ৰুপি কৌৰ (ইংৰাজী: Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে।

ৰুপি কৌৰ
জন্ম ৪ অক্টোবৰ, ১৯৯২ (৩১ বছৰ)
পঞ্জাব, ভাৰত
ৰাষ্ট্ৰীয়তা কানাডিয়ান
শিক্ষানুষ্ঠান ৱাটাৰলু বিশ্ববিদ্যালয় (কলা শাখাৰ স্নাতক, ২০১৫)[1]
পেচা লেখক, কবি, শিল্পী, ইলাষ্ট্ৰেটৰ, প্ৰদৰ্শক

২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। সমগ্ৰ বিশ্বত কিতাপখনৰ ত্ৰিশ লাখ কপি বিক্ৰী হৈছিল আৰু নিউয়ৰ্ক টাইমছৰ সৰ্বাধিক বিক্ৰীৰ তালিকাত ই এবছৰতকৈও বেছি সময় স্থান পাইছিল। ২০১৭ চনত, কৌৰৰ দ্বিতীয়খন কিতাপ 'দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ' প্ৰকাশ পায় আৰু যি তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত স্থান দিয়ে।[2] কৌৰৰ তৃতীয়খন কাব্য সংকলন 'হ'ম বডি' ২০২০ চনৰ ১৭ নৱেম্বৰত প্ৰকাশ হয়।[3]

তেওঁৰ সৃষ্টিসমূহ মানৱীয় সম্পৰ্ক, অনুপ্ৰৱেশকাৰীৰ অভিজ্ঞতা আৰু যৌন নিৰ্যাতনৰ ওপৰত ভিত্তি কৰি ৰচিত আৰু 'ইনষ্টা পয়েট্ৰি'ত এইসমূহে সকলোতকৈ আগস্থান পাইছে।[4][5][6] ২০১৯ চনত, 'দ্য নিউ ৰিপাব্লিকে' কৌৰক 'শতিকাটোৰ লেখক' (ৰাইটাৰ অৱ দ্য ডেকে) আখ্যা দিয়ে।[7][8]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

পঞ্জাব, ভাৰতৰ এটা শিখ পৰিয়ালত কৌৰৰ জন্ম হৈছিল।[9] চাৰি বছৰ বয়সত তেওঁ মাক-দেউতাকৰ সৈতে কানাডাত অনুপ্ৰৱেশ কৰে।[6] তেওঁৰ দেউতাক এজন ট্ৰাক ড্ৰাইভাৰ আছিল আৰু পৰিয়ালটো ব্ৰামটনত বাস কৰিছিল।[6] তেওঁ মাকৰপৰা ছবি আঁকিবলৈ অনুপ্ৰাণিত হৈছিল।[10] কৈশোৰলৈকে তেওঁ ছবি আঁকিছিল, কিন্তু সোতৰ বছৰ বয়সত তেওঁৰ আগ্ৰহ লিখা আৰু প্ৰদৰ্শন কৰালৈ ঢাল খায়।[11]

ৱাটাৰলু বিশ্ববিদ্যালয়ত 'বাকপটুতা আৰু পেচাগত লেখন' বিষয়ত অধ্যয়নৰ[12] আগতে তেওঁ 'টাৰ্ণাৰ ফেণ্টন চেকেণ্ডেৰী স্কুল'ত পঢ়িছিল।

কৰ্মৰাজি সম্পাদনা কৰক

প্ৰায় ২০০৯ চনত, মেল্টনৰ এটা পঞ্জাবী সম্প্ৰদায়ৰ স্বাস্থ্য কেন্দ্ৰৰ বেচমেণ্টত কৌৰে তেওঁৰ প্ৰথমটো অনুষ্ঠান কৰে।[13] স্কুলীয়া জীৱনত তেওঁ নামবিহীন ভাৱে তেওঁৰ কবিতাসমূহ প্ৰকাশ কৰিছিল। কিন্তু ২০১৩ চনত তেওঁ প্ৰথমে টাম্বলাৰত আৰু ২০১৪ চনত ইনষ্টাগ্ৰামত নিজৰ নাম সহিতে কবিতাবোৰ প্ৰকাশ কৰিবলৈ লয়। য'ত তেওঁ নিজৰ ইলাষ্ট্ৰেচনসমূহো প্ৰকাশ কৰিছিল।[14]

