২৩ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২৩ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন (অধিবৰ্ষত ৩৪৩ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১৫৫৬ - চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভূমিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
- ১৫৭১ - লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
- ১৯৫০ - জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
- ১৯৬৮ - উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
- ১৯৯৭ - আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
- ২০০৯ - ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আঁতৰাই দিয়া হয়।
জন্ম
সম্পাদনা কৰক- ১৮৬২ - ডেভিদ হিলবাৰ্ট, জাৰ্মান গণিতজ্ঞ।
- ১৮৯৭ - নেতাজী সুভাষ চন্দ্ৰ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৯৮ - ছেৰ্গেই আইজেনষ্টাইন, ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক।
- ১৯২৪ - বালাচাহেব ঠাকৰে, শিৱসেনাৰ প্ৰতিষ্ঠাপক।
- ১৯৪৭ - মেঘৱতী সুকৰ্ণপুত্ৰী, ইণ্ডোনেছিয়াৰ ৫ম ৰাষ্ট্ৰপতি।
- ১৯৫৩ - কৰবী ডেকা হাজৰিকা, অসমীয়া সাহিত্যিক।
- ১৯৮৪ - আৰ্জেন ৰ'বেন, ডাচ্চ ফুটবলাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৮ - ৰূপনাথ ব্ৰহ্ম, ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত।
- ১৯৭৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।
- ১৯৭৬ - পল ৰ'বচন, আমেৰিকাৰ চিভিল ৰাইটছ্ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা।
- ১৯৮৯ - চালভাড' ডালি, স্পেনীয় কাটালান চিত্ৰশিল্পী।
- ২০১৭ - বাণীকণা ঘোষাল, গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী।
দিৱস
সম্পাদনা কৰক- পৰাক্ৰম দিৱস (ভাৰত)।
- বিশ্ব স্বাধীনতা দিৱস (টাইৱান আৰু দক্ষিণ কোৰিয়া)।