চলচ্চিত্ৰ

লৰচৰ বা গতিৰ আভাস দিয়া ছবিৰ ক্ৰম
(Movieৰ পৰা পুনঃনিৰ্দেশিত)

চলচ্চিত্ৰ বা বোলছবি বা চমুকৈ অকল ছবি (ইংৰাজী: Cinema বা Film), মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মাণ কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মাণ একেসময়তে এটা শিল্প আৰু উদ্যোগ।

এটা ১৬ মি.মি. স্প্ৰীং যুক্ত 'বলেক্স' "H16" প্ৰতিফলন কেমেৰা। চলচ্চিত্ৰ নিৰ্মাণৰ আখৰা হিচাপে চলচ্চিত্ৰ শিক্ষা বিদ্যালয়ত জনপ্ৰিয় আহিলা।

এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচ্চিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচ্চিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচ্চিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচ্চিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰাক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে।

চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ দৃষ্টি জড়তাৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে (beta movement) ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়।

'চলচ্চিত্ৰ' নে 'বোলছবি', সেই সম্বন্ধে অলপ মতান্তৰ আছে। অসমীয়া ভাষাত 'বোলছবি' শব্দটোৰ প্ৰথম প্ৰয়োগ কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই৷[1] অৰ্থগত দৃষ্টিৰে চাবলৈ গ'লে 'চলচ্চিত্ৰ' শব্দটোৱে প্ৰকৃত অৰ্থ বহন কৰে। চলি থকা চিত্ৰই হৈছে চলচ্চিত্ৰ। বোলছবি বা কথাছবি, অৰ্থাৎ কথা কোৱা ছবি, শব্দকেইটা প্ৰচলন হৈছিল চলচ্চিত্ৰত শব্দৰ সংযোজন হোৱাৰ পাছত। চলচ্চিত্ৰৰ বাবে শব্দ অপৰিহাৰ্য নহয় বাবে বোলছবি বা কথাছবি শব্দটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইংৰাজী চিনেমা আৰু ফিল্ম এই শব্দ দুটাও অসমীয়া ভাষী ৰাইজৰ মাজত বহুলভাৱে প্ৰচলিত। ইংৰাজীত 'মুভি' বুলিও কোৱা হয়। ফিল্ম শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল কাৰণ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰথমে ফটোগ্ৰাফিক ফিল্মৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 'মুভি' (movie) শব্দটো, আৰু ইউৰোপ মহাদেশত 'ফিল্ম' (Film) শব্দটো বহুলভাৱে প্ৰচলিত। অন্যান্য নাম যেনে 'পিক্‌চাৰ', 'ফটো প্লে', 'ফ্লিক' আদিও বহুলভাৱে প্ৰচলিত।

বিষয় অনুসৰি চলচ্চিত্ৰক মূলতঃ দুটা ভাগত ভগাব পাৰি: 'কাহিনী চিত্ৰ' (feature film) আৰু 'তথ্যচিত্ৰ' (documentary)। কাহিনী চিত্ৰত এটা কাহিনী কোৱা হয়, আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ ধৰ্মী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।

চলচ্চিত্ৰৰ ইতিহাস

চাৰ্লি চেপলিন-ৰ 'দা বণ্ড' ছবিৰ এটা টুকুৰা (১৯১৮)

নাটক, নৃত্য আদিৰ দৰে পৰিবেশন কলাৰ কেবাটাও উপাদান চলচ্চিত্ৰৰো অভিন্ন অংগ, যেনে : চিত্ৰনাট্য (নাটক), সাজ-সজ্জা, পৰিচালনা, অভিনেতা, সংগীত আৰু দৰ্শক। মূলতঃ প্ৰযুক্তিৰ অভাৱতেই এই ঐতিহাসিক কলাবিলাকক 'ৰেকৰ্ড' কৰি পাছত প্ৰদৰ্শন কৰাৰ সুবিধা নাছিল। চলচ্চিত্ৰই মূলতঃ এই অসুবিধাটোকে দূৰ কৰিছিল। চলচ্চিত্ৰৰ যোগে যিকোনো পৰিবেশন কলাকে সাঁচি থৈ আকৌ চাব পৰা হ'ল। অৱশ্যে ধীৰে ধীৰে চলচ্চিত্ৰ কেৱল এটা সাঁচি থোৱা মাধ্যম হৈ নাথাকি নিজা শিল্পসত্তা এটাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। বৰ্তমান চলচ্চিত্ৰ এটা স্বয়ংসম্পূৰ্ণ শিল্প।

১৮৬০ চনৰপৰাই 'দৃষ্টি-জড়তা' পৰিঘটনাক ব্যৱহাৰ কৰি স্থিৰ ছবিক গতি দিয়া বিভিন্ন সঁজুলি গঢ়ি উঠিছিল। অৱশ্যে সেই বিলাক মূলতঃ খেলৰ সামগ্ৰীহ আছিল। 'জুট্ৰ'প', 'মিউটোস্কোপ', 'প্ৰাক্সিনোস্কোপ' ইত্যাদি এনে খেলনাৰ উদাহৰণ। এনে খেলনাত হাতে আঁকি লোৱা ছবি ব্যৱহাৰ কৰা হৈছিল। এই খেলনা বিলাকৰপৰাই পাছলৈ এনিমেছন গঢ় লৈ উঠে।

ফটো তুলিবলৈ 'চেলুলয়ড'ৰ 'ফিল্ম' আৱিষ্কাৰ হোৱাৰ পাছতহৈ প্ৰকৃত চলচ্চিত্ৰৰ জন্ম হয়। চেলুলয়ডৰ ফিল্ম দীঘল কৰিবপৰা গৈছিল বাবে তাত একেলগে কেবা হাজাৰ স্থিৰ চিত্ৰ একেলগে সুমুৱাব পৰা গৈছিল। ফিল্ম ব্যৱহাৰ হোৱাৰ আগতে ফটো তুলিবলৈ কাঁচৰ প্লেট ব্যৱহাৰ কৰা হৈছিল। ১৮৭৮ চনত ইংৰাজ ফটোগ্ৰাফাৰ ইডৱাৰ্ড মাইব্ৰিজ-এ (Eadweard Muybridge) আমেৰিকাত এটা দৌৰি থকা ঘোঁৰাৰ ২৪খন ক্ৰমিক ছবি তোলে। এই ছবিসমূহত ঘোঁৰা এটাৰ দৌৰাৰ সময়ত হোৱা অংগ সঞ্চালনৰ ২৪টা ক্ৰমিক ছবি আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰথম আৰম্ভণি। অৱশ্যে তেতিয়াও ইয়াক চলচ্চিত্ৰ বোলা হোৱা নাছিল।[2] পাছত এই ছবি সমূহ কাগজত 'প্ৰিণ্ট' কৰি এটা ঘূৰি থকা ডাঙৰ বৰ্তুলাকাৰ আধাৰত একাদিক্ৰমে আঠা লগাই মানুহক দেখুওৱা হৈছিল। চাব লাগিছিল সৰু ফুটা এটাৰ মাজেৰে। তেনেদৰে চাই পঠিয়ালে ঘোঁৰাটোক আকৌ দৌৰি থকা দেখিবলৈ পোৱা গৈছিল। এই সঁজুলিটো ব্যৱসায়িক ভাৱে নিৰ্মাণ কৰা হৈছিল। আৰু পইচা সুমুওৱা সেইটো চাব পৰা ব্যৱস্থা আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰাৰম্ভিক ৰূপ।

 
Roundhay Garden Scene-ৰ এখন স্থিৰ চিত্ৰ, চলচ্চিত্ৰগ্ৰহণ কেমেৰাৰে তোলা প্ৰথমখন চলচ্চিত্ৰ। ফটো তুলিছিল লুই দি প্ৰিন্স-এ (Louis Le Prince, চন ১৮৮৮

প্ৰখ্যাত আৱিষ্কাৰক থমাছ আলভা এডিছন-এ (Thomas Alva Edison) গতিশীল বস্তুৰ ক্ৰমিক ছবি তুলিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰত মনোনিবেশ কৰে। এই কামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী উইলিয়াম ডিকছন-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্ৰমিক ছবি তোলাৰ বাবে কাইনেট'গ্ৰাফ (Kinetograph) আৰু সেই ছবি চলন্ত অৱস্থাত চোৱাৰ বাবে কাইনেট'স্কোপ (Kinetoscope) নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্ৰত এটা ফুটাৰে চলন্ত ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিদ্বন্দ্বী আৱিষ্কাৰকে সেই ছবি পৰ্দাত ডাঙৰকৈ প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। থমাছ এৰ্মাট (Thomas Armat) নিৰ্মিত এনে এটা যন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা প্ৰজেক্টৰ (Projector) নিৰ্মাণ কৰে আৰু নাম দিয়ে ভিটাস্কোপ (Vitascope)।[3]

ডাঙৰকৈ পৰ্দাত প্ৰক্ষেপ কৰি বহু মানুহে একলগে চাব পৰাকৈ প্ৰথমে চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল ১৮৯৬ চনত। নিউ য়ৰ্ক চহৰৰ 'ক'ষ্টাৰ আৰু বিয়াল-ৰ সংগীত প্ৰেক্ষাগৃহ'ত (Koster and Bial's Music Hall) এপ্ৰিল মাহৰ ২৩ তাৰিখে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল।

১৮৯৪ চনত ডিক্‌ছনে চলচ্চিত্ৰৰ লগত শব্দৰ সংযোগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰ্বাক ছবিকেই ৰাইজে বিপুলভাৱে আদৰি লৈছিল। প্ৰথম অৱস্থাত একোটা দৃশ্যৰ চলচ্চিত্ৰ ৰূপ দি দেখুওৱা হৈছিল যদিও, সোনকালেই চলচ্চিত্ৰই কাহিনী ক'বলৈ আৰম্ভ কৰে। কাহিনী এটা দৰ্শকক ক'বলৈ কেবাটাও দৃশ্য সম্বলিত চলচ্চিত্ৰৰ জন্ম হয়। দৃশ্যৰ প্ৰয়োজনীয়তাৰ হিচাপত কেমেৰা আগুৱাই বা পিছুৱাই, বা কেমেৰাৰ কোণ সলনি কৰি নতুন ধৰণৰ দৃশ্য দেখুওৱাৰ প্ৰয়াস আৰম্ভ কৰা হয়। এনেদৰেই ধীৰে ধীৰে চলচ্চিত্ৰৰ ব্যাকৰণ গঢ় লৈ উঠে। স্ৰথম অৱস্থাৰ ছবিঘৰত নিৰ্বাক ছবিৰ লগত পিয়ানো বা অৰ্গেন বজোৱা হৈছিল। অৱশ্যে তাৰ মূল উদ্দেশ্য আছিল প্ৰজেক্টৰৰ ঘৰ-ঘৰ শব্দটো নোহোৱা কৰি ৰখাটোহে। সোনকালেই অৱশ্যে দৃশ্যাংশৰ লগত সংগতি ৰাখি বেলেগ সংগীত বজাবলৈ আৰম্ভ কৰা হয়। কিছুমান ছবিঘৰত এটা পৰিপূৰ্ণ অৰ্কেষ্ট্ৰাই ছবিৰ লগত সংগীত দিছিল। ১৯২০ চনৰপৰা চলচ্চিত্ৰৰ লগত চলচ্চিত্ৰত ব্যৱহাৰ কৰিব লগা সংগীতৰ স্বৰলিপিও নিৰ্মাতাৰ ফালৰপৰাই প্ৰস্তুত কৰি পঠিয়াই দিছিল।

 
জৰ্জ মেলিয়েৰ-ৰ (Georges Méliès) চন্দ্ৰ ভ্ৰমণ (Le Voyage dans la Lune (A Trip to the Moon)) (১৯০২), লগে লগে ব্যাখ্যা আগবঢ়াই গৈ থকা প্ৰথম ছবিসমূহৰ এখনৰ স্থিৰ চিত্ৰ

প্ৰথম বিশ্বযুদ্ধৰ বাবে ইউৰোপত চলচ্চিত্ৰৰ কাম লেহেমীয়া হৈ পৰে, আনহাতে এই সময়ছোৱাতে আমেৰিকাত নিৰ্মিত দুখন নিৰ্বাক ছবিয়ে চলচ্চিত্ৰক এটা মৰ্য্যদাপূৰ্ণ শিল্পৰ শাৰীত বহুৱাবলৈ সক্ষম হয়। ডি. ডব্লু. গ্ৰিফিথ-ৰ (D. W. Griffith) 'দা বাৰ্থ অৱ এ নেছন' ('The Birth of a nation') আৰু 'ইনট'লাৰেন্স' (Intolerance), এই দুখন ছবিয়ে চলচ্চিত্ৰ নিৰ্মাণ শেলীত বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হয়। প্ৰধম বিশ্বযুদ্ধৰ পাছত ইউৰোপতো কেবা গৰাকী চলচ্চিত্ৰ নিৰ্মাতাই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে চলচ্চিত্ৰ শিল্পক এটা স্বয়ংসম্পূৰ্ণ কলাৰ ৰূপ দিয়ে। এওঁলোকৰ ভিতৰত তিনিগৰাকী বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি আছিল--ছেৰ্গেই আইজেনষ্টাইন, ফ্ৰেডেৰিক উইলহেল্ম মাৰ্নো আৰু ফ্ৰিজ লেং। প্ৰায় একে সময়তে আমেৰিকাত চাৰ্লি চেপলিন আৰু বাষ্টাৰ কীটন-এ চলচ্চিত্ৰক বিপুলভাৱে জনপ্ৰিয় কৰি তোলাৰ উপৰিও নতুন নতুন অৱদানেৰে সমৃদ্ধ কৰি থৈ যায়।

১৯২৪ চনৰপৰা চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ আৰম্ভ হয়। ১৯২৭ চনত নিৰ্মিত 'দা জেজ ছিংগাৰ' (The Jazz Singer) নামৰ ছবিখনক প্ৰথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। এনিমেছন ছবিত শব্দৰ প্ৰথম প্ৰয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নিৰ্মিত 'কোকো ছং কাৰ টিউনছ' (Ko-ko Song Car-Tunes) নামৰ ছবিখনৰপৰা।[4] শব্দ সম্বলিত চলচ্চিত্ৰক 'টকীং পিক্‌চাৰ' (Talking Picture) বা চমুকৈ 'টকী' (Talkie) বোলা হৈছিল। বোলছবি বা কথাছবি বুলিলে প্ৰকৃত অৰ্থত 'টকী'ক বুজোৱা হয়। শব্দ সম্বলিত চলিচত্ৰক মানুহে বিপুল ভাৱে আদৰি লৈছিল। সেয়ে সোনকালেই নিৰ্বাক ছবিৰ নিৰ্মাণ প্ৰায় বন্ধ হৈ যায়।

ইমানদিনলৈ চলচ্চিত্ৰ আচল মাত্ৰ ক'লা-বগা ৰঙত। ক্ৰমান্বয়ে চলচ্চিত্ৰত 'স্বাভাৱিক ৰঙ'ৰ প্ৰয়োগ কৰা হৈছে। স্বাভাৱিক ৰঙ বোলোতে পিছে বাস্তৱ পৃথিৱীৰ ৰঙৰ নিচিনা বুজোৱা হোৱা নাছিল। কেমেৰাৰ ৰঙৰ সৈতে ছবি তোলা পদ্ধতিকহে 'স্বভাৱিক ৰঙ' বোলা হৈছিল। ক'লা-বগা ৰীলত ৰঙ দি বা অন্য উপায়েৰে ছবিত ৰঙ দিয়াটোক 'স্বাভাৱিক ৰঙ' বোলা নহৈছিল। নামত 'স্বাভাৱিক ৰঙ' হ'লেও পিছে প্ৰথম অৱস্থাৰ ৰঙীন ছবিবোৰত স্বভাৱিক ৰঙ দেখা নগৈছিল। তিনি তৰপীয়া ৰঙীন ছবি তোলাৰ ব্যৱস্থা থকা 'টেক্‌নিকালাৰ' (Tchnicolor) পদ্ধতি আৱিষ্কাৰ হোৱাৰ পাছত হে কিছু পৰিমাণে স্বাভাৱিক ৰঙ দেখা গৈছিল। এই পদ্ধতিৰে ১৯৩৪ চনত কেবাখনো ছবি আংশিক ভাৱে ৰঙীন কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৩৫ চনত নিৰ্মাণ হোৱা 'বেকী ছাৰ্প' (Becky Sharp) আছিল প্ৰথমখন সম্পূৰ্ণ ৰঙীণ ছবি। চলচ্চিত্ৰক শব্দৰ প্ৰয়োগক দৰ্শকে বিপুল উৎসাহেৰে আদৰি লৈছিল যদিও, ৰঙৰ সংযোজনে ইমান বিপুল সঁহাৰি পোৱা নাছিল। সেয়ে ৰঙীন ছবিৰ লগতে ক'লা-বগাৰ ছবিৰ নিৰ্মাণো বহুত দিনলৈ চলি আছিল। বৰ্তমানেও ক'লা-বগা ছবি পৰীক্ষামূলক ভাৱে নিৰ্মাণ কৰা হয়। অৱশ্যে সেয়া বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিহে।

