মাধৱী লতা
মাধৱীলতা (বৈজ্ঞানিক নাম: Hiptage benghalensis) হৈছে Malpighiaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ অনেক নাম আছে, যেনে মণ্ডপ, কামী, পুষ্পেন্দ্ৰ, অভীষ্টগন্ধক, অতিমুক্ত, বিমুক্ত, কামুক আৰু ভ্ৰমৰোৎসব। এসময়ত পুণ্ড্ৰক দেশ অৰ্থাৎ মৈমনসিংহত মাধৱী প্ৰচুৰভাৱে পোৱা গৈছিল। সেই বাবে ইয়াৰ অন্য এটা নাম পুণ্ড্ৰক। মাধৱী বৃক্ষাৰোহী লতা আৰু দীৰ্ঘজীৱী। ডাল সৰু সৰু আৰু জোপোহা হৈ যায়। এনেকা বহুবৰ্ষী হলে লাহে লাহে মূল লতাডাল বেছি শকত হৈ যায়। ডাল দুই তিন বছৰৰ মূৰে মূৰে কাটি থাকিব লাহে, তেতিয়া লতা যিমানে বাঢ়ি যায় তাতেই নতুন নতুন ডাল-পাত গজি ফুল বেছি ফুলে। ইয়াৰ শকত শকত ডালৰ ছাল মটিয়া ৰঙৰ। পাত বিপৰীতমুখী, আয়তাকাৰ, আগলৈ ক্ৰমশ সৰু, সাধাৰণত ৪ৰ পৰা ৬ ইঞ্চি দীঘল হয়। বাগিচাৰ শোভাৰ বাবে যত্ন কৰি মাধৱী লতা লগোৱা হয়। এই লতা গছ বৰ্তমান প্ৰায় দুষ্প্ৰাপ্য।
মাধৱী লতা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malpighiales |
পৰিয়াল: | Malpighiaceae |
গণ: | Hiptage |
প্ৰজাতি: | H. benghalensis |
বৈজ্ঞানিক নাম | |
Hiptage benghalensis (L.) Kurz |
মাধৱীৰ ফুল গুচ্ছবদ্ধ আৰু বিন্যাস সুসংবদ্ধ। মুকুলবোৰো সূক্ষ্ম নোমেৰে ভৰা। ফুল বগা ৰঙৰ, পাঁচটি পাহি আৰু তাৰ মাজত পঞ্চম পাহিটোৰ গুৰিৰ ফালে কিছু হালধীয়া। ফুল দেখিবলৈ তিল ফুলৰ দৰে আৰু খুব সুগন্ধী। বসন্ত আৰু গ্ৰীষ্ম এই ফুলৰ ঋতু হলেও কেতিয়াবা কেতিয়াবা বৰ্ষা পৰ্যন্ত ফুলে। ফুলৰ পৰা ফল হয়, বীজ থাকে ২/৩টা।
মাধবী অযত্নেও বাঢ়ে, বীজৰ পৰা পুলি হয়, ডাল মাটিত পুঁতি থলেও পুলি পোৱা যায়। মাধৱীৰ পাত গৰু-ছাগলিয়ে খায়।[1]
গুনাগুণ
সম্পাদনা কৰক- পুৰণা বিষৰ বাবে মাধৱীলতাৰ পাতৰ ৰস উপকাৰী।
- হাঁপানিৰ শ্বাসকষ্টৰ বাবে পাত আৰু ডালৰ ৰস উপকাৰী।
- মাধৱীলতাৰ শুকান ছালৰ গুঁড়িয়ে বিষাক্ত ঘা ভাল কৰি তোলে।[2]