ৱাটাৰ (২০০৫ চলচ্চিত্ৰ)

২০০৫ চনৰ কানাডিয়ান চলচ্চিত্ৰ

ৱাটাৰ (ইংৰাজী: Water) অনুৰাগ কাশ্যপৰ কাহিনী[3] আৰু দীপা মেহতাৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান চলচ্চিত্ৰ। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কাৰ্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল। ৱাটাৰ একে ভাৱবস্তুক লৈ নিৰ্মাণ কৰা মেহতাৰ তিনিখন কথাছবিৰ (Elements trilogy) তৃতীয়খন ছবি। ইয়াৰ পূৰ্বৱৰ্ত্তী কথাছবি দুখন হৈছে ফায়াৰ (১৯৯৬) আৰু আৰ্থ (১৯৯৮)। ২০০৬ চনত লেখক বাপ্ছি ছিধ্ৱাই (Bapsi Sidhwa) চলচ্চিত্ৰখনৰ আধাৰত মিল্কৱিড প্ৰেছৰদ্বাৰা প্ৰকাশিত ৱাটাৰ : এ নভেল নামৰ এক উপন্যাস ৰচনা কৰে। ছিধ্ৱাৰ পূৰ্বৰ উপন্যাস কেক্লিং ইণ্ডিয়া ত্ৰিলজীৰ দ্বিতীয় ছবি আৰ্থৰ ওপৰত আধাৰিত আছিল। ৱাটাৰ হৈছে চল্লিশৰ দশকৰ গ্ৰাম্য ভাৰতৰ বিধৱাসকলৰ জীৱন কাহিনীত এক অৱলোকন আৰু ই নাৰীৰ বিদ্বেষ ভাৱ আৰু অসামাজিক কাৰ্যৰ দৰে কিছু বিতৰ্কিত বিষয় সামৰি লৈছে। ২০০৫ চনৰ ট'ৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়, য'ত ই উদ্বোধনী নিশাৰ মনোৰঞ্জন (Opening Night Gala) সন্মান লাভ কৰে আৰু সেই বৰ্ষৰ নৱেম্বৰ মাত্ৰ সমগ্ৰ কানাডাতে মুক্তিলাভ কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখনে প্ৰথমবাৰৰ বাবে ভাৰতত মুক্তিলাভ কৰে।[4]

ৱাটাৰ

চলচ্চিত্ৰৰ পষ্টাৰ
পৰিচালক দীপা মেহতা
ৰচনা দীপা মেহতা (লিখক)
অনুৰাগ কাশ্যপ
প্ৰযোজক ডেভিদ হেমিল্টন
অভিনয়ত সীমা বিশ্বাস
লিজা ৰয়
জন আব্ৰাহাম
সৰলা কাৰিয়াস্বৰম
মনোৰমা
চিত্ৰগ্ৰহণকাৰী গাইলছ নাট্টজেনচ
সম্পাদনা কলিন মনি
সংগীত পৰিচালক এ আৰ ৰহমান
মাইকেল ডান্না (Background Score)
পৰিবেশক ফক্স চাৰ্ছলাইট পিকচাৰছ (ইউ এচ)
মংগ্ৰেল মিডিয়া (কানাডা)
বি আৰ ফিল্মছ (ভাৰত)
মুক্তি
৮ ছেপ্টেম্বৰ ২০০৫ (2005-09-08)
দৈৰ্ঘ্য
১১৪ মিনিট
দেশসমূহ কানাডা
ভাৰত
ভাষাসমূহ ইংৰাজী
হিন্দী[1]
সৰ্বমুঠ আয় $ ১০, ৪২২, ৩৮৭[2]

সহশিল্পী কুলভূষণ খাৰবান্দা, ৱাহিদা ৰহমান, ৰঘূবীৰ যাদৱ আৰু বিনয় পাঠকৰ সৈতে মুখ্য ভূমিকা ৰূপায়ণত আছিল ক্ৰমে সীমা বিশ্বাস, লিজা ৰয়, জন আব্ৰাহাম আৰু সৰলা কাৰিয়াৱাছম। গীতসমূহত আছিল সুখৱিন্দৰ সিং আৰু ৰেকিব আলমৰ কথা আৰু এ. আৰ. ৰহমানৰ সুৰ। আৱহ সংগীত আছিল মাইকেল ডানা। ছবিখনৰ চিত্ৰনাট্য লিখিছিল গিলছ নাটজেনচে।

