ৰাধিকা আপ্টে

মঞ্চাভিনেত্ৰী

ৰাধিকা আপ্টে (ইংৰাজী: Radhika Apte; জন্ম ৭ ছেপ্টেম্বৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।[2] তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুণেত। চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। বলিউডৰ ফেণ্টাচি ছবি 'ৱাহ! লাইফ হ' ট' এইছি'ৰ (২০০৫) জৰিয়তে তেখেতে হিন্দীৰ ছবিজগতত খোজ পেলায়। তাৰ পিছৰে পৰা তেখেতে মাৰাঠী, তেলেগু, মালায়ালম, বঙালী আৰু ইংৰাজী ভাষাৰ বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৯ চনত এখন সামাজিক কাহিনীৰ বঙালী ছবি 'অন্তহীন'ৰ জৰিয়তে ৰাধিকা আপ্টেই পোনপ্ৰথমবাৰৰ বাবে ছবিৰ নায়িকা হিচাপে ভূমুকি মাৰিছিল। ২০১৫ চনত নিৰ্মিত হিন্দী ছবি 'বদলাপুৰ', 'হাণ্টাৰ' আৰু 'মাঝী – দ্য মাউণ্টেন মেন'ত কৰা অভিনয়ৰ বাবে তেখেতে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ২০১৬ৰ ছবি 'ফ'বিয়া' আৰু 'পাৰ্ছড'ত কৰা অভিনয়ৰ বাবেও তেখেতে যথাযোগ্য স্বীকৃতি লাভ কৰে।[3][4][5]

ৰাধিকা আপ্টে

২০১৮ চনত ৰাধিকা আপ্টে
জন্ম ৰাধিকা আপ্টে
৭ ছেপ্টেম্বৰ, ১৯৮৫ (৩৮ বছৰ)
ভেলোৰ, তামিলনাডু, ভাৰত
বাসগৃহ ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ফাৰ্গুছন কলেজ, পুণে
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী বেনেডিক্ট টেইলৰ, ২০১২

২০১৮ চনত ৰাধিকা আপ্টেই বহুল জনপ্ৰিয় ভিডিঅ' আৰু ছবি ষ্ট্ৰিমিং ৱেবছাইট 'নেটফ্লিক্স'ত তিনিটা বিশেষ প্ৰযোজনাত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। সেইকেইটা হ'ল: চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে সমৃদ্ধ 'লাষ্ট ষ্টৰিছ', থ্ৰিলাৰধৰ্মী ছিৰিজ 'ছেক্ৰেড গেইমছ্', আৰু ভৌতিকধৰ্মী মিনি-চিৰিজ 'ঘাউল'।[6][7] 'লাষ্ট ষ্টৰিজ'ত কৰা অভিনয়ৰ বাবে তেখেতে 'আন্তঃৰাষ্ট্ৰীয় এমি বঁটা'ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰে।[8]

২০১৮ চনত নিৰ্মাণ হোৱা শ্ৰীৰাম ৰাঘাৱনৰ ব্লেক থ্ৰিলাৰ কমেডি 'অন্ধাধুন'ত ৰাধিকা আপ্তেই 'ছফি'ৰ চৰিত্ৰত এক স্মৰণীয় অভিনয় কৰে। এইখন ছবিক বহুতো সমালোচকে বছৰটোৰ শ্ৰেষ্ঠ ছবি হিচাপে আখ্যায়িত কৰে।[9][10]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ৰাধিকাৰ জন্ম হৈছিল তামিলনাডুৰ ভেলোৰত। ১৯৮৫ চনৰ ৭ ছেপ্টেম্বৰত। তেখেতৰ পিতৃ-মাতৃয়ে ভেলোৰস্থিত 'খ্ৰীষ্টীয়ান চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়'ত সেৱা আগবঢ়াই আছিল।[11] পৰৱৰ্তী সময়ত তেখেতৰ পিতৃ চাৰুদত্ত আপ্টে স্নায়ুচিকিৎসক আৰু পুণেৰ সাহায়াদ্ৰী চিকিৎসালয়ৰ এগৰাকী অধ্যক্ষ হৈছিলগৈ।[12][13][14] ৰাধিকা আপ্টেয়ে পুণেস্থিত ফাৰ্গুছন কলেজৰ পৰা অৰ্থনীতি আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[15][16][17] পুণেত শৈশৱ আৰু কৈশোৰ কাল অতিবাহিত কৰাৰ সময়তেই, তেখেতে কথকশিল্পী-গৱেষক ৰোহিনী ভাটেৰ অধীনত আঠটা বছৰ কথকৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।[18] সেইখিনি সময়তে ৰাধিকাই মঞ্চৰ জগততো জড়িত হৈ পৰিছিল আৰু মুম্বাইলৈ ছবি কৰিবলৈ যাবলৈ মন বান্ধিছিল। অৱশ্যে কেইমাহমানৰ পিছত, মুম্বাইত হোৱা অভিজ্ঞতাই তেখেতক নিৰুৎসাহিত কৰে আৰু ফলস্বৰূপে তেখেত পুনৰ নিজৰ ঠাই পুণেলৈ উভতি আহে। ২০১৮ চনত 'স্কুপ-হুপ'ৰ (Scoop Whoop) লগত হোৱা এক সাক্ষাৎকাৰত ৰাধিকাই এইছোৱা কালৰ কথা স্মৰণ কৰে--যি সময়ত তেখেতে থিয়েটাৰৰ জৰিয়তে উপাৰ্জন কৰা ৮,০০০-১০,০০০ টকাতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। দেউতাকৰ পৰা আৰ্থিক সহায় নোলোৱাকৈ সেই টকাৰেই ৰাধিকাই প্ৰাত্যহিক জীৱন চলাই গৈছিল। এইছোৱা সময়তে অৰ্থাৎ, ২০০৯ চনত ৰাধিকাই জীৱনৰ প্ৰথমখন ছবি 'ঘো মালা আছালা হাৱা' (মাৰাঠী) ত অভিনয় কৰে। তাৰপিছতেই ৰাধিকাই অভিনয় কৰে প্ৰথমখন হিন্দী ছবি 'শ্ব'ৰ ইন দ্যা চিটি'ত। পৰৱৰ্তী সময়ত তেখেতে 'ৰক্তচৰিত্ৰ', 'ৰক্ত চৰিত্ৰ ২' আৰু 'আই এম'ত অভিনয় কৰে।[11]

পুণেলৈ অহাৰ পাছতেই ৰাধিকাই লণ্ডললৈ যোৱাৰ এটা তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰে। লণ্ডনৰ 'ত্ৰিনিটি লাবান কনজাৰভেটৰি অৱ মিউজিক এণ্ড ডান্স'ত তেখেতে এবছৰৰ বাবে সমসাময়িক নৃত্য শিকাৰ পৰিকল্পনা কৰে।[19] তাতেই ৰাধিকাই জীৱনসংগী বেনেডিক্ট টেইলৰক লগ পায়। পৰৱৰ্তীসময়ত বেনেডিক্ট পুণেলৈ আহে আৰু বিভিন্ন কামৰ বাবে মুম্বাইলৈ অহা-যোৱা কৰি থাকে। কিন্তু পূৰ্বৰ নেতিবাচক অভিজ্ঞতাৰ বাবে ৰাধিকা মুম্বাইলৈ যাব বিচৰা নাছিল। অৱশেষত এবছৰৰ পাছত ৰাধিকাই নিজৰ সিদ্ধান্ত সলায় আৰু মুম্বাইলৈ যাবলৈ থিৰাং কৰে। ৰাধিকাৰ দ্বিতীয়টো মুম্বাই-যাত্ৰা যথেষ্ট সুখব্যঞ্জক আছিল।[11]

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰথমাৱস্থাৰ চৰিত্ৰসমূহ (২০০৫-২০১০) সম্পাদনা কৰক

২০০৫ চনত হিন্দী ছবি 'ৱাহ! লাইফ হ' ট' এইছি'ত এটা সাধাৰণ চৰিত্ৰত ৰূপায়ণ কৰি ৰাধিকা আপ্টেই বলিউডত খোজ পেলায়। মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তে জড়িত হৈ পৰা সেই বিশেষ প্ৰকল্পটো তেখেতে কেৱল আনন্দৰ বাবে ('just for fun') কৰা বুলি পাছত প্ৰকাশ কৰে।[18] অনাহিতা অবেৰয়ৰ নাটক 'বোম্বাই ব্লেক'ত ৰাধিকাৰ অভিনয় দেখি অভিনেতা ৰাহুল বসুৱে তেখেতৰ বিষয়ে পৰিচালক অনিৰুদ্ধ ৰায়চৌধুৰীক জনায়। ৰায়চৌধুৰীয়ে ৰাধিকাক তাৰপিছত 'অন্তহীন'ত অভিনয় কৰিবলৈ সুযোগ দিয়ে। টিভি সাংবাদিক বৃন্দা ৰয় মেননৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰাধিকাক[16] তেখেতৰ অভিনয়ৰ বাবে 'টাইমছ অৱ ইণ্ডিয়া'ত ৰিধিমা ছিলে উচ্চ প্ৰশংসা কৰে।[20]

২০০৯ চনত ৰাধিকাই কেবিচি প্ৰডাকচনৰ বেনাৰত 'ঘো মালা আছালা হাৱা'ত অভিনয় কৰে য'ত তেখেতে সাবিত্ৰী নামৰ এগৰাকী গাঁৱলীয়া চৰিত্ৰ ৰূপায়ণ কৰে।[15] ২০১০ চনত ৰাধিকাক দেখা যায় মানিজ প্ৰেমনাথৰ থ্ৰিলাৰ ছবি 'দ্য ৱেইটিং ৰূম'ত।[21] পৰৱৰ্তী সময়ত ৰাধিকাই ৰাম গোপাল বাৰ্মাৰ ৰক্ত চৰিত্ৰ আৰু ৰক্ত চৰিত্ৰ-২ত দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। লণ্ডনৰ পৰা অহাৰ পাছত ৰাধিকাক এখন বিগ বাজেটৰ হিন্দী ছবিত অভিনয়ৰ সুযোগ দিয়া হৈছিল যদিও শেষমুহূৰ্তত 'অধিক মেদবহুল' (ৰাধিকাৰ মতে) বুলি কৈ তেখেতক সেই প্ৰকল্পৰ পৰা বিচ্ছেদিত কৰা হয়।[11]

উত্থান আৰু সাফল্যাভিমুখী যাত্ৰা (২০১১–বৰ্তমান) সম্পাদনা কৰক

 
২০১৬ চনৰ লেকমি ফেশ্বন শ্ব'ত ৰাধিকা

২০১১ চনত একতা কাপুৰৰ প্ৰযোজনাত ৰাধিকাই 'আই এম' আৰু 'শ্বৌৰ ইন দ্য চিটি'ত অভিনয় কৰিছিল। আন্না হাজাৰেৰ আন্দোলনৰ অনুপ্ৰেৰণা লৈ ভাবে-ছুকথংকৰে ০১২ চনত নিৰ্মাণ কৰা ছবি 'হা ভাৰত মাঝা'ত ৰাধিকাই তাৰপিছত কাম কৰে। ১৪ দিনতে চিত্ৰগ্ৰহণ শেষ হোৱা ছবিখন[22] বহুতো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[23][24][25] ২০১২ চনত ৰাধিকাই মাৰাঠী ছবি 'টুকাৰাম' আৰু প্ৰথমখন তামিল ছবি 'ধোনী'ত অভিনয় কৰে। ধোনীত কৰা অভিনয়ৰ বাবে ৰাধিকালৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ SIIMA বঁটাৰ মনোনয়ন আগবঢ়োৱা হয়।[26]

২০১৩ চনত ৰাধিকাই বঙালী ছবি 'ৰূপকথা নয়'ত অভিনয় কৰে।[27] ২০১৪ চনত ৰাধিকাই মাৰাঠী, বঙালী, তেলেগু আৰু তামিল ভাষাৰ ছবি যথাক্ৰমে 'পষ্টকাৰ্ড', 'পেণ্ডুলাম',[28] 'লিজেণ্ড'[29] আৰু 'ভেত্ৰী ছেলভান'ত অভিনয় কৰে।[30]

২০১৫ চনৰ প্ৰথম আঠটা মাহত ৰাধিকাৰ ছয়খন ছবিয়ে মুক্তিলাভ কৰে। প্ৰথমখন ছবি শ্ৰীৰাম ৰাঘাৱনৰ 'বদলাপুৰ'ৰ কৰা অভিনয়ে ৰাধিকাই চিত্ৰৰসিক আৰু সমালোচকৰ প্ৰশংসা আজুৰিবলৈ সক্ষম হয়।[31][32][33][34][35] তাৰপিছত মুক্তিলাভ কৰে, মালায়ালম ছবি হাৰাম-ৰাধিকাৰ প্ৰথমখন মালায়ালম ভাষাৰ ছবি। 'লায়ন' নামৰ তেলেগু ছবিখনৰ মুক্তিৰ পাছতেই ছবিঘৰলৈ আহে হৰ্ষবৰ্ধন কুলকাৰ্ণিৰ হিন্দী ছেক্স কমেডি 'হাণ্টাৰ'[36] এইখন ছবিৰ জৰিয়তে ৰাধিকাই পুনৰ এবাৰ সমালোচকৰ প্ৰশংসা লাভ কৰে।[37] বদলাপুৰ আৰু হাণ্টাৰে ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ লগতে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ ফলস্বৰূপে ৰাধিকাৰ জনপ্ৰিয়তা বৃদ্ধি পায়। মিডিয়াত তেওঁক 'বলিউডৰ শেহতীয়া খলকনি' (latest sensation of Bollywood) বুলি অভিহিত কৰা হয়।[38][4] কেতন মেহতাৰ বহুলসমাদৃত ছবি মাঝী – দ্য মাউণ্টেইন মেনত ৰাধিকাই দশৰথ মাঝীৰ পত্নী ফাল্গুনী দেৱীৰ চৰিত্ৰত অভিনয় কৰে।[19][39] জল-সংকটৰ বিষয়টোক লৈ নিৰ্মাণ কৰা 'কৌন কিটনে পানী ম্যে' নামৰ আন এখন ছেটায়াৰ ছবি তাৰ ঠিক এসপ্তাহৰ পিছতেই মুক্তি লাভ কৰে।[40]ৰজনীকান্তৰ পত্নী হিচাপে তামিল ছবি 'কাৱালী'ত কৰা অভিনয়ৰ বাবে ৰাধিকাই যোগাত্মক সমালোচনা লাভ কৰে। ছবিখনে বাণিজ্যিক দিশতো ব্যাপক সফলতা লাভ কৰে।[41]

২০১৮ চনত ৰাধিকাই অক্ষয় কুমাৰ আৰু সোনম কাপুৰৰ সৈতে আৰ. বাল্কিৰ ছবি 'পেডমেন'ত অভিনয় কৰে।[42]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

২০১১ চনত ৰাধিকা আপ্টেয়ে সংগীতশিল্পী বেনেডিক্ট টেইলৰক লণ্ডনত লগ পায়। ২০১২ চনত দুয়োয়ে বিবাহ-পাশত আৱদ্ধ হয়।[43]

বঁটা সম্পাদনা কৰক

বৰ্ষ ছবি বঁটা শ্ৰেণী ফলাফল
২০১০ ৰক্ত চৰিত্ৰ ১ স্ক্ৰীন বঁটা শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী মনোনীত
২০১২ ধোনী বিজয় বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
ছিমা বঁটা (SIIMA Award) শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
২০১৫ বদলাপুৰ ষ্টাৰদাষ্ট বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
প্ৰডিউছাৰছ গিল্ড ছবি বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
মাঝী – দ্য মাউণ্টেইন মেন ষ্টাৰডাষ্ট বঁটা বছৰটোৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী (সম্পাদকৰ নিৰ্বাচন) মনোনীত
২০১৬ পাৰ্ছড লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
বদলাপুৰ অপছৰা ফিল্ম প্ৰডিউছাৰছ গিল্ড বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
জি কিউ বঁটা, ভাৰত ছবিত উৎকৃষ্টতা বিজয়ী
ভগ সৌন্দৰ্য বঁটা নিখুঁত মুখ বিজয়ী
২০১৭ মেডলি ত্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱ বঁটা আন্তঃৰাষ্ট্ৰীয় কাহিনীছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰীBest Actress in an International Narrative Feature Film বিজয়ী
২০১৮ লাষ্ট ষ্টৰীছ এমি বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
অন্ধাধুন ষ্টাৰ স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
জি কিউ বঁটা, ভাৰত বছৰটোৰ নাৰী বিজয়ী
২০১৯ অন্ধাধুন আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ছবি একাডেমীৰ বঁটা সহ-অভিনেত্ৰী মনোনীত
জি চিনে বঁটা সহ-অভিনেত্ৰী মনোনীত
আইৰিল (iReel) বঁটা ২০১৯ অনবদ্য সফল শিল্পী (Best Breakthrough) বিজয়ী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Basu, Nilanjana (21 March 2018). "Inside Radhika Apte's Mumbai Apartment. It's Just The Right Shade Of Bright". NDTV. https://www.ndtv.com/entertainment/inside-radhika-aptes-mumbai-apartment-its-just-the-right-shade-of-bright-1826704। আহৰণ কৰা হৈছে: 9 July 2018. 
  2. Kotwani, Hiren (19 November 2013). "Radhika Apte- Anurag Kashyap bonding well". The Times of India. Archived from the original on 19 November 2013. https://web.archive.org/web/20131119201226/http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Radhika-Apte-Anurag-Kashyap-bonding-well/articleshow/25990330.cms। আহৰণ কৰা হৈছে: 6 January 2014. 
  3. "I Wondered if Nawaz Didn't Like Me". The New Indian Express. 16 July 2015. Archived from the original on 31 October 2015. https://web.archive.org/web/20151031202955/http://www.newindianexpress.com/entertainment/hindi/I-Wondered-if-Nawaz-Didnt-Like-Me/2015/07/16/article2923048.ece। আহৰণ কৰা হৈছে: 1 November 2015. 
  4. 4.0 4.1 "Radhika Apte: Is the new age Ahalya the next big star of Bollywood?". India.com. 23 July 2015. Archived from the original on 8 October 2015. https://web.archive.org/web/20151008163121/http://www.india.com/showbiz/radhika-apte-is-the-new-age-ahalya-the-next-big-star-of-bollywood-473673/। আহৰণ কৰা হৈছে: 1 November 2015. 
  5. Bhave, Nitin (5 April 2015). "She's doing films in six languages! Who is Radhika Apte, anyway?". Hindustan Times. Archived from the original on 25 August 2015. https://web.archive.org/web/20150825040506/http://www.hindustantimes.com/brunch-stories/she-s-doing-films-in-six-languages-who-is-radhika-apte-anyway/article1-1333825.aspx। আহৰণ কৰা হৈছে: 1 November 2015. 
  6. "Prabhat taught me the importance of silence : Radhika Apte". 5 December 2018. Archived from the original on 13 January 2021. https://web.archive.org/web/20210113015218/https://www.pinkvilla.com/entertainment/news/prabhat-taught-me-importance-silence-radhika-apte-433443। আহৰণ কৰা হৈছে: 25 February 2020. 
  7. Arora, Priya (12 July 2018). "'Ghoul,' Netflix's First Horror Series From India, Will Give You Serious Chills". HuffPost. https://www.huffingtonpost.in/2018/07/11/ghoul-netflixs-first-horror-series-from-india-will-give-you-serious-chills_a_23480100/। আহৰণ কৰা হৈছে: 14 July 2018. 
