ৰিতু কাৰিধল

(ৰিতু কৰিড়ালৰ পৰা পুনঃনিৰ্দেশিত)

ৰিতু কাৰিধল (ইংৰাজী: Ritu Karidhal) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত। মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা মংগলযান[1] অভিযানৰ বাবে গঠন কৰা দলৰ তেওঁ উপ-পৰিচালক আছিল। তেওঁক ভাৰতৰ ৰকেট নাৰী বুলি অভিহিত কৰা হয়।[2][3] উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত তেওঁৰ জন্ম হৈছিল আৰু তেওঁ ইয়াতেই জীৱনৰ প্ৰাৰম্ভিক কাল অতিবাহিত কৰিছিল। তেওঁ এগৰাকী এৰ'স্পেছ অভিযন্তা। ইয়াৰ আগতে তেওঁ ইচৰোৰ বহু প্ৰকল্পৰ লগত কাম কৰিছে। কিছু প্ৰকল্পত তেওঁ পৰিচালক হিচাপেও কৰ্মৰত আছিল।[4]

ৰিতু কাৰিধল

চন্দ্ৰযান মিছনৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত ৰিতু কাৰিধল
জন্ম লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত
পেচা বিজ্ঞানী
সক্ৰিয় হৈ থকা সময় ১৯৯৭–বৰ্তমান
জনা যায় মংগলযান, চন্দ্ৰযান-২
বঁটা, সন্মান, পুৰস্কাৰ আদি ইচৰো যুৱ বিজ্ঞানী বঁটা

প্ৰাথমিক জীৱন আৰু পৰিয়াল সম্পাদনা কৰক

কাৰিধল, উত্তৰ প্ৰদেশেৰ লখনউত জন্মগ্ৰহণ কৰে।[5] তাই এনে এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ হৈছিল, যত শিক্ষাৰ ওপৰ অত্যন্ত জোৰ দিব লাগিছিল[5]। তাইৰ দুজন ভায়েক আৰু দুজনী ভনী আছে[5]। তাইৰ দেউতা প্ৰতিৰক্ষা পৰিসেৱাৰ লগত যুক্ত আছিল[5]। সিহঁতৰ ওচৰত প্ৰয়োজনীয় অৰ্থ সামান্য আছিল, ইয়াৰ উপৰিও যথেষ্ট পৰিমানত ভাল ব্যক্তিগত শিক্ষাদান কেন্দ্ৰ অথবা গৃহশিক্ষকৰো অভাব আছিল। সেই বাবে তাই সফলতা লাভ কৰাৰ বাবে, কেৱলমাত্ৰ আত্মপ্ৰেৰণাৰ ওপৰত ভৰসা কৰা শিকিছিল[5]। শিশু বয়সৰ পৰাই তাই জানিব পাইছিল যে, তাইৰ আগ্ৰহ কেৱলমাত্ৰ মহাকাশ বিজ্ঞানত আছে। ঘণ্টাৰ পিছত ঘণ্টা ৰাতিৰ আকাশ পিনে চাই থাকিছিল আৰু মহাশূণ্যৰ কথা চিন্তা কৰি, চন্দ্ৰৰ কথা ভাবি বিস্মিত হৈছিল যে, এইটো কেনেকৈ তাৰ আকৃতি আৰু আকাৰ পৰিৱৰ্তন কৰে; তাই সিহঁতৰ প্ৰকৃতি অধ্যয়ন কৰিলে আৰু জানিব বিচাৰিলে যে আকাশৰ কলা মহাশূণ্যৰ আঁৰত কি আছে[6]। তাইৰ ল’ৰালী কালত, তাই মহাকাশ সম্পৰ্কিত ক্ৰিয়াকলাপ সম্পৰ্কত সংবাদপত্ৰৰ কাটিং সংগ্ৰহ কৰিবলৈ আৰাম্ভ কৰিলে। আৰু ইয়াৰ লগত ইচৰো আৰু নাচাৰ কাৰ্যক্ৰমবিলাকৰ সম্পৰ্কত খবৰ ৰাখিবলৈ ধৰিলে।[7]

কাৰিধল লখনউ বিশ্ববিদ্যালয়-ৰ পৰা পদাৰ্থবিজ্ঞানত তাইৰ স্নাতক পৰ্যায় সম্পূৰ্ণ কৰে[8]। তাই স্নাতকোত্তৰ প্ৰকৌশল বুদ্ধিমত্তাৰ পৰীক্ষা (গেট) পাচ কৰিলে আৰু, স্নাতকোত্তৰ পৰ্যায়ত মহাকাশ প্ৰকৌশল পঢ়াৰ বাবে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত (আই.আই.এচ.চি)ত যোগ দিয়ে।

