মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী(১৯৪১-২০১১), ইন্দিৰা গোস্বামী বা সততে মামণি বাইদেউ হিচাবে পৰিচিতা, ভাৰত-ৰ (অসম) এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণ গৱেষক হিচাবে মাধৱ কন্দলী ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰে।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা