নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪

নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্‌যাপন৷ এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই অৱদানকাৰীসকলক স্থানীয় সাংস্কৃতিক অনুষ্ঠান, লোক-সম্পৰ্কীয় কাৰ্যকলাপ, আৰু মহিলাসকলৰ সততে অৱহেলিত কিন্তু উল্লেখযোগ্য অৱদানসমূহৰ অন্তৰ্ভুক্তিকৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰতিযোগিতা ৱিকি লাভছ্ লোকগাথা (WLF) অভিযানৰ এক অবিচ্ছেদ্য অংশ। বাকীসমূহ ভাষাৰ দৰে এইবেলিও অসমীয়া ৱিকিপিডিয়াই উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৪-ৰ পৰা ৩১ মাৰ্চ ২০২৪-লৈ চলিব। বিগত বৰ্ষৰ সংস্কৰণসমূহৰ বাবে ২০২২ আৰু ২০২৩ সংস্কৰণৰ পৃষ্ঠা চাওক।

সময়সীমা:
প্ৰতিযোগিতা আৰম্ভ হ'ব: ০০:০০ বজা, ১ ফেব্ৰুৱাৰী ২০২৪
প্ৰতিযোগিতা শেষ হ'ব: ২৩:৫৯ বজা,৩১ মাৰ্চ ২০২৪

বিষয়বস্তু সম্পাদনা কৰক

এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব।

লোকগাথা – বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোকাচাৰ, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি, যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।

লোকগাথাত নাৰী – যাৰ ভিতৰত আছে লোকগাথা আৰু লোক-সংস্কৃতিত নাৰী আৰু কুইয়াৰ ব্যক্তিত্ব (যেনে: লোক শিল্পী, লোক নৃত্যশিল্পী, লোক গায়ক, লোক সংগীতজ্ঞ, লোক খেলুৱৈ, উপাখ্যানত নাৰী, লোক-কাহিনীত যোদ্ধা নাৰী, ডাইনী আৰু ডাইনী হত্যা, সাধুকথা ইত্যাদি), যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।

নিয়মাৱলী সম্পাদনা কৰক

  • বিস্তাৰিত প্ৰবন্ধ অথবা নতুন প্ৰবন্ধটোত কমেও ৪,০০০ বাইট আৰু কমেও ৪০০টা শব্দ থাকিব লাগিব।
  • প্ৰবন্ধসমূহ যান্ত্ৰিকভাৱে অনুবাদ কৰিলেও পাছত যথোচিত কপি-সম্পাদনা কৰাটো প্ৰয়োজনীয়।
  • প্ৰবন্ধসমূহ ১ ফেব্ৰুৱাৰী ২০২৪-ৰ পৰা ৩১ মাৰ্চ ২০২৪-ৰ ভিতৰত বিস্তাৰ কৰিব লাগিব অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহৰ বিষয়বস্তু নাৰীবাদ,লিংগকেন্দ্ৰীক আৰু লোকগাথা বিষয়ক হ’ব লাগিব।
  • নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা কেম্পৱিজ বা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।

পুৰস্কাৰ সম্পাদনা কৰক

গোলকীয় পৰ্য্যায়ত সকলো ৱিকিপ্ৰকল্পক সামৰি:

  • শীৰ্ষৰ তিনিজন অৱদানকাৰীক ক্ৰমে ৩০০, ২০০, আৰু ১০০ আমেৰিকান ডলাৰ আৰু
  • ৫০ আমেৰিকান ডলাৰকৈ ১০টা নিচুকণি বঁটা প্ৰদান কৰা হ'ব।
  • স্থানীয় পৰ্যায়ৰ পুৰস্কাৰসমূহ এনেধৰণৰ:
    • প্ৰথম পুৰস্কাৰ: $১৫ আমেৰিকান ডলাৰ
    • দ্বিতীয় পুৰস্কাৰ: $১০ আমেৰিকান ডলাৰ
    • বিচাৰকৰ দৃষ্টিত শ্ৰেষ্ঠ প্ৰবন্ধ: $৫ আমেৰিকান ডলাৰ

ইয়াৰ লগতে প্ৰথম ৫০ জন বিচাৰক, আয়োজক আৰু সমন্বয়ক $৩০ আমেৰিকান ডলাৰকৈ “ইণ্টাৰনেট আৰু শিশু-যতন” সেৱা প্ৰদান কৰা হ’ব। ইচ্ছুকসকলক এই প্ৰ-পত্ৰ পূৰণ কৰি আৱেদন কৰিবলৈ অনুৰোধ জনোৱা হ’ল। ৫০ খন আৱেদন জমা হোৱাৰ পিছত প্ৰ-পত্ৰৰ লিংক বন্ধ কৰি দিয়া হ’ব। প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৫ মাৰ্চ ২০২৪। অধিক তথ্যৰ বাবে মেটা-ৱিকিৰ এই পৃষ্ঠা চাওক।

অংশগ্ৰহণ সম্পাদনা কৰক

অংশগ্ৰহণ কৰক সম্পাদনা কৰক

অংশগ্ৰহণ কৰক

প্ৰবন্ধ জমা কৰক সম্পাদনা কৰক

প্ৰবন্ধ জমা দিবৰ বাবে কেম্পৱিজ আৰু ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।

প্ৰবন্ধৰ তালিকা সম্পাদনা কৰক

তলৰ তালিকাত নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪-ৰ বাবে কিছু প্ৰবন্ধৰ প্ৰস্তাৱ কৰা হৈছে। প্ৰতিযোগিতাখনত সৃষ্টি কৰিব পৰা প্ৰবন্ধ কেৱল এই তালিকাখনতে সীমাবদ্ধ নহয়। আপুনি এই তালিকাখনৰ পৰা বা বিষয়বস্তুৰ লগত সংগতি ৰাখি আন কোনো প্ৰবন্ধ সৃষ্টি কৰিব পাৰে বা প্ৰবন্ধৰ প্ৰস্তাব আলোচনা পৃষ্ঠাত দিব পাৰে।

সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক

এই এডিটাথনত সৃষ্টি কৰা প্ৰবন্ধসমূহ নাৰীবাদ আৰু লোকগাথা ২০২৪ নামৰ শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে। বৰ্তমানলৈ প্ৰতিযোগিতাৰ অংশ হিচাপে ৫৪৬টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে।

এই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে:

অধিক ফলাফলৰ বাবে মেটা-ৱিকিৰ এই পৃষ্ঠা চাওক।

সমন্বয়ক সম্পাদনা কৰক

  1. ঈশান জ্যোতি বৰা
  2. নয়ন জ্যোতি নাথ