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

১৯৩৮ চনৰ ইংৰাজশাসিত ভাৰতৰ পটভূমিত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। সেই সময়ত বাল্য বিবাহ বহুলভাৱে প্ৰচলিত আছিল। সমাজত বিধৱাসকলৰ স্থান আছিল নিম্ন আৰু তেওঁলোকে দৰিদ্ৰতা আৰু ভগৱানৰ অৰ্চনাৰ মাজেৰে জীৱন যাপন কৰিব লাগে বুলি ভবা হৈছিল। বিধৱা বিবাহ ঔপনিৱেশিক আইনমতে বৈধ ঘোষণা কৰা হৈছিল যদিও বাস্তৱিকতে বহুল ৰূপত ইয়াক নিষিদ্ধ হিচাপে গণ্য কৰা হৈছিল।

সাত বছৰীয়া বালিকা চুইয়াই যেতিয়া তেওঁৰ স্বামীক হেৰুৱায়, বৈধৱ্য পৰম্পৰা অনুসাৰে চুইয়াৰ মুণ্ডন কৰি বগা সাজ পিন্ধাই হিন্দু বিধৱাৰ বাবে থকা এক আশ্ৰমলৈ পথোৱা হয় য'ত তেওঁ জীৱনৰ বাকীছোৱা কাল ত্যাগৰ মাজেদি কটাব লাগিব। সেই আশ্ৰমৰ সৰু দুমহলীয়া ঘৰটোত চৈধ্যগৰাকী মহিলা থাকে য'লৈ তেওঁলোকক জীৱনৰ কুকৰ্মৰ প্ৰায়শ্চিত্ত আৰু নিজ নিজ পৰিয়ালক আৰ্থিক তথা আবেগিক বোজাৰ পৰা ৰেহাই দিবলৈকে পথোৱা হৈছিল। মধুমতী নামৰ এক সত্তৰ বছৰীয়া মেদবহুল আৰু আড়ম্বৰপ্ৰিয় মহিলাই আশ্ৰমখন চলায়। গোলাবী নামৰ এক ৰঙীয়াল নপুংসক মধুমতীৰ একমাত্ৰ বন্ধু যি তেওঁক গাঞ্জাৰ উপৰিও আনৰ বিষয়ে শেহতীয়া বাৰেভচহু গল্পৰো যোগান ধৰে। দুয়োৰে এক উপ-ব্যৱসায়ো আছে: গোলাবীয়ে আশ্ৰমৰ দ্বিতীয় কনিষ্ঠ বিধৱা কল্যাণীক নৈ পাৰ কৰাই গ্ৰাহকক যোগান ধৰি তেওঁক বেশ্যাবৃত্তিত লিপ্ত কৰোৱাত মধুমতীক সহায় কৰে। আশ্ৰমখনৰ আৰ্থিক সাহায্যৰ বাবে কল্যাণীক সৰুৰেপৰাই বেশ্যাবৃত্তিত লিপ্ত হ'বলৈ বাধ্য কৰোৱা হৈছিল।

আশ্ৰমৰ বিধৱাসকলৰ মাজত শকুন্তলাই হয়তো আটাইতকৈ দুৰ্বোধ্য। তেওঁ আকৰ্ষণীয়, বিজ্ঞ আৰু তীক্ষ্ণ। আশ্ৰমৰ পঢ়িব জনা কেইগৰাকীমান মাত্ৰ বিধৱাৰ অন্যতম। শকুন্তলাৰ খঙাল মনোবৃত্তিৰ কাৰণে আনকি মধুমতীয়েও তেওঁক অকলে এৰি দিছিল। মৌন আৰু লাজকুৰীয়া স্বভাৱৰ শকুন্তলাই মনতে নিজৰ বৈধৱ্য জীৱনৰ প্ৰতি ঘৃণা আৰু এক অকপট তথা উৎসৰ্গিত বিধৱা হ'ব নোৱাৰাৰ শংকা পোষণ কৰে। শকুন্তলা এক ধৰ্মপৰায়ণা হিন্দু যি বাৰাণসীৰ পাৰত সমাগত হোৱা তীৰ্থযাত্ৰীসকলক ধৰ্মশাস্ত্ৰৰ কীৰ্ত্তন শুনোৱা সদানন্দ নামৰ এক আদহীয়া ঋষিৰ পৰামৰ্শ বিচাৰে। সদানন্দই শকুন্তলাক নিজৰ প্ৰকৃত স্থিতি সম্পৰ্কে সচেতন কৰি বিধৱাসকলৰ জীৱন দুৰ্বিষহ কৰি তোলা ভণ্ডামি আৰু কুসংস্কাৰৰ পৰা প্ৰকৃত বিশ্বাসক নিলগাই ৰাখিবলৈ বৌদ্ধিক সাহচৰ্য প্ৰদান কৰে। তেওঁ চুইয়াৰ লগতে ব্যস্ত হৈ থাকে, কিয়নো সৰুতেই বিধৱা হোৱা চুইয়াৰ মাজত তেওঁ নিজৰে প্ৰতিফলন দেখা পায় আৰু সেয়ে চুইয়াই বিচৰা বস্তুবোৰ শকুন্তলাই তাইক দিবলৈ যত্ন কৰে।