কৰ্ম জীৱন সম্পাদনা কৰক

কাৰিধল ১৯৯৭ চনৰ পৰা ইচৰোৰ লগত যুক্ত আছে[5]। তাই ভাৰতৰ মঙ্গল অভিযান প্ৰকল্পৰ উন্নয়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাইৰ কামৰ মাজত আছিল, স্বয়ংক্ৰিয় পদ্ধতিৰ পিছত পৰিকল্পনা অনুযায়ী বিস্তাৰিত নক্সাৰ সম্পাদন কৰা[8]। তাই এই অভিযানৰ উপ কৰ্ম পৰিচালক আছিল[4]

ইচৰোৰ সৰ্বশ্ৰেষ্ঠ কৃতিত্ব আছিল মঙ্গল গ্ৰহত অভিযান[5]। এই অভিযানৰ ফলত, মঙ্গল যোৱাৰ লক্ষ্যত, ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ দেশ[5]। এইটো ১০ মাহ সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হয় আৰু সাজু কৰা হৈছে বহু কম টকাত – (কৰদাতাসকলোৰ ৪৫০ কোটি টকা)[5]। তাইৰ কাম আছিল কল্পনাৰ পৰৱৰ্তী স্বয়ংক্ৰিয় পদ্ধতিক ধাৰণা দিয়া আৰু বাস্তবায়িত কৰা, যাতে মহাশূণ্যত উপগ্ৰহৰ কামবিলাক স্বাধীনভাবে পৰিচালিত হয় আৰু সমস্যা হ’লে, ত্ৰুটিমুক্তভাবে যথাযথ প্ৰতিক্ৰিয়া জানায়[5]

তাই চন্দ্ৰযান-২ অভিযানত কাম কৰিছিল, যি ২০১৯ চনত চন্দ্ৰ পৃষ্ঠত এটা ৰোবোট পঠায় আৰু চন্দ্ৰৰ মাটি পৰীক্ষা কৰিব বুলি[8]। কিন্তু দুৰ্ভাগ্যবশত চন্দ্ৰ পৃষ্ঠত আৱতৰণ কৰাৰ কিছু পূৰ্বেই ল্যাণ্ডাৰ বিক্ৰম নষ্ট হৈ যায়[9]। আৰু সংযোগ ব্যৱস্থা বিচ্ছিন্ন হয়। শেষত চন্দ্ৰৰ কক্ষ পথত থকা অৰ্বিটাৰৰ সহায়ত বিক্ৰম ল্যাণ্ডাৰৰ উপস্থিতি আৰু অৱস্থা জানিব পৰা যায়। [9]

স্বীকৃতি সম্পাদনা কৰক

কাৰিধল, ২০০৭ চনত, তৎকালীন ভাৰতীয় ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামৰ পৰা ইচৰো(ISRO) তৰুণ বিজ্ঞানী পুৰস্কাৰ পাইছিল।[10][11]

মঙ্গল গ্ৰহত অভিযান সাফল্যৰ বৰ্ণনা কৰিবলৈ কাৰিধল টেড (টিইড) আৰু টেডক্স (টিইডক্স) অনুষ্ঠানবিলাকতো উপস্থিত আছিল।[8][10]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

কাৰিধল বিবাহিত, আৰু তাইৰ দুগৰাকী সন্তান - এজন ল’ৰা আৰু এজনী ছোৱালী আছে।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. MOM has completed a revolution around Mars, ISRO scientist says - Times of India সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০
  2. 2.0 2.1 India's rocket womenDeccan Chronicle, সংগ্ৰহঃ ফেব্ৰুৱাৰী , ১৪, ২০২০
  3. India's Rocket Women: Meet The Women Of ISRO – Rocket Womenrocket-women.com সংগ্ৰহঃ ১৪-০২-২০২০
  4. 4.0 4.1 Ritu Karidhal - TEDxGateway | Independently Organized TED Event Archived 2020-08-06 at the Wayback MachineTEDxGateway | Independently Organized TED Event সংগ্ৰহঃ ফেব্ৰুৱাৰী, ১৪, ২০২০
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 Ritu Karidhal, the Woman Behind Mangalyaan,Tells the Most Passionate Story of India's Mars MissioniDiva.com। সংগ্ৰহঃ ফেব্ৰুৱাৰী, ১৪, ২০২০
  6. 8 Awesome ISRO Scientists Who Happen To Be Womenindiatimes.com সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০
  7. The women of ISROVOGUE India সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০
  8. 8.0 8.1 8.2 8.3 ISRO scientist Ritu Karidhal's Mars Missionfemina.in সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০
  9. 9.0 9.1 How did Chandrayaan 2 fail? ISRO finally has the answer সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০
  10. 10.0 10.1 TEDx Talks (২০১৬-০৬-২৮), The Indian Mars Orbiter Mission Story | Ritu Karidhal | TEDxHyderabad সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০
  11. Ritu Karidha সংগ্ৰহঃ ফেব্ৰুৱাৰী ১৪, ২০২০