  8. "From iReel Awards to Emmys, Radhika Apte is Biggest Breakthrough Artiste in Web Space". News18. https://www.news18.com/news/movies/from-ireel-awards-to-emmys-radhika-apte-is-biggest-breakthrough-artiste-in-web-space-2320357.html। আহৰণ কৰা হৈছে: 2019-10-05. 
  9. https://www.huffingtonpost.in/2018/10/03/andhadhun-review-this-ayushmann-khurrana-radhika-apte-tabu-starrer-is-the-best-film-of-the-year-so-far_a_23549286/
  10. https://www.hindustantimes.com/bollywood/andhadhun-is-top-indian-movie-of-2018-says-imdb/story-WwOEKRWxJIsVVCpx0HkyTL.html
  11. 11.0 11.1 11.2 11.3 "An interview with Radhika Apte". Episode 4. Scoopwhoop townhall (Scoopwhoop unscripted). 24 August 2018. 
  12. "Radhika Apte: Why is a North Indian playing Laxmibai, if a Maharashtrian can't play a North Indian?" (en ভাষাত). hindustantimes.com. 2018-08-28. https://www.hindustantimes.com/bollywood/radhika-apte-why-is-a-north-indian-playing-laxmibai-if-a-maharashtrian-can-t-play-a-north-indian/story-PXcQHDT6gjSZfG3zwXhW2I.html. 
  13. "Bonds that work". Pune Mirror. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819084107/http://www.punemirror.in/entertainment/bollywood/Bonds-that-work/articleshow/31767433.cms। আহৰণ কৰা হৈছে: 6 November 2012. 
  14. "Pune Mirror". Pune Mirror. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819131248/http://www.punemirror.in/entertainment/variety/Knot-knock/articleshow/31559215.cms। আহৰণ কৰা হৈছে: 7 April 2014. 
  15. 15.0 15.1 "RGV's a treat to watch on the sets: Radhika – The Times of India". Timesofindia.indiatimes.com. 30 May 2010. Archived from the original on 26 August 2015. https://web.archive.org/web/20150826051214/http://timesofindia.indiatimes.com/others/news-interviews/RGVs-a-treat-to-watch-on-the-sets-Radhika/articleshow/5989122.cms। আহৰণ কৰা হৈছে: 18 August 2014. 
  16. 16.0 16.1 "The Telegraph – Calcutta (Kolkata) | Entertainment | Spotlight – Radhika Apte". Telegraphindia.com. 30 July 2008. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819082913/http://www.telegraphindia.com/1080730/jsp/entertainment/story_9618597.jsp। আহৰণ কৰা হৈছে: 18 August 2014. 
  17. "Actor Radhika Apte feels experimental theatre is her true calling : EYECATCHERS – India Today". Indiatoday.intoday.in. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819130027/http://indiatoday.intoday.in/story/actress-radhika-apte-enjoys-success-of-shor-in-the-city-and-iam/1/137333.html। আহৰণ কৰা হৈছে: 18 August 2014. 
  18. 18.0 18.1 "Radhika Apte breaks through - Livemint". livemint.com. 25 July 2015. Archived from the original on 29 October 2015. https://web.archive.org/web/20151029051852/http://www.livemint.com/Leisure/hzKUrDZLt62Ysq7zBFCeqN/Radhika-Apte-breaks-through.html। আহৰণ কৰা হৈছে: 1 November 2015. 
  19. 19.0 19.1 "Radhika Apte in Rupkatha Noy". প্ৰকাশক Calcutta, India: Telegraphindia.com. 20 August 2013. Archived from the original on 13 January 2015. https://web.archive.org/web/20150113043847/http://www.telegraphindia.com/1130820/jsp/t2/story_17247789.jsp#.Uim5osbIb5Z। আহৰণ কৰা হৈছে: 16 November 2013. 
  20. "Antaheen Movie Review, Trailer, & Show timings at Times of India". timesofindia.indiatimes.com. Archived from the original on 14 January 2016. https://web.archive.org/web/20160114204400/http://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/Antaheen/movie-review/4025954.cms। আহৰণ কৰা হৈছে: 1 November 2015. 
  21. "Waiting for daybreak". The Hindu (Chennai, India). 4 April 2008. Archived from the original on 16 April 2011. https://web.archive.org/web/20110416221405/http://www.hindu.com/fr/2008/04/04/stories/2008040450310200.htm। আহৰণ কৰা হৈছে: 19 November 2009. 
  22. "Anna Hazare's movement inspires Indian film". News.in.msn.com. 29 November 2011. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819085553/http://news.in.msn.com/national/article.aspx?cp-documentid=5634033। আহৰণ কৰা হৈছে: 18 August 2014. 
  23. "Film on Hazare's movement to premiere at IFFI in Goa – The Times of India". Timesofindia.indiatimes.com. 22 November 2011. Archived from the original on 2 October 2015. https://web.archive.org/web/20151002105922/http://timesofindia.indiatimes.com/city/pune/Film-on-Hazares-movement-to-premiere-at-IFFI-in-Goa/articleshow/10824102.cms। আহৰণ কৰা হৈছে: 18 August 2014. 
  24. DNA Correspondent (20 January 2012). "PIFF: 'Ha Bharat Maza' is best Marathi film | Latest News & Updates at Daily News & Analysis". Dnaindia.com. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819125920/http://www.dnaindia.com/mumbai/report-piff-ha-bharat-maza-is-best-marathi-film-1640082। আহৰণ কৰা হৈছে: 18 August 2014. 
  25. "Nihalani to inaugurate 7th Asian Film Festival – The Times of India". Timesofindia.indiatimes.com. 21 December 2011. Archived from the original on 29 September 2015. https://web.archive.org/web/20150929184205/http://timesofindia.indiatimes.com/city/pune/Nihalani-to-inaugurate-7th-Asian-Film-Festival/articleshow/11187158.cms। আহৰণ কৰা হৈছে: 18 August 2014. 
  26. https://devoteeworld.net/bangbang/actors-and-actresses-biography.php?nid=297[সংযোগবিহীন উৎস]
  27. Ruman Ganguly, TNN 9 November 2012, 11.29 am IST (9 November 2012). "I got engaged to a brit musician: Radhika Apte – Times Of India". Articles.timesofindia.indiatimes.com. Archived from the original on 27 January 2013. https://web.archive.org/web/20130127005824/http://articles.timesofindia.indiatimes.com/2012-11-09/news-interviews/35016021_1_radhika-apte-nawazuddin-siddiqui-sunanda। আহৰণ কৰা হৈছে: 16 November 2013. 
  28. "Pendulum (Bengali) / Time travel recast". The Indian Express. 20 March 2014. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819090829/http://indianexpress.com/article/entertainment/screen/pendulum-bengali-time-travel-recast/। আহৰণ কৰা হৈছে: 18 August 2014. 
  29. "Balakrishna hogs the limelight – The Times of India". Timesofindia.indiatimes.com. 27 February 2014. Archived from the original on 29 April 2014. https://web.archive.org/web/20140429191439/http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Balakrishna-hogs-the-limelight/articleshow/31114553.cms। আহৰণ কৰা হৈছে: 7 April 2014. 
  30. India, Press Trust of (16 February 2014). "Acting not in my genes so turned down film offer: Somlata". Business Standard India (Business Standard). Archived from the original on 3 March 2014. https://web.archive.org/web/20140303133252/http://www.business-standard.com/article/pti-stories/acting-not-in-my-genes-so-turned-down-film-offer-somlata-114021600243_1.html। আহৰণ কৰা হৈছে: 7 April 2014. 
  31. "I don't care for an image: Radhika Apte on finding her feet in Bollywood and more | The Indian Express". indianexpress.com. 9 August 2015. Archived from the original on 23 October 2015. https://web.archive.org/web/20151023171731/http://indianexpress.com/article/entertainment/bollywood/i-dont-care-for-an-image-radhika-apte-on-finding-her-feet-in-bollywood-and-more/। আহৰণ কৰা হৈছে: 1 November 2015. 
  32. "Best served cold! | Rajeev Masand – movies that matter : from bollywood, hollywood and everywhere else". rajeevmasand.com. Archived from the original on 31 October 2015. https://web.archive.org/web/20151031082714/http://www.rajeevmasand.com/reviews/our-films/best-served-cold/। আহৰণ কৰা হৈছে: 1 November 2015. 
