ৰূপনাথ ব্ৰহ্ম (বড়ো: रुपनाथ ब्रह्म, ইংৰাজী: Rupnath Brahma ; ১৯০২-১৯৬৮) আছিল এগৰাকী ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত। অসমৰ কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছৰ অসমৰ ৰাজনীতিত সক্ৰিয়ভাবে জড়িত আছিল।[1] তেওঁ বড়ো ভাষাত সাহিত্যচৰ্চা কৰিছিল। তেখেতক বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়।

ৰূপনাথ ব্ৰহ্ম
জন্ম ১৫ জুন, ১৯০২
ঔৱাবাৰী, কোকৰাঝাৰ, অসম, ভাৰত
মৃত্যু ২৩ জানুৱাৰী, ১৯৬৮ (৬৫ বছৰ)
কোকৰাঝাৰ, অসম, ভাৰত
পেচা কবি, ৰাজনীতিবিদ, সমাজকৰ্মী
পিতৃ-মাতৃ ধ্বজেন্দ্ৰ ব্ৰহ্ম
খৌদৌম্শ্ৰী ব্ৰহ্ম

জন্ম আৰু পৰিচয়

সম্পাদনা কৰক

কোকৰাঝাৰ চহৰৰপৰা এক কিলোমিটাৰ নিলগত অৱস্থিত ঔৱাবাৰী গাঁৱৰ এটি সম্ভ্ৰান্ত পৰিয়ালত ১৯০২ চনৰ ১৫ জুনত ৰূপনাথ ব্ৰহ্মৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ধ্বজেন্দ্ৰ ব্ৰহ্ম আৰু মাতৃৰ নাম খৌদৌম্শ্ৰী ব্ৰহ্ম। ধ্বজেন্দ্ৰ ব্ৰহ্ম এজন প্ৰতিষ্ঠিত কাঠৰ ব্যৱসায়ী আছিল। শৈশৱতে মাতৃহাৰা হোৱা ৰূপনাথক বিমাতা সন্তোশ্ৰীয়ে তুলি তালি ডাঙৰ-দীঘল কৰে। পঢ়ি থকা সময়তে দময়ন্তী ব্ৰহ্মৰ লগত বিবাহপাশত আবদ্ধ হয়। পিছলৈ স্বৰ্ণময়ী ব্ৰহ্মকো বিয়া কৰোৱায়। তেওঁৰ মৃত্যু হয় ১৯৬৮ চনৰ ২৩ জানুৱাৰীত। কোকঝাৰৰ চহৰত তেওঁৰ এটি আৱক্ষ মূৰ্তি আৰু ৰূপনাথ ব্ৰহ্ম মেম'ৰিয়েল চিকিৎসালয় তেওঁৰ নামত উছৰ্গা কৰা হৈছে।

শিক্ষা আৰু কৰ্মজীৱন

সম্পাদনা কৰক

কোকৰাকঝাৰৰ তেতিয়াৰ দিনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়ৰ 'বৰ্ডিঙ'ত ৰাখি পঢ়ুৱায়। ৰূপনাথ ব্ৰহ্মই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰবৃত্তি লাভ কৰি উত্তীৰ্ণ হয়। ইযাৰ পিছতে ১৯১৪ চনত ধুবুৰীৰ হাইস্কুলত পঢ়িবলৈ যায়। ৰূপনাথ ব্ৰহ্মৰ পঢ়াৰ মাধ্যম বঙালী ভাষা আছিল। ১৯২০ চনত কৃতিত্বৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। কটন কলেজৰ পৰা ১৯২৫ চনত স্নাতক হৈ কলিকতা বিশ্ববিদ্যালয়ত এম.এ. আৰু বি.এল. পঢ়িবলৈ লয়। শাৰীৰিক কাৰণত এম.এ. পঢ়া আধৰুৱা কৰি থৈ বি.এল. ডিগ্ৰী লৈ অসমলৈ উভতি আহে আৰু ধুবুৰীৰ ক’ৰ্টত ওকালতি আৰম্ভ কৰে। কিন্তু এই বৃত্তিত মন নবহাত ওকালতি এৰি দিয়ে।[2]

