ৰামাপ্পা মন্দিৰ
ৰামাপ্পা মন্দিৰ (ইংৰাজী: Ramappa Temple) ৰুদ্ৰেশ্বৰা মন্দিৰ হিচাপেও পৰিচিত৷ ৰামাপ্পা মন্দিৰ হৈছে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান৷ এই মন্দিৰটো দক্ষিণ ভাৰতৰ টেলাংগানা জিলাত অৱস্থিত৷[1] হায়দৰাবাদৰ পৰা এই মন্দিৰটো ২০৯ কিলোমিটাৰ (১৩০ মাইল) নিলগত৷ মুলুগু জিলাৰ ভেংকটপুৰ মণ্ডলৰ পালেমপেট নামৰ এখন ক্ষুদ্ৰাকৃতিৰ গাঁৱত এই মন্দিৰটো অৱস্থিত৷ [2]মন্দিৰটোত থকা এখন শিলালিপিৰ মতে, এই মন্দিৰটো ১২১৩ খ্ৰীষ্টাব্দৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ কৰা হৈছে যে, কাকতীয় সেনাধ্যক্ষ (জেনেৰেল) ৰেচালা ৰুদ্ৰৰ দ্বাৰা ইয়াৰ নিৰ্মাণ সম্পন্ন হৈছিল৷ [3]সেইসময়ত কাকতীয় শাসনকৰ্তা আছিল গণপতি দেৱ৷[4]
ৰামাপ্পা মন্দিৰ Ramappa Temple | |
---|---|
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | টেলাংগানা |
জিলা | মুলুগু |
স্থান | পালামপেট গাঁও |
স্থানাংক | স্থানাংক: 18°15′33″N 79°56′36″E / 18.25917°N 79.94333°E |
স্থাপত্য আৰু সংস্কৃতি | |
স্থাপত্য শৈলী | কাকতীয় শৈলী, ভূমিজা/ৱেছাৰা শৈলী |
ইতিহাস | |
প্ৰতিস্থাপক | ৰেচালা ৰুদ্ৰ |
স্থপতি | ৰামাপ্পা |
এই মন্দিৰটো শিৱালায়াম, য'ত ভগৱান ৰামালিংগেশ্বৰক উপাসনা কৰা হয়৷ পৰিব্ৰাজক মাৰ্ক' প'ল' কাকতীয় সাম্ৰাজ্যলৈ আহোঁতে এই মন্দিৰটোক "মন্দিৰৰ তাৰকাৰাজ্যত উজ্জ্বলতম তৰা" হিচাপে আখ্যা দিছিল বুলি অনুমান কৰা হয়৷ [5] ৰামাপ্পা মন্দিৰটো ৬ ফুট ওখ তৰাসদৃশ মঞ্চত উপৱিষ্ট হৈ আছে৷ [6]
ৰামাপ্পা মন্দিৰৰ মূল গাঁথনিটো ৰঙচুৱা বালিশিলেৰে নিৰ্মিত৷ বাহিৰৰ স্তম্ভকেইটা ক'লা বাচাল্ট শিলৰ আৰু বৃহৎ বন্ধনীকেইটাত লো, মেগনেছিয়াম আৰু ছিলিকাৰ পৰিমাণ অধিক৷ এইবোৰত পৌৰাণিক জন্তু আৰু নৰ্তকী অথবা সংগীতশিল্পীৰ ছবি খোদিত কৰা হৈছে৷ এই ভাস্কৰ্যক কাকতীয় কলাৰ শ্ৰেষ্ঠতম নিদৰ্শন বুলি ক'ব পাৰি৷ সূক্ষ্ম কাৰুকাৰ্য, কমনীয় ভংগীমা আৰু দীৰ্ঘদেহী শৰীৰ তথা মূৰৰ বাবে এই ভাস্কৰ্য বিশেষভাৱে লক্ষণীয়৷[7]
২০১৫ চনৰ ১০ ছেপ্টেম্বৰত এই মন্দিৰটোক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰিবলৈ প্ৰস্তাৱনা জমা দিয়ে৷ [6] ২০১৯ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ সম্ভাব্য তালিকাত এই মন্দিৰটো গৌৰৱময় কাকতীয় মন্দিৰ আৰু প্ৰৱেশপথ হিচাপে স্থানভুক্ত হয়৷ [6] সৰ্বশেষত ২০২১ চনৰ ২৫ জুলাই তাৰিখে ৰামাপ্পা মন্দিৰক ইউনেস্ক'ৱে কাকতীয় ৰুদ্ৰেশ্বৰা (ৰামাপ্পা) মন্দিৰ, টেলাংগানা হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰে৷ [1][8]
চিত্ৰ ভঁৰাল
সম্পাদনা কৰক-
কাষৰ পৰা
-
সমুখৰ পৰা
-
পিছফালৰ পৰা
-
দৃশ্যমান অৱস্থাত এগৰাকী নৰ্তকী
-
নৰ্তকী
-
মণ্ডপৰ ভিতৰত থকা স্তম্ভ
-
মণ্ডপৰ ভিতৰভাগ
-
সৰু মন্দিৰটো
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Nanisetti, Serish (2021-07-25). "Telangana’s Ramappa Temple inscribed as a World Heritage Site" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/telangana/telanganas-ramappa-temple-inscribed-as-a-world-heritage-site/article35522471.ece.
- ↑ "The Shiva temples at Palampet". http://www.indiayogi.com/content/temples/palampet.asp। আহৰণ কৰা হৈছে: 2006-09-11.
- ↑ P. V. P. Sastry 1978, পৃষ্ঠা. 143.
- ↑ Gollapudi Srinivasa Rao. "Ramappa temple never fails to surprise visitors". http://www.thehindu.com/news/national/telangana/ramappa-temple-never-fails-to-surprise-visitors/article6745526.ece। আহৰণ কৰা হৈছে: 2015-01-01.
- ↑ Dobbie, Aline (2006) (en ভাষাত). India: The Elephant's Blessing. Melrose Press. পৃষ্ঠা. 36. ISBN 978-1-905226-85-6. https://books.google.com/books?id=ckpEd4emnCkC&pg=.
- ↑ 6.0 6.1 6.2 UNESCO "The Glorious Kakatiya Temples and Gateways", Tentative List
- ↑ Michell, 385
- ↑ UNESCO (2021-07-25). "Cultural sites in China, India, Iran and Spain inscribed on UNESCO’s World Heritage List". UNESCO. https://whc.unesco.org/en/news/2317। আহৰণ কৰা হৈছে: 2021-07-25.