  33. "Badlapur movie review | The Indian Express". indianexpress.com. 21 February 2015. Archived from the original on 20 October 2015. https://web.archive.org/web/20151020103948/http://indianexpress.com/article/entertainment/movie-review/badlapur-movie-review/। আহৰণ কৰা হৈছে: 1 November 2015. 
  34. "Movie review 'Badlapur': Much like his character, Varun transforms overnight from 'student' to a killer". deccanchronicle.com. 20 February 2015. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924180614/http://www.deccanchronicle.com/150220/entertainment-movie-review/article/movie-review-badlapur-much-his-character-varun-transforms। আহৰণ কৰা হৈছে: 1 November 2015. 
  35. "Badlapur: A perfectly twisted revenge saga – The Express Tribune Blog". blogs.tribune.com.pk. Archived from the original on 7 September 2015. https://web.archive.org/web/20150907235355/http://blogs.tribune.com.pk/story/26328/badlapur-a-perfectly-twisted-revenge-saga/। আহৰণ কৰা হৈছে: 1 November 2015. 
  36. Patra, Pratyush (12 December 2013). "In a different league". প্ৰকাশক Calcutta, India: telegraphindia.com. Archived from the original on 24 February 2014. https://web.archive.org/web/20140224104853/http://www.telegraphindia.com/1131212/jsp/odisha/story_17671303.jsp#.Uw_IDfl5P_E। আহৰণ কৰা হৈছে: 28 February 2014. 
  37. "'Hunterrr' - Movie review - Entertainment". mid-day.com. 20 March 2015. Archived from the original on 19 September 2015. https://web.archive.org/web/20150919212828/http://www.mid-day.com/articles/hunterrr---movie-review/16078171। আহৰণ কৰা হৈছে: 1 November 2015. 
  38. "Indie star Radhika Apte wins 'Digital Disruptor of the Year' at Grazia Millennial Awards!". 20 June 2019. Archived from the original on 2 February 2020. https://web.archive.org/web/20200202204325/http://www.santabanta.com/bollywood/130954/indie-star-radhika-apte-wins-digital-disruptor-of-the-year-at-grazia-millennial-awards/। আহৰণ কৰা হৈছে: 25 February 2020. 
  39. Anuj Kumar (15 August 2013). "Road less travelled". প্ৰকাশক Chennai, India: The Hindu. Archived from the original on 6 November 2013. https://web.archive.org/web/20131106175527/http://www.thehindu.com/features/friday-review/road-less-travelled/article5025802.ece। আহৰণ কৰা হৈছে: 16 November 2013. 
  40. "'Kaun Kitne Paani Mein' is a satire on water scarcity - The Times of India". timesofindia.indiatimes.com. Archived from the original on 30 August 2015. https://web.archive.org/web/20150830055154/http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Kaun-Kitne-Paani-Mein-is-a-satire-on-water-scarcity/articleshow/48683258.cms। আহৰণ কৰা হৈছে: 1 November 2015. 
  41. "Radhika Apte: I have a strong role in Rajinikanth's film". Hindustan Times. 4 August 2015. Archived from the original on 4 August 2015. https://web.archive.org/web/20150804210141/http://www.hindustantimes.com/regional/radhika-apte-is-thrilled-to-be-rajinikanth-s-new-heroine/article1-1375979.aspx। আহৰণ কৰা হৈছে: 4 August 2015. 
  42. Mazumder, Jayeeta (3 January 2017). "Padman: The un-caped hero in Twinkle Khanna's book". The Telegraph. Archived from the original on 1 February 2018. https://web.archive.org/web/20180201080828/http://t2online.com/lifestyle/padman-twinkle-khanna-book-the-legend-of-lakshmi-prasad-arunachalam-muruganantham-sanitary-pads/cid/1.62451। আহৰণ কৰা হৈছে: 9 February 2018. 
  43. https://www.indiatoday.in/movies/celebrities/story/radhika-apte-on-long-distance-marriage-benedict-and-i-try-to-meet-every-month-1449329-2019-02-06

বাহ্যিক সংযোগ সম্পাদনা কৰক