ৰামানুজ (Tamil: இராமானுசர்; Sanskrit: रामानुज; প্ৰায় 1017–1137 CE; IAST: Rāmānujā; [ɽaːmaːnʊdʑɐ]), বা ৰামানুজাচাৰ্য এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু সমাজ সংস্কাৰক। তেওঁ শ্ৰী বৈষ্ণৱবাদৰ মুখ্য প্ৰৱক্তা।[1][2] ভক্তি আন্দোলনত তেওঁৰ কৰ্মৰ বিশেষ ভূমিকা আছিল[1][3][4]

ৰামানুজৰ গুৰু আছিল যাদৱ প্ৰকাশ, যি অদ্বৈত বেদান্ত পৰম্পৰাৰ আছিল, কিন্তু সম্ভৱতঃ এগৰাকী ভেদাভেদ অধ্যয়নকাৰী আছিল।[5] শ্ৰী বৈষ্ণৱ পৰম্পৰাৰ মতে, ৰামানুজৰ গুৰুৰ সৈতে মতানৈক্য আছিল। তেওঁ অদ্বৈতবাদত বিশ্বাসী নাছিল, আৰু তামিল অলৱৰ নাঠমুনি আৰু যমুনাচাৰ্যৰ দ্বাৰা প্ৰভাৱিত আছিল।[6] ৰামানুজে বিশিষ্টাদ্বৈত বেদান্তৰ সৃষ্টি কৰিছিল।[7][7] তেওঁৰেই মুখ শিষ্যসমূহে সম্ভৱতঃ শাট্য়ায়নীয় উপনিষৎ আদি লিখিছিল।[8] ৰামানুজে নিজেও সংস্কৃতত ব্ৰহ্ম সূত্ৰ আৰু ভাগৱদ্গীতাৰ বিখ্যাত ভাষ্য লিখিছিল।[9]

ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈত মাধৱাচাৰ্যদ্বৈত আৰু শংকৰাচাৰ্যঅদ্বৈত বেদান্তৰ বিৰোধী। এই তিনি দ্বিতীয় সহস্ৰাব্দীৰ আতাইতকৈ প্ৰভাৱশালী বেদান্ত-সম্বন্ধীয় দৰ্শন।[10][11]

ৰামানুজে ব্যক্তিগত ঈশ্বৰৰ (ৰামানুজৰ ক্ষেত্ৰত, বিষ্ণু) ভক্তিৰ জ্ঞানতাত্ত্বিক আৰু মুক্তিশাস্ত্ৰীয় গুৰুত্ব দাগি ধৰিছিল, মুক্তিৰ বাবে। ৰামানুজৰ বাবে যদিও প্ৰত্যেক আত্মনৰ ঐক্য আছে, আৰু প্ৰত্যেক আত্মনৰেই ব্ৰহ্মনৰ সৈতে ঐক্যৰ সম্ভাৱনীয়তা আছে, আত্মন্‌ আৰু ব্ৰহ্মন্‌ পৃথক।[12][13][13]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 C. J. Bartley 2013.
  2. Jon Paul Sydnor (2012). Rāmānuja and Schleiermacher: Toward a Constructive Comparative Theology. Casemate. পৃষ্ঠা. 20–22 with footnote 32. ISBN 978-0227680247. https://books.google.com/books?id=Ae4FBAAAQBAJ. 
  3. Doniger, Wendy (1999). Merriam-Webster's encyclopedia of world religions. Merriam-Webster. পৃষ্ঠা. 904. ISBN 978-0-87779-044-0. https://books.google.com/books?id=ZP_f9icf2roC&pg=PA904. 
  4. Hermann Kulke; Dietmar Rothermund (2004). A History of India. Routledge. পৃষ্ঠা. 149. ISBN 978-0-415-32920-0. https://books.google.com/books?id=RoW9GuFJ9GIC&pg=PA149. 
  5. Nicholson 2010, পৃষ্ঠা. 34.
  6. C. J. Bartley 2013, পৃষ্ঠা. 1–4, 52–53, 79.
  7. 7.0 7.1 C. J. Bartley 2013, পৃষ্ঠা. 1-2.
  8. Patrick Olivelle (1992). The Samnyasa Upanisads : Hindu Scriptures on Asceticism and Renunciation: Hindu Scriptures on Asceticism and Renunciation. Oxford University Press. পৃষ্ঠা. 10–11, 17–18. ISBN 978-0-19-536137-7. https://books.google.com/books?id=fB8uneM7q1cC&pg=PA10. 
  9. Carman 1994, পৃষ্ঠা. 82-87 with footnotes.
  10. William M. Indich (1995). Consciousness in Advaita Vedanta. Motilal Banarsidass. পৃষ্ঠা. 1–2, 97–102. ISBN 978-81-208-1251-2. https://books.google.com/books?id=7ykZjWOiBMoC. 
  11. Bruce M. Sullivan (2001). The A to Z of Hinduism. Rowman & Littlefield. পৃষ্ঠা. 239. ISBN 978-0-8108-4070-6. https://books.google.com/books?id=xU4ZdatgRysC. 
  12. Bruce M. Sullivan (2001). The A to Z of Hinduism. Rowman & Littlefield. পৃষ্ঠা. 239. ISBN 978-0-8108-4070-6. https://books.google.com/books?id=xU4ZdatgRysC. 
  13. 13.0 13.1 C. J. Bartley 2013, পৃষ্ঠা. 1-2, 9-10, 76-79, 87-98.