অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ ৰোমাণ্টিক কবিতা এটি উল্লেখনীয় বিষয়। সাহিত্যই ইতিহাসৰ নানা আৱৰ্তন-বিৱৰ্তনৰ মাজেদি ন-আংগিক, ন- কলাকৌশলেৰে ন-সাহিত্যিক ৰূপ লয় সৃষ্টি কৰে একোটা যুগ। সাহিত্যৰ ইতিহাসত এনে বহু যুগৰ কথা পোৱা যায়। তাৰ ভিতৰত এই ৰোমাণ্টিক যুগৰ ৰোমাণ্টিক কবিতা অন্যতম যিয়ে অসমীয়া সাহিত্যত এক সুকীয়া স্থান দখল কৰিছে। সভ্যতাৰ স্তৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰো ভাবগত আক প্ৰকাশগত ভংগীৰ পৰিৱৰ্তন ঘটে। ঊনবিংশ শতিকাত ইউৰোপৰ সভ্যতা- সংস্কৃতি সাহিত্যৰ লগত সম্বন্ধ স্থাপিত হোৱা অসমীয়া সাহিত্যত বিশেষকৈ কবিতাত বিশেষ পৰিৱৰ্তন আহিল। এই পৰিবৰ্তন এক নতুন আয়তনেৰে অসমীয়া কবিতালৈ পূৰ্বে নথকা নতুন অনাস্বাদিত স্বাদ আনিলে আৰু অসমীয়া কবিতাই সম্পৰ্কৰ পৰিধি বহলাই সমগ্ৰ বিশ্বকে সামৰিবলৈ যত্ন কৰিলে। এনেদৰেই অসমীয়া কবিতাই ম ভাব আংগিকৰে স্ব পৰিধিব ব্যাপ্ত ঘটালে।

ওৱডৰ্ছৱৰ্থ আৰু ক’লৰীজৰ যুটীয়া প্ৰচেষ্টাত প্ৰকাশ পোৱা লিৰিকেল বেলাডচ্ ৰ যোগেদি ইংৰাজী সাহিত্যত ৰোমাণ্টিক ধাৰাৰ যোগেদি ৰোমাণ্টিক ধাৰাৰ প্ৰকাশ ঘটোৱাৰ দৰে অসমীয়া সাহিত্যত জোনাকীৰ জন্ম অসমীয়া ৰোমাণ্টিক প্ৰবাহৰ ধাৰক। অসমীয়া ৰোমাণ্টিক কবিতাৰ সবিশেষ বিশ্লেষণ কৰিবলৈ যাওঁতে আমি ঊনবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধ ৰ অসমৰ বৈপ্লৱিক পৰিৱৰ্তনে অসমৰ ভাব বস্তু জগতলৈ অনা পৰিবৰ্তনৰ কথা উল্লেখ কৰিবই লাগিব। ইংৰাজসকলৰ আগমনে (১৮২৬ খৃঃ) তেওঁলোকৰ পাশ্চাত্য শিক্ষাই সমগ্ৰ ভাৰতবৰ্ষতে যি মানসিক আৰু সামাজিক পৰিৱৰ্তন আনিলে সেই ঢৌৱে অসমীয়া সাহিত্য সংস্কৃতিক ভালদৰেই স্পৰ্শ কৰিলে। এই সংস্পৰ্শৰ ফলত হোৱা সম্পৰ্কই অসমীয়া কবিতাৰ দেহত পিন্ধালে পাশ্চাত্যৰ ন সাজ।

অসমলৈ ইংৰাজসকল অহাৰ পূৰ্বে অসমত বিৰাজ কৰা ৰাজনৈতিক সামাজিক পৰিবেশ আৰু নিৰাপত্তাহীনতা অসমীয়া কাব্য সৃষ্টিৰ বাবে মুঠেই অনুকূল নাছিল। মোৱামৰীয়া বিদ্ৰোহ, মটক মৰাণৰ বিদ্ৰোহ, কোঁৱৰ বিদ্ৰোহ মানৰ আক্ৰমণ আৰু নানা ৰাজনৈতিক সংঘাত সংঘৰ্ষৰ ফলত প্ৰজাসাধাৰণ বিমূঢ় বিভ্ৰান্ত হৈছিল, দেশৰ শান্তি আৰু নিৰাপত্তা বিপদাপন্ন হৈছিল। কিন্তু ইয়াণ্ডাবু সন্ধি (১৮২৬), মিছনেৰীসকলৰ অসমত প্ৰৱেশ আৰু অৰুনোদইৰ প্ৰকাশে এই অন্ধকাৰ গুচাবলৈ যত্ন কৰি সফল হল। এই তিনিটা যুগসূত্ৰই অসমীয়া সাহিত্যক দিলে এক নতুন দিগন্ত নতুন ব্যাপ্তিৰ লগতে আধুনিকতাৰ ন সোৱাদ।

