সিংহ নৃত্য

পৰম্পৰাগত চীনা নৃত্য
(Lion danceৰ পৰা পুনঃনিৰ্দেশিত)

সিংহ নৃত্য (ইংৰাজী: Lion dance) চীনা সংস্কৃতি আৰু অন্যান্য এছিয়ান দেশত পৰিবেশিত পৰম্পৰাগত নৃত্যৰ এটা প্ৰকাৰ য'ত পৰিবেশকসকলে সৌভাগ্য কঢ়িয়াই আনিবলৈ সিংহৰ সাজ পিন্ধি সিংহৰ গতিবিধি অনুকৰণ কৰে। সাধাৰণতে চীনা নৱবৰ্ষ আৰু অন্যান্য পৰম্পৰাগত, সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱৰ সময়ত এই সিংহ নৃত্য পৰিবেশন কৰা হয়। ব্যৱসায় উদ্বোধনী অনুষ্ঠান, বিশেষ উদযাপন বা বিবাহ অনুষ্ঠান আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানতো ইয়াক পৰিবেশন কৰিব পাৰি। চীনা সম্প্ৰদায়ে বিশেষ অতিথিক সন্মান জনাবলৈও এই নৃত্য পৰিবেশন কৰে।

সিংহ নৃত্য
চীনা নাম
পৰম্পৰাগত চীনা লিপি 舞獅
সৰলীকৃত চীনা লিপি 舞狮
Alternative Chinese name
পৰম্পৰাগত চীনা লিপি 跳獅 or 弄獅
Vietnamese name
Quốc ngữ múa lân / sư tử
Chữ nôm 𦨂 / 獅
Korean name
Hangul 사자춤
Hanja 獅子춤
Japanese name
Kanji 獅子舞
Indonesian name
Indonesian barongsai

চীনা সিংহ নৃত্য সাধাৰণতে দুগৰাকী নৃত্যশিল্পীয়ে পৰিচালনা কৰে, ইয়াৰে এগৰাকীয়ে সিংহৰ মস্তক হস্তচালনা কৰে আৰু আনগৰাকীয়ে সিংহৰ পিছফালৰ মূৰটো গঠন কৰে। এই নৃত্যৰ মৌলিক গতিবিধি চীনৰ যুদ্ধ কলাত পোৱা যায়, আৰু ইয়াক সাধাৰণতে জোৰদাৰ ঢোলৰ স্পন্দনত পৰিবেশন কৰা হয়।

চীনা সিংহ নৃত্যৰ মূল ৰূপ দুটা— উত্তৰা সিংহ আৰু দক্ষিণা সিংহ। দুয়োটা ৰূপ সাধাৰণতে চীন আৰু সমগ্ৰ বিশ্বতে বিশেষকৈ দক্ষিণ-পূব এছিয়াত পোৱা যায়। চীনা সিংহৰ সৈতে জড়িত সিংহ নৃত্যৰ সংস্কৰণ জাপান, দক্ষিণ কোৰিয়া, টাইৱান আৰু ভিয়েটনামতো পোৱা যায়। চীন ভিত্তিক সিংহ নৃত্যৰ উপৰিও ভাৰত, ইণ্ডোনেছিয়া, পূব আফ্ৰিকাত সিংহ নৃত্যৰ অন্যান্য ৰূপও আছে।

চীনত নৃত্যশিল্পীসকলে প্ৰাচীন কালৰ পৰাই জীৱ-জন্তু বা পৌৰাণিক জন্তুৰ সৈতে মিল থকাকৈ মুখা পিন্ধাৰ এক পুৰণি পৰম্পৰা আছে। শ্বুজিঙৰ দৰে প্ৰাচীন গ্ৰন্থত বৰ্ণিত বন্য জীৱ-জন্তু আৰু ফিনিক্সে পৰিবেশন কৰা নৃত্যসমূহ সম্ভৱতঃ মুখা পিন্ধা নৃত্য‌ই আছিল।[1][2] কিন বংশৰ উৎসত ভূত-প্ৰেত নিৰ্বাসনৰ অনুষ্ঠান কৰা নৃত্যশিল্পীসকলক ভালুকৰ চামৰাৰ মুখা পিন্ধা বুলি বৰ্ণনা কৰা হৈছে, আৰু হান বংশৰ গ্ৰন্থত মাইম মানুহে মাছ, ড্ৰেগন আৰু ফিনিক্স হিচাপে এই নৃত্য পৰিবেশন কৰা বুলিও উল্লেখ কৰা হৈছে।[3][4] অৱশ্যে সিংহ চীনৰ স্থানীয় নহয়।[5] সেয়েহে সিংহ নৃত্যৰ উৎপত্তি চীনৰ বাহিৰত ভাৰত বা পাৰস্যৰ দৰে দেশৰ পৰা হোৱা বুলি ধাৰণা কৰা হৈছে।[6][7] আনহাতে মধ্য এছিয়াৰ জৰিয়তে এই নৃত্য প্ৰৱৰ্তিত হৈছে বুলি ধাৰণা কৰা হৈছে।[8] নৃতাত্ত্বিক সংগীতবিদ লৰেন্স পিকেনৰ মতে, চীনৰ সিংহ শব্দটোৱেই হয়তো পাৰ্চী শব্দ šer ৰ পৰা উদ্ভৱ হৈছে।[9] শ্বিজি অৰ্থাৎ সিংহ শব্দটোৰ প্ৰাচীন ব্যৱহাৰ প্ৰথমে হান বংশৰ গ্ৰন্থত দেখা গৈছিল আৰু ইয়াৰ মধ্য এছিয়াৰ সৈতে শক্তিশালী সম্পৰ্ক আছিল। মধ্য এছিয়া আৰু পাৰ্থিয়ান সাম্ৰাজ্যৰ পৰা অহা দূতসমূহে সিংহক হান দৰবাৰত উপস্থাপন কৰিছিল। [10] সিংহ নৃত্যৰ বিশদ বৰ্ণনা টাং বংশৰ সময়ত প্ৰকাশ পাইছিল আৰু ইয়াক তেতিয়াৰ লেখক আৰু কবিসকলে ইতিমধ্যে বিদেশী নৃত্য হিচাপে স্বীকৃতি দিছিল। অৱশ্যে খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আশে-পাশে চীনত এই সিংহ নৃত্য দেখা গৈছিল। হান্সু নামৰ এখন কিতাপত মেং কাং নামৰ এজন পণ্ডিতে "সিংহ অভিনয়"ৰ কথা উল্লেখ কৰিছে।[11][12][13] প্ৰাৰম্ভিক সময়ছোৱাত ইয়াৰ বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্ক আছিল। উত্তৰ ৱেই যুগৰ "লুওয়াঙৰ বৌদ্ধ মন্দিৰৰ বৰ্ণনা" শীৰ্ষক গ্ৰন্থ অনুসৰি এটা পৰম্পৰা আছিল যে দুষ্ট আত্মাৰ পৰা ৰক্ষা পাবলৈ সিংহই বুদ্ধৰ মূৰ্তি কঢ়িয়াই এখন পেৰেডৰ নেতৃত্ব দিছিল।[12][14][15] সেয়েহে এটা বিকল্প ধাৰণা হ'ল যে এই নৃত্যটো হয়তো স্থানীয় চীনা পৰম্পৰাৰ পৰাই গঢ় লৈ উঠিছে যিয়ে সিংহৰ বৌদ্ধ ধৰ্মীয় প্ৰতীকবাদক নিজৰ কৰি লৈছিল।[5]

টাং বংশত এই নৃত্যৰ বিভিন্ন সংস্কৰণ আছিল। টাং দৰবাৰত সিংহ নৃত্যক মহান শান্তি সংগীত (Taiping yue) অথবা পঞ্চ দিশৰ সিংহ নৃত্য বুলি কোৱা হৈছিল য'ত বিভিন্ন ৰঙৰ আৰু বিভিন্ন আৱেগ প্ৰকাশ কৰা পাঁচটা ডাঙৰ সিংহৰ প্ৰত্যেককে নেতৃত্ব দিয়া হৈছিল আৰু দুজন ব্যক্তিৰ দ্বাৰা চালিত কৰা হৈছিল, আৰু লগতে ১৪০ গৰাকী গায়কে সংগ দিছিল।[12][16] সিংহ নৃত্যৰ আন এটা সংস্কৰণ টাং কবি বাই জুইয়ে তেওঁৰ কবিতা "পশ্চিমীয়া লিয়াং কলা"ত বৰ্ণনা কৰিছিল, য'ত এই নৃত্যটো দুগৰাকী হু (অৰ্থাৎ মধ্য এছিয়াৰ অহান লোক) নৃত্যশিল্পীয়ে পৰিৱেশন কৰিছিল যিয়ে কাঠৰ মূৰ, ৰেচমৰ ঠেং আৰু নোমাল শৰীৰেৰে নিৰ্মিত সিংহৰ সাজ-পোছাক পিন্ধিছিল, চকু দুটা সোণেৰে সজ্জিত আৰু ৰূপৰ প্ৰলেপ লগোৱা দাঁতৰ লগতে কাণবোৰ লৰচৰ কৰিছিল, যিটো ৰূপ আজিৰ সিংহ নৃত্যৰ সৈতে মিল আছে।[12][17][18] অষ্টম শতিকালৈকে এই সিংহ নৃত্য জাপান পাইছিলগৈ। ছুন বংশৰ সময়ছোৱাত সিংহ নৃত্য সাধাৰণতে উৎসৱত পৰিবেশন কৰা হৈছিল আৰু দক্ষিণা ছুনৰ সময়ছোৱাত ইয়াক উত্তৰা সিংহ বুলি জনা গৈছিল।

দক্ষিণা সিংহ হৈছে গুৱাংডং প্ৰদেশৰ পৰা উৎপত্তি হোৱা চীনৰ দক্ষিণ অংশত বিকশিত এক প্ৰকাৰৰ সিংহ নৃত্য। দক্ষিণা সিংহৰ উৎপত্তিৰ লগত কেইবাটাও লোকবিশ্বাস জড়িত হৈ আছে। এটা কাহিনীত কোৱা হৈছে যে এই নৃত্যৰ উৎপত্তি এখন গাঁৱত উদযাপন হিচাপে হৈছিল, য'ত নিয়ান নামৰ পৌৰাণিক দানৱ এটাক সফলতাৰে খেদি পঠিওৱা হৈছিল।[8][19] আন এটা কাহিনীত কোৱা হৈছে যে কিয়ানলং সম্ৰাটে দক্ষিণ চীন ভ্ৰমণৰ সময়ত এটা শুভ প্ৰাণীৰ সপোন দেখিছিল, আৰু উৎসৱৰ সময়ত প্ৰাণীটোৰ প্ৰতিচ্ছবি পুনৰ সৃষ্টি কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। গুৱাংঝুৰ দক্ষিণা সিংহ হয়তো স্থানীয় লোকবিশ্বাস আৰু বৈশিষ্ট্যৰ লগত খাপ খুৱাই সলনি কৰা উত্তৰা সিংহৰ এটা সংস্কৰণ।[20][21]

সংগীত আৰু বাদ্যযন্ত্ৰ

সম্পাদনা কৰক

চীনা সিংহ নৃত্যত টাংগু (ঢোল) (চিংগাপুৰত ডাটাংগু), চিম্বল, আৰু গং বজাই সংগীতৰে সৈতে পৰিবেশন কৰা হয়। বাদ্যযন্ত্ৰবোৰে সিংহ নৃত্যৰ গতি আৰু ক্ৰিয়াৰ লগত সমন্বয় কৰে। ফুট ছান, হক ছান, ফুট হক, চৌ গাৰ আদি সকলোৱে নিজৰ নিজৰ বীট্ বেলেগ বেলেগ ধৰণে বজায়। প্ৰতিটো শৈলীয়ে এটা অনন্য বীট্ বজায়। ইলেক্ট্ৰনিক সঁজুলিৰ বিকাশৰ ফলত ফোন/টেবলেট/কম্পিউটাৰ/এমপি৩ প্লেয়াৰৰ জৰিয়তেও সংগীত বজাব পৰা হৈছে।

সচৰাচৰ প্ৰচলিত শৈলীটো হৈছে ছাৰ পিং সিংহৰ নৃত্যৰ বীট্। ইয়াত ২২টাতকৈও অধিক বিভিন্ন পৰীক্ষা আছে যিবোৰ আপুনি সিংহৰ গতি দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে, আনহাতে ফুট ছানৰ মাত্ৰ ৭টাহে আছে।

সিংহ নৃত্যৰ অভিনয়ত ব্যৱহাৰ কৰা সাজ-পোছাক এছিয়াৰ গ্ৰাম্য অঞ্চলৰ বিশেষ শিল্পকলাৰ দোকানতহে নিজৰ ইচ্ছানুযায়ী নিৰ্মাণ কৰিব পাৰি। এছিয়াৰ বাহিৰৰ বেছিভাগ দেশৰ বাবে এই সাজ-পোছাক যথেষ্ট খৰচ কৰি আমদানি কৰিবলগীয়া হয়। যথেষ্ট চীনা জনসংখ্যা থকা মালয়েছিয়াৰ দৰে দেশসমূহত এই সাজ-পোছাক চীনৰ পৰা আমদানি নকৰাকৈয়ো হয়। আধুনিক দক্ষিণা সিংহ নৃত্যৰ বেছিভাগ সাজ-পোছাকৰ সৈতে মেট্চিং পেণ্টৰ চেট আহে, অৱশ্যে কিছুমান অনুশীলনকাৰীয়ে অধিক পৰম্পৰাগত দেখাবলৈ ক'লা কুংফু পেণ্ট ব্যৱহাৰ কৰে। আধুনিক সিংহ নৃত্যৰ সাজ-পোছাক অতি দীৰ্ঘস্থায়ী আৰু কিছুমান জলৰোধী।

ৱুছু/কুং ফুৰ সৈতে সম্বন্ধ

সম্পাদনা কৰক

চীনৰ সিংহ নৃত্যৰ কুং ফু বা ৱুছুৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু নৃত্যশিল্পীসকল সাধাৰণতে স্থানীয় কুং ফু সংঘ অথবা বিদ্যালয়ৰ যুদ্ধ কলাৰ সদস্য। তেওঁলোকে নিজৰ সংঘত অনুশীলন কৰে আৰু কিছুমানে যুদ্ধ কলাৰ অন্যতম শাখা হিচাপে দক্ষতা আয়ত্ত কৰিবলৈ কঠোৰ প্ৰশিক্ষণ লয়। সাধাৰণতে দেখা যায় যে বিদ্যালয় এখনত যদি বহুতো ‘সিংহ’ থকা সক্ষম দল থাকে তেন্তে ই বিদ্যালয়খনৰ সফলতা প্ৰদৰ্শন কৰে। সাধাৰণতে কোনো কোনো অঞ্চলত ড্ৰেগন নৃত্যৰ সৈতে একেলগে ইয়াৰ অনুশীলনো কৰা হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Fan Pen Li Che (2007). Chinese Shadow Theatre: History, Popular Religion, and Women Warriors. McGill-Queen's University Press. পৃষ্ঠা. 64. ISBN 978-0773531970. https://books.google.com/books?id=aZu9Cje8TfkC&pg=PA64. 
  2. "Shang Shu - Yu Shu - Yi and Ji". Chinese Text Project. http://ctext.org/shang-shu/yi-and-ji#n21105. 
  3. Wang Kefen (1985). The History of Chinese Dance. China Books & Periodicals. পৃষ্ঠা. 25–27. ISBN 978-0835111867. 
  4. Faye Chunfang Fei, ed (2002). Chinese Theories of Theater and Performance from Confucius to the Present. University of Michigan Press. পৃষ্ঠা. 24–25. ISBN 978-0472089239. https://books.google.com/books?id=CiQegTh99-wC&pg=PA24. 
  5. 5.0 5.1 "Hinc sunt leones — two ancient Eurasian migratory terms in Chinese revisited". International Journal of Central Asian Studies খণ্ড 9. 2004. ISSN 1226-4490. Archived from the original on 2016-12-20. https://web.archive.org/web/20161220064510/http://www.iacd.or.kr/pdf/journal/09/9-01.pdf। আহৰণ কৰা হৈছে: 2015-02-21. 
  6. Berthold Laufer (1976). Kleinere Schriften: Publikationen aus der Zeit von 1911 bis 1925. 2 v. পৃষ্ঠা. 1444. ISBN 978-3515026512. https://books.google.com/books?id=XlPqB4TpZuIC&pg=PA1444. 
  7. Mona Schrempf (2002), "chapter 6 - The Earth-Ox and Snowlion", in Toni Huber, Amdo Tibetans in Transition: Society and Culture in the Post-Mao Era, Brill, pp. 164, ISBN 9004125965, https://books.google.com/books?id=bLcWyecDpIcC&pg=PA164, "During the Persian New Year of Newruz, a lion dance used to be performed by young boys, some of them naked it seems, who were sprinkled with cold water. They were thus supposed to drive out evil forces and the cold of the winter." 
  8. 8.0 8.1 Marianne Hulsbosch, ed (2010). Asian Material Culture. Amsterdam University Press. পৃষ্ঠা. 112–118. ISBN 9789089640901. https://books.google.com/books?id=PcvA373XEJwC&pg=PA112. 
  9. Laurence E. R. Picken (1984). Music for a Lion Dance of the Song Dynasty. Musica Asiatica: volume 4. Cambridge University Press. পৃষ্ঠা. 201. ISBN 978-0521278379. https://books.google.com/books?id=Xy45AAAAIAAJ&pg=PA201. 
  10. Wolfgang Behr (2004). "Hinc sunt leones — two ancient Eurasian migratory terms in Chinese revisited". International Journal of Central Asian Studies খণ্ড 9. Archived from the original on 2016-12-20. https://web.archive.org/web/20161220064510/http://www.iacd.or.kr/pdf/journal/09/9-01.pdf। আহৰণ কৰা হৈছে: 2015-02-21. 
  11. Wilt L. Idema, ed (1985). The Dramatic Oeuvre of Chu Yu-Tun: 1379 - 1439. Brill. পৃষ্ঠা. 52. ISBN 9789004072916. https://books.google.com/books?id=-Kg3AAAAIAAJ&pg=PA52. 
  12. 12.0 12.1 12.2 12.3 Wang Kefen (1985). The History of Chinese Dance. China Books & Periodicals. পৃষ্ঠা. 53. ISBN 978-0835111867. 
  13. 漢書 卷二十二 ‧ 禮樂志第二, http://www.sidneyluo.net/a/a02/022.htm, "Original text: 孟康曰:「象人,若今戲蝦魚師子者也。」translation: Xiàngrén (Imitators) are like those [dancers] who act as frogs, fish, or lions today" 
  14. "伎乐盛境". 佛教文化. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305170936/http://jcedu.org/dispfile.php?id=909। আহৰণ কৰা হৈছে: 2014-01-10. 
  15. "洛陽伽藍記/卷一". https://zh.wikisource.org/wiki/洛陽伽藍記/卷一. "四月四日,此像常出,辟邪師子導引其前。吞刀吐火,騰驤一面;彩幢上索,詭譎不常。奇伎異服,冠於都市。" 
  16. "通典/卷146". Tongdian. https://zh.wikisource.org/wiki/通典/卷146.  Original text: 太平樂,亦謂之五方師子舞。師子摯獸,出於西南夷天竺、師子等國。綴毛為衣,象其俛仰馴狎之容。二人持繩拂,為習弄之狀。五師子各依其方色,百四十人歌太平樂,舞抃以從之,服飾皆作崑崙象。
  17. "《西凉伎》". Archived from the original on 2014-02-19. https://web.archive.org/web/20140219072425/http://www.shicimingju.com/baidu/list/63979.html। আহৰণ কৰা হৈছে: 2014-01-12. "西凉伎,假面胡人假狮子。刻木为头丝作尾,金镀眼睛银贴齿。奋迅毛衣摆双耳,如从流沙来万里。紫髯深目两胡儿,鼓舞跳粱前致辞。" 
  18. 陳正平 (2000). 唐詩趣談. Taiwan study published Ltd.. পৃষ্ঠা. 140 –145. ISBN 978-9866318580. https://books.google.com/books?id=ky8yCgAAQBAJ&pg=PA144. 
  19. Dorothy Perkins, ed (1998). Encyclopedia of China: History and Culture. Facts On File Inc. পৃষ্ঠা. 354. ISBN 978-0816026937. https://books.google.com/books?id=KMQeAgAAQBAJ&pg=PA354. 
  20. "Lion Dance". China Daily. http://www.chinadaily.com.cn/m/shanxi/2013-10/18/content_17044270.htm. 
  21. "South Lion: the Guangzhou Lion Dance". Life of Guangzhou. 13 February 2009. Archived from the original on 19 January 2019. https://web.archive.org/web/20190119121331/http://www.lifeofguangzhou.com/node_10/node_228/node_233/node_238/2009/02/13/123451693260220.shtml। আহৰণ কৰা হৈছে: 11 January 2014.