মিল্ক এণ্ড হনি সম্পাদনা কৰক

কৌৰৰ প্ৰথমখন কিতাপ আছিল, 'মিল্ক এণ্ড হনি' নামৰ এখন কাব্য-সংকলন। কিতাপখন ২০১৪ চনৰ ৪ নৱেম্বৰ তাৰিখে তেওঁ নিজে ক্ৰিয়েটস্পেচত প্ৰকাশ কৰিছিল।[15][6] এইখন কানাডাৰ এখন সৰ্বাধিক বিক্ৰী হোৱা কিতাপ। কিতাপখনৰ প্ৰায় ত্ৰিশ লাখ কপি বিক্ৰী হৈছিল[16][17] আৰু ১৭৮ সপ্তাহৰ বাবে ই নিউয়ৰ্ক টাইমচৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত আছিল।[18] বিশ্বৰ ২৫টা ভাষালৈ কিতাপখন অনুবাদ হৈছে।[14] কোৱা হৈছিল যে, কিতাপখনে ২০১৭ চনত ইংলেণ্ডত পঢ়ুৱৈৰ মাজত কবিতাৰ কিতাপৰ চাহিদা বৃদ্ধি কৰিছিল।[19]

দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ সম্পাদনা কৰক

তেওঁৰ দ্বিতীয়খন কিতাপ 'দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ' ২০১৭ চনৰ ৩ অক্টোবৰত প্ৰকাশ পায়।[20][21] কিতাপখন ৭৬ সপ্তাহৰ বাবে নিউয়ৰ্ক টাইমচৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত আছিল। কানাডাৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত 'দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ' ২০১৭ চনৰ সপ্তম আৰু ২০১৮ চনৰ নৱমখন কিতাপ আছিল।[22][23]

