ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। মাজুলীদক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।[1]

ৰাসোৎসৱ
ৰাসোৎসৱ
মাজুলীত উদযাপিত ৰাসোৎসৱবিষ্ণুৰ ৰূপত এজন শিল্পী
সম্পূৰ্ণ নাম অসমীয়া: ৰাসোৎসৱ
পালন কৰে অসমীয়া
প্ৰকাৰ ধৰ্মীয় উৎসৱ
ভাৰতীয় উৎসৱ

শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ'ব। বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয়। লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰা হয়। ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা অনুষ্ঠানে সত্ৰৰ পৰিৱেশ আধ্যাত্মিক ৰসসিক্ত কৰি তোলে। শ্ৰী শ্ৰী আউনীআটী সত্ৰত পূজা আৰু ৰাসলীলাৰ অভিনয় কৰা হয়। এই সত্ৰত ৰাসলীলা নাটকত শ্ৰীকৃষ্ণৰ গোষ্ঠলীলা আৰু মহাৰাস প্ৰদৰ্শন কৰা হয়। চামগুৰি সত্ৰৰ মাংগলিক পৰিৱেশত বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা আৰু ৰাসলীলা অভিনয়েৰে এই উৎসৱ উদযাপন কৰা হয়। মুখা ব্যৱহাৰৰ চমৎকাৰী কৌশল এই সত্ৰৰ ৰাসলীলাৰ অন্যতম বৈশিষ্ট্য। শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰত পৰম্পৰাগতভাৱে গোবিন্দ মূৰ্তিৰ পূজাৰে ৰাসলীলা অনুষ্ঠিত কৰে। গড়মূৰ সত্ৰত আধুনিক মঞ্চৰ উপযোগীকৈ ৰাসলীলা প্ৰদৰ্শন কৰা হয়। উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ প্ৰমুখ্যে মাজুলীৰ বিভিন্ন স্থানত প্ৰদৰ্শিত প্ৰায় পঞ্চাশটি মঞ্চত আয়োজন কৰা ৰাসলীলাৰ আকৰ্ষণীয়তাই দৰ্শকক বিস্ময় মুগ্ধ কৰি আহিছে। এইসমূহ দৰ্শনৰ বাবে দেশীয় বাবে আৰু বিদেশী পৰ্যটকৰ আগমনে সেই সময়ত মাজুলীক মৰততে সৰগীয় পৰিৱেশ কৰি তোলে।[2]

ৰাসোৎসৱৰ মূল অৰ্থ

সম্পাদনা কৰক

ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক ৰাসোৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰা হয়। তেওঁৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে য’ৰে কাম ত’তে পেলাই সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমৰ্পন কৰিছিল। প্ৰথমতে শ্ৰীকৃষ্ণই গোপীসকলক স্ব-গৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল। কিয়নো তেওঁলোকে সংসাৰ ধৰ্ম পালন কৰা উচিত। কিন্তু গোপীসকল নিজৰ মতত দৃঢ় আছিল। ভগৱান ভক্তৰ অধীন। শ্ৰীকৃষ্ণই গোপীসকলৰ দৃঢ়ভক্তি দেখি তেওঁলোকৰ মনোকামনা পূৰণাৰ্থে ৰাসলীলা আৰম্ভ কৰিলে। কিন্তু যেতিয়াই শ্ৰীকৃষ্ণ তেওঁলোকৰ অধীন বুলি ভাবি গোপীৰ মন গৰ্ব-অহংকাৰত ভৰি পৰিল, তেতিয়াই শ্ৰীকৃষ্ণই গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হৈ পৰিল। শ্ৰীকৃষ্ণ যেতিয়া ৰাধাক লৈ নোহোৱা হ’ল, তেতিয়াহে গোপীসকলে নিজৰ ভুল বুজিব পাৰিলে। ভগৱানক ‘একমাত্ৰ মোৰ’ বুলি ভাবি অহংকাৰৰ ফলত শ্ৰীকৃষ্ণক তেওঁলোকে হেৰুৱাব লগা হ’ল। শ্ৰীকৃষ্ণ ত্ৰিজগতৰে পতি। তেওঁক কোনো মায়া-বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰে। গোপীসকলে একাগ্ৰচিত্তে শ্ৰীকৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভগৱানে গোপীসকলক মানৱ জীৱনৰ পৰমাৰ্থ বুজাই দিলে আৰু তেওঁলোকৰ অন্তৰ পৰিশুদ্ধি কৰিলে। গোপীসকলৰ ইচ্ছাক সন্মান জনাই ‘য’ত গোপী, ত’ত কৃষ্ণ’ হৈ গোপীৰ মনৰ অভিলাষ পূৰ্ণ কৰিলে। গোপীসকলেও মুক্তি লাভ কৰিলে। চমুকৈ এয়াই ৰাসোৎসৱৰ মূল অৰ্থ।[1]

 
মাজুলীত অনুষ্ঠিত ৰাসোৎসৱত কৃষ্ণ আৰু যশোদাৰ এক দৃশ্য

ৰাসোৎসৱ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয়। এই ৰাসোৎসৱ মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমে আৰম্ভ হয়। ১৭৬২ শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদ্‌যাপন হৈ আহিছে। অসমৰ সত্ৰসমূহত বৈদিক ক্ৰিয়াকাণ্ড আৰু নাট্যৰূপে ৰাসোৎসৱ উদ্‌যাপন হয়। দক্ষিণপাট সত্ৰৰ পিছতহে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে। ৰাস পূজা, অভিনয় বা ভাওনা আৰু ৰাস উপলক্ষে কৰা নাম প্ৰসংগ তিনিওতাই ৰাসোৎসৱৰ লগত জড়িত। কিছুমান সত্ৰত ৰাস এদিনীয়াকৈ আৰু আন কিছুমান সত্ৰত তিনিদিনীয়াকৈ পালন কৰে। এদিনীয়াকৈ যিবোৰ সত্ৰত পালন কৰে সেইবোৰ সত্ৰত ৰাস উপলক্ষে হিয়ানাম, দিহানাম, গায়ন-বায়ন, নটুৱা চালি, ওজাপালি আদি অনুষ্ঠান পাতে। দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ ৰাসোৎসৱ পালন কৰা হয়। ৰাসোৎসৱৰ তিনিদিনক এক বিশেষ নামেৰে জনা যায়। প্ৰথমদিনা অধিবাস, দ্বিতীয়দিনা ৰাস আৰু তৃতীয়দিনা ইন্দ্ৰাভিষেক। ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰ পৰা ৰাস পূজা আৰম্ভ হয়। সম্পূৰ্ণ দিনজুৰি নাম-প্ৰসংগৰ উপৰি গায়ন-বায়ন, নাম-কীৰ্তন, নটুৱা নাচ আদি চলি থাকে। ৰাতিলৈ ৰাসলীলা প্ৰদৰ্শন হয়। উদাসীন পন্থাৰ পৰম্পৰাৰে প্ৰচলিত সত্ৰসমূহত আৰু সত্ৰীয়া পাৰিপাৰ্শ্বিকতাৰ মাজত প্ৰদৰ্শিত ৰাসলীলাত পুৰুষ অভিনেতা সকলেই পুৰুষ আৰু নাৰী উভয় চৰিত্ৰতে বৰ্তমানো অভিনয় কৰি আছে।[1]

সত্ৰসমূহত সাধাৰণতে নামঘৰতে ৰাসলীলা প্ৰদৰ্শন হৈছিল যদিও বৰ্তমান যুগত আধুনিক গতিধাৰালৈ দৰ্শকৰ মন আকৰ্ষণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক কলা-কৌশল ব্যৱস্থাৰে মঞ্চত ৰাস অভিনয় কৰা দেখা যায়। শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’ই মঞ্চাভিনয়ৰ প্ৰথম নিদৰ্শন। এনে ব্যৱস্থাৰ আৰ্হিতে ৰাসকো মঞ্চৰ জৰিয়তে অধিক আকৰ্ষণীয় ৰূপত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে। নিৰ্দিষ্ট পৰিৱেশ সৃষ্টি কৰি মঞ্চত মুখা সঞ্চালন কৰিবলৈ সহজ। এই আধুনিক কলা-কৌশলৰ ওপৰত গুৰুত্ব দি প্ৰয়াত গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ৰাসলীলাক মঞ্চৰাসলৈ পৰিৱৰ্তন কৰে। অৱশ্যে এতিয়াও কিছু সত্ৰই প্ৰাচীন পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ ৰাস প্ৰদৰ্শনৰ মূলস্থলী নামঘৰতেই প্ৰদৰ্শন কৰি আহিছে।[1]

উজনি আৰু নামনি অসমৰ ৰাসোৎসৱৰ পাৰ্থক্য

সম্পাদনা কৰক

উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰীৰ ৰঅসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 জ্যোৎস্না শইকীয়া ভূঞা (২৫ নৱেম্বৰ, ২০১২). "ৰাসোৎসৱ : ঐতিহ্য আৰু পৰম্পৰা". আমাৰ অসমৰ দেওবৰীয়া আলোচনী ‘পূৰ্বাঞ্চল’: ৮, ৯ আৰু ২৩ পৃ্ষ্ঠা. 
  2. মাজুলীৰ ঐতিহ্য, জয়ন্ত কুমাৰ বৰা আৰু অনন্ত কলিতা