ৱমেন ইন ব্লেক (হিব্ৰু: נשים בשחור, নাছিম বেশ্বাহোৰ) হৈছে এক মহিলা যুদ্ধ বিৰোধী আন্দোলন। এই আন্দোলনৰ বিশ্বজুৰি আনুমানিক ১০,০০০ কৰ্মী আছে। এই আন্দোলনৰ প্ৰথম দলটো ১৯৮৮ চনত প্ৰথম ইন্তিফাদাৰ প্ৰাদুৰ্ভাৱৰ পিছত জেৰুজালেমত ইজৰাইলী মহিলাসকলে গঠন কৰিছিল। প্ৰথম ইন্তিফাদাৰ হৈছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ প্ৰথম যুদ্ধ।[1]

জেৰুজালেমৰ পেৰিছ স্কোৱেৰত মহিলা ইন ব্লেক-এ তিনিটা ভাষাত "দখল বন্ধ কৰক" বুলি কোৱা স্বকীয় ক'লা ষ্টপ চিহ্নৰ সৈতে এক প্ৰতিবাদ সাব্যস্ত কৰে

ইতিহাস সম্পাদনা কৰক

১৯৮৮ চনত প্ৰথম ইন্তিফাদাৰৰ সময়ত অধিকৃত অঞ্চলসমূহত ইজৰাইলী সৈন্যৰ দ্বাৰা মানৱ অধিকাৰৰ গুৰুতৰ উলংঘন বুলি বিবেচনা কৰা বিষয়টোৰ প্ৰতি সঁহাৰি জনাই মহিলাসকলে প্ৰতি শুক্ৰবাৰে কেন্দ্ৰীয় জেৰুজালেমত এক সজাগতা অনুষ্ঠিত কৰে আৰু সংঘৰ্ষৰ বলি হোৱা সকলো লোকৰ বাবে শোকত ক'লা পোছাক পিন্ধিছিল। প্ৰথমতে এই আন্দোলনৰ কোনো নাম নাছিল কিন্তু ইয়াক ক'লা পোছাকৰ সৈতে দ্ৰুততাৰে চিনাক্ত কৰা হৈছিল। ক'লা পোছাক পৰিহিত মহিলাসকলে স্বকীয় প্ৰদৰ্শন সৃষ্টি কৰাত সহায় কৰিছিল আৰু ইয়াক উপেক্ষা কৰা কঠিন আছিল।[2]

এই পদক্ষেপ অতি সোনকালেই ইজৰাইলৰ আন বিভিন্ন স্থানলৈ বিয়পি পৰে, মহিলাসকলে চহৰৰ মুখ্য চতুৰ্ভুজ বা আন্তঃ-চহৰঘাইপথৰ জংচনত সাপ্তাহিকভাৱে থিয় হৈ থাকে। আৰম্ভণিতে সিদ্ধান্ত লোৱা অনুসৰি আন্দোলনটোৱে বেআইনী দখলৰ বিৰোধিতাৰ বাহিৰে আন কোনো আনুষ্ঠানিক কাৰ্যসূচী গ্ৰহণ কৰা নাছিল। স্থানীয় গোটবোৰে পুৰুষৰ লগতে মহিলাৰ বাবে অংশগ্ৰহণ মুকলি কৰিব নে নকৰে আদি বিষয়বোৰ নিৰ্ণয় কৰাত স্বাধীন আছিল আৰু এঠাইৰ পৰা আন ঠাইলৈ ৰাজনৈতিক পাৰ্থক্যৰ বহুতো ছাঁ আছিল।

ইন্তিফাদাৰ শীৰ্ষত সমগ্ৰ দেশৰ বিভিন্ন স্থানত ত্ৰিশটা সজাগতা গোট আছিল। ১৯৯৩ চনত অছলো চুক্তিৰ পিছত এই সংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছিল। এইসময়ত এনে লাগিছিল যে পেলেষ্টাইনী সকললৈ শান্তি ঘূৰি আহিছে। কিন্তু কম সময়ৰ ভিতৰতে আন্দোলনৰ তীব্ৰতা পুনৰ বৃদ্ধি পাইছিল যেতিয়া হিংসাত্মক আকৌ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল।

আন দেশবোৰত প্ৰথম সজাগতা ইজৰাইলী গোটৰ সৈতে একত্ৰিত হৈ আৰম্ভ কৰা হৈছিল। কিন্তু তাৰ পিছত অন্যান্য সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰ গ্ৰহণ কৰিছিল। এইক্ষেত্ৰত প্ৰাক্তন যুগোশ্লাভিয়াৰ ৱমেন ইন ব্লেক গোট বিশেষকৈ উল্লেখযোগ্য। এই গোটে ১৯৯০ৰ দশকত ব্যাপক জাতীয়তাবাদ, ঘৃণা আৰু ৰক্তপাতৰ সন্মুখীন হৈছিল আৰু প্ৰায়ে জাতীয়তাবাদীসকলৰ হিংসাৰ সৈতে একত্ৰিত হৈছিল।

ভাৰতত ৱমেন ইন ব্লেকৰ মহিলাসকলে হিন্দু মৌলবাদ আৰু মহিলাসকলৰ ওপৰত কৰা হিংসাৰ বিৰুদ্ধে থিয় দিছে। ইটালীৰ ৱমেন ইন ব্লেকত মহিলাসকলে যুদ্ধ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অষ্ট্ৰেলিয়াত, ডব্লিউ.আই.বি. ঘৰুৱা হিংসাৰ বিৰুদ্ধে থিয় দিছে।[3]

যদিও প্ৰতিটো গোটে নিজৰ লক্ষ্য আৰু কাৰ্যকলাপ অনুসৰণ কৰিবলৈ মুক্ত, মহিলাসকলে ই-মেইল আৰু ইণ্টাৰনেটৰ জৰিয়তে নিয়মীয়া সম্পৰ্ক বজাই ৰাখে আৰু বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰে। তেওঁলোকৰ আটাইতকৈ সচৰাচৰ কৌশলটো হৈছে বিভিন্ন ৰাজহুৱা স্থানত সময়ে সময়ে একেলগে থিয় হোৱা। সাধাৰণতে পথচাৰীসকলে প্ৰশ্ন নকৰিলে সম্পূৰ্ণ নীৰৱতাত যি কেতিয়াবা বিতৰ্কলৈ পৰিৱৰ্তিত হয়। ৱমেন ইন ব্লেকৰ কাউণ্টাৰ-গ্ৰুপক ৱমেন ফৰ ইজৰাইলচ টুমৰো বুলি কোৱা হয় যি সাধাৰণতে সেউজীয়া টুপী পিন্ধে।

কেইবাটাও নাৰীবাদী সংগঠনৰ অংশগ্ৰহণেৰে ভাৰতৰ বেংগালুৰুত 2015 চনৰ ডব্লিউ.আই.বি. সমাৱেশ অনুষ্ঠিত হৈছিল।[4]

ৰাজনৈতিক স্থিতি সম্পাদনা কৰক

ৱমেন ইন ব্লেকৰ কোনো উমৈহতীয়া ৰাজনৈতিক মতাদৰ্শ বা স্থিতি নাই। অঞ্চল আৰু গোটভেদে ইয়াৰ ৰাজনৈতিক স্থিতি সলনি হয়। ইজৰাইলত ৱমেন ইন ব্লেক মৌলবাদী বাওঁপন্থীৰ অন্তৰ্গত। [5] সংগঠনটোৱে বিডিএছ আন্দোলনক সমৰ্থন কৰে।[6]

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০০১ চনত এই আন্দোলনক মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজিৰ দ্বাৰা প্ৰদান কৰা মহিলাৰ বাবে সহস্ৰাব্দ শান্তি বঁটা প্ৰদান কৰা হৈছিল। একে বছৰতে, ইজৰাইল আৰু ছাৰ্বিয়ান গোটবোৰক শান্তিৰ ন'বেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।[7]

তথ্য উৎস সম্পাদনা কৰক

  1. Melanie S. Rich, Kalpana Misra (2003). Jewish feminism in Israel : some contemporary perspectives. প্ৰকাশক Hanover, NH: Brandeis University Press, Published by University Press of New England. পৃষ্ঠা. 114–5. ISBN 9781584653257. https://books.google.com/books?id=xUxoXwNsqqQC&pg=PA114. 
  2. Dale Spender, Cheris Kramarae (2004). Routledge International Encyclopedia of Women: Global Women's Issues and Knowledge. Routledge. পৃষ্ঠা. 1517. ISBN 9781135963156. https://books.google.com/books?id=QAOUAgAAQBAJ&pg=PT1577। আহৰণ কৰা হৈছে: 7 September 2015. 
  3. Waller, Marguerite; Rycenga, Jennifer (2004-11-23) (en ভাষাত). Frontline Feminisms: Women, War, and Resistance. Routledge. ISBN 9781135954543. https://books.google.com/books?id=hwKUAgAAQBAJ&q=women+in+black+vigil+in+india&pg=PA239. 
  4. "RAWA member attends 'Women in Black' conference in India « RAWA". www.rawa.org. http://www.rawa.org/rawa/2015/12/01/rawa-member-attends-women-in-black-conference-in-india.html। আহৰণ কৰা হৈছে: 2017-12-11. 
  5. Svirsky, Marcelo (2013). Arab-Jewish Activism in Israel-Palestine. Ashgate Publishing. পৃষ্ঠা. 5. ISBN 9781409476733. https://books.google.com/books?id=MOqhAgAAQBAJ&pg=PA5। আহৰণ কৰা হৈছে: 3 September 2015. 
  6. Leonie Fleischmann (19 September 2019). The Israeli Peace Movement: Anti-Occupation Activism and Human Rights since the Al-Aqsa Intifada. Bloomsbury Publishing. পৃষ্ঠা. 41. ISBN 978-1-83860-098-3. https://books.google.com/books?id=xq-pDwAAQBAJ&pg=PT41. 
  7. Mary Zeiss Stange; Carol K. Oyster; Jane E. Sloan (2011). Encyclopedia of women in today's world. প্ৰকাশক Thousand Oaks, Calif.: Sage Reference. পৃষ্ঠা. 1562–3. ISBN 9781412976855. https://books.google.com/books?id=B50Jad7552MC&pg=PA1562. 

গ্ৰন্থৰাজি সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক