কবীৰ

ধৰ্মগুৰু
(Kabirৰ পৰা পুনঃনিৰ্দেশিত)

কবীৰ (১৩৯৮–১৫১৮)[1] এগৰাকী কবি, সন্ত, উত্তৰ ভাৰতৰ এগৰাকী ধৰ্মগুৰু। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব[2][3][4] সন্ত গৰিব দাসৰ সতগুৰু গ্ৰন্থ চাহাব,[5] আৰু ধৰ্মদাসৰ কবীৰসাগৰত পোৱা যায়।[6][7][8] আজি কবীৰ হিন্দু, শিখ আৰু ইছলাম ধৰ্ম,বিশেষকৈ চুফী ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব।[9] বৰ্তমানৰ উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰত জন্মগ্ৰহণ কৰা তেখেতে সংগঠিত ধৰ্মৰ সমালোচনা কৰাৰ বাবে পৰিচিত। তেওঁ যিবোৰক সকলো ধৰ্মৰ অৰ্থহীন আৰু অনৈতিক প্ৰথা বুলি গণ্য কৰে, মূলতঃ হিন্দু আৰু মুছলমান ধৰ্মৰ ভুল প্ৰথা বুলি গণ্য কৰা কথাবোৰক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ জীৱনকালত তেওঁৰ মতামতৰ বাবে হিন্দু আৰু মুছলমান উভয়ৰে ভাবুকি আহিছিল। তেওঁৰ মৃত্যুৰ সময়ত কেইবাজনো হিন্দু আৰু তেওঁ প্ৰেৰণা দিয়া মুছলমানে তেওঁক নিজৰ বুলি দাবী কৰিছিল। কবীৰে পৰামৰ্শ দিছিল যে "সত্য" সেই ব্যক্তিজনৰ লগত থাকে যিজন ধাৰ্মিকতাৰ পথত আছে, জীৱিত আৰু অজীৱিত সকলো বস্তুকে ঐশ্বৰিক বুলি গণ্য কৰে আৰু যিজন জগতৰ কাম-কাজৰ পৰা নিষ্ক্ৰিয়ভাৱে বিচ্ছিন্ন হৈ থাকে। সত্য জানিবলৈ কবীৰে পৰামৰ্শ দিলে যে "মই" বা ইগো বাদ দিয়ক। কবীৰৰ উত্তৰাধিকাৰ কবীৰ পন্থ ("কবীৰৰ পথ")ৰ জৰিয়তে জীয়াই আছে আৰু চলি আছে, যিটো ধৰ্মীয় সম্প্ৰদায়ে তেওঁক নিজৰ প্ৰতিষ্ঠাপক হিচাপে স্বীকৃতি দিয়ে আৰু সন্ত মত সম্প্ৰদায়ৰ অন্যতম। ইয়াৰ সদস্যসকলক কবীৰ পন্থী বুলি জনা যায় ৷


কাপোৰ বৈ থকা অৱস্থাত কবীৰৰ এখন চিত্ৰ, (প্ৰায় ১৮২৫ চন)
জন্ম ১৩৯৮
বাৰাণসী
মৃত্যু ১৫১৮
মঘৰ, লোধী ৰাজ্য
আগ্ৰহ

প্ৰাথমিক জীৱন আৰু পটভূমি

সম্পাদনা কৰক

কবীৰৰ জন্ম-মৃত্যুৰ বছৰবোৰ অনিশ্চিত। কিছুমান ইতিহাসবিদ কবীৰৰ জীৱনকাল হিচাপে ১৩৯৮–১৪৪৮ চনৰ পক্ষপাতী, আনহাতে আন কিছুমান ১৪৪০–১৫১৮ চনৰ পক্ষপাতী।[10][11] সাধাৰণতে কবীৰৰ জন্ম ১৩৯৮ চনত (বিক্ৰমাব্দ ১৪৫৫), জ্যেষ্ঠ মাহৰ পূৰ্ণিমাৰ দিনা (ঐতিহাসিক হিন্দু পঞ্জিকা অনুসৰি বিক্ৰম সম্বত ১৪৫৫ )হোৱা বুলি বিশ্বাস কৰা হয়।[12]কবীৰৰ জন্মৰ পৰিস্থিতিৰ ওপৰত বহুতো বিদ্বানৰ মাজত বিতৰ্ক চলি আছে। কবীৰৰ বহু অনুগামীৰ মতে তেওঁ পোহৰৰ শৰীৰ ধাৰণ কৰি সত্যলোকৰ পৰা আহিছিল, আৰু পদুম ফুলৰ ওপৰত অবতীৰ্ণ হৈছিল আৰু দাবী কৰে যে এই কাণ্ডৰ প্ৰত্যক্ষ সাক্ষী আছিল অষ্টানন্দ ঋষি, যি নিজেই লহৰতৰা পুখুৰীৰ পাৰত ধ্যানত মগ্ন আছিল। কেইটামান বিৱৰণীত উল্লেখ আছে যে লহৰতৰা হ্ৰদত শিশুৰ ৰূপত কবীৰক নিৰু নামৰ এজন মুছলমান শিপিনী আৰু তেওঁৰ পত্নী নিমাই পাই লৈ আহিছিল আৰু পিতৃ-মাতৃ হিচাপে ডাঙৰ-দীঘল কৰিছিল। [13] কবীৰৰ ভক্তি কবি-সাধু স্বামী ৰামানন্দৰ বহু শিষ্যৰ ভিতৰত অন্যতম আছিল বুলি বিশ্বাস কৰা হয়, যিজন ভক্তিমূলক বৈষ্ণৱ ধৰ্মৰ বাবে পৰিচিত আছিল আৰু প্ৰতিজন ব্যক্তি আৰু সকলো বস্তুৰ ভিতৰত ঈশ্বৰ আছে বুলি শিকোৱা একতাবাদী অদ্বৈত দৰ্শনৰ প্ৰতি তেওঁৰ প্ৰবল আগ্ৰহ আছিল ।[14][15][16] তেওঁৰ জীৱনৰ আদিম গ্ৰন্থসমূহে তেওঁক হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাৰ লগতে ইছলামৰ চুফী পৰম্পৰাৰ সৈতেও স্থান দিছে। ইৰফান হাবিবৰ মতে, পাৰ্চী গ্ৰন্থ ডাবেস্তান-ই মাজাহেবৰ দুটা পাণ্ডুলিপি সংস্কৰণেই কবীৰৰ বিষয়ে জীৱনীমূলক তথ্য থকা আদিম গ্ৰন্থ।[17] দবেস্তান -ই-মাজাহেবে কবীৰ এজন "বৈৰাগী" (বৈষ্ণৱ যোগী) বুলি উল্লেখ কৰিছে আৰু তেওঁ ৰামানন্দৰ শিষ্য বুলি উল্লেখ কৰিছে (গ্ৰন্থখনত তেওঁক বাৰে বাৰে "গেং" বুলি উল্লেখ কৰা হৈছে)। কবীৰৰ পৰিয়ালটো বাৰাণসী (বানাৰস)ৰ কবীৰ চৌৰা অঞ্চলত বাস কৰা বুলি অনুমান কৰা হৈছে ৷ কবীৰ চৌৰাৰ পিছফালৰ আলিবাটত অৱস্থিত কবীৰ মঠটোৱে (कबीरमठ) তেওঁৰ জীৱন আৰু সময়ক উদযাপন কৰে। এই সম্পত্তিৰ লগত নীৰুটীলা (नीरू टीला) নামৰ এটা ঘৰ আছে য'ত নিৰু আৰু নিমাৰ কবৰ আছে।[18]

কবীৰৰ কবিতা সাধুক্কাড়ী ভাষাত আছিল, যিটো খড়ীবোলী , ব্ৰজ , ভোজপুৰী আৰু অৱধি আদি বিভিন্ন উপভাষাৰ শব্দৰ সমন্বিত ৰূপ৷ কবীৰে বিশুদ্ধ ভোজপুৰীতো লিখিছিল , যেনে তেওঁৰ “ম’ৰ হীৰা হেৰাইল বা কিচড়ে মে”ৰ দৰে কবিতা বিশুদ্ধ ভোজপুৰীতে লিখা হৈছে। [19]সেইবোৰে জীৱনৰ বিভিন্ন দিশ সামৰি লৈ ঈশ্বৰৰ প্ৰতি প্ৰেমময় ভক্তিৰ আহ্বান জনায়। কবীৰে তেওঁৰ দোহাসমূহ সহজ শব্দৰে ৰচনা কৰিছিল। তেওঁৰ বেছিভাগ কামেই ভক্তি, ৰহস্যবাদ আৰু অনুশাসনৰ সৈতে জড়িত আছিল।[20]

য'ত বসন্ত, ঋতুৰ প্ৰভুৱে ৰাজত্ব কৰে,
তাতেই নিজৰ অপ্ৰভাৱিত সংগীতৰ শব্দ,
তাত পোহৰৰ ধাৰাবোৰ সকলো দিশতে বৈ যায়,
সেই পাৰলৈ পাৰ হ'ব পৰা মানুহ কম!
য'ত লাখ লাখ কৃষ্ণ হাতযোৰ কৰি থিয় হৈ আছে,
য'ত লাখ লাখ বিষ্ণুৱে মূৰ দোঁৱায়,
য'ত লাখ লাখ ব্ৰহ্মাই বেদ পাঠ কৰি আছে,
য'ত লাখ লাখ শিৱ চিন্তাত হেৰাই যায়,
য'ত আকাশত লাখ লাখ ইন্দ্ৰ
বাস কৰে,
য'ত উপদেৱতা আৰু মুনি অসংখ্য আছে,
য'ত লাখ লাখ সৰস্বতী, সংগীতৰ দেৱীয়ে বীণা বজায়,
তাতেই মোৰ প্ৰভু স্ব-প্ৰকাশিত, আৰু সেই গভীৰতাত চন্দন আৰু ফুলৰ গোন্ধ বাস কৰে।

—কবীৰ, II.57, অনুবাদ ৰবীন্দ্ৰনাথ ঠাকুৰে[21]

কবীৰ আৰু তেওঁৰ অনুগামীসকলে তেওঁৰ মৌখিকভাৱে ৰচিত তত্ত্বজ্ঞানৰ কবিতাসমূহৰ নাম "বাণী" (উক্তি) বুলি ৰাখিছিল। ইয়াৰ ভিতৰত আছে গীত আৰু দ্বিপদী কবিতা, যাক বিভিন্ন নামেৰে দোহা, শ্লোক (সংস্কৃত: শ্ৰোকা), বা সাখী (সংস্কৃত: সাক্ষী) বুলি কোৱা হয়। শেষৰ শব্দ “সাখী”ৰ অৰ্থ হৈছে "সাক্ষী", ইয়াৰ তাৎপৰ্য এইযে কবিতাবোৰ হৈছে সত্যৰ প্ৰমাণ।[22] কবীৰক উচৰ্গা কৰা সাহিত্যকৰ্ম আৰু ৰচনাসমূহৰ ভিতৰত কবীৰ বিজক , কবীৰ পৰাচাই, সাখী গ্ৰন্থ, আদি গ্ৰন্থ (শিখ), আৰু কবীৰ গ্ৰন্থাৱলী (ৰাজস্থান) আদি উল্লেখযোগ্য। [23] কিন্তু আদি গ্ৰন্থৰ বাদে এই গ্ৰন্থসমূহৰ যথেষ্ট ভিন্ন সংস্কৰণ আছে আৰু কোনটো অধিক মৌলিক সেয়া স্পষ্ট নহয়; উদাহৰণস্বৰূপে, কবীৰ বিজকৰ দুটা ডাঙৰ সংস্কৰণ আছে। [24] কবীৰৰ ওপৰত লিখা বিভিন্ন সংস্কৰণ আৰু অনুবাদৰ আটাইতকৈ গভীৰ পাণ্ডিত্যপূৰ্ণ বিশ্লেষণৰ কৃতিত্ব ২০ শতিকাৰ ফৰাচী পণ্ডিত চাৰ্লট ভ'ডভিলক দিয়া হয়। [24] ৱেষ্টকটৰ ৰচনা “কবীৰ আৰু কবীৰ পন্থ”ত উল্লেখ কৰা মতে ৮২ খন গ্ৰন্থ কবীৰক উচৰ্গা কৰা হৈছে। শ্যামসুন্দৰ দাসে নিজেই দুখন চিহ্নিত পাণ্ডুলিপি পোহৰলৈ আনে যিবোৰ তেওঁ ১৯২৮ চনত প্ৰকাশ কৰে। তাৰে এখন পাণ্ডুলিপিয়ে ১৫০৪ আৰু আনখনে ১৮২৪ চনৰ সাক্ষ্য বহন কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] কবীৰৰ কবিতাসমূহ পঞ্চদশ শতিকাত মৌখিকভাৱে ৰচনা কৰা হৈছিল আৰু ১৭ শতিকাৰ মাজেৰে মুখে মুখে প্ৰচাৰিত হৈছিল। সপ্তদশ শতিকাত প্ৰথমবাৰৰ বাবে কবীৰ বিজক সংকলন কৰা আৰু লিখা হৈছিল। পণ্ডিতসকলে কয় যে ভৌগোলিক সীমা পাৰ কৰি আৰু বহু প্ৰজন্মৰ মাজেৰে হৈ থকা এই মৌখিক প্ৰচাৰে কবিতাসমূহত পৰিৱৰ্তন, আন্তঃপ্ৰৱেশ আৰু দুৰ্নীতিৰ জন্ম দিছে। তদুপৰি, গোটেই গীতবোৰ সৃষ্টিশীলভাৱে ৰচনা কৰা হৈছিল আৰু অজ্ঞাত লেখকে নতুন দ্বিপদী সুমুৱাই দিছিল আৰু কবীৰৰ নামত উচৰ্গা কৰিছিল, অৱশ্যে শঠতাৰ বাবে নহয়, তেওঁৰ প্ৰতি সন্মান আৰু ভাৰতীয় সাহিত্যিক ৰচনাত পোৱা বেনামী মৌখিক পৰম্পৰাৰ সৃষ্টিশীল সজীৱতাৰ বাবেহে। পণ্ডিতসকলে প্ৰকৃততে কবীৰ আৰু ইয়াৰ ঐতিহাসিক মূল্যৰ পৰা অহা কবিতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে।

প্ৰামাণ্যতা

সম্পাদনা কৰক

কবীৰৰ কবিতা বিভিন্ন প্ৰকাশন আৰু ৱেবছাইটত পোৱা যায় যদিও প্ৰামাণ্যতাৰ আলোচনা অব্যাহত আছে। [25]শতিকাবোৰৰ মাজেৰে সৰু সৰু পৰিৱৰ্তন হোৱাটো নিশ্চিত যেন লাগে আৰু আনৰ দ্বাৰা লিখা কবিতাক কবীৰৰ বুলি কোৱাটোও সম্ভৱ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইংৰাজী অনুবাদ আৰু সংকলন Songs of Kabir ৰ প্ৰথম প্ৰকাশ ১৯১৫ চনত হৈছিল আৰু ই এক কালজয়ী সাহিত্য যাৰ পুনৰ্মুদ্ৰণ আৰু প্ৰচাৰ বিশেষকৈ পশ্চিমীয়া দেশবোৰত হৈছিল।[26]এজন সমালোচকে (ভি চি মিশ্ৰ) ইমানলৈকে কৈছে যে ইয়াৰ শতাধিক কবিতাৰ ভিতৰত মাত্ৰ ছটা কবিতাহে প্ৰামাণিক আৰু অনুবাদকে ২০ শতিকাৰ আৰম্ভণিৰ ধৰ্মতত্ত্বৰ দৃষ্টিভংগী কবীৰৰ ওপৰত প্ৰক্ষেপ কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। একেটা ৰচনাতে আৰু কোৱা হৈছে যে তথাপিও অনুমান কৰা অপ্ৰামাণিক কবিতাসমূহ মধ্যযুগীয় ভাৰতৰ ভক্তি আন্দোলনৰ অন্তৰ্গত আৰু হয়তো কবীৰৰ পিছৰ প্ৰশংসকসকলে ৰচনা কৰিছিল।

 
নামদেৱ, ৰাইদাস আৰু পিপাজীৰ সৈতে কবীৰ। জয়পুৰ, ১৯ শতিকাৰ আৰম্ভণি

লিণ্ডা হেছৰ মতে, "আধুনিক একাংশ ধাৰাভাষ্যকাৰে কবীৰক হিন্দু আৰু ইছলামৰ সংশ্লেষক হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে; কিন্তু ছবিখন মিছা। তেওঁ উচিত বুলি ভবাৰ দৰে বিভিন্ন পৰম্পৰাৰ ওপৰত মাত মাতোঁতে কবীৰে জোৰ দি নিজৰ দেশৰ দুয়ো প্ৰধান ধৰ্মৰ পৰা নিজৰ স্বকীয়তা বজাই ৰাখি স্বাধীন হৈ চলিছিল। তেখেতে এই ধৰ্মসমূহৰ মূৰ্খামি বুলি ভবা কথাবোৰক জোৰদাৰভাৱে আক্ৰমণ কৰিছিল আৰু নিজকে তেওঁৰ শিষ্য বুলি দাবী কৰাসকলৰ মাজতো একেধৰণৰ স্বশাসন আৰু সাহসৰ জুই জ্বলাবলৈ চেষ্টা কৰিছিল তেওঁ তেওঁলোকৰ পৰিভাষা আৰু ধাৰণাসমূহ গ্ৰহণ কৰিছিল, কিন্তু দুয়োকে তীব্ৰভাৱে সমালোচনা কৰিছিল। [27][28] তেওঁ যিকোনো পবিত্ৰ গ্ৰন্থৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, যিদৰে কবীৰ গ্ৰন্থাৱলীত তলত উল্লেখ কৰা হৈছে।

কিতাপৰ পিছত কিতাপ পঢ়ি গোটেই পৃথিৱীখন মৰি গ’ল,
আৰু কোনোৱেই কেতিয়াও শিক্ষিত নহ’ল!
কিন্তু মূল পদাৰ্থ বুজি পোৱাটোৱেই তেওঁলোকক জ্ঞান লাভ কৰিবলৈ বাধ্য কৰাইছিল!

—কবীৰ গ্ৰন্থাৱলী, XXXIII.3 , অনুবাদ চাৰ্লট ভ'ডভিলৰ দ্বাৰা[29]

বহু পণ্ডিতে কবীৰৰ দৰ্শনক হিন্দু–মুছলমান ঐক্য বা নতুন ধৰ্মীয় পৰম্পৰাৰ স্বতন্ত্ৰ সংশ্লেষণৰ প্ৰস্তাৱ দিবলৈ চেষ্টা কৰাতকৈ ধৰ্মৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি ব্যাখ্যা কৰে। ইছলাম আৰু হিন্দু ধৰ্মকে ধৰি তেওঁৰ দিনৰ বিভিন্ন ধৰ্মীয় প্ৰথাত প্ৰকাশ পোৱা ভণ্ডামি আৰু বিপথে পৰিচালিত আচাৰ-ব্যৱহাৰ কবীৰে নাকচ কৰিছিল। [30]

সন্তসকল, মই দুয়োটা দিশতে দেখিছো।
হিন্দু মুছলমানে অনুশাসন নিবিচাৰে, সোৱাদযুক্ত খাদ্য বিচাৰে।
হিন্দুসকলে একাদশীৰ উপবাস ৰাখে,
কাঠবাদাম আৰু গাখীৰ খায়।
তেওঁ নিজৰ শস্যক নিয়ন্ত্ৰণ কৰে কিন্তু মগজুক নহয়,
আৰু মাংস খাই উপবাস ভংগ কৰে।
তুৰ্কীসকলে [মুছলমান] দৈনিক নামাজ পঢ়ে, বছৰত এবাৰ ৰোজা কৰে, আৰু
চিঞৰে "ঈশ্বৰ!, ঈশ্বৰ!" কুকুৰাৰ দৰে।
আন্ধাৰত কুকুৰা হত্যা কৰা মানুহৰ বাবে কি স্বৰ্গ সংৰক্ষিত?
দয়া আৰু মমতাৰ পৰিবৰ্তে তেওঁলোকে সকলো কামনা প্ৰকাশ কৰি দিছে।
এজনে একে ঘাপতে মাৰি পেলায়, এজনে তেজ তললৈ নিগৰিবলৈ দিয়ে,
দুয়োটা ঘৰতে একেটা জুই জ্বলায়।
তুৰ্কী আৰু হিন্দুৰ এটাই গতি আছে,
গুৰুজনে স্পষ্ট কৰি দিলে।
ৰাম নকবা, খুদা [আল্লাহ] নকবা, কবীৰেও কৈছে।

—কবীৰ, শব্দ ১০, অনুবাদ লিণ্ডা হেছ আৰু শুকদেও সিং[31]

বিজকত কবীৰে বৌদ্ধ ধৰ্মৰ বুদ্ধৰ দৰে অৱতাৰক প্ৰাৰ্থনা কৰাৰ প্ৰথাক উপহাস কৰি কয় যে "মাষ্টৰ বুদ্ধক মাতিব নালাগে, তেওঁ চয়তানক দমন নকৰিলে" । [32][33] কবীৰে মানুহক ভিতৰলৈ চাবলৈ আৰু সকলো মানুহকে ঈশ্বৰৰ জীৱিত ৰূপৰ প্ৰকাশ হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনাইছিল:

যদি ভগৱান মছজিদৰ ভিতৰত থাকে তেন্তে এই পৃথিৱী কাৰ?
যদি ৰাম তীৰ্থযাত্ৰাত পোৱা প্ৰতিমূৰ্তিৰ ভিতৰত থাকে,
তেন্তে তাৰ অবিহনে কি হয় জানিবলৈ কোন আছে?
হৰি পূবত, আল্লাহ পশ্চিমত।
হৃদয়ৰ ভিতৰলৈ চাওক,
কিয়নো তাত কৰিম আৰু ৰাম দুয়োকে পাব;
জগতৰ সকলো পুৰুষ-মহিলা তেওঁৰ জীৱিত ৰূপ।
কবীৰ আল্লাহ আৰু ৰামৰ সন্তান: তেওঁ মোৰ গুৰু, তেওঁ মোৰ পীৰ।

—কবীৰ, তৃতীয়.২, অনুবাদ ৰবীন্দ্ৰনাথ ঠাকুৰ[34]

চাৰ্লট ভ’ডেভিলে কৈছে যে ভক্তি আন্দোলনৰ কবীৰ আৰু অন্যান্য সন্তসকলৰ দৰ্শন হৈছে নিৰপেক্ষৰ সন্ধান। এই নিৰপেক্ষৰ ধাৰণাটো হৈছে নিৰ্গুণ যিটো, ভ'ডভিলে লিখিছে, " ব্ৰহ্ম-আত্মৰ উপনিষদীয় ধাৰণা আৰু বেদান্ত পৰম্পৰাৰ একক অদ্বৈত ব্যাখ্যা, যিয়ে আত্মা [মানুহৰ ভিতৰত] আৰু ঈশ্বৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্যক অস্বীকাৰ কৰে, আৰু মানুহক নিজৰ ভিতৰতে নিজৰ প্ৰকৃত ঐশ্বৰিক স্বভাৱক চিনি পাবলৈ আহ্বান জনায়"। ভ'ডভিলে লক্ষ্য কৰিছে যে কবীৰ আৰু অন্যান্য ভক্তি সন্তসকলৰ এই দৰ্শন স্ব-বিৰোধী, কাৰণ যদি ঈশ্বৰ ভিতৰত থাকে, তেন্তে সেয়া হ'ব সকলো বাহ্যিক ভক্তি বিলুপ্ত কৰাৰ আহ্বান । কবীৰৰ শিক্ষাৰ এই অসামঞ্জস্যই হয়তো "ঈশ্বৰৰ সৈতে মিলন"ক "ঈশ্বৰৰ সৈতে একত্ৰিত হোৱা বা সকলো সত্তাত একতা"ৰ ধাৰণাটোৰ পৰা পৃথক কৰি তুলিছিল। নতুবা, ভ’ডেভিলে কয় যে সগুণ প্ৰেম-ভক্তি (সহজ ভক্তি)ক হয়তো একেশ্বৰবাদৰ বাহিৰৰ এক সাৰ্বজনীন নিৰ্গুণ ব্ৰহ্মৰ আত্ম-উপলব্ধি দিশত যাত্ৰা হিচাপে প্ৰস্তাৱ কৰা হৈছিল। ডেভিদ এন লৰেঞ্জেন আৰু এড্ৰিয়ান মুনোজে কবীৰৰ দৰ্শনত ঈশ্বৰৰ এই ধাৰণাসমূহক নিৰ্গুণ ব্ৰহ্ম হিচাপে আদি শংকৰৰ হিন্দু ধৰ্মৰ অদ্বৈত বেদান্ত বিদ্যালয়ৰ ওপৰত থকা তত্ত্বসমূহৰ পৰা অনুসন্ধান কৰিছে যদিও কিছু পাৰ্থক্য আছে।

ইছলামৰ প্ৰভাৱ

সম্পাদনা কৰক

লৰেঞ্জেনে তেওঁৰ ৰচনা “কবীৰৰ দৰ্শন আৰু কবিতা”ৰ পৰ্যালোচনাত লিখিছে, "কবীৰে ইছলামৰ পৰা কিমানখিনি উপাদান ধাৰলৈ লৈছিল সেয়া বিতৰ্কিত। শেহতীয়াকৈ বহু পণ্ডিতে যুক্তি দিছে যে তেওঁ পোনেই ইছলামক প্ৰত্যাখ্যান কৰিছিল আৰু তেওঁৰ প্ৰায় সকলো ধাৰণা আৰু বিশ্বাস হিন্দু পৰম্পৰাৰ পৰা লৈছিল। সমসাময়িক কবীৰ পন্থৰ সাধুসকলেও মোটামুটিভাৱে একেটা যুক্তি আগবঢ়ায়। তেওঁৰ গীত আৰু পদ্যত ব্যৱহৃত শব্দভাণ্ডাৰৰ বেছিভাগেই হিন্দু পৰম্পৰাৰ পৰা পোনপটীয়াকৈ ধাৰ কৰা হৈছে। কিছুমান পণ্ডিতে কয় যে কবীৰৰ কিছুমান কবিতাৰ যৌন চিত্ৰকল্পই ৰহস্যময় চুফী ইছলাম প্ৰভাৱ প্ৰতিফলিত কৰে, য’তনেকি কবীৰে মিলনৰ বাবে হাহাকাৰ কৰা এগৰাকী দেৱী আৰু ভকতৰ পৰম্পৰাগত চুফী প্ৰতিনিধিত্বক ওলোটা কৰি দিয়ে আৰু ইয়াৰ পৰিৱৰ্তে ভগৱান-স্বামী আৰু ভক্ত-কইনাৰ চিত্ৰকল্প ব্যৱহাৰ কৰা হৈছে ইয়াৰ বিপৰীতে আন পণ্ডিতসকলে কয় যে চুফী ধাৰণাসমূহে কবীৰৰ দৰে ভক্তি সন্তসকলৰ ওপৰত প্ৰভাৱ পেলাইছিল নে ইয়াৰ বিপৰীতটো ঘটিছিল সেয়া স্পষ্ট নহয়, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইহঁত সম্ভৱতঃ পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে সহ-বিকশিত হৈছিল ।[35] কবীৰে ইছলাম এৰিলে বুলি ৰ’নাল্ড মেকগ্ৰেগৰে কয়। [8] তথাপিও কবীৰে মুছলমানসকলে গৰু হত্যা আৰু গৰু খোৱাৰ দৰে প্ৰথাক সমালোচনা কৰিছিল, যিদৰে হিন্দুসকলে সেই প্ৰথাক সমালোচনা কৰিছিল:

আমি তুৰাকী ধৰম ( তুৰ্কীৰ ধৰ্ম , ইছলাম) বুজবিচাৰ কৰিছোঁ , এই শিক্ষকসকলে বহু অত্যাচাৰ কৰে,
অসাৱধানতাৰে নিজৰ উদ্দেশ্য বুজাই দিওঁতে সীমাহীন অহংকাৰ প্ৰদৰ্শন কৰে, গৰু হত্যা কৰে।
ধাত্ৰীৰ দৰে গাখীৰ খুওৱা মাকক সিহঁতে কেনেকৈ মাৰিব পাৰিছে ?
ডেকা-বুঢ়াই গাখীৰৰ পুডিং খায়, কিন্তু এই মূৰ্খবোৰে গৰুৰ শৰীৰ খায়।
এই মূৰ্খবোৰে একো নাজানে, অজ্ঞানতাত ঘূৰি ফুৰে,
নিজৰ হৃদয়লৈ নোচোৱাকৈ, কেনেকৈ স্বৰ্গত উপনীত হ’ব পাৰি?

— কবীৰ, ৰমাইনী ১ ,  অনুবাদ ডেভিড লৰেঞ্জেন [36]

নিৰ্যাতন আৰু সামাজিক প্ৰভৱ

সম্পাদনা কৰক

কবীৰৰ দ্বিপদী কবিতা সমূহৰ পৰা অনুমান কৰিব পাৰি যে তেওঁৰ মতামতৰ বাবে তেওঁক নিৰ্যাতন চলোৱা হৈছিল, তেওঁ জীয়াই থকাৰ সময়ত। তেওঁ উদাহৰণস্বৰূপে কৈছিল,

সন্তসকল, মই দেখিছোঁ পৃথিৱীখন উন্মাদ।
যদি মই সঁচা কথা কওঁ তেন্তে তেওঁলোকে মোক মাৰিবলৈ লৰালৰি কৰে,
যদি মই মিছা কওঁ তেন্তে তেওঁলোকে মোক বিশ্বাস কৰে।

—  কবীৰ, শব্দ - ৪[37]

নিৰ্যাতন আৰু অপবাদৰ প্ৰত্যুত্তৰত কবীৰে এইবোৰক আদৰি লৈছিল। তেওঁ নিন্দাকাৰীজনক বন্ধু বুলি অভিহিত কৰিছিল, নিন্দাটোৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল, কাৰণ ই তেওঁক তেওঁৰ ঈশ্বৰৰ ওচৰলৈ লৈ গৈছিল। [38] উইনাণ্ড কেলেৱাৰ্টে হিন্দু ধৰ্মৰ ভিতৰত যোদ্ধা-তপস্বী দাদুপন্থী পৰম্পৰাত কবীৰৰ বুলি কোৱা এটা কবিতাৰ অনুবাদ এনেদৰে কৰিছে:[39]

নিন্দা কৰাজনক আপোনাৰ ওচৰতে ৰাখক, আপোনাৰ চোতালত তাক এটা জুপুৰি সাজি লওক —
কাৰণ, চাবোন বা পানী নোহোৱাকৈয়ে তেওঁ আপোনাৰ চৰিত্ৰটো পৰিষ্কাৰ কৰি ধুই পেলাব।

— কবীৰ, সাখী ২৩.৪[39]

কবীৰৰ বিষয়ে কিংবদন্তিসমূহে তেওঁক দুৰ্বলতৰ ব্যক্তি হিচাপে বৰ্ণনা কৰিছে, কবীৰ তথাপিও চুলতান , ব্ৰাহ্মণ , কাজী , বণিক , দেৱতা বা দেৱীৰ পৰীক্ষাত বিজয়ী হয়। কিংবদন্তিবোৰত থকা মতাদৰ্শগত বাৰ্তাবোৰে দুখীয়া আৰু নিপীড়িত লোকক আকৰ্ষণ কৰিছিল। ডেভিদ লৰেঞ্জেনৰ মতে কবীৰৰ বিষয়ে কিংবদন্তিসমূহে "সামাজিক বৈষম্য আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ" প্ৰতিফলিত কৰে, ইয়াত ধনী আৰু শক্তিশালীৰ নহয়, দুখীয়া আৰু শক্তিহীনৰ দৃষ্টিভংগী উপস্থাপন কৰা হয়। কিন্তু বহু পণ্ডিতে এই নিৰ্যাতনৰ কিংবদন্তিসমূহৰ প্ৰামাণিকতাক সন্দেহ কৰে, কোনো সমৰ্থনকাৰী প্ৰমাণৰ অভাৱৰ দিশটো আঙুলিয়াই দিয়ে, কোনো মুছলমান চুলতানে হিন্দু ব্ৰাহ্মণৰ পৰা আদেশ লোৱাৰ সম্ভাৱনা বা কবীৰৰ নিজৰ মাকে চুলতানক কবীৰক শাস্তি দিবলৈ দাবী কৰাৰ সম্ভাৱনা কম বুলি গণ্য কৰে আৰু কবীৰৰ ওপৰত কিংবদন্তিসমূহৰ ঐতিহাসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰে।[40]

উত্তৰাধিকাৰ

সম্পাদনা কৰক
 
কবীৰক চিত্ৰিত কৰা ভাৰতীয় ডাক টিকট, ১৯৫২
 
পৰিচাৰকৰ সৈতে ভগত কবীৰৰ চিত্ৰকলা, প্ৰায় ১৭ শতিকাৰ শেষৰ ফালে

কবীৰ সাহিত্যৰ উত্তৰাধিকাৰ তেওঁৰ দুজন শিষ্য ভাগোদাস আৰু ধৰ্মদাসে প্ৰচাৰ কৰিছিল । কবীৰৰ গীতসমূহ সমগ্ৰ ভাৰতৰ ভিক্ষাৰীসকলৰ পৰা ক্ষীতিমোহন সেনে সংগ্ৰহ কৰিছিল , এইবোৰ তাৰ পিছত ইংৰাজীলৈ অনুবাদ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। [26] কবীৰ গীতৰ নতুন ইংৰাজী অনুবাদ অৰবিন্দ কৃষ্ণ মেহৰোত্ৰাই কৰিছে ৷ আগষ্ট ক্লেইনজাহলাৰে এই বিষয়ে লিখিছে: "কবীৰৰ কবিতাৰ উগ্ৰতা আৰু আকস্মিক স্বতঃফুৰ্ত ( ইম্প্ৰভাইজেচনেল ) শক্তিক ধৰি ৰখাত সফল হৈছে মেহৰোত্ৰাই"। কবীৰৰ উত্তৰাধিকাৰ কবীৰ পন্থে ("কবীৰৰ পথ") আগবঢ়াই লৈ গৈছে, যিটো ধৰ্মীয় সম্প্ৰদায়ে তেওঁক নিজৰ প্ৰতিষ্ঠাপক হিচাপে স্বীকৃতি দিয়ে আৰু ই সন্ত মত সম্প্ৰদায়ৰ অন্যতম। এই সম্প্ৰদায়টো কবীৰৰ মৃত্যুৰ বহু শতিকাৰ পিছত, ভাৰতৰ বিভিন্ন ঠাইত, সোতৰ আৰু অষ্টাদশ শতিকাৰ ভিতৰত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ সদস্য, যাক কবীৰ পন্থী বুলি জনা যায় , প্ৰায় ৯৬ লাখ বুলি অনুমান কৰা হৈছে। উত্তৰ আৰু মধ্য ভাৰতত বিয়পি পৰাৰ লগতে সমগ্ৰ বিশ্বতে ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে বিয়পি আছে , ১৯০১ চনৰ লোকপিয়লত এই সংখ্যা ৮৪৩,১৭১ আছিল। বেনাৰসত অৱস্থিত কবীৰক উচৰ্গা কৰা দুটা মন্দিৰ ৷ ইয়াৰে এটা হিন্দুৱে , আনটো মুছলমানে ৰক্ষণাবেক্ষণ কৰে। দুয়োখন মন্দিৰতে একেধৰণৰ পূজা-অৰ্চনা কৰে য’ত তেওঁৰ গীতসমূহ নিতৌ গোৱা হয়। আৰতি আৰু প্ৰসাদ বিতৰণৰ অন্যান্য অনুষ্ঠানসমূহ আন হিন্দু মন্দিৰৰ দৰেই ৷ কবীৰৰ অনুগামীসকল নিৰামিষভোজী আৰু সুৰাৰ পৰা বিৰত থাকে।

কবীৰ, গুৰু নানক আৰু গুৰু গ্ৰন্থ চাহাব

সম্পাদনা কৰক
 
গুৰু নানক (সোঁফালে) আৰু ভাই মৰ্দনা (অগ্ৰভূমি) ভগত কবীৰ (বাওঁফালে)ৰ সৈতে। এই চিত্ৰখন বি-৪০ জনমসাখী, ১৭৩৩ চনত লিখা আৰু অংকন কৰা এই ছবিখন আলম চান্দ ৰাজে নিৰ্মাণ কৰিছিল

কবীৰৰ পদসমূহৰ লগতে কবীৰক আৰোপ কৰা অশিখসকলৰ আটাইতকৈ ডাঙৰ অৱদান গঠন কৰা পদসমূহো শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ 'আদি গ্ৰন্থ'ত অন্তৰ্ভুক্ত কৰা হৈছিল। কিছুমান পণ্ডিতে কয় যে কবীৰৰ ধাৰণাবোৰ গুৰু নানকৰ ওপৰত বহুতো প্ৰভাৱৰ ভিতৰত অন্যতম আছিল , যিয়ে পোন্ধৰ শতিকাত শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। আন আন শিখ পণ্ডিতসকলে কবীৰ আৰু নানকৰ মতামত আৰু আচাৰ-ব্যৱহাৰৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি এই কথাত একমত নহয়। হিউ মেকলিয়ডৰ উদ্ধৃতি দি হৰপ্ৰীত সিঙে কৈছে, "প্ৰাথমিক পৰ্যায়ত শিখ ধৰ্ম স্পষ্টভাৱে হিন্দু পৰম্পৰাৰ ভিতৰৰ আন্দোলন আছিল; নানক হিন্দু হিচাপে ডাঙৰ-দীঘল হৈছিল আৰু শেষত উত্তৰ ভাৰতৰ সন্ত পৰম্পৰাৰ অন্তৰ্গত হৈছিল, যিটো আন্দোলন বিশিষ্ট কবি আৰু ৰহস্যবাদী কবীৰৰ সৈতে জড়িত আছিল।" সুৰজিৎ সিং গান্ধীয়ে এই কথাত একমত নহয়, আৰু লিখিছে, "গুৰু নানক তেওঁৰ চিন্তাধাৰাৰ লগতে কৰ্ম আৰ্হিতো কবীৰৰ পৰা মৌলিকভাৱে পৃথক আছিল আৰু একেই কাৰণতে অন্যান্য উগ্ৰ ভক্ত বা সন্তৰ পৰাও, (সাধুক মেকলিয়ডে এনে ভক্তৰ বাবে ভুলকৈ ব্যৱহাৰ কৰিছে)।" সেয়েহে কবীৰে গুৰু নানকৰ ওপৰত প্ৰভাৱ পেলোৱাটো ঐতিহাসিক আৰু ধৰ্মতত্ত্ব দুয়োটা দিশৰ পৰাই ভুল। মেকলিয়ডে গুৰু নানকক কবীৰক অন্তৰ্ভুক্ত কৰা সন্ত পৰম্পৰাত স্থান দিছে আৰু তেওঁলোকৰ মৌলিক মতবাদসমূহ গুৰু নানকে পুনৰুত্পাদন কৰিছিল বুলি উল্লেখ কৰিছে। জে এছ গ্ৰেৱালে এই মতামতক প্ৰতিদ্বন্দ্বিতা কৰি কয় যে মেকলিয়ডৰ পদ্ধতি ইয়াৰ পৰিসৰত সীমিত কাৰণ, "মেকলিয়েডে কেৱল ধাৰণাহে লক্ষ্য কৰে, অনুশীলনক সম্পূৰ্ণৰূপে আওকাণ কৰে, তেওঁ সাদৃশ্যৰ ওপৰত মনোনিৱেশ কৰে আৰু সকলো পাৰ্থক্যক আওকাণ কৰে"।

জনপ্ৰিয় সংস্কৃতিত

সম্পাদনা কৰক

মূলসুঁতিৰ ভাৰতীয় চলচ্চিত্ৰ সংগীতত কবীৰৰ কবিতাৰ কেইবাটাও ইংগিত পোৱা যায়। চুফী ফিউজন বেণ্ড ইণ্ডিয়ান অ'চেনৰ এলবাম ঝিনিৰ শিৰোনাম গীতটো হৈছে কবীৰৰ পৰিচিত কবিতা The intricately woven blanket ৰ এক শক্তিশালী অনুবাদ, ভাৰতীয় লোক , চুফী পৰম্পৰা আৰু প্ৰগতিশীল ৰকৰ প্ৰভাৱ । নীৰজ আৰিয়াৰ Kabir Cafeই কবীৰৰ দ্বিপদী কবিতা সমূহক সমসাময়িক সংগীতৰ সৈতে একত্ৰিত কৰি ৰক, কৰ্ণাটিক, আৰু লোকসংস্কৃতিৰ উপাদান যোগ কৰে। জনপ্ৰিয় অনুবাদসমূহৰ ভিতৰত আছে ‘হলকে গাড়ী হাঁকো’, ‘চাদৰিয়া ঝিনি’ আৰু ‘চোৰ আৱেগা’। “কবীৰ কেফে”ই দাবী কৰে যে কবীৰৰ পৰামৰ্শৰ দৰেই নিজৰ জীৱনটো জীয়াই থকাৰ ফলত তেওঁলোকে এনে কিছুমান সত্যৰ অভিজ্ঞতা লাভ কৰিছে আৰু ইয়াৰ প্ৰতিফলন তেওঁলোকৰ অভিনয়ত ঘটিছে। বিখ্যাত শাস্ত্ৰীয় গায়ক প্ৰয়াত কুমাৰ গন্ধৰ্ব , কবীৰৰ কবিতাৰ প্ৰতিফলনৰ বাবে সুপৰিচিত। তথ্যচিত্ৰ নিৰ্মাতা শ্ববনম বীৰমানীয়ে , কবীৰ প্ৰকল্পৰ পৰা , বৰ্তমানৰ ভাৰত আৰু পাকিস্তানত কবীৰৰ দৰ্শন, সংগীত আৰু কবিতাৰ সন্ধান কৰি তথ্যচিত্ৰ আৰু গ্ৰন্থৰ ধাৰাবাহিক নিৰ্মাণ কৰিছে। তথ্যচিত্ৰসমূহত প্ৰহ্লাদ টিপানিয়া, মুখতিয়াৰ আলী আৰু পাকিস্তানী কাৱাল ফাৰিদ আয়াজৰ দৰে ভাৰতীয় লোকগায়কক দেখা যায় । ২০১৭ চনত ভাৰতৰ মুম্বাইত কবীৰ উৎসৱৰ আয়োজন কৰা হৈছিল। শুভা মুডগাল আৰু উৰ্চুলা ৰাকৰৰ No Stranger Here এলবামখনে কবীৰৰ কবিতাৰ পৰা বহুখিনি গ্ৰহণ কৰিছে। কবীৰৰ কবিতাই চলচ্চিত্ৰ নিৰ্মাতা আনন্দ গান্ধীৰ ছবি ৰাইট ইয়াৰ ৰাইট নাও (২০০৩) আৰু কন্টিনিউমত বিশিষ্টভাৱে স্থান লাভ কৰিছে। পাকিস্তানী চুফী গায়িকা আবিদা পাৰবীনে কবীৰক সম্পূৰ্ণ এলবামত গাইছে। ভাৰত-কানাডিয়ান বন্দনা বিশ্বাসৰ কবিৰা - দ্য থিংকাৰ শীৰ্ষক এটা সংগীত এলবামত কবীৰ দাস ৰচিত কিছুমান নিৰ্বাচিত কুণ্ডলিয়ান আৰু বিৰল কবিতা সমসাময়িক সংগীত ব্যৱস্থাৰে সন্নিবিষ্ট কৰা হৈছে।

সমালোচনা

সম্পাদনা কৰক

নাৰীক চিত্ৰিত কৰাৰ বাবে কবীৰক সমালোচনা কৰা হৈছে। নিকি-গুণিন্দৰ কৌৰ সিঙে কৈছে, "কবীৰৰ নাৰীৰ মতামত অৱজ্ঞাসূচক আৰু অপমানজনক"। [41][41] ৱেণ্ডী ডনিগাৰে এই সিদ্ধান্তত উপনীত হয় যে কবিৰৰ নাৰীবিদ্বেষ পক্ষপাতিত্বমূলক আছিল। শ্বোমাৰে কয় যে কবীৰৰ বাবে নাৰী হৈছে " কালি নাগিনি (এটা ক'লা ক'ব্ৰা), কুণ্ড নৰক কা (নৰকৰ গাঁত), জুঠানি জগত কি (জগতৰ আৱৰ্জনা)"। কবীৰৰ মতে এগৰাকী নাৰীয়ে পুৰুষৰ আধ্যাত্মিক উন্নতিত বাধা দিয়ে।

পুৰুষৰ ওচৰলৈ আহিলেই নাৰীয়ে সকলো ধ্বংস কৰে;
ভক্তি, মুক্তি আৰু ঐশ্বৰিক জ্ঞান আৰু তেওঁৰ আত্মাত প্ৰৱেশ নকৰে।

— কবীৰ, অনুবাদ নিকি-গুনিন্দৰ কৌৰ সিং [41]

কবীৰৰ লিংগ মতামত সম্পৰ্কে সিঙৰ ব্যাখ্যাৰ বিপৰীতে দাসে আদি গ্ৰন্থৰ ৰাগ আছা শিতানক এনেদৰে ব্যাখ্যা কৰিছে যে কবীৰে এগৰাকী বিবাহিত যুৱতীক মুখত ওৰণি লোৱা বন্ধ কৰিবলৈ কয়, আৰু এনে সামাজিক অভ্যাস গ্ৰহণ নকৰিবলৈ কয়। দাসে লগতে কয় যে কবীৰৰ কবিতাৰ ব্যাখ্যা দুই ধৰণে কৰিব পাৰি, এটা আক্ষৰিক অৰ্থত য'ত নাৰীয়ে মানৱ নাৰীক বুজায়, আন এটা ৰূপকভাৱে য'ত নাৰী নিজৰ আত্মাৰ বাবে প্ৰতীক আৰু ৰাম হৈছে প্ৰভু-স্বামী।

কবীৰৰ ধৰ্ম

সম্পাদনা কৰক

মধ্যযুগত গঢ় লৈ উঠা সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ এগৰাকী মহাপুৰুষ বা সন্ত হিচাপে কবীৰক গণ্য কৰা হয়। কবীৰ প্ৰথমে বিখ্যাত বৈষ্ণৱ সাধু ৰামানন্দৰ এজন অতি প্ৰিয় শিষ্য আছিল, পাচত তেওঁ নিজেই এক বেলেগ মত প্ৰচাৰ কৰিলে। কবীৰৰ প্ৰচাৰিত ধৰ্ম্ম পাচত ‘কবীৰ ধৰ্ম” নামে অভিহিত হল। কবীৰৰ নামত প্ৰচলিত প্ৰায় আঠ শতাধিক পদ বা দোহা পোৱা যায়। সেইসমূহত বিভিন্ন সজ আৰু নৈতিকতামূলক বাণী প্ৰকাশিত হৈছে।

  1. Machwe, Prabhakar (1968). Kabir. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 14-15. http://archive.org/details/in.gov.ignca.46892/page/n15/mode/2up. 
  2. Kabir Encyclopædia Britannica (2015)Accessed: July 27, 2015
  3. Hugh Tinker (1990). South Asia: A Short History. University of Hawaii Press. পৃষ্ঠা. 75–77. ISBN 978-0-8248-1287-4. https://archive.org/details/southasiashorthi0000tink। আহৰণ কৰা হৈছে: 12 July 2012. 
  4. Ronald McGregor (1984), Hindi literature from its beginnings to the nineteenth century, Otto Harrassowitz Verlag, আই.এচ.বি.এন. 978-3447024136, page 47
  5. কবীৰ আৰু তেওঁৰ অনুগামী : ভাৰতৰ ধৰ্মীয় জীৱন. https://archive.org/details/dli.csl.7618/পৃষ্ঠা/n175/ম'ড/2আপ. 
  6. এনচাইক্লোপিডিয়া ব্ৰিটানিকাৰ সম্পাদক (2022). "Kabir". এনচাইক্লোপিডিয়া ব্ৰিটানিকা. Retrieved 3 February 2022. 
  7. Tinker ১৯৯০.
  8. 8.0 8.1 McGregor 1984, পৃষ্ঠা. 47.
  9. হেছ, লিণ্ডা (2015-08-01). Bodies of Song. Oxford University Press. পৃষ্ঠা. "ভাৰত আৰু পাকিস্তানৰ মুছলমান গায়কসকলে এতিয়াও চুফী সংগীত শৈলীত কবীৰৰ পদ্য গায়, " পৃ." ৮.. ISBN 978-0-19-937416-8. http://dx.doi.org/10.1093/acprof:oso/9780199374168.001.0001. 
  10. Lorenzen, David N. (2006). Who invented Hinduism?: essays on religion in history. প্ৰকাশক New Delhi: Yoda Press. ISBN 8190227262. https://books.google.com/books?id=SO-YmMWpcVEC. 
  11. Dass 1991, পৃষ্ঠা. 106.
  12. Machwe, Prabhakar (1968). Kabir. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 14–15. http://archive.org/details/in.gov.ignca.46892/page/n15/mode/2up. 
  13. Lorenzen 1991, পৃষ্ঠা. 7.
  14. Tinker 1990, পৃষ্ঠা. 75–77.
  15. Pande 2010, পৃষ্ঠা. 77.
  16. McGregor 1984, পৃষ্ঠা. 43–44.
  17. Irfan Habib (2001). "A Fragmentary Exploration of an Indian Text on Religions and Sects: Notes on the Earlier Version of the Dabistan-i-Mazahib". Proceedings of the Indian History Congress খণ্ড 61: 479–480. 
  18. "Jab Mein Tha Tab Hari Nahin' Ab". Kabirchaura.com. http://www.kabirchaura.com/math/math11.htm। আহৰণ কৰা হৈছে: 12 July 2012. 
  19. Pankaj, Ashok. K. (2018). Dalits, Subalternity and Social Change in India. Taylor & Francis. ISBN 9780429785184. 
  20. Sastri 2002, পৃষ্ঠা. 24.
  21. Kabir 1915, XV.
  22. Kumar 1984, পৃষ্ঠা. 48.
  23. Lorenzen 1991, পৃষ্ঠা. 18-19.
  24. 24.0 24.1 Classe 2000, পৃষ্ঠা. 746.
  25. Hess & Singh 2002, পৃষ্ঠা. 6.
  26. 26.0 26.1 Kabir 1915.
  27. Hess & Singh 2002, পৃষ্ঠা. 5-6.
  28. Lorenzen & Muñoz 2012, পৃষ্ঠা. 27-28.
  29. Schomer & McLeod 1987, পৃষ্ঠা. 23.
  30. Lorenzen & Muñoz 2012, পৃষ্ঠা. 35.
  31. Hess & Singh 2002, পৃষ্ঠা. 46.
  32. Hess & Singh 2002, পৃষ্ঠা. 45.
  33. Doniger 2010, পৃষ্ঠা. 484.
  34. Kabir 1915, LXIX.
  35. Larson 1995, পৃষ্ঠা. 116.
  36. Lorenzen & Muñoz 2012, পৃষ্ঠা. 27.
  37. Hess & Singh 2002, পৃষ্ঠা. 4.
  38. Das 1996, পৃষ্ঠা. 8.
  39. 39.0 39.1 Callewaert 1978, পৃষ্ঠা. 274.
  40. Lorenzen 1991, পৃষ্ঠা. 16-35.
  41. 41.0 41.1 41.2 Kaur Singh 1993, পৃষ্ঠা. 114–116.
  42. কবীৰ গ্ৰন্থাৱলী (হিন্দী) সম্পাদনা- কমলাপতি পাণ্ডে সুভদ্ৰা প্ৰকাশন, নতুন দিল্লী, ২০১৫, ISBN 978-81-88459-92-6