হ'ম বডি সম্পাদনা কৰক

কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ সময়ত কৌৰ মাক-দেউতাকৰ লগত ব্ৰামটনত থাকিবলৈ আহে আৰু এই সময়তে তেওঁ ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে কৰ্মশালাৰ আয়োজন কৰে।[24] ২০২০ চনৰ ১৭ নৱেম্বৰ তাৰিখে কৌৰৰ নতুন কবিতাৰ কিতাপ 'হ'ম বডি' প্ৰকাশ পায়।[3] এইখন কিতাপতো কৌৰৰ ইলাষ্ট্ৰেচনে ঠাই পাইছে।[3] প্ৰকাশৰ পিছতে তিনি সপ্তাহ জুৰি সপ্তাহটোৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ অভিলেখ স্থাপন কৰা এইখন আছিল দ্বিতীয়খন কানাডিয়ান কল্পকাহিনীৰ কিতাপ।[25][26][27] কিতাপখন আছিল ২০২১ চনৰ শ্ৰেষ্ঠ পাঁচোখন কিতাপৰ এখন।[28] ই নিউয়ৰ্ক টাইমচৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাতো ঠাই পাইছে।[29]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Beyond Words". University of WaterlooUniversity of Waterloo. https://uwaterloo.ca/beyond-words/। আহৰণ কৰা হৈছে: 14 October 2019. 
  2. "BBC 100 Women 2017: Who is on the list?". https://www.bbc.com/news/world-41380265. 
  3. 3.0 3.1 3.2 "Rupi Kaur to publish new poetry collection, home body, in Nov. 2020". CBC Books. Sep 14, 2020. https://www.cbc.ca/books/rupi-kaur-to-publish-new-poetry-collection-home-body-in-nov-2020-1.5723374. 
  4. Leszkiewicz, Anna (6 March 2019). "Why are we so worried about "Instapoetry?"" (en ভাষাত). New Statesman. https://www.newstatesman.com/culture/books/2019/03/instapoetry-rupi-kaur-genre-rm-drake-rh-sin-atticus-hollie-mcnish। আহৰণ কৰা হৈছে: 14 September 2019. 
  5. Khaira-Hanks, Priya (4 October 2017). "Rupi Kaur: the inevitable backlash against Instagram's favourite poet" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/booksblog/2017/oct/04/rupi-kaur-instapoets-the-sun-and-her-flowers. 
  6. 6.0 6.1 6.2 6.3 Fischer, Molly (2017-10-03). "The Instagram Poet Outselling Homer Ten to One" (en-us ভাষাত). The Cut. https://www.thecut.com/2017/10/profile-rupi-kaur-author-of-milk-and-honey.html। আহৰণ কৰা হৈছে: 2020-03-14. 
  7. Alam, Rumaan (2019-12-23). "Rupi Kaur Is the Writer of the Decade". The New Republic. ISSN 0028-6583. https://newrepublic.com/article/155930/rupi-kaur-writer-decade. 
  8. Culture; Books (2020-01-02). "Rupi Kaur may not be MY 'writer of the decade,' but that doesn't mean she isn't THE 'writer of the decade' | National Post" (en-CA ভাষাত). https://nationalpost.com/entertainment/books/rupi-kaur-may-not-be-my-writer-of-the-decade-but-that-doesnt-mean-she-isnt-the-writer-of-the-decade। আহৰণ কৰা হৈছে: 2020-02-29. 
  9. Fischer, Molly (3 October 2017). "Meet Rupi Kaur, author of ubiquitous Milk and Honey". www.thecut.com. https://www.thecut.com/2017/10/profile-rupi-kaur-author-of-milk-and-honey.html। আহৰণ কৰা হৈছে: 5 June 2018. 
  10. "bio | rupi kaur" (en-US ভাষাত). Rupi Kaur. 17 November 2016. Archived from the original on 15 April 2017. https://web.archive.org/web/20170415202252/https://www.rupikaur.com/bio/. 
  11. novels, Jeffrey Somers Jeff Somers is an award-winning writer who has authored nine; Stories, Over 40 Short; Rules, "Writing Without; Business, " a Non-Fiction Book About the; Writing, Craft of. "5 Surprising Facts About Rupi Kaur" (en ভাষাত). ThoughtCo. https://www.thoughtco.com/5-surprising-facts-about-rupi-kaur-4126597। আহৰণ কৰা হৈছে: 2020-01-23. 
  12. "Milk & Honey: A Poet Exposes Her Heart". Kaur Life. 20 November 2014. https://kaurlife.org/2014/11/20/milk-honey-poet-exposes-heart/। আহৰণ কৰা হৈছে: 8 October 2016. 
  13. Kaur, Rupi (17 November 2016). "Biography of Rupi Kaur" (en-US ভাষাত). Rupi Kaur's website. Archived from the original on 15 April 2017. https://web.archive.org/web/20170415202252/https://www.rupikaur.com/bio/. 
  14. 14.0 14.1 "Rupi Kaur Is Kicking Down the Doors of Publishing" (en-US ভাষাত). The New York Times. 5 October 2017. ISSN 0362-4331. https://www.nytimes.com/2017/10/05/fashion/rupi-kaur-poetry-the-sun-and-her-flowers.html. 
  15. Wilson, Carl (15 December 2017). "Why Rupi Kaur and Her Peers Are the Most Popular Poets in the World". The New York Times. https://www.nytimes.com/2017/12/15/books/review/rupi-kaur-instapoets.html. 
  16. Roy, Nilanjana (23 February 2018). "Voices of the new 'Instagram poets': Love them or hate them, thy hold the stage". Financial Times. https://www.ft.com/content/34433034-1651-11e8-9e9c-25c814761640. 
  17. "The bestselling Canadian books of 2016". CBC Books. https://www.cbc.ca/books/the-bestselling-canadian-books-of-2016-1.4224310. 
  18. "Paperback Trade Fiction Books - Best Sellers - Books - Feb. 28, 2021 - The New York Times" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/books/best-sellers/2021/02/28/trade-fiction-paperback/. 
  19. Walker, Rob (2017-10-07). "'Now it's the coolest thing': rise of Rupi Kaur helps boost poetry sales" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2017/oct/07/now-its-the-coolest-thing-rise-of-rupi-kaur-helps-boost-poetry-sales. 
  20. The Sun and Her Flowers by Rupi Kaur, Andrews McMeel Publishing
  21. Kaur, Rupi (October 2017). the sun and her flowers (First সম্পাদনা). প্ৰকাশক London, New York, Sydney, Toronto, New Delhi: Simon & Schuster. ISBN 978-1-4711-6582-5. 
  22. "Here are the bestselling books in Canada of 2017". CBC Books. https://www.cbc.ca/books/here-are-the-bestselling-books-in-canada-of-2017-1.4465232. 
  23. "The top 10 bestselling Canadian books of 2018". CBC Books. https://www.cbc.ca/books/the-top-10-bestselling-canadian-books-of-2018-1.4948874. 
  24. "When COVID-19 hit, bestselling poet Rupi Kaur had writer's block — so she started teaching on Instagram". CBC Radio. https://www.cbc.ca/radio/q/thursday-april-30-2020-rupi-kaur-jeff-barnaby-and-more-1.5549282/when-covid-19-hit-bestselling-poet-rupi-kaur-had-writer-s-block-so-she-started-teaching-on-instagram-1.5549292. 
  25. "The bestselling Canadian books for the week of Nov. 15-21, 2020". CBC Books. November 26, 2020. https://www.cbc.ca/books/the-bestselling-canadian-books-for-the-week-of-nov-15-21-2020-1.5817358. 
  26. "The bestselling Canadian books for the week of Nov. 22-28, 2020". CBC Books. December 2, 2020. https://www.cbc.ca/books/the-bestselling-canadian-books-for-the-week-of-nov-22-28-2020-1.5825277. 
  27. "The bestselling Canadian books for the week of Nov. 29-Dec. 5, 2020". CBC Books. December 9, 2020. https://www.cbc.ca/books/the-bestselling-canadian-books-for-the-week-of-nov-29-dec-5-2020-1.5834469. 
  28. "The bestselling Canadian books for the week of Dec. 27-Jan. 2". CBC Books. https://www.cbc.ca/books/the-bestselling-canadian-books-for-the-week-of-dec-27-jan-2-1.5861751. 
  29. "Paperback Trade Fiction Books - Best Sellers - Books - Dec. 6, 2020 - The New York Times" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/books/best-sellers/2020/12/06/trade-fiction-paperback/.