ৰাজনীতিত অংশগ্ৰহণ

সম্পাদনা কৰক

ধুবুৰীত ওকালতি কৰি থকা সময়তে তেওঁ ধুবুৰী লোকেল ব'ৰ্ডৰ সদস্য হয়। ধুবুৰীৰ লোঞ্চেল ব'ৰ্ডৰ সদস্য হৈ থকা সময়তে জনজাতি লোকসকলৰ মাজত ৰাজনীতিত সচেতনতা আনিবলৈ ৰাজনৈতিক মঞ্চ গঠনৰ চিন্তা কৰে। এই উদ্দেশ্যৰে সেই সময়ত ভীমবৰ দেউৰীৰ লগে লগে আৰু অন্যান্য পিছপৰা জনগোষ্ঠীক লৈ ১৯৩৩ চনত ট্ৰাইবেল লীগ গঠন কৰে। তেওঁলোকৰ নেতৃত্বত ১৯৩৬ চনত এটি শক্তিশালী ৰাজনৈতিক সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এই সময়তে তেওঁ বড়ো সমাজৰ অগ্ৰণী ব্যক্তি কালীচৰণ ব্ৰহ্মৰ সংস্পৰ্শলৈ আহে।

১৯৩৭ চনৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম বিধানসভালৈ নিৰ্বাচিত হৈ ১৯৩৮ চনত চৈয়দ মহম্মদ ছাদুল্লা নেতৃত্বাধীন অসম কংগ্ৰেছ মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী হয়।[1] পিছত ছাদুল্লা মন্ত্ৰী সভাৰপৰা ওলাই আহি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভা গঠনত অৰিহণা যোগোৱাৰ লগতে মন্ত্ৰীসভাত যোগদান কৰে। তেনেকৈ ১৯৩৭ চনৰ পৰা ১৯৬৭ চনলৈ কেইবাবাৰো অসম বিধানসভাৰ নিৰ্বাচিত সদস্য হৈ বন, পঞ্জীয়ন, আইন, চিকিৎসা, জনস্বাস্থ্য, বাণিজ্য আদি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৮ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল।[2]

ৰাজনীতি জগতত প্ৰৱেশ কৰিয়েই তেওঁ অসমৰ সমাজত বিশেষকৈ জনজাতি সমাজৰ বাবে বহুতো কাম কৰিছিল। ১৮৮৬ চনৰ অসম 'ভূমি আৰু ৰাজনীতিৰ সংস্কাৰ কৰি ১৯৪৭ চনত এটি নতুন অনুচ্ছেদ অন্তৰ্ভুক্তিৰে অনুসূচীত জাতি আৰু অনগ্ৰসৰ জাতিৰ সংৰক্ষণাৰ্থে ট্ৰাইবেল বেণ্ট এণ্ড বুক গঠন কৰা হয়। এই আইন প্ৰণয়নত ৰূপনাথ ব্ৰহ্মৰ যথেষ্ট অৱদান আছে। ১৯৫৭ চনত কোকৰাঝাৰ মহকুমা গঠনতো ৰূপনাথ ব্ৰহ্মৰ উল্লেখনীয় অৱদান আছিল। ইয়াৰ উপৰিও বিভিন্ন স্থানত চিকিৎসালয়, স্কুল-কলেজ, মঠ-মন্দিৰ, চৰকাৰী কাৰ্যালয়, ৰাস্তা-ঘাট, দলং নিৰ্মাণ, সংঘ আদি স্থাপন কৰিছিল।[2]

অন্যান্য সামাজিক কামকাজ

সম্পাদনা কৰক

তেওঁৰ আশাশুধীয়া চেষ্টাত বড়ো ভাষাই প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে। অসম সঙ্গীত নাট্য একাডেমীৰ তেওঁ সদস্য আছিল। অসমৰ বিভিন্ন সংস্থা-সংঘ আদি অনুষ্ঠানৰ বিভিন্ন পদবীত নিয়োজিত আছিল। শ্বিলঙৰ অনাথ আশ্ৰমৰ সদস্য আছিল আৰু বহুতো অনাথ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ দায়িত্বও বহন কৰিছিল। শ্বিলঙৰ বিষ্ণুপুৰত থকা নিজৰ মাটিডোখৰ শংকৰদেৱ মিচনৰ নামত দান কৰিছিল। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়লৈ তেওঁ মাটি দান কৰিছিল। কোকৰাঝাৰ জিলাত শিক্ষাৰ বিস্তাৰ আৰু সাংস্কৃতিক আন্দোলনত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল। ব্ৰহ্ম অসম সাহিত্য সভাৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। তেওঁ অসম সাহিত্য সভা পত্ৰিকাত (১৯৫৪-১৯৫৬) ‘বড়ো কছাৰী সংস্কৃতি’ নামেৰে কেইবাটাও খণ্ডত প্ৰবন্ধ লিখিছিল। অসম সাহিত্য সভাৰ দ্বাবিংশ শ্বিলং অধিৱেশন (৮ আৰু ৯ নৱেম্বৰ, ১৯৫৩)-ৰ বুৰঞ্জী শাখাৰ উদ্বোধক আছিল।[3] অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশন (ডিচেম্বৰ, ১৯৫৬ চন)-ৰ বুৰঞ্জী শাখাৰ সভাপতি আছিল। ইয়াৰ বাহিৰেও ধুবুৰী মহকুমাৰ উত্তৰ অঞ্চলৰ প্ৰাইমাৰি, মজলীয়া আৰু হাইস্কুলত অসমীয়া ভাষা প্ৰচলনৰ বাবে শৰৎচন্দ্ৰ গোস্বামীৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিছিল।[2]