চুইয়াক আশ্বাস দিয়া হয় যে আশ্ৰমখনত তেওঁক অস্থায়ীভাৱেহে ৰখা হৈছে আৰু এদিন তেওঁৰ মাক তেওঁক নিবলৈ আহিব। লাহে লাহে চুইয়াই এই কথা পাহৰি যায় আৰু নতুন জীৱনটোৰ লগত খাপ খাই পৰে। পিছলৈ মধুমতীয়ে চুইয়াক বৈধৱ্য জীৱনৰ সৈতে পৰিচিত কৰায়। ইয়াৰ মাজতে আশ্ৰমৰ এক ৰঙীয়াল বিধৱা যুৱতী কল্যাণীৰ সৈতে চুইয়াৰ বন্ধুত্ব গঢ়ি উঠে। চুইয়া মহাত্মা গান্ধীৰ অনুগামী এক সুদৰ্শন যুৱক নাৰায়ণৰ সৈতে গঢ় লৈ উঠা কল্যাণীৰ প্ৰেমজনিত সম্পৰ্কৰো সাক্ষী তথা বাৰ্তাবাহক হৈ পৰে। প্ৰথমাৱস্থাৰ অনিচ্ছাস্বত্বেও পিছলৈ কল্যাণীয়ে নাৰায়ণৰ সৈতে বিবাহৰ বাবে ৰাজী হয়।

এদিন মধুমতীক মালিচ কৰি থকাৰ সময়ত কল্যাণী আৰু নাৰায়ণৰ গোপন প্ৰণয়ৰ কথা অসাৱধানবশতঃ চুইয়াৰ মুখৰপৰা বাহিৰ হয়। সমাজৰ নিন্দা তথা আয়ৰ পথৰুদ্ধ হোৱাৰ আশংকাত মধুমতীয়ে কল্যাণীক কোঠাৰ ভিতৰত আবদ্ধ কৰি থয়। সকলোকে আচৰিত কৰি ধৰ্মভীৰু শকুন্তলাই কল্যাণীক আগৰ পৰিকল্পনা মতে নাৰায়ণৰ লগত গুচি যাবলৈ সুবিধা কৰি দিয়ে আৰু সেইমতে নাৰায়ণে কল্যাণীক ফেৰীৰে নদী পাৰ কৰাই নিজ ঘৰলৈ বুলি লৈ যায়। কিন্তু কল্যাণীয়ে আশা কৰা মতে এই যাত্ৰাৰ এক শুভ পৰিসমাপ্তি নঘটে। তেওঁ নাৰায়ণৰ বাঙলোটো তেওঁৰ পূৰ্বৰ এক গ্ৰাহকৰ বুলি চিনাক্ত কৰে আৰু গম পাই যে নাৰায়ণ সেই গ্ৰাহকজনৰে পুত্ৰ। চকিত হৈ কল্যাণীয়ে তেওঁক ওলোটাই থৈ আহিবলৈ দাবী কৰে। দেউতাকৰে হোৱা এক মুখামুখিত নাৰায়ণে কল্যাণীত হঠাতে হোৱা মত পৰিৱৰ্ত্তনৰ কাৰণ গম পায়। হতভম্ব হৈ তেওঁ দেউতাকৰ পৰা আঁতৰি গৈ গান্ধীজীৰ সৈতে যোগদান কৰিবলৈ মনস্থ কৰে। তেওঁ কল্যাণীকো লগত লৈ যাবৰ বাবে ঘূৰি আশ্ৰম পায় কিন্তু কল্যাণীয়ে মনৰ দুখত পানীত ডুবি মৰাৰ খবৰহে পায়হি।

