১০ নৱেম্বৰ (ইংৰাজী10 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৪ তম (অধিবৰ্ষত ৩১৫ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজীসম্পাদনা কৰক

  1. গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয় ১৯১৩ চনৰ আজিৰ দিনটোতে।
  2. ১৮৮৮ চনৰ আজিৰ দিনটোতে মৌলানা আবুল কালাম আজাদৰ জন্ম হয়।
  3. চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থন লৈ ১৯৯০ৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
  4. আজিৰ দিনটোতে ১৪৮৩ খ্ৰীষ্ট্ৰাব্দত সংস্কাৰকামী আন্দোলনৰ নেতা তথা ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হয়।
  5. ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ উইলিয়াম হগাৰ্থৰ জন্ম হয় ১৬৯৭ চনৰ আজিৰ দিনটোতে।
  6. আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা কামাল পাছাৰ মৃ্ত্যু হয় আজিৰ দিনটোতে।
  7. পৃথিৱীৰ আকাশত বিখ্যত হেলীৰ ধূমকেতু দৃশ্যমান হয় ১৯৮২ চনৰ আজিৰ দিনটোতে।
  8. ১৯৭০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ লুনা -১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ- ১স্থাপন কৰে।

বাহ্যিক সংযোগসম্পাদনা কৰক