ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৩/ৱিকিপিডিয়ানৰ মনৰ কথা

এই কথাখিনি মোবাইলত টাইপ কৰি থকা সময়ত মই লখিমপুৰৰ গোগামুখৰ পৰা ঢকুৱাখনা অভিমুখে বাছত গৈ আছোঁ। কাণত ইয়েৰফোন। মৃদু মৃদুকৈ বাংলা গান আৰু গ্লাছৰ ফাকেৰে সোমাই অহা পুৱাৰ চেঁচা বতাহ।

ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য ভাস্কৰে বৰ আদৰেৰে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ অনুষ্ঠানত অসমীয়া ৱিকিপ্ৰকল্পৰ গতি-প্ৰকৃতি সম্পৰ্কে ক'বলৈ আমন্ত্ৰণ জনাইছিল। ওচৰতে থকাবাবে না নকৰি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিম বুলি কথা দিলোঁ। আচলতে কি বুলিনো লিখিম সেইকথা মনৰ মাজত জুকিয়াই থাকোঁতেই মই এচোৱা পাৰহৈ ঘিলামৰা পাইছিলোঁ। ঢকুৱাখনা পাবলৈ বেছিদূৰ নাছিল।

সাহিত্যসভাৰ অনুষ্ঠানত অংশগ্ৰহণৰ অভিজ্ঞতা কেনে বুলি সুধিলে মই যদি একেষাৰেই কওঁ, তেন্তে- বেয়া। বেয়া মানে একেবাৰে বেয়া। অৱশ্যে মই এনেকৈ নাভাবি যোগাত্মক ভাৱেই গ্ৰহণ কৰিবৰ সংগ্ৰামখিনিও কৰিছোঁ। যোগাত্মকখিনি এইখিনিয়ে যে নিজৰ ওচৰতে নিজৰ নাকটো কটা নোযোৱাকৈ অনুষ্ঠান আৰম্ভ হ'ল। কবিতাৰ নামত অদ্ভুত কিবাকিবি কিছুমান হজম কৰি মানসিকভাৱে ক'মাত যোৱাৰ পিছত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব লগীয়া আমাৰ অনুষ্ঠানক প্ৰায় তিনিঘণ্টাৰ শকত গোৰ এটা মাৰি এই কবি সন্মিলনে উক্ত তিনিঘণ্টা গিলি শেষ কৰিছিল। আমাৰ ধৈৰ্যৰ সীমা চিঙিছিল। ৫.৫০ত অনুষ্ঠান আৰম্ভ হ'ল। মঞ্চত থকা আয়োজক সকলে অনুষ্ঠানৰ কথা গমেই নাপাই বুলি জনালে, সেয়ে কোনোমতে এখন গামোচা যোগাৰ কৰি সঞ্চালক মহোদয়কে সম্বৰ্ধনা জনালে। যিমান পাৰি সোনকালে শেষ কৰিবলৈ বিচাৰি আমাৰ এজন বক্তাই কিবা এটা ক'বলৈ মুখখন মেলিছিলহে মাত্ৰ, মোক আয়োজক এজনে আহি সুধিলে- "আপোনালোকৰ অনুষ্ঠান কেতিয়া শেষ হ'ব?" মোৰ এনে লাগিছিল, উঠি গুছিয়েই যাওঁ নেকি! নিজকে সান্তনা দি মই ক'লোঁ, সঞ্চালকক সোধক। ইয়াৰ পিছত আৰু কথা কোৱাৰ পৰিৱেশ থাকেনে? সময় আৰু পৰিস্থিতিৰ প্ৰতি সন্মান জনাই মই ক'বলৈ বুলি যুগুতোৱা কথাখিনিৰ পৰা কিছু ৰিল কাটি কেৱল পাঠ কৰি সামৰি থৈ দিলোঁ। ডেৰ ঘণ্টাৰ বাবে পৰিকল্পনা থকা আমাৰ এই অনুষ্ঠান আমি ৪৫ মিনিটত শেষ কৰি মঞ্চৰ পৰা নামি আহিলোঁ।

ইমানখিনি হতাশাৰ মাজতো সৰু ছোৱালী এজনী দৌৰি আহি ডায়েৰী এখন আগবঢ়াই দিলে। মই নামটো সুধি কিবা এটি লিখিবলৈ লওঁতেই তাই সুধিলে- "ছাৰ, আধুনিক ই-যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আপুনি কাৰ কাৰ নাম ল'ব!" মই বিবুদ্ধিত পৰিলোঁ। দুটামান বাক্যত মোৰ উত্তৰ শেষকৰি আমি সকলোৱে চাহ বিৰতিত আড্ডা দি উঠি বিদায় মাগিলোঁ।

এইখিনিলৈকে টাইপ কৰি শেষহোৱালৈ ময়ো আহি ঢকুৱাখনা পালোঁহি। আজিলৈ ইমানতে সামৰি,

সেৱাৰে- Nayan j Nath (বাৰ্তা) 03:29, 2 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]