বড়ো ভাষা সাহিত্যলৈ তেওঁৰ অৱদান

সম্পাদনা কৰক

বড়ো ভাষা-সাহিত্যৰ বিকাশত ৰূপনাথ ব্ৰহ্মৰ অৱদান অনেক। ছাত্ৰ অৱস্থাতে অবিভক্ত গোৱালপাৰা জিলাৰ শিক্ষিত ছাত্ৰসকলৰ লগ লাগি 'বড়ো ছাত্ৰ সন্মিলিলী' এটি অনুষ্ঠানৰ জন্ম দিয়ে। পিছত ই 'আসাম বড়ো ছাত্ৰ সন্মিলনী' হিচাপে পৰিচিত হয়। এই অনুষ্ঠানৰ সম্পাদক আছিল ৰূপনাথ ব্ৰহ্ম। এই সন্মিলনীৰ প্ৰচেষ্টাত সতীশ চন্দ্ৰ বসুমতাৰীৰ সম্পাদনাত সংগঠনৰ মুখপাত্ৰ 'বিবাৰ' ১৯২৪ চনত প্ৰকাশিত হষ। বড়ো ভাষা-সাঁহিত্যৰ বিকাশত এই আলোচনী মাইলৰ খুঁটি স্বৰূপ আছিল। ৰূপনাথ ব্ৰহ্মই এই আলোচনীতে তেওঁৰ কবিতা-গীত-প্ৰবন্ধ আদি প্ৰকাশ কৰিছিল। ১৯২৩ চনত ৰূপনাথ ব্ৰহ্মই মদাৰাম ব্ৰহ্মৰ সৈতে লগ লাগি 'খন্দাই-মেথাই' নামৰ গীত-কবিতাৰ পুথি এখন সম্পাদনা কৰি উলিয়ায়। বড়ো ভাষা-সাহিত্যৰ বিকাশৰ উদ্দেশ্যে গঠিত 'বড়ো লিটাৰেৰী ক্লাব'ৰ উদ্যোগত ১৯৫২ চনত বাসুগাঁৱত অনুষ্ঠিত বড়ো জাতীয় অভিবৰ্তনৰ মুকলি অধিবেশন উদ্বোধন কৰিছিল ৰূপনাথ ব্ৰহ্মই। এই অধিবেশনতে ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভাৰ জন্ম হয়। ৰূপনাথ ব্ৰহ্মৰ কবিতাবোৰৰ ভিতৰত কেইটিমান হৈছে: 'ইশ্বৌৰনি নাম গৌদৈ' (ইশ্বৰৰ নাম মিঠা), 'মৌনহাছোযৈ' (অস্পৰ্শীয়), 'ঠৈনাযখৌ মানৌ হৰৌ' (মৰণক কিয় দিয়ে), 'আংনি দাবুং আফা' (মোৰ বুলি নকবা পিতাই), 'বিবাৰ' (ফুল), আহ্বান (বঙালী ভাষাত লিখা), মিলন সঙ্গীত (অসমীয়া ভাষাত) আদি। অন্যান্য ৰচনাৰ ভিতৰত 'বড়ো জাতিৰ পৰিচয়'; ভ্ৰমণ-বৃত্তান্তৰে সৈতে', Bodo Kancharis and their Culture আদি উল্লেখযোগ্য।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 মিতালী ভট্টাচাৰ্য. "বড়ো জনগোষ্ঠীয় আন্দোলনৰ এক ঐতিহাসিক ৰূপৰেখা - ভাগ ২". মহাবাহু. Archived from the original on 2020-06-08. https://web.archive.org/web/20200608143704/https://www.mahabahoo.com/%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B-%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8-2/। আহৰণ কৰা হৈছে: ৮ জুন ২০২০. 
  2. 2.0 2.1 2.2 2.3 2.4 বসুমতাৰী, বিৰূপাক্ষ গিৰি (মাৰ্চ ২০০৫). ৰূপনাথ ব্ৰহ্ম শীৰ্ষক প্ৰবন্ধ, বৰেণ্য ব্যক্তিত্ব, সংকলন সম্পাদনা লক্ষ্মীনাথ তামুলী, (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১-৬. 
  3. অসম সাহিত্য সভা পত্ৰিকা (১৯৫৪) (Vol.I সম্পাদনা). প্ৰকাশক চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট,.