অৰ্থব্যৱস্থা (ইংৰাজী: Economy) বুলিলে কোনো দেশ বা তেনে এলেকাৰ শ্ৰমিক, ভূমি বা সম্পদৰ ব্যৱস্থাপনৰ কথা বুজা যায়। ই স্থানখনৰ উৎপাদৰ উৎপাদনশীলতা, বাণিজ্য, বিতৰণ, আৰু উপভোক্তাকো সামৰি লয়।

সকলো দেশৰে কিছুমান আৰ্থিক সমস্যা থাকে। সেইবোৰ সমাধান কৰাৰ উদ্দেশ্যে, বিভিন্ন অৰ্থব্যৱস্থা গ্ৰহণ কৰা হয়। এই অৰ্থব্যৱস্থা প্ৰধানকৈ দুই প্ৰকাৰৰ: ধনতন্ত্ৰ বা পুঁজিবাদী অৰ্থব্যৱস্থা (Capitalism) আৰু সমাজবাদ (Socialism)। ইয়াৰিও সাম্প্ৰতিক সময়ত আৰু এক তৃতীয় ব্যৱস্থা উদ্ভাৱন কৰা হৈছে যাক কোৱা হয় মিশ্ৰ অৰ্থব্যৱস্থা বা মিশ্ৰিত অৰ্থনীতি (Mixed Economy)।

পুঁজিবাদসম্পাদনা কৰক

ধনতন্ত্ৰ বা পুঁজিবাদ শব্দটো বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰে। মুলতঃ যি অৰ্থব্যৱস্থাত উৎপাদনৰ উপাদান সমুহ (Means of Production) ব্যক্তিগত মালিকিস্বত্বৰ অধিনতথাকে তাকে পুঁজিবাদ বা পুঁজিবাদি অৰ্থব্যৱস্থা বোলে। কাৰ্ল মাৰ্ক্সৰ মতে, "Capitalism is an economic system where the means of production are privately owned." পুঁজিবাদে মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰে। ই এক পৰম্পৰাগত অৰ্থনৈতিক মডেল। ১৮ শতিকাৰ অৰ্থনীতিবিদ সকলে পুৰ্বৰ সামন্তবাদীয় আৰু বাণিজ্যবাদীয় অৰ্থনীতিৰ পৰিৱৰ্তে মুক্ত পুঁজিবাদী তত্ত্বৰ বিকাশ কৰিছিল। ইয়াৰ মুল পৃষ্ঠপোষক আছিল এডাম স্মিথ। তেওঁৰ মতে উৎকৃষ্ট সামাজিক লাভৰ বাবে সকলো ব্যক্তিকে মুক্তভাৱে নিজৰ কৰ্ম কৰিবলৈ দিব লাগে। সেই সময়ৰ অৰ্থনীতিবিদসকলৰ মতে চৰকাৰে অৰ্থনৈতিক জগতৰ কামকাজত নিজৰ ভুমিকা সীমাবদ্ধ কৰি ৰাখিব লাগে। তেওঁলোকৰ মতে যিকোনো চৰকাৰী হস্তক্ষেপে মুক্ত বজাৰ ব্যৱস্থা সফল হোৱাত বাধা দিয়ে।

পুঁজিবাদৰ বিৱৰ্ত্তনসম্পাদনা কৰক

১৮ শতিকাৰ দ্বিতীয় দশকত পুঁজিবাদৰ জন্ম। বৰ্তমান ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছে। প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিৰ সময়লৈকে পুঁজিবাদ আছিল চৰকাৰী নিয়ন্ত্ৰনৰ পৰা সম্পুৰ্ণ মুক্ত। বজাৰ সম্পৰ্কে সকলো সিদ্ধান্ত পুঁজিপতি সকলে লৈছিল। চৰকাৰে তেওঁলোকৰ কামত হস্তক্ষেপ কৰা নাছিল। ইয়াক কোৱা হৈছিল Leissez Fair, অৰ্থাৎ তেওঁলোকক অকলে থাকিবলৈ দিয়া (Let them alone)। ১৯২৯-৩৩ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-১৯৪৫)-ৰ পিছত পুঁজিবাদৰ বহু পৰিৱৰ্তন ঘটে। বৰ্তমান পুঁজিবাদ মুক্তপুঁজিবাদ নহৈ 'নিয়ন্ত্ৰীত পুঁজিবাদ'। ইয়াক কল্যাণকামী পুঁজিবাদো বোলে।

পুঁজিবাদৰ বৈশিষ্ট্যসম্পাদনা কৰক

পুঁজিবাদৰ কেবাটাও বৈশিষ্ট্য আছে:

  • ব্যক্তিগত সম্পত্তি (Private property): পুঁজিবাদী ব্যৱস্থাত সম্পদৰ গৰাকী ব্যক্তি। ব্যক্তিৰ ধন-সম্পত্তি উপাৰ্জন,ভোগ আৰু হস্তান্তৰ কৰাৰ অধিকাৰ থাকে। মালিকৰ মৃত্যুৰ পাছত সম্পত্তিৰ গৰাকী তেওঁৰ উত্তৰাধিকাৰী সকল। পুঁজিবাদত ৰাষ্ট্ৰৰ নিয়ম অনুসৰি এনে অধিকাৰ ৰক্ষা কৰা হয়।
  • উদ্যোগৰ স্বাধীনতা (Freedom of Enterprise): পুঁজিবাদৰ আন এক বৈশিষ্ট্য হ'ল উদ্যোগৰ স্বাধীনতা। পুঁজিবাদী দেশ পৰিকল্পনাৰ পৰিপন্থী। গতিকে এই ব্যৱস্থাত মুক্ত উদ্যোগ নীতিৰ প্ৰচলন থাকে। ব্যক্তিগত উদ্যোগ বিলাক সদায় চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত।
  • ভোক্তাৰ সাৰ্বভৌমত্ব (Consumers' sovereignty): পুঁজিবাদত গ্ৰাহকেই মূল। এই ব্যৱস্থাত যেনেকৈ উৎপাদনকাৰী সকলে লাভৰ চিন্তাৰে পৰিচালিত হৈ উৎপাদন কাৰ্য্য চলাই, ঠিক সেইদৰে গ্ৰাহক সকলেও নিজৰ ইচ্ছা, পছণ্ড বা ৰুচি মতে দ্ৰব্য ক্ৰয় কৰে। এনে অৱস্থাত সেয়ে দ্ৰব্যৰ উৎপাদন, উৎপাদনৰ পৰিমান, গুণাগুণ, ইত্যাদি ভোক্তাৰ নিৰ্দেশ অনুসৰিহে স্থিৰ হয়।
  • নিয়ন্ত্ৰনহীন মুল্যব্যৱস্থা (Free price Mechanism): পুঁজিবাদৰ আন এক বৈশিষ্ট্য হ'ল মুক্ত দৰ নীতি। এই ব্যৱস্থাত দ্ৰব্যৰ দৰ কেৱল 'চাহিদা' আৰু 'যোগান' -এই দুই শক্তিৰ দ্বাৰাহে নিৰ্ণয় হয়। ভোক্তাৰ চাহিদা আৰু উৎপাদনকাৰীৰ যোগান এই দুই শক্তিৰ প্ৰভাৱত স্বয়ংক্ৰিয় ভাবে দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰিত হয়। আন কোনো শক্তিয়ে ইয়াত প্ৰভাব পেলাব নোৱাৰে।

সমাজবাদসম্পাদনা কৰক

সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আটাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে। অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পুৰ্ণ বিপৰীত। কাৰ্ল মাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে। মাৰ্ক্সৰ ১৮৬৭ চনত প্ৰকাশিত গ্ৰন্থ Das Capital-য়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।

সমাজবাদৰৰ বৈশিষ্ট্যসম্পাদনা কৰক

  • ব্যক্তিগত সম্পত্তিৰ বিলুপ্তিকৰণ: উৎপাদনৰ উপাদান সমুহৰ মালিকীস্বত্ব ব্যক্তিৰ পৰিৱৰ্তে সমাজ বা ৰাষ্ট্ৰৰ হাতত থাকে। সমাজবাদত ব্যক্তিগত সম্পত্তিৰ স্থান নাই;সকলো সম্পত্তিৰ গৰাকী চৰকাৰ বা ৰাষ্ট্ৰহে।
  • অৰ্থনৈতিক পৰিকল্পনা: পুঁজিবদৰ মুক্ত অৰ্থব্যৱস্থাৰ বিপৰীতে,সমাজবাদত থাকে কেন্দ্ৰীয় পৰিকল্পনা।
  • বিশেষ উদ্দেশ্য আৰু লক্ষ্য: পৰিকল্পিত অৰ্থনীতিৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে; যেনে: ৰাষ্ট্ৰীয় আয়ৰ উচ্চতৰ হাৰ বৃদ্ধি, স্বাৱলম্বিতা লাভ কৰা আৰু লাভ কৰিব পৰা নিৰ্দ্ধাৰিত লক্ষ্য।
  • অৰ্থনৈতিক শ্ৰেণীহীন সমাজ:সমাজবাদী অৰ্থনীতিত কোনো শ্ৰেণী সংঘাট নাথাকে। সমাজবাদী সমাজ শ্ৰেণীহীন সমাজ।

মিশ্ৰ অৰ্থনীতিসম্পাদনা কৰক

উৎপাদন, বিতৰণ আদি কাৰ্য্যৰ ক্ষেত্ৰত ব্যক্তিক পূৰ্ণস্বাধীনতা প্ৰদান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বীতিয় মহাযুদ্ধৰ পৰৱৰ্তী কালত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক হল আৰু তাৰ ফলস্বৰূপে 'মিশ্ৰ অৰ্থনীতি' নামৰ এক ধাৰণাৰ জন্ম হল। 'মিশ্ৰ অৰ্থনীতি'ত 'ৰাজহুৱা খণ্ড' আৰু 'ব্যক্তিগত খণ্ড' দুয়োটা খণ্ডই একেলগে কাম কৰে। মিশ্ৰ অৰ্থনীতিত কিছুমান গুৰুত্বপূৰ্ণ শিল্প বা প্ৰতিস্থান চৰকাৰে নিয়ন্ত্ৰণ কৰে আৰু তুলনামুলকভাবে কম গুৰুত্বপুৰ্ণ কামকাজবোৰ ব্যক্তিয়ে পৰিচালনা কৰে। অৰ্থাৎ 'মিশ্ৰ অৰ্থনীতি'ত অৰ্থনৈতিক কামকাজ বোৰ চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডতে সম্পাদিত হয়।

মিশ্ৰ অৰ্থনীতিৰ বৈশিষ্ট্যসম্পাদনা কৰক

  • মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাত দেশৰ অৰ্থনীতিক তিনিটা খণ্ডত ভাগ কৰা হয়: চৰকাৰী খণ্ড (Public Sector), বেচৰকাৰী খণ্ড (Private Sector), আৰু যুটিয়া খণ্ড (Joint Sector)।
  • মিশ্ৰ অৰ্থনীতিত সমাজবাদী অৰ্থব্যৱস্থাৰ দৰে অৰ্থনৈতিক উন্নয়নৰ বাবে পৰিকল্পনাৰ সহায় লোৱা হয়। অৱশ্যে সমাজবাদৰ দৰে ইয়াত পৰিকল্পনা সৰ্বাত্মক নহয়। অৰ্থনীতিৰ কিছুমান বিশেষ গুৰুত্বপুৰ্ণ খণ্ডহে পৰিকল্পনাৰ অধিনলৈ অনা হয়।
  • এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে। উৎপাদনৰ উপাদান সমুহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে।
  • পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন। কিন্তু ব্যক্তিগত লাভ অৰ্জন আৰু সামুহিক কল্যান সাধন- এই দুই লক্ষ্যৰ যাতে কোনো বিৰোধ নঘটে তালৈ সততে লক্ষ্য ৰখা হয়।

তথ্য সূত্ৰসম্পাদনা কৰক

অধিক পঢ়কসম্পাদনা কৰক

  • Friedman, Milton, Capitalism and Freedom, 1962.
  • Galbraith, John Kenneth, The Affluent Society, 1958.
  • Keynes, John Maynard, The General Theory of Employment, Interest and Money, 1936.
  • Smith, Adam, An Inquiry into the Nature and Causes of the Wealth of Nations, 1776.