প্ৰকৃত অসমীয়া ৰোমাণ্টিক কবিতাৰ জন্মৰ আঁৰত সদায় সজীৱ হৈ ৰ’ব কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰসকলৰ ভাষাপ্ৰীতি আৰু প্ৰবল স্বদেশানুৰাগ প্ৰসংগ। সেই সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বাবে উচ্চ শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আছিল কলিকতা মহানগৰী। ঊনবিংশ শতিকাৰ কলিকতা পাশ্চাত্য শিক্ষা-দীক্ষা, সংস্কৃতিৰ পোহৰেৰে প্ৰোজ্জ্বল হৈ সামাজিক সাহিত্যিক সাংস্কৃতিক আদি সকলো দিশতে অগ্ৰগতিৰ লাভ কৰি শিক্ষা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এই শতিকাতে আমাৰ অসমীয়া শিক্ষানুৰাগী যুৱ ছাত্ৰ কেইজনমানেও কলিকতালৈ উচ্চ শিক্ষাৰ বাবে গৈছিল। এই আধ্যৱন্ত পৰিয়ালৰ উচ্চাভিলাষী, অনুৰাগী ছাত্ৰসকলৰ প্ৰথম দলটোৰে আনন্দৰাম বৰুৱা · আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা শিৱৰাম শৰ্মাদলৈ · জালনু ৰ আলি জগন্নাথ বৰুৱা মাণিক চন্দ্ৰ বৰুৱা, গংগাগোবিন্দ ফুকন, আব্দুল মজিদ আদি আছিল উল্লেখযোগ্য।

পোন প্ৰথমতে এই দলৰ ছাত্ৰ কেইজনমানেই অসমীয়া ছাত্ৰ সাহিত্য সভা প্ৰতিষ্ঠা কৰিছিল। গংগাগোবিন্দ ফুকনে ১৮৭২ খৃষ্টাব্দত গঢ় দিয়া অসমীয়া ছাত্ৰৰ সভাখন ১৮৮৫ চনলৈকে আছিল বুলি সাহিত্যৰ বুৰঞ্জীৰ পৰা জনা যায়। ইয়াৰ পাছৰ দলটো আছিল উল্লেখযোগ্য দল। কাৰণ তেওঁলোকৰ প্ৰচেষ্টাতে ঊনবিংশ শতিকাৰ শেষৰফালে অসমীয়া সাহিত্যত ন দিগন্তৰ উন্মোচিত কৰা সাহিত্যানুষ্ঠান অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা (অঃ ডাঃ উঃ সাঃ) ৰ জন্ম দিছিল। এই সময়ত অসমত ভাষাৰ যি ভাষিক বিপৰ্যয়, সেই বিপৰ্যয়ে অসমীয়া ছাত্ৰসকলক এনেভাৱে সজাগ কৰিলে যে তেওঁলোকে যিকোনো প্ৰকাৰে স্ব ভাষা সংস্কৃতিক সবল সতেজ আৰু যোগোপযোগী কৰিব বুলি মৰণ পণ কৰিলে।

কলিকতালৈ পঢ়িবলৈ যোৱা এই ছাত্ৰসকলৰ ঐকান্তিক প্ৰচেষ্টাৰে মাতৃভাষাৰ সেৱা কৰাৰ স্পৃহাই সাহিত্যৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিলে। পূৰ্বৰ বংগীয় নবজাগৰণ আৰু পাশ্চাত্যৰ অৰ্থাৎ ইংৰাজী সাহিত্যৰ প্ৰভাৱত সভ্যতা সংস্কৃতিৰ সমন্বয় সংঘাতৰ মাজেদিয়েই অসমীয়া কলিকতাহিত ছাত্ৰসকলে স্ব ভাষা সাহিত্যৰ উন্নতিৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে। ফলস্বৰূপে ১৮৮৯ চনত জোনাকী কাকতৰ জন্ম হয়।

জোনাকী কাকততেই অসমীয়া কবিতাত ৰোমাণ্টিক ভাবাদৰ্শৰ উদ্বোধন হল চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যকৃতিৰে। জোনাকী কাকতত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী নামৰ কবিতাটোৱেই হৈছে প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। বনকুঁৱৰী নামৰ কবিতাৰে অসমীয়া ৰোমাণ্টিক কাব্য আন্দোলনৰ শুভাৰম্ভ কৰিলে এই সুহুৰিৰে ( নিজম দুপৰীয়া সুহুৰিটো মাৰি বনকুঁৱৰী)। ৰোমাণ্টিক ভাবৰ প্ৰায় সকলো লক্ষণ সামৰা এওঁৰ কবিতাবোৰ একো একোটা সাৰ্থক ৰোমাণ্টিক কবিতা কিয় ভাই নিবিলাবা হিয়া বনকুঁৱৰী, সপোন তেজীমলা আদি কবিতাসমূহ পথিকৃৎ ৰোমাণ্টিক কবিতা বুলিয়ে নহয় গুণগত মানৰ ফালৰ পৰাও অতি উচ্চমানৰ। প্ৰকৃতি বিষয়ক সৌন্দৰ্য আৰাধনা ভাৰতীয় জীৱনদৰ্শন জীৱনধাৰা প্ৰকাশিত আধ্যাত্মবাদ মানৱতাবাদী সুৰ এইবোৰ ৰোমাণ্টিক লক্ষণেৰে চন্দ্ৰকুমাৰৰ কবিতাসমূহ পৰিপূৰ্ণ।

অসমীয়া নতুন কবিতাৰ যিসকলে প্ৰথম প্ৰৱৰ্তন কৰিলে তাৰ আটাইকেইজন কলিকতা নিবাসী অসমীয়া ডেকা ছাত্ৰ ইংৰাজী ৰোমাণ্টিক কাব্য সাহিত্যৰ ৰসাস্বাদনৰ সুযোগ তেওঁলোকৰ হৈছিল। বিশ্ববিদ্যালয়ৰ ইংৰাজী শিক্ষাৰ যোগেদিয়ে অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাৱধাৰাৰ প্ৰৱেশ হৈছিল। নতুন কবিতাৰ আটাইতকৈ বিপ্লৱী আৰু অভিনৱ কথা হল দেৱতাৰ ঠাইত মানুহক প্ৰতিষ্ঠা কৰা। মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেওঁ। সেইবাবে “জোনাকী কেৱল এটি নাম নহয় ই কেৱল এখন আলোচনীয়ে নহয় ই এটা যোগ এটা আন্দোলন আৰু নিজেই এক ইতিহাস। আগৰৱালাৰ পাছত লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাটো ৰোমাণ্টিক লক্ষণ ফুটি উঠা দেখা যায়। মালতী, ধনবৰ ৰতনী, চুমা আদি বেজবৰুৱাৰ একো একোটা সাৰ্থক ৰোমাণ্টিক কবিতা।


ফৰাচী বিপ্লৱৰ আদৰ্শই ইংলেণ্ডৰ যি চাম কবিক নতুন কাব্য ৰচনাৰ কাৰণে অনুপ্ৰাণিত কৰিলে সেইসকল লিখাৰ যোগেদি ইংৰাজী সাহিত্যত ৰোমাণ্টিকতাৰ পুনৰুত্থান হ’ল। ক’লজি[2]ৱৰ্ডচৱৰ্থ, শ্বেলী কীটছ বাইৰণ আদিৰ নতুন কবিতাৰাশিয়ে ইংৰাজী কাব্য সাহিত্যলৈ নতুন উদ্দীপনা, উন্মাদনা . আদৰ্শ আৰু উপলব্ধিৰ যোৱাৰ আনিলে মানুহে আৰু প্ৰকৃতিয়ে নতুন মৰ্যাদা পালে। জীৱননতকৈ জীৱনস্বপ্ন মধুৰতৰ হৈ দেখা দিলে। নতুন নতুন বেদনাই কবিসকলক নতুন সৃষ্টিৰ উন্মাদনা দিলে। এই আটাইবোৰ কাৰকৰ প্ৰভাৱ কলিকতাত পঢ়িবলৈ যোৱা প্ৰবাসী ছাত্ৰসকলৰ ইংৰাজী শিক্ষাৰ যোগেদি অসমীয়া কাব্য সাহিত্যলৈ ৰোমাণ্টিক ভাৱধাৰাৰ প্ৰৱেশ হৈছিল।