ৰিয়ান পৰাগ

ভাৰতীয় ক্ৰিকেট খেলুৱৈ

ৰিয়ান পৰাগ দাস (ইংৰাজী: Riyan Parag Das) (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে।[2] তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল। [3]

ৰিয়ান পৰাগ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম ৰিয়ান পৰাগ দাস[1]
জন্ম ১০ নৱেম্বৰ, ২০০১ (২২ বছৰ)
গুৱাহাটী, অসম, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী লেগব্ৰেক
ভূমিকা বেটিং অল ৰাউণ্ডাৰ
সম্পৰ্ক পৰাগ দাস (পিতৃ)
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০১৭–বৰ্তমান অসম (squad no. ৫)
২০১৯–বৰ্তমান ৰাজস্থান ৰয়েলছ (squad no. ৫)
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা প্ৰথম শ্ৰেণী লিষ্ট এ টি টুৱেণ্টি
মুঠ খেল ২৭ ৪৯ ৯৮
ৰাণ ১,৭১১ ১,৭২০ ২,০৪৩
বেটিং গড় ৩৬.৪০ ৪১.৯৫ ৩০.৪০
শতক/অৰ্ধশতক ৩/১০ ৫/৮ ০/১৮
সৰ্বোচ্চ ৰাণ ১৫৫ ১৭৪ ৭৭*
বল ২৮১৫ ১,৮৮৪ ১০০১
উইকেট ৪৯ ৫০ ৪১
বলিং গড় ৩৬.৭৩ ৩১.০০ ২৯.৩৯
এটা ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৫/৬৮ ৪/২৭ ৩/৯
কেচ্চ/ষ্টাম্পিং ১৬/- ১৫/– ৪৩/–
উৎস: ESPNcricinfo, ৩০ মাৰ্চ ২০২২ {{{year}}}

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ৰিয়ানৰ দেউতাক পৰাগ দাস এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যি অসম, ৰে'লৱে আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছে। বহু বছৰৰ আগতে, তেওঁৰ দেউতাক পৰাগ দাস আৰু এম এছ ধোনীয়ে খড়্গপুৰ আৰু গুৱাহাটীত একেলগে ৰে'লৱেৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আনকি তেওঁলোকে ২০০৪ চনত নাগপুৰত আন্তঃৰেলৱে প্ৰতিযোগিতাত তেওঁলোকৰ বিভাগৰ বাবে run-chartৰ শীৰ্ষস্থান দখল কৰিছিল। এয়া ঘটিছিল তেওঁৰ ভাৰতীয় দলত অভিষেকৰ ঠিক আগতে। ধোনীয়ে কেইবা বছৰ আগতে বিহাৰ দলৰ হৈ খেলাৰ মুহূৰ্তত তেওঁলোক ৰঞ্জী ট্ৰফীত ইজনে-সিজনৰ বিৰুদ্ধেও খেলিছিল।[4][5] পৰাগৰ আই পি এল অভিষেকৰ সয়মত ধোনীয়ে উইকেট কিপিং কৰিছিল আৰু বিপক্ষৰ অধিনায়ক আছিল।[6] ৰিয়ানৰ মাতৃ হৈছে মিথু বৰা। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা ৫০‌মিটাৰ ফ্ৰীষ্টাইলৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী এগৰাকী প্ৰাক্তন সাঁতোৰবিদ। [7]

ক্ৰীড়া-জীৱন সম্পাদনা কৰক

এজন ১৪ বছৰীয়া যুৱক হিচাপে ৰিয়ান পৰাগ ভাৰতৰ সৰ্বকনিষ্ঠ প্ৰথম শ্ৰেণীৰ নৱাগত হ'ব পাৰে। কিন্তু অসম নিৰ্বাচকসকল ৰাজ্যৰ তদানীন্তন প্ৰশিক্ষক সনথ কুমাৰ সৈতে একমত নাছিল।[8] ২০১৭ চনত ৰিয়ানে ২০১৬-১৭ বৰ্ষৰ আন্তঃৰাজ্যিক টুৱেণ্টি-২০ টুৰ্ণামেণ্টত অসমৰ হৈ টুৱেণ্টি-২০ত আত্মপ্ৰকাশ কৰে।[9] ২০১৭ চনৰ ২৯ অক্টোবৰত তেওঁক ২০১৭ চনৰ এচিচি অনুৰ্ধ-১৯ এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান দিয়া হয়।[10] ২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ানে অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে।[11]

২০১৭‌ চনত তেওঁ ইংলেণ্ডত দুখন যুৱ টেষ্টৰ বাবে ভাৰতৰ অনুৰ্ধ-19 দলৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ পৃথ্বী শ্ব'ৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে ইংলেণ্ডত দুখন যুৱ টেষ্ট সমাপ্ত কৰে। প্ৰথমখন খেলত তেওঁৰ দ্বৈত অৰ্ধশতক। তেওঁ ৩৩ বলত কৰা অৰ্ধশতকটো বিৰাট কোহলীৰ পিছতে দ্বিতীয় দ্ৰুততম অৰ্ধশতক। দুয়োটা অৰ্ধশতকে ভাৰতক চেষ্টাৰফিল্ডত ৩৩৪ ৰাণৰ বিজয়লাভৰ পথ প্ৰশস্ত কৰে। দ্বিতীয়খন টেষ্টত তেওঁ এটা অৰ্ধশতক অৰ্জন কৰে। শুভমনৰ লগত তেওঁ চতুৰ্থ উইকেটত ১৩১ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে আৰু টেষ্ট চিৰিজখন ভাৰতক ২-০ত জয়লাভ কৰাত সহায় কৰে। ইয়াৰ পূৰ্বে, ২০১৬-১৭ চনৰ কোচবিহাৰ ট্ৰফীত ৰিয়ান পৰাগ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। ভাৰতীয় অনুৰ্ধ-১৯ৰ চাৰিদিনীয়া টুৰ্ণামেণ্টত ৰিয়ানে ১৪টা ইনিংছত ৬৪২ ৰাণ কৰে আৰু ২০২ ৰাণৰ নট আউটৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলে।[4] [12] [13]

ৰিয়ানক ভাৰতৰ ১৯ বছৰ অনুৰ্ধ চেলেঞ্জাৰ ট্ৰফী(২০১৭)ৰ বাবে ইণ্ডিয়া এ দলত নিৰ্বাচিত কৰা হয়। ৰিয়ান সেইখন প্ৰতিযোগিতাত সৰ্বাধিক ৰানসংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।[14][15][16][17] ২০১৮ চনত ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে তেওঁ ২০১৭ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় দলত স্থান লাভ কৰে।[3] ভাৰতৰ ১৯ বছৰ অনুৰ্ধ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ মতে,ৰিয়ান সেইসময়ত অসাধাৰণ ফৰ্মত আছিল। কিন্তু দুৰ্ভাগ্যবশত: তেওঁ আঘাতপ্ৰাপ্ত হ'ল॥ আঙুলিৰ আঘাতৰ বাবে পৰাগে প্ৰতিযোগিতাখনত অংশ লোৱা নাছিল। কেৱল জিম্বাবুৱেৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেলৰ বাবেহে তেওঁ একাদশত স্থান লাভ কৰিছিল।[18] প্ৰস্তুতি খেলত তেওঁ আঙুলিত আঘাত পাইছিল বাবে প্ৰতিযোগিতাৰ পিছৰফালেহে অংশগ্ৰহণ কৰিছিল।[19] অৱশ্যে বাওঁহাতত পোৱা আঙুলিৰ আঘাতৰ বাবে তেওঁ সাৱলীলভাৱে বেটিং কৰিব নোৱাৰিলে। সেই সময়তে তেওঁ নিজৰ আনবোৰ দক্ষতাৰ ওপৰত কাম কৰিলে আৰু অফস্পিনাৰ হিচাপে বিকশিত হ'ল। [8] ২০১৮–১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত অসমৰ হৈ তেওঁ ৭খন খেল খেলি ২৪৮ ৰান সংগ্ৰহ কৰিছিল।[8]

২০১৮ চনৰ ডিচেম্বৰ মাহত ২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে খেলুৱৈ নিলামত ৰাজস্থান ৰয়েলছে তেওঁৰ ভিত্তি মূল্য ২০ লাখত ক্ৰয় কৰে। [20][21]২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত অৰ্ধশতক অৰ্জনকাৰী সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।[22] ১৭ বছৰ ১৭৫ দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰি পূৰ্বৰ ১৮ বছৰ ১৬৯ দিনৰ অভিলেখ ভংগ কৰে, যিটো অভিলেখৰ অধিকাৰী আছিল সঞ্জু চেমচন আৰু পৃথ্বী শ্ব'।[23]

২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বৃহৎ নিলামৰ আগতে ৰাজস্থানে তেওঁক মুকলি কৰি দিছিল।[24] ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজস্থান ৰয়েলছে তেওঁক পুনৰ নিলামযোগে ক্ৰয় কৰে।[25] ২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত তেওঁ ১৭টা কেচ ধৰিছিল। এয়া প্ৰতিযোগিতাখনত যিকোনো ভাৰতীয় ফিল্ডাৰ আৰু নন-উইকেট-কিপাৰৰ দ্বাৰা সৰ্বাধিক কেটচ্।[26][27] ইয়াৰ পিছত ৰিয়ানে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে ৫৬ ৰাণৰ এক নট আউট ইনিংছ খেলে।[28]

২০২২-২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত তেওঁ অসমৰ পক্ষৰ সৰ্বাধিক ৰাণ-সংগ্ৰহকাৰী আছিল, আৰু সামগ্ৰিকভাৱে তেওঁ ছিজনৰ পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। ৰিয়ানে তিনিটা শতক আৰু এটা অৰ্ধশতকৰ সৈতে ৬৯ ৰাণৰ গড়ত ৫৫২ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ লেগ-ব্ৰেক বলিঙৰ জৰিয়তে ছিজনত ১০টা উইকেটো দখল কৰিছিল।[29] প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ ৩৫১ ৰাণ অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ কৰিছিল। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ এই ইনিংছটোত ৰিয়ানে বাৰটা ছয় আৰু সমসংখ্যক চাৰি কোবায়।[30][31]

হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ২০২২-২৩ বৰ্ষৰ ৰঞ্জী ট্ৰফী টুৰ্ণামেণ্টৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ৰিয়ানে দ্বিতীয় ইনিংছত ২৮টা বলত ৭৮ ৰাণ কৰাৰ লগতে লেগ ব্ৰেক বলিঙৰ দ্বাৰা ৮টা উইকেট লয়। ইয়াৰ জৰিয়তে তেওঁ দলটোক ১৮ ৰাণত জয়ী হোৱাত সহায় কৰে।[32][33]

২০২৩ চনৰ দেওধৰ ট্ৰফীত তেওঁ 'প্লেয়াৰ অৱ দ্য চিৰিজ' সন্মান লাভ কৰে। প্ৰতিযোগিতাখনৰ তেওঁ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। ইয়াৰ লগতে তেওঁ সৰ্বাধিকসংখ্যক ছয় কোবাইছিল আৰু তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল।[34] তেওঁ প্ৰতিযোগিতাখনত ৮৮.৫০ ৰ বেটিং গড়ত মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰিছিল আৰু ১৯.০৯ ৰ বলিং গড়ত ১১টা উইকেট দখল কৰিছিল।[35] ৰিয়ান পৰাগে উত্তৰ মণ্ডলৰ (২০১০) বিৰুদ্ধে পশ্চিম মণ্ডলৰ হৈ ইউছুফ পাঠানৰ নটা ছয়ৰ অভিলেখ অতিক্ৰম কৰে আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে ১১টা ছয় মাৰে। ইয়াৰ জৰিয়তে তেওঁ প্ৰতিযোগিতাখনৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক ছয় মাৰিছিল।[36] পৰাগে পশ্চিম মণ্ডল আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। ফাইনেল খেলত তেওঁ দক্ষিণ মণ্ডলৰ বিৰুদ্ধে পূব মণ্ডলৰ হৈ ৬৫ বলত ৯৫ ৰাণ সংগ্ৰহ কৰে, যেতিয়া তেওঁৰ দলটোৱে ৩২৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আছিল। ৰিয়ান পৰাগে বেট ধৰিবলৈ অহাৰ সময়ত তেওঁৰ দল পূব মণ্ডলে ৪ উইকেটৰ বিনিময়ত ৭২ ৰাণহে সংগ্ৰহ কৰিছিল।[37]

তাৰ পিছত তেওঁ ২০২৩-২৪ বৰ্ষৰ চয়দ মুস্তাক আলী ট্ৰফীত ৫১০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে ৰিয়ানে সৰ্বাধিকসংখ্যক ৪০টা ছয় কোবায়। তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত একেৰাহে দ্বিতীয়খন টুৰ্ণামেণ্টত ৰাণ-সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ ৮৫ ৰ বেটিং গড় আৰু ১৮২.৭৯ [38] ষ্ট্ৰাইক ৰেটত ৰাণ সংগ্ৰহ কৰাৰ লগতে টি-২০ ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰি এই অভিলেখৰ গৰাকী হোৱা প্ৰথমজন ক্ৰিকেটাৰ হৈ পৰে। তেওঁ প্ৰতিযোগিতাখনত ১১টা উইকেট দখল কৰিছিল।[39]

একেটা ছিজনতে ৰিয়ান পৰাগে ছত্তিশগড় আৰু কেৰালাৰ বিৰুদ্ধে একেৰাহে প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰে। তেওঁ ২০২৩-২৪ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৬টা ইনিংছত ৭৫.৬০ ৰ বেটিং গড় আৰু ১১৩.৮৫ ষ্ট্ৰাইক ৰেটত মুঠ ৩৭৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে পুনৰ elite শ্ৰেণীত তেওঁ সৰ্বাধিকসংখ্যক ২০টা ছয় কোবায়॥[40][41] মাত্ৰ ৫৬টা বলতে তেওঁ ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতকটো কোবায়। তেওঁ ৰায়পুৰত ছত্তীশগড়ৰ বিৰুদ্ধে সেই খেলখনত অসমৰ হৈ খেলি ১৫৫ ৰাণ কৰিছিল।[42] আনুষ্ঠানিকভাৱে ঋষভ পন্তে ৰঞ্জী ট্ৰফীৰ ২০১৬ সংস্কৰণত ঝাৰখণ্ডৰ বিৰুদ্ধে ৪৮টা বলত ৰঞ্জী ট্ৰফীত দ্ৰুততম শতকটো অৰ্জন কৰিছিল। অনানুষ্ঠানিকভাৱে শক্তি সিঙে হাৰিয়ানাৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ হৈ ৪২টা বলত দ্ৰুততম শতক অৰ্জন কৰিছে, কিন্তু সেই সময়ছোৱাত কোনো অফিচিয়েল স্ক'ৰ নাছিল আৰু দলৰ সদস্যসকলে স্কোৰিং কৰিছিল।[43]

ৰিয়ানক ২০২৩ চনৰ এচিচি ইমাৰ্জিং টিমছ্ এছিয়া কাপত ভাৰত এ ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ পাকিস্তান এ-ৰ বিৰুদ্ধে ফাইনেলত খেলিছিল আৰু একেৰাহে দুটা বলত দুটা মিডল অৰ্ডাৰৰ উইকেট দখল কৰিছিল।[44]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "India U-19 vs England U-19: Manjot Kalra, Kamlesh Nagarkoti star as visitors claim 394-run victory". First Post. 27 July 2017. http://www.firstpost.com/firstcricket/sports-news/india-u-19-vs-england-u-19-manjot-kalra-kamlesh-nagarkoti-star-as-visitors-claim-394-run-victory-3862059.html। আহৰণ কৰা হৈছে: 4 February 2018. 
  2. "Riyan Parag". ESPNcricinfo. http://www.espncricinfo.com/ci/content/player/1079434.html। আহৰণ কৰা হৈছে: 6 October 2016. 
  3. 3.0 3.1 "Prithvi Shaw to lead India in Under-19 World Cup". ESPNcricinfo. 3 December 2017. http://www.espncricinfo.com/story/_/id/21650381/prithvi-shaw-lead-india-19-world-cup। আহৰণ কৰা হৈছে: 3 December 2017. 
  4. 4.0 4.1 Kishore, Shashank (3 August 2017). "Playstation, books, music, and a whole lot of runs" (en ভাষাত). ESPNcricinfo. http://www.espncricinfo.com/story/_/id/20237669/meet-riyan-parag। আহৰণ কৰা হৈছে: 11 April 2019. 
  5. "MS Dhoni connection between Riyan Parag and his father" (en-US ভাষাত). The News Mill. 29 April 2019. https://thenewsmill.com/ms-dhoni-connection-between-riyan-parag-and-his-father/। আহৰণ কৰা হৈছে: 19 October 2020. 
  6. "The Royals Rookies - learning from the best". ESPNcricinfo. https://www.espncricinfo.com/story/the-rajasthan-royals-rookies-learning-from-the-best-1181731. 
  7. "Riyan soars on cricketer father's dreams" (en ভাষাত). The Times of India. 17 January 2018. https://timesofindia.indiatimes.com/city/guwahati/riyan-soars-on-cricketer-fathers-dreams/articleshow/62541717.cms। আহৰণ কৰা হৈছে: 20 July 2019. 
  8. 8.0 8.1 8.2 "The Royals Rookies - learning from the best". ESPNcricinfo. https://www.espncricinfo.com/story/the-rajasthan-royals-rookies-learning-from-the-best-1181731. 
  9. "Inter State Twenty-20 Tournament, East Zone: Assam v Jharkhand at Kolkata, Jan 29, 2017". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1079281.html। আহৰণ কৰা হৈছে: 29 January 2017. 
  10. "India U-19 team for U-19 Asia Cup announced". Cricket Country. 16 October 2017. http://www.cricketcountry.com/news/india-u-19-team-for-u-19-asia-cup-announced-651776। আহৰণ কৰা হৈছে: 16 October 2017. 
  11. "Group A, Ranji Trophy at Guwahati, Nov 17-20 2017". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1118674.html। আহৰণ কৰা হৈছে: 17 November 2017. 
  12. "India Under-19s tour of England". ESPNcricinfo. https://www.espncricinfo.com/series/ind-u19-in-eng-2017-1108523/england-under-19s-vs-india-under-19s-1st-youth-test-1108601/full-scorecard. 
  13. "India Under-19s tour of England". ESPNcricinfo. https://www.espncricinfo.com/series/ind-u19-in-eng-2017-1108523/england-under-19s-vs-india-under-19s-2nd-youth-test-1108602/full-scorecard. 
  14. "Teams announced for Under-19 Challenger Trophy". https://circleofcricket.com/category/Latest_news/13734/Teams-announced-for-the-Under-19-Challenger-Trophy. 
  15. "U-19 World Cup: Get to know all 15 members of the Indian squad led by Prithvi Shaw". Scroll. https://scroll.in/field/864203/here-is-all-you-need-to-know-about-the-india-u-19-squad-for-world-cup. 
  16. "Riyan soars on cricketer father’s dreams". Timesofindia. https://timesofindia.indiatimes.com/city/guwahati/riyan-soars-on-cricketer-fathers-dreams/articleshow/62541717.cms. 
  17. "Top Scorers U19 challengers Trophy 2017/18". http://www.batsman.com/pages/all/Challenger-Trophy-201718---Under-19_b113d393-53dc-410b-90e4-bf62e60375d7_S.aspx. 
  18. "'Untested India favourites as teams tussle for title'". ESPNcricinfo. https://www.espncricinfo.com/series/icc-u-19-wc-2017-18-1116872/australia-under-19s-vs-india-under-19s-final-1116941/match-preview. 
  19. "'The U-19s who learn to do things on their own are the ones who end up succeeding in first-class cricket'". ESPNcricinfo. https://www.espncricinfo.com/story/rahul-dravid-the-u-19s-who-learn-to-do-things-on-their-own-will-end-up-succeeding-in-first-class-1135693. 
  20. "IPL 2019 auction: The list of sold and unsold players". ESPNcricinfo. 18 December 2018. http://www.espncricinfo.com/story/_/id/25390461/ipl-2019-auction-was-sold-whom। আহৰণ কৰা হৈছে: 18 December 2018. 
  21. "IPL 2019 Auction: Who got whom". The Times of India. https://timesofindia.indiatimes.com/sports/cricket/ipl/top-stories/ipl-auction-2019-who-got-whom/articleshow/67144375.cms। আহৰণ কৰা হৈছে: 18 December 2018. 
  22. "IPL 2020 - Devdutt Padikkal, Ruturaj Gaikwad in power-packed band of uncapped Indian batsmen". ESPNcricinfo. https://www.espncricinfo.com/story/_/id/29829214/ipl-2020-devdutt-padikkal,-ruturaj-gaikwad,-other-uncapped-indians-keep-eye-on। আহৰণ কৰা হৈছে: 10 September 2020. 
  23. "Riyan Parag youngest to score maiden ipl fifty surpasses Sanju Samson, Prithvi Shaw". Cricket Country. https://www.cricketcountry.com/articles/facts-and-figures/ipl-2019-dc-vs-rr-riyan-parag-youngest-to-score-maiden-ipl-fifty-surpasses-sanju-samson-prithvi-shaw-839274। আহৰণ কৰা হৈছে: 17 April 2021. 
  24. "IPL 2022: List of players released by Rajasthan Royals". Crictracker. 1 December 2021. https://www.crictracker.com/ipl-2022-list-of-players-released-by-rajasthan-royals/। আহৰণ কৰা হৈছে: 18 February 2022. 
  25. "IPL 2022 auction: The list of sold and unsold players". ESPNcricinfo. 13 February 2022. https://www.espncricinfo.com/story/ipl-2022-auction-the-list-of-sold-and-unsold-players-1300689। আহৰণ কৰা হৈছে: 13 February 2022. 
  26. "Riyan Parag breaks Ravindra Jadeja's all-time record during IPL 2022 match against CSK". Sportskeeda. https://www.sportskeeda.com/cricket/news-ipl-2022-riyan-parag-breaks-ravindra-jadeja-s-all-time-record। আহৰণ কৰা হৈছে: 12 October 2023. 
  27. "Riyan Parag". Rajasthan Royals. https://www.rajasthanroyals.com/rr-players/riyan-parag-ipl-profile-66939। আহৰণ কৰা হৈছে: 12 October 2023. 
  28. "Riyan Parag gives befitting reply to critics with gritty 56 as he leads RR to win over RCB". https://www.moneycontrol.com/news/trends/sports-trends/riyan-parag-gives-befitting-reply-to-critics-with-gritty-56-as-he-leads-rr-to-win-over-rcb-8414831.html। আহৰণ কৰা হৈছে: 12 October 2023. 
  29. "Riyan Parag & Assam prove a point in Vijay Hazare Trophy 2022-23". https://www.walkingwicket.com/post/riyan-parag-assam-prove-a-point-in-vijay-hazare-trophy-2022-23। আহৰণ কৰা হৈছে: 12 October 2023. 
  30. "Vijay Hazare Trophy:Riyan Parag's blistering 174 powers Assam into semis". The Times of India. https://m.timesofindia.com/sports/cricket/news/vijay-hazare-trophy-riyan-parags-blistering-174-powers-assam-into-semis/articleshow/95832409.cms. 
  31. ""Parag what did you eat in breakfast?" -Cricket Twitter reacts to Riyan Parag's terrific 174 vs J&K in Vijay Hazare Trophy 2022". Sportskeeda. https://www.sportskeeda.com/cricket/parag-eat-breakfast-cricket-twitter-reacts-riyan-parag-s-terrific-174-vs-j-k-vijay-hazare-trophy-2022. 
  32. "Ranji Trophy 2022-23:Riyan Parag seals Assam's thrilling 18-run win over Hyderabad". Sportsstar. https://sportstar.thehindu.com/cricket/domestic/ranji-trophy-score-highlights-hyderabad-vs-assam-riyan-parag-tanmay-agarwal/article66320876.ece। আহৰণ কৰা হৈছে: 12 October 2023. 
  33. "Riyan Parag Sets Stage on Fire With 28-ball 78 Against Hyderabad in Ranji Trophy Match". News18. https://www.news18.com/cricketnext/news/riyan-parag-sets-stage-on-fire-with-28-ball-78-against-hyderabad-in-ranji-trophy-match-6713395.html। আহৰণ কৰা হৈছে: 12 October 2023. 
  34. "From Riyan Parag to Mayank Agarwal - five players who stood out in Deodhar Trophy 2023". ESPNcricinfo. https://www.espncricinfo.com/story/deodhar-trophy-2023-from-riyan-parag-to-mayank-agarwal-five-players-who-stood-out-1390818। আহৰণ কৰা হৈছে: 12 October 2023. 
  35. "Records in Deodhar Trophy, 2023". ESPNcricinfo. https://www.espncricinfo.com/records/tournament/averages-batting-bowling-by-team/deodhar-trophy-2023-15544?team=1741. 
  36. "Deodhar Trophy 2023: Riyan Parag hits 84-ball hundred, smashes record 11 sixes". Sportsstar. https://sportstar.thehindu.com/cricket/domestic/riyan-parag-deodhar-trophy-hundred-record-most-sixes-in-an-innings-east-vs-central-zone/article67130670.ece. 
  37. "From Riyan Parag to Mayank Agarwal - five players who stood out in Deodhar Trophy 2023". ESPNcricinfo. https://www.espncricinfo.com/story/deodhar-trophy-2023-from-riyan-parag-to-mayank-agarwal-five-players-who-stood-out-1390818। আহৰণ কৰা হৈছে: 12 October 2023. 
  38. "Records in Syed Mushtaq Ali Trophy,2023/24". ESPNcricinfo. https://www.espncricinfo.com/records/tournament/batting-most-runs-career/syed-mushtaq-ali-trophy-2023-24-15546. 
  39. "7 T20s, 7 fifties – In case you didn't know, Riyan Parag just extended his own world record". Wisden. https://wisden.com/series-stories/syed-mushtaq-ali-trophy-2023/7-t20s-7-fifties-riyan-parag-extended-own-world-record-most-consecutive-fifties. 
  40. "Records in Ranji Trophy, 2023/24". ESPNcricinfo. https://www.espncricinfo.com/records/tournament/batting-most-runs-career/ranji-trophy-2023-24-15548. 
  41. "Records in Ranji Trophy, 2023/24". ESPNcricinfo. https://www.espncricinfo.com/records/tournament/batting-most-sixes-career/ranji-trophy-2023-24-15548. 
  42. "Riyan Parag clubs 12 sixes, enters record books with 56-ball Ranji Trophy century: 5 fastest tons in tournament history". Hindustantimes. https://www.hindustantimes.com/cricket/riyan-parag-clubs-12-sixes-enters-record-books-with-56-ball-ranji-trophy-century-5-fastest-tons-in-tournament-history-101704706561721.html. 
  43. "Official record to Rishabh Pant, as Shakti Singh’s 42-ball 100 goes missing in history books". Timesofindia. https://timesofindia.indiatimes.com/sports/cricket/news/official-record-to-rishabh-pant-as-shakti-singhs-42-ball-100-goes-missing-in-history-books/articleshow/55316853.cms. 
  44. "Watch:Riyan Parag Completes Stunning Catch,Sends Twitter Into Frenzy During ACC Emerging Asia Cup Final". NDTVSports. https://sports.ndtv.com/cricket/riyan-parag-completes-stunning-catch-sends-twitter-into-frenzy-during-acc-emerging-asian-cup-final-watch-4234370। আহৰণ কৰা হৈছে: 12 October 2023.