ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৪/মাৰ্চ মাহৰ বিশেষ অভিলেখ
- ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হোৱা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ত তেৰগৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ৫৪৬ টা প্ৰৱন্ধৰে বৰঙণি আগবঢ়ালে।
- ৮ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ত আঠগৰাকী অংশগ্ৰহণকাৰীয়ে তিনিখন গ্ৰন্থৰ ডিজিটেল ৰূপ দিয়াত অৱদান আগবঢ়ায়।
- স্থানীয় ৱিকিপ্ৰকল্পত নাৰী দিৱস উদযাপনৰ লক্ষ্যৰে চাঁওতালি ৱিকিপিডিয়াৰ সৈতে আন্তঃৱিকি সহযোগিতামূলক কাম হিচাপে ৮ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ অসমীয়া-চাঁওতালি আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়। এই এডিটাথনত ছয়গৰাকী অংশগ্ৰহণকাৰীয়ে চাঁওতালিমূলৰ উল্লেখযোগ্য নাৰীৰ বিষয়ে মুঠ ২৮ টা প্ৰৱন্ধ যোগ দি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাত সহায় কৰে।
- সদস্য দিব্য দত্তই ব্যক্তিগতভাৱে ৭০০ প্ৰবন্ধ সৃষ্টিৰ সীমা অতিক্ৰম কৰে।