ৰীমা কাগতি
ৰীমা কাগতি (ইংৰাজী: Reema Kagti, পূৰ্বৰ নাম ৰীমা কাকতি) এগৰাকী ভাৰতীয় বোলছবি জগতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ। হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড (Honeymoon Travels Pvt. Ltd.) নামৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হিন্দী বোলছবিখনৰ জৰিয়তে তেওঁ প্ৰথম ছবি পৰিচালক হিচাপে পদাৰ্পন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
ৰীমা কাগতি | |
---|---|
জন্ম | ৰীমা কাকতি ১৯৭২ (বয়স ৫১–৫২) গুৱাহাটী , অসম ,ভাৰত |
পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ২০০৭ ৰ পৰা বৰ্তমানলৈকে |
ব্যক্তিগত জীৱন
সম্পাদনা কৰকৰীমাই মুম্বাইৰ ছ'ফিয়া কলেজৰ (ইংৰাজী: Sophia College, Mumbai) পৰা ইংৰাজী সাহিত্যত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ছ'ফিয়া পলিটেকনিকত তেওঁ সামাজিক গণসংযোগ মাধ্যমৰ স্নাতকোত্তৰ শিক্ষাও গ্ৰহণ কৰিছিল।
কেৰিয়াৰ
সম্পাদনা কৰকৰীমা কাগতিয়ে কেইবাগৰাকী যশস্বী পৰিচালকৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ফাৰহান আখটাৰৰ দিল চাহতা হেঁই, লক্ষ্য; আশুতোষ গোৱাড়িকাৰৰ লগান; হনী ইৰাণীৰ আৰমান আৰু মীৰা নায়াৰৰ ভেনিটী ফেয়াৰ সেইবোৰৰ ভিতৰত উল্লেখযোগ্য।[1]
প্ৰতিস্থাৰ কালৰে পৰা ৰীমা Excel Entertainment Pvt. Ltd নামৰ প্ৰতিস্থানটোৰ সহযোগী হিচাপে কৰ্মৰত। ৰীমাই ফাৰহান আৰ জয়া আখটাৰক তেওঁলোকৰ সকলো বোলছবি আৰু বাণিজ্যিক চিত্ৰতে আজি পৰ্য্যন্ত সহযোগিতা আগবঢ়াই আহিছে।[2]
ৰীমাই ২০০৬ চনৰ হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড নামৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালনাৰ জগতত খোজ পেলাইছিল।[3] তেওঁৰ পৰৱৰ্ত্তী ছবি তলাশ এখন চাছপেঞ্চ্ ড্ৰামা আৰু এই ছবিখনত আমিৰ খান, ৰাণী মূখাৰ্জী আৰু কৰীণা কাপুৰে অভিনয় কৰিছে।[4]
চলচ্চিত্ৰ জীৱন
সম্পাদনা কৰকঅভিনেত্ৰী হিচাপে
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | টোকা |
---|---|---|
২০০৮ | ৰ'ক অন!! | |
২০১২ | তলাশ |
পৰিচালক
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | টোকা |
---|---|---|
২০০৭ | হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড | |
২০১২ | তলাশ |
কাহিনীকাৰ
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | টোকা |
---|---|---|
২০০৭ | হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড | |
২০১১ | জিন্দেগী না মিলেগী দোবাৰা | |
২০১২ | তলাশ |
চিত্ৰনাট্যকাৰ
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | টোকা |
---|---|---|
২০০৭ | হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড | |
২০১১ | জিন্দেগী না মিলেগী দোবাৰা | |
২০১২ | তলাশ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ""Initially I had plans to make a dark film; in fact it was darker than an average film" - Reema Kagti". Bollywoodhungama.com. 2006-11-07. http://www.bollywoodhungama.com/features/2006/11/07/1798/index.html। আহৰণ কৰা হৈছে: ২০১২-১১-০৯.
- ↑ "Honeymoon Travels". Imagineindia.net. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304041219/http://www.imagineindia.net/archivo/2009/eng/Programme/SeccionIndia/RetroShabanaAzmi/Honeymoon-Travels/honeymoon.html। আহৰণ কৰা হৈছে: ২০১২-১১-০৯.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2011-09-30. https://web.archive.org/web/20110930180929/http://www.excelmovies.com/images/Directors/swfs/Directors_Reema.swf। আহৰণ কৰা হৈছে: 2012-11-09.
- ↑ "Aamir's Khan's next is suspense drama directed by Reema Kagti". Bollywoodhungama.com. 2010-11-01. http://www.bollywoodhungama.com/news/2010/11/01/14868/index.html। আহৰণ কৰা হৈছে: ২০১২-১১-০৯.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৰীমা কাগতি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Reema Kagti: Filmography and Profile