ইছলাম (ইংৰাজী ভাষা/ˈɪslɑːm/; আৰৱী ভাষাত: الإسلام আল্‌ ইছলাম্‌) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্মইছলাম (আৰৱী: الإسلام‎) শব্দটো আহিছে আৰৱী س-ل-م শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা।

"ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা। ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি। খৃষ্টীয় সম্তম শতিকাত মধ্য এছিয়া।আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদ (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু মুহাম্মাদ(ছাঃ)ৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবীহাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়।

বিতংকৈ পঢ়ক....