আদিতি পণ্ট

ভাৰতীয় বিজ্ঞানী
(Aditi Pantৰ পৰা পুনঃনিৰ্দেশিত)

আদিতি পণ্ট (ইংৰাজী: Aditi Pant) এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।[1][2][3][4] তেওঁ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ, পুনে বিশ্ববিদ্যালয় আৰু মহাৰাষ্ট্ৰ বিজ্ঞান একাডেমীৰ বিভিন্ন পদৱীত অধিষ্ঠিত আছিল।

আদিতি পণ্ট
জন্ম নাগপুৰ
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ সমুদ্ৰ বিজ্ঞান
কৰ্মস্থান ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান, ভাৰত
শিক্ষানুষ্ঠান পুনে বিশ্ববিদ্যালয় (বিএছচি)
হাৱাই বিশ্ববিদ্যালয় (এমএছচি)
ৱেষ্টফিল্ড কলেজ (পিএইছডি)
ৰাষ্ট্ৰীয় ৰসায়নিক পৰীক্ষাগাৰ
উল্লেখনীয় বঁটা এছইআৰচি বঁটা
এণ্টাৰ্কটিকা বঁটা

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

মহাৰাষ্ট্ৰৰ নাগপুৰৰ এক মাৰাঠী ব্ৰাহ্মণ পৰিয়ালত আদিতি পণ্টৰ জন্ম হৈছিল।[5][4] সৰু কালৰ পৰায়ে তেওঁ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল।[6] তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।[6][7] তেওঁ এলিষ্টাৰ হাৰ্ডিৰ গ্ৰন্থ 'দা অপেন চি' পঢ়ি এগৰাকী সমুদ্ৰ বিজ্ঞানী হোৱাৰ সপোন দেখিছিল।[6] সেইসময়তে তেওঁ উচ্চশিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলপানি লাভ কৰে আৰু হাৱাই বিশ্ববিদ্যালয়ৰ সমুদ্ৰ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। তেওঁ প্লেংকটনৰ সলোক সংশ্লেষণৰ ওপৰত গৱেষণা কৰিছিল। তাৰপিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ ৱেষ্টফিল্ড কলেজত সাগৰীয় শেলাইৰ ওপৰত গৱেষণা কৰিবলৈ পিএইছডি শ্ৰেণীত যোগদান কৰে। তেওঁ সাগৰীয় শেলাইৰে শৰীৰবিদ্যাৰ ওপৰত গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ এছইআৰচি বঁটা লাভ কৰিছিল আৰু অনুসন্ধানৰ বাবে পুঁজি লাভ কৰিছিল।[6]

কৰ্মজীৱন সম্পাদনা কৰক

আদিতি পণ্টে পিএইছডি সম্পূৰ্ণ কৰি আহি ভাৰতৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। ১৯৭৩ চনৰ পৰা ১৯৭৬ চনলৈ তেওঁ ভেৰাভালৰ পৰা কণ্যাকুমাৰীলৈকে আৰু মান্নাৰ উপসাগৰীয় অঞ্চলৰ বীচ সমূহৰ অনুসন্ধানমূলক গৱেষণা কৰিছিল। ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানৰ দক্ষিণ মহাসাগৰত দহবছৰ জুৰি গৱেষণাৰ প্ৰকল্প আছিল। ১৭ বছৰকাল ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানত কটোৱা পিছত তেওঁ ১৯৯০ চনত পুনেত অৱস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত যোগদান কৰে। ইয়াত তেওঁ ১৫ বছৰকাল লৱণ সহিষ্ণু আৰু লৱণ ভালপোৱা জীৱৰ ওপৰত গৱেষণা চলাইছিল। তেওঁৰ গৱেষণা সমাপ্ত হোৱাৰ পিছত আকৌ গোৱাত অৱস্থিত ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈ পুনে বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰফেছৰ এমিৰিটাছ পদত অধিষ্ঠিত আছিল।[7]

এণ্টাৰ্কটিকা অভিযান সম্পাদনা কৰক

১৯৮৩ চনত ভাৰতৰ তৃতীয় এণ্টাৰ্কটিকা অভিযানত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।[4][8] বিশেষকৈ দক্ষিণ মহাসাগৰত খাদ্য শৃংখল, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ বিষয়ে তথ্য গোটাৱা তেওঁৰ এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল।[6] এণ্টাৰ্কটিকাৰ কঠোৰ জলবায়ুত তেওঁ চাৰিমাহ কাল গৱেষণা কৰিছিল।[4] তেওঁলোকৰ অভিযানৰ সময়ত তেওঁলোকে এণ্টাৰ্কটিকাত ভাৰতৰ প্ৰথম স্থায়ী কেন্দ্ৰ 'দক্ষিণ গংগোত্ৰী' স্থাপন কৰিছিল।[9] তেওঁ ১৯৮৪ চনত ভাৰতৰ পঞ্চম এণ্টাৰ্কটিকা অভিযানৰো সদস্য আছিল।[8]

বঁটা আৰু সন্মান সম্পাদনা কৰক

আদিতি পণ্টৰ নামত পাঁচটা পেটেণ্ট আছে আৰু তেওঁৰ ৬৭ খনতকৈ বেছি গৱেষণা পত্ৰ বিভিন্ন আন্তৰ্জাতিক গৱেষণা পত্ৰিকাত প্ৰকাশিত হৈছে।[7]ভাৰতীয় এণ্টাৰ্কটিকা প্ৰগ্ৰেমত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক এণ্টাৰ্কটিকা বঁটা প্ৰদান কৰিছিল। এই বঁটা তেওঁ তেওঁৰ সহযোগী সুদীপ্তা সেনগুপ্তা, জয়া নৈথানী আৰু কানৱাল ভিলকুৰ সৈতে লাভ কৰিছিল।[3][4][10] তেওঁৰ অনুসন্ধানমূলক গৱেষণাৰ বাবে এছইআৰচি বঁটা লাভ কৰিছিল।[6] তেওঁ মহাৰাষ্ট্ৰ ছ'চাইটি ফৰ দা কাল্টিভেচন অফ চাইন্স, জেনেৰেল বডী অফ মহাৰাষ্ট্ৰ এছ'ছিয়েছন ফৰ দা কাল্টিভেচন অফ চাইন্স, জৈৱইন্ধন কমিটি আৰু ভাৰত চৰকাৰৰে জৈৱ প্ৰযুক্তি বিভাগৰ সদস্য। ইয়াৰ লগতে তেওঁ মহাৰাষ্ট্ৰ বিজ্ঞান একাডেমীৰো সভ্য।[7]

তথ্য উৎস সম্পাদনা কৰক

  1. Sharma, Sathya (January 2001). Breaking the ice in Antarctica: The first Indian wintering in Antarctica. New Age International. পৃষ্ঠা. 38. ISBN 9788122412901. https://books.google.com/?id=emCd_27imFoC&dq=aditi+pant+scientist। আহৰণ কৰা হৈছে: 11 October 2014. 
  2. "Lilavati's Daughters". Indian Academy of Scienceswww.ias.ac.in. http://www.ias.ac.in/womeninscience/LD_essays/219-222.pdf। আহৰণ কৰা হৈছে: 11 October 2014. 
  3. 3.0 3.1 Chaturvedi, Arun. "Indian women in Antarctic expeditions : A historical perspective". Indian Academy of Scienceswww.ias.ac.in. http://www.ias.ac.in/womeninscience/Antartic.pdf। আহৰণ কৰা হৈছে: 11 October 2014. 
  4. 4.0 4.1 4.2 4.3 4.4 "ADITI PANT: The First Indian Women to Reach Antartica Region | GyanPro Science Blog". gyanpro.com. http://gyanpro.com/blog/aditi-pant-the-first-indian-women-to-reach-antartica-region/। আহৰণ কৰা হৈছে: 2019-12-08. 
  5. G. K. Ghosh; Shukla Ghosh (2003). Brahmin Women. Firma KLM. পৃষ্ঠা. 48. https://books.google.co.in/books?id=iyraAAAAMAAJ. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 Pant, Aditi. "An Oceanographer’s Life". ias. https://www.ias.ac.in/public/Resources/Initiatives/Women_in_Science/Contributors/aditipant.pdf. 
  7. 7.0 7.1 7.2 7.3 "Dr. Aditi Pant (Director)". Archived from the original on 2016-12-15. https://web.archive.org/web/20161215185553/http://www.kirloskarkpcl.com/Pdf/director_profile/Aditi_Pant.pdf. 
  8. 8.0 8.1 "The first Indian Women who visited Antarctica". scienceindia.in. Archived from the original on 2019-02-15. https://web.archive.org/web/20190215181853/http://scienceindia.in/home/view_blog/28। আহৰণ কৰা হৈছে: 2019-02-16. 
  9. "Breaking the Ice: The Story of How India's Antarctic Mission Turned Ambition into Action" (en-US ভাষাত). The Better India. 18 June 2016. https://www.thebetterindia.com/58743/india-antarctic-mission-dakshin-gangotri-maitri-bharti/। আহৰণ কৰা হৈছে: 2019-02-16. 
  10. "Indian Women in Science & Technology" (en-US ভাষাত). Archived from the original on 2019-12-18. https://web.archive.org/web/20191218014818/https://ncsm.gov.in/indian-women-in-science-technology/। আহৰণ কৰা হৈছে: 2019-12-17. 

বাহ্যিক সংযোগ সম্পাদনা কৰক