ইফালে মধুমতীয়ে এক অপেক্ষাৰত গ্ৰাহকৰ বাবে কল্যাণীৰ ঠাইত চুইয়াক পথায়। শকুন্তলাই এই কথাৰ উমান পাই লৰি আহে যদিও চুইয়াক ঘূৰাই অনাৰ সময়তহে নদীপাৰ পায়হি। শিশুটি কোনো সঁহাৰি দিব নোৱাৰাকৈ সংজ্ঞাহীন হৈ পৰে। চুইয়াক নিচুকাই শকুন্তলাই নিশাটো নৈপাৰতে কটায়। চুইয়াক লৈ চহৰৰ ফালে আহি থাকোঁতে তেওঁ সেই ঠাইৰ ৰেল ষ্টেচনত গান্ধীজী আছেহি বুলি শুনিবলৈ পায়। ৰেল এৰাৰ আগতেই গান্ধীজীৰ আশিস ল'বলৈ তেওঁ জনতাৰ মাজত সোমাই পৰে। ৰেলখন চলিবলৈ ধৰোঁতেই প্ৰচণ্ড নিৰাশাত শকুন্তলাই দৌৰ মাৰে আৰু মানুহবোৰক চুইয়াক নি গান্ধীজীৰ তত্ত্বাৱধানত ৰাখিবলৈ কাকূতি কৰে। তেনেতে তেওঁ ৰেলত নাৰায়ণক দেখা পায় আৰু শেষ মুহূৰ্ত্তত চুইয়াক তেওঁৰ হাতত গটাই দিয়ে। লোটকভৰা চকুলোৰ শকুন্তলাক এৰি ৰেলখনে চুইয়াক লৈ এক উজ্জ্বল ভৱিষ্যতৰ দিশে ৰাওনা হয়।

অভিনয় শিল্পী

সম্পাদনা কৰক
 
সীমা বিশ্বাস (ৱাটাৰ চলচ্চিত্ৰৰ এটা দৃশ্য)

২০০৫ চনৰ ৮ ছেপ্তেম্বৰত ট'ৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে মুক্তিলাভ কৰে আৰু অন্যান্য ঠাইত তলৰ তালিকা অনুসৰি মুক্তিলাভ কৰে। ভাৰতত ছবিখন লৈ বিভিন্ন বিতৰ্ক হোৱাৰ পিছত অৱশেষত ভাৰতীয় চেঞ্চৰ বৰ্ডে ছবিখনত "ইউ" চাৰ্টিফিকেট প্ৰদান কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখন ভাৰতত মুক্তি পায়।[5]

দেশ মুক্তি পোৱাৰ তাৰিখ উৎসৱ বা বিতৰণকাৰী
কানাডা ৮ ছেপ্তেম্বৰ ২০০৫ মংগ্ৰেল মিডিয়া
আমেৰিকা যুক্তৰাষ্ট্ৰ ২ অক্টোবৰ ২০০৫ ছাউথ এছিয়ান লিটাৰেৰি এণ্ড থিয়েটাৰ আৰ্টছ ফেষ্টিভেল
স্পেইন ২ অক্টোবৰ ২০০৫ ভেলাডলিড ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল
কানাডা ৪ নৱেম্বৰ ২০০৫
অষ্ট্ৰেলিয়া ১৩ এপ্ৰিল ২০০৬ ডেণ্ডি ফিল্মছ
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯ এপ্ৰিল ২০০৬ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ লছ এঞ্জেলছ
আমেৰিকা যুক্তৰাষ্ট্ৰ ২৬ এপ্ৰিল ২০০৬ ইণ্ডিয়ানাপলিছ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল
আমেৰিকা যুক্তৰাষ্ট্ৰ ২৮ এপ্ৰিল ২০০৬ ফক্স চাৰ্ছলাইট পিক্চাৰছ
চুইজাৰলেণ্ড ১৫ আগষ্ট ২০০৬ ফিল্মকুপি জুৰিখ এজি
ভাৰত ৯ মাৰ্চ ২০০৭ বি. আৰ. ফিল্মছ

পুৰস্কাৰ

সম্পাদনা কৰক

বিজেতা:


মনোনীত:

  • ২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্ৰথম অ-ফৰাচী কানাডিয়ান ছবি)
  • ২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিকছ এচ'চিয়েছন এৱাৰ্ড
  • ২০০৬, প্ৰকাশৰ স্বাধীনতাৰ (Freedom of Expression) নেচনেল বৰ্ড অফ ৰিভিউ (এন বি আৰ) এৱাৰ্ড

সমালোচনা

সম্পাদনা কৰক

চলচ্চিত্ৰখন লছ এঞ্জেলছ টাইমছত কেভিন থমাছৰদ্বাৰা উচ্চ প্ৰশংসিত হয়:

চলচ্চিত্ৰনিৰ্মাতা হিচাপে আবেগিকভাৱে উৎসৰ্গিত মেহতাই কোনো উপদেশ নিদিয়ে কিন্তু তাৰ পৰিৱৰ্ত্তে এক পূৰ্ণ শক্তিশালী ৰূপত অভ্যন্তৰীণ সমস্যাৰ কাহিনী কয়। ১৯৩৮ চনত ইংৰাজ শাসনাধীন ভাৰতৰ পটভূমিত নিৰ্মিত "ৱাটাৰ" বহিস্কৃত বিধৱাসকলৰ নিৰ্মম জীৱনৰ বৈপৰীত্যৰূপী পবিত্ৰ গঙ্গা নদীৰ পাৰৰ ইয়াৰ ৰমণীয় পটভূমিৰ দৰেই মনোৰম। ছবিখনে তেতিয়ালৈকে বিচাৰ্য নোহোৱা তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক ধৰ্মীয় লিখনিৰ নিৰ্দেশৰদ্বাৰা প্ৰভাৱিত এক নিষ্ঠুৰ আৰু আওপুৰণি প্ৰথাৰদ্বাৰা বন্দী তথা অন্ধ হৈ বিধৱাসকলক আৰ্থিক সকাহ দিয়াৰ পৰা মুক্ত হোৱাৰ দৰে পাৰিবাৰিক আকাংক্ষা পোষণ কৰা দেখিছে। ফলস্বৰূপে, তেওঁ অতিশয় গ্ৰহণযোগ্য আৰু সুন্দৰভাৱে গঢ় দিয়া কাহিনীটোত যুক্তিসংগত বিনোদ যোগ কৰিবলৈ সক্ষম হৈছে। "ৱাটাৰ" এক ভিন্ন প্ৰাচুৰ্য আৰু জটিলতাৰে উদ্ভাসিত হৈছে।[8]


নিউয়ৰ্ক টাইমছৰ জেনেট কেটছলিছে ছবিখন নিউয়ৰ্ক টাইমছ সমালোচকৰ নিৰ্বাচনলৈ নিৰ্বাচিত কৰাৰ উপৰিও "উৎকৃষ্ট" বুলি অভিহিত কৰে। তেওঁ লগতে কয়, "ছবিখনে উপৰিভাগৰ পৰা নিৰ্মল এতিয়াও তল পৰি থকা হিন্দু ৰক্ষণশীলতাৰ তলৰ বিধৱাসকশৰ দুৰ্দশাৰ সৈতে ইংৰাজ শাসিত ভাৰতৰ উক্ত অৱস্থাৰ সমতা স্থাপন কৰিছে। "[9]

কিছুসংখ্যক সমালোচকে যুক্তি দৰ্শাই যে মেহতাই তেওঁৰ ছবিসমূহত স্বাধীনোত্তৰ ভাৰতৰ জটিল ৰাজনীতিক আওকাণ কৰিছে আৰু "বিদেশীমূলীয়" আৰু "আচৰিত" প্ৰকৃতিৰ ভাৰতীয় সংস্কৃতিত প্ৰাচ্য বিদ্যাবিদ আৰু ধৰ্মান্ধক শক্তিশালী কৰিছে।[10]


প্ৰথমাৱস্থাত পৰিচালক দীপা মেহতাই ২০০০ চনৰ ফেব্ৰুৱাৰীতেই শ্বাবানা আজমী, নন্দিতা দাস আৰু অক্ষয় কুমাৰক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নিৰ্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূৰ্বৱৰ্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্ৰৰ গোড়া পক্ষৰ শত্ৰুতা আৰ্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্ৰতিবাদৰ লগতে ছবিখন প্ৰদৰ্শিত হ'বলগা ছবিঘৰসমূহত আক্ৰমণৰ যো-জা কৰিছিল। চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা কলা-কুশলীৰ দলটোৱে খবৰ পায় যে ছবিৰ চিত্ৰগ্ৰহণৰ স্থানসমূহৰ বাবে অনুজ্ঞাত কিছু অসুবিধা আছে। পৰৱৰ্ত্তী দিনটোত তেওঁলোকে জানিবলৈ পায় যে ২০০০ বিক্ষোভকাৰীয়ে ছবিৰ মূল ছেটটো ধ্বংস কৰি অৱশিষ্টসমূহ গঙ্গা নদীত দলিয়াই পেলায়। পিছত এই কথা পোহৰলৈ আহে যে এই সকলোবোৰ ঘটনাৰ মূলতে আছিল ছবিখনৰ বিষয়বস্তুৰ বিষয়ে অনা মিছা অভিযোগ।[11] বিক্ষোভকাৰী অৰুণ পাঠকে ছবিখনৰ নিৰ্মাণ বন্ধ কৰিবৰ বাবে আমৰণ-বিক্ষোভৰো আয়োজন কৰিছিল।[12]

ইয়াৰপৰা উদ্ভৱ হোৱা মানসিক চাপ আৰু আৰ্থিক সংকটৰ বাবে মেহতাই যথেষ্ট সংগ্ৰাম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি শ্ৰীলংকাত ৱাটাৰৰ চিত্ৰগ্ৰহণ কৰিবলগাত পৰে।[11] অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নিৰ্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা দেৱযানী ছল্টছমানে 'শ্বুটিং ৱাটাৰ : এ মাডাৰ-ড'টাৰ জাৰ্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম ' নামৰ গ্ৰন্থত ছবিখন নিৰ্মাণৰ বাবে কৰিবলগা হোৱা সংগ্ৰামৰ কথা লিপিৱদ্ধ কৰিছে।[11]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. The film was shot twice with the same (bilingual) actors, once in Hindi, once in English.
  2. ৱাটাৰ (২০০৫ চলচ্চিত্ৰ) Box Office Mojo’ত;. আহৰণ কৰা তাৰিখ: 2009-10-31 ।
  3. scripts-and-screenplay-by-anurag-kasyap[সংযোগবিহীন উৎস]
  4. "Oscar-nominated film "Water" released in India 7 years after protests shut down filming - International Herald Tribune". Archived from the original on 2007-03-17. http://www.iht.com/articles/ap/2007/03/09/arts/AS-A-E-MOV-India-Widow-Film.php। আহৰণ কৰা হৈছে: 2007-03-17. 
  5. Deepa Mehta impresses with Water
  6. Utpal Borpujari (2005). ""Seema Biswas wins top Canadian film award for Water"". Deccan Herald. http://www.deccanherald.com/deccanherald/mar172006/update134002006317.asp. 
  7. Patrick Frater (26 February 2006). "Water' sweeps over Bangkok fest". Variety. http://www.variety.com/article/VR1117938881?categoryId=1061&cs=1। আহৰণ কৰা হৈছে: 23 March 2006. 
  8. Catsoulis, Jeannette (April 28, 2006). "Movie Review: Water (2005): NYT Critics' Pick". New York Times. http://movies.nytimes.com/2006/04/28/movies/28wate.html. 
  9. Catsoulis, Jeannette (April 28, 2006). "Movie Review: Water (2005): NYT Critics' Pick". New York Times. http://movies.nytimes.com/2006/04/28/movies/28wate.html. 
  10. Kamal Arora, Saydia Kamal and Usamah Ahmad (2005). "Water: Drenched in colonial benevolence", Seven Oaks, 5 October 2005. Retrieved 27 February 2010.
  11. 11.0 11.1 11.2 Jasmine Yuen-Carrucan. "The Politics of Deepa Mehta's Water". http://www.brightlightsfilm.com/28/water.html। আহৰণ কৰা হৈছে: 8 May 2006. 
  12. "'Water' shooting stopped again, Mehta 'asked to leave Varanasi'". The Hindu. The Hindu Group. 6 February 2000. Archived from the original on 6 September 2012. https://archive.today/20120906051548/http://www.hindu.com/2000/02/07/stories/01070005.htm। আহৰণ কৰা হৈছে: 20 October 2011. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক