ৰিচাৰ্ড উইলিয়াম টিম
ড॰ ৰিচাৰ্ড উইলিয়াম টিম (ইংৰাজী: Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল। তেওঁ ২৫০ৰো অধিক জীৱ প্ৰজাতি আৱিষ্কাৰ কৰিছিল।
ড॰ ফাদাৰ ৰিচাৰ্ড উইলিয়াম টিম | |
---|---|
![]() | |
জন্ম | ২ মাৰ্চ, ১৯২৩ মিচিগান ছিটি, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ১১ ছেপ্টেম্বৰ, ২০২০ (৯৭ বছৰ) ছাউথ বেণ্ড, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষানুষ্ঠান | |
পেচা | খ্ৰীষ্টান যাজক, শিক্ষাবিদ, জীৱবিজ্ঞানী, গৱেষক আৰু সমাজকৰ্মী |
সংস্থা |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰমন মেগছেছে বঁটা |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
১৯২৩ চনৰ ২ মাৰ্চ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা ৰাজ্যৰ ছাউথ বেণ্ডত ৰিচাৰ্ড উইলিয়াম টিমৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোছেফ আৰু মাতৃ জোছেফিন অটেন। তেওঁ চাৰজন সন্তানৰ ভিতৰত দ্বিতীয় সন্তান আছিল। তেওঁৰ বড় ভাই বব দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰে। টিমৰ পিতৃ জোছেফ পুলম্যান কোম্পানীৰ এজন পে-মাষ্টাৰ আছিল।[1]
শিক্ষা জীৱনসম্পাদনা কৰক
টিম ছেইণ্ট মে'ৰিজ গ্ৰেড স্কুলত শিক্ষা আৰম্ভ কৰে। তাৰপিছত তেওঁ হলি ক্ৰছ সন্ন্যাস সংঘ পৰিচালিত ছেইণ্ট মে'ৰিজ হাই স্কুলত নাম ভৰ্তি কৰে।[1]
স্কুলীয়া শিক্ষা শেষ কৰি তেওঁ নটৰ ডেম বিশ্ববিদ্যালয়ত দৰ্শন অধ্যয়ন কৰে। ১৯৪৫ চনত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত তেওঁ কেথলিক ইউনিভাৰ্ছিটী অৱ আমেৰিকাত নাম ভৰ্তি কৰে। এইদৰেই ১৯৫১ চনত জীৱবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৫২ চনত প্যাৰাছাইটোল'জী বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰে।[2]
বঁটা আৰু সন্মানসম্পাদনা কৰক
টিম তেওঁৰ কৰ্মৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল:
- ৰমন মেগছেছে বঁটা (শান্তি আৰু আন্তৰ্জাতিক বুজাপৰা)– ১৯৮৭[1]
- আবু ছাইদ চৌধুৰী বঁটা– ১৯৮৭
- মুক্তিযুদ্ধ মৈত্ৰী বঁটা (বাংলাদেশ চৰকাৰ)– ২০১২[3][4]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 "Timm, Richard William". The Ramon Magsaysay Award. https://www.rmaward.asia/awardees/timm-richard-william/। আহৰণ কৰা হৈছে: 15 September 2020.
- ↑ "Richard W Timm". nemaplex.ucdavis.edu. http://nemaplex.ucdavis.edu/General/Biographies/RWTimm.htm। আহৰণ কৰা হৈছে: 2020-04-20.
- ↑ "The Awardees" (ইংৰাজী ভাষাত). The Daily Star. https://www.thedailystar.net/news-detail-228056.
- ↑ [মুক্তিযুদ্ধে অবদান ৰাখা যেসব বিদেশী সংগঠন ও নাগৰিককে সম্মাননা দেয়া হয়েছে তাঁদেৰ তালিকা "pdf"] (বঙালী ভাষাত). মুক্তিযুদ্ধ বিষয়ক মন্ত্ৰণালয়. পৃষ্ঠা: ১৭. মুক্তিযুদ্ধে অবদান ৰাখা যেসব বিদেশী সংগঠন ও নাগৰিককে সম্মাননা দেয়া হয়েছে তাঁদেৰ তালিকা.
বাহ্যিক সংযোগসম্পাদনা কৰক
- ৱিকিমিডিয়া কমন্সত ৰিচাৰ্ড উইলিয়াম টিম সম্পৰ্কীয় মিডিয়া ফাইল।
- ৰমন মেগছেছে বঁটা ফাউণ্ডেচনৰ ৱেবচাইটত ৰিচাৰ্ড উইলিয়াম টিমৰ জীবনী
- নেমপ্লেক্সৰ ৱেবচাইটত ৰিচাৰ্ড টিমৰ জীবনী