সীতা (সংস্কৃত: सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ উৰ্মিলা নামৰ এগৰাকী কনিষ্ঠ ভগ্নী, আৰু মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি নামৰ দুগৰাকী সম্পৰ্কীয় ভগ্নী আছে।[1][2] সীতা তেওঁৰ নিষ্ঠা, আত্মত্যাগ, সাহস আৰু পবিত্ৰতাৰ বাবে জনাজাত। তেওঁক বৈদেহী, জানকী, বিদেহ নন্দিনী আৰু মৈথিলী আদি নামেৰেও জনা যায়।

সীতা
দেৱনাগৰী सीता
সম্পৰ্ক লক্ষ্মীৰ অৱতাৰ
সঙ্গী ৰাম
পিতৃ-মাতৃ জনক (দত্তক পিতৃ)
সুনয়না (দত্তক মাতৃ)
হিন্দু পাঠ্য ৰামায়ণ

সীতাই যৌৱনকালত অযোধ্যাৰ ৰাজকুমাৰ ৰামক স্বয়ংবৰত তেওঁৰ স্বামী হিচাপে বাছনি কৰে। স্বয়ংবৰৰ পিছত তেওঁ ৰামৰ সৈতে অযোধ্যালৈ যায়, কিন্তু পিছত তেওঁৰ স্বামী আৰু দেওৰেক লক্ষ্মণৰ সৈতে বনবাস খাটিবলৈ যায়। নিৰ্বাসিত অৱস্থাত তিনিওজনে দণ্ডকাৰণ্যত বসতি স্থাপন কৰে য'ৰ পৰা তেওঁক লংকাৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰে। পিছত লংকাৰ অশোক বনত বন্দী হৈ থকাৰ পৰা তেওঁক ৰামে উদ্ধাৰ কৰে। লংকাৰ যুদ্ধৰ পিছত মহাকাব্যৰ কিছুমান সংস্কৰণত, ৰামে সীতাক অগ্নিপৰীক্ষাৰ জৰিয়তে তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰিবলৈ কয়; যাৰ বাবে লক্ষ্মণে তেওঁৰ ভায়েক ৰামৰ ওপৰত প্ৰথম বাৰ খং কৰে।

ৰামায়ণৰ অন্য সংস্কৰণত, ৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰা সীতা গৰাকী প্ৰকৃততে সীতাৰ নকল ৰূপ মায়া সীতাহে আছিল যি অগ্নিৰ দ্বাৰা সৃষ্টি হৈছিল আৰু প্ৰকৃত সীতা জুইত লুকাই আছিল। কিছুমান শাস্ত্ৰত তেওঁক পূৰ্বৱৰ্তী জন্মত বেদৱতী আছিল বুলিও উল্লেখ কৰা হয়, যাক ৰাৱণে উৎপীড়ন কৰিবলৈ চেষ্টা কৰিছিল।[3] অগ্নিপৰীক্ষাৰ দ্বাৰা তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰাৰ পিছত ৰাম আৰু সীতা অযোধ্যালৈ আহে আৰু ৰজা-ৰাণী হিচাপে মুকুট পৰিধান কৰে। এদিন এজনে সীতাৰ পবিত্ৰতাকলৈ প্ৰশ্ন কৰে আৰু নিৰ্দোষতা প্ৰমাণ কৰি নিজৰ আৰু ৰাজ্যৰ মৰ্যাদা বজাই ৰাখিবলৈ সীতাক ঋষি বাল্মীকিৰ আশ্ৰমৰ ওচৰৰ অৰণ্য এখনলৈ পঠিয়াই দিয়া হয়। কেইবছৰ পিছত, সীতাই তেওঁৰ দুই পুত্ৰ লৱ আৰু কুশক তেওঁলোকৰ পিতৃ ৰামৰ সৈতে মিলিত কৰাই দিয়াৰ পিছত তেওঁ বিশুদ্ধতাৰ প্ৰমাণ হিচাপে এক নিষ্ঠুৰ পৃথিৱীৰ পৰা মুক্তিৰ বাবে তেওঁৰ মাতৃ পৃথিৱী (ভূদেৱী) -ৰ গৰ্ভলৈ উভতি যায়।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Sutherland, Sally J.. "Sita and Draupadi, Aggressive Behavior and Female Role-Models in the Sanskrit Epics". University of California, Berkeley. Archived from the original on 13 May 2013. https://web.archive.org/web/20130513083122/http://sseas.berkeley.edu/sites/default/files/faculty/files/sita_and_draupadi.pdf। আহৰণ কৰা হৈছে: 1 August 2012. 
  2. Swami Parmeshwaranand (2001-01-01). Encyclopaedic Dictionaries of Puranas. Sarup & Sons. পৃষ্ঠা. 1210–1220. ISBN 978-81-7625-226-3. https://books.google.com/books?id=FdIkaccgneAC&pg=PA1210। আহৰণ কৰা হৈছে: 31 July 2012. 
  3. "The haughty Ravana" (en-IN ভাষাত). The Hindu. 2014-04-10. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/religion/the-haughty-ravana/article5897460.ece. 
  4. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 78. https://archive.org/details/indiathroughages00mada.