ৰিপুঞ্জয় বৰদলৈ(১৯৮৪) একাধাৰে বিশিষ্ট বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী আৰু সমাজ সচেতক  শিক্ষক॥ অসমত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণ আৰু বৈজ্ঞানিক মানসিকতা গঠনৰ বাবে ৰিপুঞ্জয় বৰদলৈয়ে গঠনমূলক কাম-কাজ কৰি আহিছে। বিজ্ঞান জেউতি', 'প্ৰান্তিক', 'সাতসৰী', 'নতুন ৰংমেলা', 'অন্যযুগ' আলোচনীৰ লগতে ‘মুক্তচিন্তা’, ‘অনুৰণন’ ই আলোচনীৰ নিয়মীয়া লেখক। অসমীয়া বিভিন্ন বাতৰি কাকত, গ্ৰন্থ আদিত তেওঁ বিজ্ঞান বিষয়ক লেখা লিখাৰ উপৰিও ব্যৱহাৰিকভাৱে হাতে-কামে বিজ্ঞান শিক্ষাৰ সত্যাসত্য জনসমাজলৈ লৈ যাবলৈ উদ্যোগ গ্ৰহণ কৰি আছে। [1]

ৰিপুঞ্জয় বৰদলৈ
জন্ম বিশ্বনাথ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংকবিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।
বিষয় বিজ্ঞান সাহিত্য

জন্ম আৰু বংশ সম্পাদনা কৰক

বৰদলৈৰ জন্ম হয় ১৯৮৪ চনৰ নৱেম্বৰ মাহৰ ২১ তাৰিখে। জন্ম স্থান হৈছে বিশ্বনাথ জিলাৰ বৰপাম তিনিআলি, চতিয়াত। পিতৃৰ নাম নৃপেন বৰদলৈ আৰু মাতৃৰ নাম অবন্তী বৰদলৈ। তেওঁৰ বিবাহ হয় ২০১৪ চনত। পত্নীৰ নাম প্ৰিয়ংকা বৰদলৈ। সন্তানৰ নাম ইনাক্ষী বৰদলৈ।[2]

শিক্ষা সম্পাদনা কৰক

তেওঁ‌ প্ৰাথমিক শিক্ষা লাভ কৰে ১ নং সাপেখাটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত (চন-১৯৯৩)। উচ্চ মাধ্যমিকৰ শিক্ষা লাভ কৰে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা (চন-২০০০। বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ শিক্ষা লাভ কৰে দৰং মহাবিদ্যালয়ৰ পৰা (চন- ২০০২)। বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে ২০০৬ চনত। বিশ্বনাথ কলেজ অৱ এডুকেশ্যনৰ পৰা ২০১১ চনত বি.এড ডিগ্ৰী লাভ আৰু ২০০৪ চনত দুবছৰীয়া এডভান্স ডিপ্লোমা ইন চফ্টৱেৰ টেকনলজিৰ শিক্ষা লাভ।

স্নাতকোত্তৰ শিক্ষা সম্পাদনা কৰক

  • চেণ্ট্ৰল ইনষ্টিটিউট অৱ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, গুৱাহাটীৰ পৰা ২০০৮ চনত পষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন প্লাষ্টিক পলিমাৰ টেকনলজি।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংকবিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ২০১৩ চনত।

চাকৰি জীৱন সম্পাদনা কৰক

তেওঁ‌ ২০০৮ৰ পৰা ২০০৯ চনলৈ ছুপ্ৰিম ইণ্ডাষ্ট্ৰিছ লিমিটেডত চাকৰি কৰে আৰু পৰৱৰ্তী সময়ত ২০১০ৰ পৰা বৰ্তমানলৈকে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়, চেঙামাৰী, বিশ্বনাথ জিলাত গণিত বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত।

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • জীৱবিচিত্ৰতা, ২০১৩
  • আমাৰ হেৰাই যোৱা চৰাইবোৰ, ২০১৪
  • অৰণ্য মানব যাদৱ পায়েঙ, ২০১৬
  • প্ৰকৃতি, বিজ্ঞান আৰু আমি, ২০১৭
  • নেম'নিকছ, ২০১৯
  • বিজ্ঞান অৰঙে দৰঙে, ২০২০

সামাজিক অৱদান সম্পাদনা কৰক

  • তেওঁ‌ ২০১৩ চনত পৰ্যাৱৰণ মিত্ৰ আৰু উত্তৰ-পূব পৰিৱেশ শিক্ষাকেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত 'শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক' ৰ সন্মান লাভ কৰে। তেওঁৰ কৰ্মৰাজি পৰ্যবেক্ষণ কৰিবৰ বাবে জাৰ্মানীৰ কুৰুৱা বিশ্ববিদ্যালয়ৰ গৱেষক য়ানা বুৰ্কে আৰু এণ্ড্ৰিক বল্ট চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহিছিল।
  • ২০০১ চনত স্থাপিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ নামৰ শিশুৰ মাজত বৈজ্ঞানিক মানসিকতাৰ উত্তৰণত ব্ৰতী অনুষ্ঠানত ২০১১ চনৰ পৰা সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে। এই কেন্দ্ৰত প্ৰতি দেওবাৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ জিলাখনৰ পঞ্চম পৰা অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীক হাতে কামে বিজ্ঞান শিক্ষা প্ৰদান কৰি আহিছে।
  • বৰদলৈয়ে RMSA, SCERT, NCERT ৰ গণিত আৰু বিজ্ঞান বিষয়ৰ সমল ব্যক্তি হিচাপে ২০১৪ চনৰ পৰা অবিভক্ত শোণিতপুৰ জিলা আৰু বৰ্তমানৰ বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিকৰ শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
  • ২০১৫ চনৰ পৰা IIT- Guwahati আৰু Royal Society of Chemistry, London ৰ দ্বাৰা মনোনীত Teacher Mentor হিচাপে ৰিপুঞ্জয় বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত 'দৈনন্দিন জীৱনত ৰসায়ন' শীৰ্ষক বিষয়ৰ ওপৰত সেৱা আগবঢ়ায় আছে।
  • ২০১৩ চনৰ পৰা WWF আৰু UNICEF ৰ দ্বাৰা Sustainable Development বিষয়ৰ ওপৰত নিয়োজিত সমল ব্যক্তি হিচাবে কাম কৰি আছে।
  • ২০১৮ চনৰ পৰা ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্তৰ্গত VIGYAN PRASAR অনুষ্ঠানৰ উদ্যোগত "Innovative Physics Training" ৰ জৰিয়তে অসমৰ জনজাতীয় অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষকসকলক পদাৰ্থ বিজ্ঞানৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
  • All India People's Science Network (AIPSN) আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা মনোনীত ৰিপুঞ্জয় বৰদলৈয়ে " যাদুৰ আঁৰৰ বিজ্ঞান" কাৰ্যসূচী সমূহত অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত অন্ধবিশ্বাস, ডাইনী, কুসংস্কাৰ, সোপাধৰা, ভেল্কিবাজী, তন্ত্ৰ-মন্ত্ৰৰ আঁৰৰ বিজ্ঞান সমূহ ব্যাৱহাৰিকভাবে বুজাই দিয়ে। লগতে তেখেতৰ নেতৃত্বত "সদৌ অসম অলৌকিক কাণ্ডৰ কৌশল উদ্ঘাটনকাৰী দল গঠন কৰি কাম কৰি আছে।
  • বৰদলৈয়ে বিজ্ঞান বিষয়ৰ নাটক নিজে লিখি ছাত্ৰ-ছাত্ৰীক নিজে শিকাই অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰাইছে। নাটক সমূহৰ ভিতৰত 'শিহু আমাৰ প্ৰাণ (২০১১), প্ৰকৃতিৰ বান্ধোন (২০১২), প্ৰকৃতিৰ সন্তান(২০১৩), হাঁহে মাহে এসাজ (২০১৪), আহক আহক ৰাইজ, প্লাষ্টিকৰ বটল দিয়ক আৰু কাপোৰ নিয়ক(২০১৫), সমুদ্ৰ তোমাৰ বাবে(২০১৬), ডাইনী কোন?(২০১৭), মোৰ ল'ৰাটো পঢ়াত বৰ কেঁচা (২০১৮), বেলুনে আনে বতৰৰ বতৰা(২০১৯) উল্লেখযোগ্য।
  • ২০১১ চনৰ পৰা বৰদলৈৰ তত্ত্বাৱধানত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰতি বছৰে ১০খন হাতে লিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা 'পৰিৱেশ দীপিকা' আৰু 'আলোক' প্ৰকাশিত হৈ আছে।
  • বৰদলৈয়ে লক্ষ্মীমপুৰ জিলাৰ বিহপুৰীয়াৰ ধূনাগুৰী ঘাটত নিজাববীয়াকৈ গঙ্গীয় শিহুৰ ওপৰত জৰীপ কৰাৰ লগতে শিহুৰ লগত জড়িত অন্ধবিশ্বাস সমূহৰ ওপৰত মিছিং সম্প্ৰদায়ৰ মাজত সজাগতা অভিযান চলাইছিল।
  • বৰদলৈৰ তত্ত্বাৱধানত চেঙামাৰী উচ্ছ মাধ্যমিক বিদ্যালয়ত প্ৰতি বছৰে ক্সৰাষ্ট্ৰীয় পৰিৱেশ সজাগতা অভিযান ক্স ক্স গ্ৰীষ্মকালীন শিবিৰত ফাকু ৰঙৰে বিজ্ঞান ছবি অঁকা প্ৰতিযোগিতা, গ্ৰাম্য বিজ্ঞান মেলা আদি অনুষ্ঠিত কৰি থকা হয়৷
  • ৰিপুঞ্জয় বৰদলৈৰ তত্ত্বাৱধানতে বৃহত্তৰ চেঙামাৰী অঞ্চলত ৰাইজৰ মাজত লাফু (paddy Straw mushroom) খেতি কৰি অৰ্থনৈতিক স্বাৱলম্বিতা লাভ কৰিব পাৰি তাৰ প্ৰশিক্ষণ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগত দিয়াৰ ব্যৱস্থা কৰিছিল৷ এই প্ৰশিক্ষণৰ পিছত ৰাইজৰ মাজত লাফু খেতি অতি জনপ্ৰিয় হৈ পৰে আৰু ২০ টা আত্মসহায়ক গোটে এই খেতি কৰে৷
  • বৰদলৈৰ তত্ত্বাৱধানতে চেঙামাৰী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পূৰ্ণিমা বৰমুদৈ নামৰ ছাত্ৰী গৰাকী ২০১৩ চনত Young Leader For Change- ২০১৩ হিচাপে সৰ্বভাৰতীয় পৰ্যায়ৰ ২০ জনৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী হিচাপে স্থান লাভ কৰে৷ ২০১১ চনৰ পৰা এতিয়ালৈকে ৰিপুঞ্জয় বৰদলৈৰ তত্ত্বাৱধানত চেঙামাৰী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ লগতে অন্যান্য বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে দুশৰো অধিক প্ৰকল্প আৰু মডেল প্ৰস্তুত কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলাখনলৈ সন্মান কঢ়িয়াই আনিছে৷
  • বৰদলৈয়ে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ ধূনাগুৰী ঘাটত নিজাববীয়াকৈ বিলুপ্তপ্ৰায় ৰাষ্ট্ৰীয় জলজ প্ৰাণী গঙ্গীয় শিহুৰ [National Aquatic Animal, Ganges River Dolphin]ওপৰত জৰীপ কৰাৰ লগতে শিহুৰ লগত জড়িত অন্ধবিশ্বাস সমূহৰ ওপৰত মিছিং সম্প্ৰদায়ৰ মাজত সজাগতা অভিযান চলাইছিল৷
  • ২০১১ চনৰ পৰা নিজৰ নামত আৰু ২০১৭ চনৰ পৰা চাইণ্টিফিক টেম্পাৰমেণ্ট [Scientific Temperament] নামৰ ইউটিউব চেনেলৰ জৰিয়তে অনলাইন পাঠ্যক্ৰম, পাঠ্যক্ৰমৰ অন্তগৰ্ত শিক্ষকে পাঠদানত ব্যৱহাৰ কৰা টি এল এম [TLM], আৰু সমাজত চলি থকা অলৌকিক কাণ্ডৰ বৈজ্ঞানিক ব্যাখা্য হাতে কামে কৰি ভিডিঅ’ প্ৰস্তুত কৰি বৈজ্ঞানিক মানসিকতাৰ সমাজ গঢ়াত নিৰলস প্ৰচেষ্টা আগবঢ়াই আছে৷
  • বৰদলৈয়ে অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ যুটীয়া সম্পাদক, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ(‍ NCSC) বিশ্বনাথ জিলাৰ সমন্বয়ক, অসম গণিত শিক্ষায়তন (AAM) বিশ্বনাথ জিলাৰ সহকাৰী সম্পাদক হিচাপে সেৱা আগবঢ়াই আছে। তেখেত অসম বিজ্ঞান লেখক সংস্থাৰ সক্ৰিয় সদস্য। অসম সাহিত্য সভাৰো আজীৱন সদস্য।
  • ২০১৭ চনত কোকৰাঝাৰত ৰিপুঞ্জয় বৰদলৈৰ দ্বাৰা ৰচিত 'বিজ্ঞান জগতৰ ৰূপালী মুকুতা' শীৰ্ষক গীতটি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ(NCSC) অসমৰ ৰূপালী জয়ন্তী শীৰ্ষক গীত হিচাপে ASTECৰ সঞ্চালক ডক্টৰ অৰূপ কুমাৰ মিশ্ৰই স্বীকৃতি প্ৰদান কৰি উন্মোচন কৰে।
  • বৰদলৈয়ে কভিড ১৯ ৰ সংকটৰ সময়ত উচ্চ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে SEBA ৰ লগত জড়িত হৈ অনলাইন পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ লগত সংগতি থকা বিজ্ঞান বিষয়ৰ অনলাইন কুইজ পৰিচালনা কৰি আহিছে।
  • বৰদলৈয়ে AATSA আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত বিশ্বনাথ জিলাৰ উত্তৰ পাৰৰ বাগিচা আৰু বস্তি অঞ্ছলত কৰনা সংক্ৰমনৰ পৰা বাচি থকা উপায়ৰ বাবে ঘৰতে বনাব পৰা মাস্কৰ প্ৰশিক্ষণ প্ৰদান কৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা চলাই আহিছে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০১৩ চনৰ ২২ মাৰ্চত উত্তৰ পূৰ্বাঞ্চলৰ"শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক" বঁটা প্ৰদান কৰে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ লগতে উত্তৰ পূব পৰিৱেশ শিক্ষাকেন্দ্ৰই।
  • ২০১৯ চনৰ ১৫ আগষ্টত বিশ্বনাথ জিলা প্ৰশাসনে বৰদলৈক বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী বঁটা প্ৰদান কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "সভাপতি-ৰিপুঞ্জয় বৰদলৈ". Archived from the original on 17 July 2020. https://web.archive.org/web/20200717085009/https://scientifictemperament.com/en/about-us/। আহৰণ কৰা হৈছে: 17 July 2020. 
  2. অংশুমান হাজৰিকা (১২,২,২০২০). "ৰিপুঞ্জয় বৰদলৈৰ বিষয়ে কিছু কথা". প্ৰকাশক গুৱাহাটী. পৃষ্ঠা ৪. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

http://www.scientifictemperament.in[সংযোগবিহীন উৎস] https://www.youtube.com/channel/UCWNhiGwq3p7ooc78iAykuxw https://www.facebook.com/ripunjay.bordoloi https://www.youtube.com/channel/UCjHZkNDq8fDzalAIMLfKaeg https://scientifictemperament.in/en/anuranan-a-bi-monthly-science-e-magazine[সংযোগবিহীন উৎস] https://ripunjaybordoloi.blogspot.com/