে আগবঢ়োৱা বুলি জনা যায়। স্থানীয় গাঁওবাসীৰ সহযোগত ১৭৫০ চনৰ শেষৰ ফালে দৌলৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয়। মন্দিৰৰ বাবে মুঠ ২০০ পুৰা মাটি উছৰ্গা কৰা হৈছিল। দৌলৰ লগতে সেই সময়ছোৱাত এটা পুখুৰীও খন্দোৱা হৈছিল। পুখুৰীটো এতিয়াও দৌলৰ কাষতে আছে।[3]

স্থাপত্য সম্পাদনা কৰক

ৰাইদঙীয়া দৌল আহোম আৰু নীলাচল স্থাপত্যশৈলীৰ সংমিশ্ৰণত নিৰ্মাণ কৰা হৈছে। এই দৌল আঠকোণীয়া বেদীৰ ওপৰত প্ৰতিষ্ঠিত। মূল শিখৰৰ উচ্চতা ৪৫ ফুট আৰু বহুভূজীয়া মূল শিখৰৰ চাৰিওফালে সৰু সৰু আঠটা অংগ শিখৰ আছে।[4] ইটাৰে নিৰ্মিত দৌলৰ মূল শিখৰৰ দেৱালত বিভিন্ন দেৱ-দেৱী আৰু তেওঁলোকৰ ৰূপ চিত্ৰিত অসংখ্য ভাস্কৰ্য আছে।[5] শিলত নিৰ্মিত এই ভাস্কৰ্য সমূহে ভাগৱতত বৰ্ণিত বিষ্ণুৰ দশাৱতাৰ ক্ৰমে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামণ, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ, আৰু কল্কিৰ স্পষ্ট প্ৰতিনিধিত্ব প্ৰদান কৰে। তদুপৰি ইয়াত শিলত খোদিত ব্ৰহ্মা, বিষ্ণু আৰু লক্ষ্মীৰ লগতে দুৰ্গা দেৱীৰ বিভিন্ন ৰূপৰ ভাস্কৰ্যয়ো দেখা যায়। মন্দিৰ নিৰ্মাণত হাঁহৰ কণী, মাটি দাইল, বৰা ধান আদি পৰম্পৰাগত কেঁচামাল ব্যৱহাৰ কৰা হৈছিল। দৌলৰ ওপৰৰ গম্বুজৰ ওপৰত অৱস্থিত চক্ৰত চাৰিটা প্ৰক্ষেপিত ত্ৰিশূল চিহ্নিত কৰা হৈছে। তদুপৰি দৌলৰ প্ৰাংগণত অসংখ্য দেৱ-দেৱীৰ ভাস্কৰ্য, শিৱলিংগ আদি আছে।

ইয়াত আহোম ৰাজ্যৰ ২৪টা প্ৰাচীন ধ্বংসাৱশেষ আৰু ১৪টা প্ৰতিমূৰ্তি আছে।

পৰ্যটন সম্পাদনা কৰক

দৌলৰ পুৰোহিতে ভগৱান শিৱক উৎসৰ্গিত নিয়মিত পূজা আগবঢ়ায়। প্ৰতি বছৰে হিন্দু পঞ্জিকা অনুযায়ী ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত ইয়াত ধুম ধামেৰে মহা শিৱৰাত্ৰিৰ পালন কৰা হয়। এই উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আৰু তীৰ্থযাত্ৰীসকল ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰি ইয়ালৈ আহে।

ধাননি পথাৰেৰে আগুৰি থকা এই দৌলৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বাসস্থান হিচাপে জনাজাত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যয়ে ঠাইখনলৈ অহা দৰ্শনাৰ্থীক মোহিত কৰে।

যাতায়াত সম্পাদনা কৰক

ৰাইদঙীয়া দৌল ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত লেজাই-কলাখোৱা পথৰ দাঁতিত অৱস্থিত। ডিব্ৰুগড় চহৰৰ পৰা ইয়ালৈ যাতায়াতৰ সু-ব্যৱস্থা আছে। ইয়াৰ পৰা ডিব্ৰুগড় ৰেল ষ্টেচন প্ৰায় ২৮ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ প্ৰায় ৩৭ কিঃমিঃ নিলগত অৱস্থিত।

তথ্য উৎস সম্পাদনা কৰক

  1. "Protected Archaeological Sites and Monuments" (en ভাষাত). Department of Cultural Affairs, Government of Assam. https://culturalaffairs.assam.gov.in/portlet-innerpage/protected-archaeological-sites-and-monuments। আহৰণ কৰা হৈছে: 01 January 2024. 
  2. "Protected Monuments in Assam" (en ভাষাত). Archeological Survey of India. https://asi.nic.in/protected-monuments-in-assam/। আহৰণ কৰা হৈছে: 01 January 2024. 
  3. "SEE ANCIENT RELICS OF THE AHOM KINGDOM AT RAIDONGIA DOL" (en ভাষাত). Tourgenie. https://www.tourgenie.com/travel-diaries/travel-blogs/see-ancient-relics-of-the-ahom-kingdom-at-raidongia-dol। আহৰণ কৰা হৈছে: 01 January 2024. 
  4. "Raidongia Doul" (en ভাষাত). Dibrugarh district. https://dibrugarh.assam.gov.in/tourist-place-detail/271। আহৰণ কৰা হৈছে: 02 January 2024. 
  5. "সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ" (as ভাষাত). Archeological Survey of India. https://archaeology.assam.gov.in/as/information-services/সংৰক্ষিত-পূৰাতাত্ত্বিক-স্থান-আৰু-স্মৃতিসৌধসমূহ। আহৰণ কৰা হৈছে: 01 January 2024.