ৰাৱণানুগ্ৰহ
ৰাৱণানুগ্ৰহ বা ৰাৱণানুগ্ৰহ-মূৰ্তি ("ৰাৱণক অনুগ্ৰহ প্ৰদান কৰা ৰূপ"[1]) হিন্দু দেৱতা শিৱৰ এক সৌম্য ৰূপ। এই ৰূপত তেওঁক কৈলাস পৰ্বতত অৰ্ধাংগিনী পাৰ্বতীৰ সৈতে বহি থকা অৱস্থাত আৰু লংকাধিপতি ৰাৱণক কৈলাস পৰ্বত উত্তোলন কৰিবলৈ চেষ্টা কৰা অৱস্থাত দেখা যায়। হিন্দু ধৰ্মপুথিসমূহৰ মতে ৰাৱণে এবাৰ কৈলাস পৰ্বত উত্তোলন কৰাৰ চেষ্টা কৰিছিল। কিন্তু শিৱই পৰ্বতটো হেঁচা মাৰি ৰাৱণক ইয়াৰ তলত আৱদ্ধ কৰি ৰাখে। এক সহস্ৰ বছৰ জুৰি পিষ্ট হৈ থকা ৰাৱণে শিৱৰ গুণানুকীৰ্তন কৰি ৰয় আৰু অৱশেষত শিৱই তেওঁক মুকলি কৰি বৰদান হিচাপে এখন দিব্য তৰোৱাল আৰু পূজাৰ বাবে আত্মলিংগ প্ৰদান কৰে।
ৰাৱণানুগ্ৰহ | |
---|---|
ৰাৱণানুগ্ৰহ, আন্নামালাইয়াৰ মন্দিৰ, তিৰুৱন্নমালাই | |
সম্পৰ্ক | শিৱৰ ৰূপ |
অস্ত্ৰ | ত্ৰিশূল |
সঙ্গী | পাৰ্বতী |
ভাৰতত এই ধাৰণাটো জনপ্ৰিয় আৰু গুপ্ত আৰু পল্লৱসকলৰ সময়ত (৩০০–৬০০ চন) ইয়াক সততে দেখা পোৱা গৈছিল।[2]
আখ্যান
সম্পাদনা কৰকহিন্দু মহাকাব্য ৰামায়ণৰ উত্তৰা কাণ্ডৰ বৰ্ণনা অনুসৰি দশানন, বিংশ অস্ত্ৰধাৰী শক্তিশালী ৰজা ৰাৱণে কৈলাশ পৰ্বতৰ ওচৰত অৱস্থিত তেওঁৰ সতীয়া ভাতৃ আৰু ধনৰ দেৱতা কুবেৰৰ নগৰ অলকাক জয় কৰি লুট কৰিছিল। বিজয়ৰ পিছত ৰাৱণে পুষ্পক বিমানত (কুবেৰৰ পৰা চুৰি কৰা আকাশী ৰথ) লৈ লংকালৈ উভতি আহিছিল। বাটতে তেওঁ এখন ধুনীয়া ঠাই দেখা পালে। কিন্তু তাৰ ওপৰেৰে ৰথখন উৰিব পৰা নাছিল। ৰাৱণে সেই ঠাইতে শিৱৰ ম’হমুখী বামন পৰিচাৰক নন্দীক (নন্দীশ, নন্দীকেশ্বৰ) লগ কৰি তেওঁৰ ৰথখনে সেই ঠাইৰ ওপৰেৰে পাৰ হ’ব নোৱাৰাৰ আঁৰৰ কাৰণ সুধিলে। নন্দীয়ে ৰাৱণক জনালে যে ভগৱান শিৱ আৰু পাৰ্বতীয়ে পাহাৰত প্ৰমোদ-বিহাৰ কৰি আছে আৰু সেয়ে ইয়াৰ ওপৰেদি কাকো পাৰ হ’বলৈ দিয়া হোৱা নাই। ৰাৱণে শিৱ আৰু নন্দীক ঠাট্টা কৰে। নিজ প্ৰভুক কৰা অপমানত ক্ষুব্ধ হৈ নন্দীয়ে ৰাৱণক অভিশাপ দিয়ে যে বান্দৰেই তেওঁৰ সৰ্বনাশ কৰিব। পাছলৈ ৰাৱণে নন্দীৰ অভিশাপ পাই আৰু আগুৱাই যাব নোৱাৰাত ক্ষুব্ধ হৈ কৈলাশক উভালি পেলোৱাৰ সিদ্ধান্ত লয়। তেওঁ কৈলাশৰ তলত বিশখন হাত থৈ পৰ্বতটো ওপৰলৈ তুলিবলৈ ধৰিলে। কৈলাশ কঁপিবলৈ ধৰাৰ লগে লগে আতংকিত হৈ পাৰ্বতীয়ে শিৱক সাৱটি ধৰিলে। কিন্তু সৰ্বজ্ঞানী শিৱই এই কাৰ্যৰ আঁৰত ৰাৱণ বুলি উপলব্ধি কৰি ভৰিৰ বুঢ়া আঙুলিৰে কৈলাসক হেঁচা মাৰি ধৰি ৰাৱণক তাৰ তলত আৱদ্ধ কৰি পেলালে। যন্ত্ৰণাত ৰাৱনে এটা জোৰেৰে চিৎকাৰ কৰিবলৈ লাগিল। মন্ত্ৰীসকলৰ পৰামৰ্শত ৰাৱণে হাজাৰ বছৰ ধৰি শিৱৰ গুণানুকীৰ্তন কৰিছিল। অৱশেষত শিৱই ৰাৱণক ক্ষমা কৰাৰ লগতে চন্দ্ৰহাস নামৰ এখন অজেয় তৰোৱালো প্ৰদান কৰে। ৰাৱণে গোৱা পদ্যসমূহৰ সংগ্ৰহ শিৱ তাণ্ডৱ স্তোত্ৰ নামেৰে জনাজাত হৈ পৰে।[3]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Dallapiccola, Anna L. (2003). "Ravananugrahamurti". Dictionary of Hindu Lore and Legend. Thames & Hudson. ISBN 978-0-500-51088-9. http://www.credoreference.com/entry/thhll/ravananugrahamurti.
- ↑ Brown, Robert L. (1991). Ganesh: Studies of an Asian God. প্ৰকাশক Albany: State University of New York. পৃষ্ঠা. 181. ISBN 0-7914-0657-1.
- ↑ "Shiv Tandav Stotra". newstrend.news. 15 October 2018. https://www.newstrend.news/175682/shiv-tandav-strot-ke-labh/। আহৰণ কৰা হৈছে: 29 April 2020.