১৯৫০-ৰ দশকৰ প্ৰথম ভাগত আমেৰিকাত প্ৰথম ক'লা-বগা দূৰদৰ্শনৰ প্ৰচলন ঘটে। দূৰদৰ্শনে চলচ্চিত্ৰৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰৈ। তেতিয়াই ক'লা-বগা দূৰদৰ্শনৰ বিপৰীতে ৰঙীন ছবি নিৰ্মাণ কৰি চলচ্চিত্ৰক আকৌ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস কৰা হয়। সেই সময়ৰেপৰা ৰঙীন ছবিৰ নিৰ্মাণ বৃদ্ধি পায়। ১৯৬০-ৰ দশকত ৰঙীন টিভিৰ প্ৰসাৰ ঘটে। তেতিয়াৰে পৰা ক'লা-বগা ছবিৰ নিৰ্মাণ আমেৰিকাত বন্ধ হোৱাৰ নিচিনাই হৈ পৰে। ভাৰতীয় আৰু বিশেষকৈ অসমীয়া ভাষাৰ ছবি ১৯৭০-ৰ দশকলৈ ক'লা-বগা আছিল। ইয়াৰ বাবে অৱশ্যে খৰচৰ কথাটোহে মুখ্য আছিল।

প্ৰথম সময়ৰ (১৯৬০ চনলৈ) চলচ্চিত্ৰ নিৰ্মাণৰ মূল কেন্দ্ৰ আছিল ষ্টুডিঅ'সমূহ। ষ্টুডিঅ'বিলাকে মাহিলী দৰমহা দি শিল্পী, কলা-কুশলী ৰাখিছিল, আৰু তেওঁলোকৰ দ্বাৰা চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ৬০-ৰ দশকৰপৰা এই ব্যৱস্থা উঠি গৈ এখন ছবিৰ বাবে মাননি ভিত্তিত শিল্পী, কলা-কুশলী সংগঠিত কৰা আৰম্ভ কৰা হয়। এই প্ৰচেষ্টাত পৰিচালকে নিজা খেয়াল-খুচী মতে ছবি নিৰ্মাণৰ সুবিধা পায়। সেয়ে এই কালতে পাৰম্পৰিক ধাৰাৰ ছবিৰ বাহিৰে 'নতুন ধাৰা' (New Wave), 'সমান্তৰাল চলচ্চিত্ৰ' (Parallel Cinema) আদি বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰে।

১৯৯০-ৰ দশকত চলচ্চিত্ৰ নিৰ্মাণত ডিজিটেল প্ৰযুক্তিৰ প্ৰবেশ ঘটে। এই সময়চোৱাৰপৰা চলচ্চিত্ৰ নিৰ্মাণ কাৰীকৰি কলা-কৌশল বিশেষ ভাৱে সলনি হয়।

তত্ত্ব

চলচ্চিত্ৰ তত্ত্বই চলচ্চিত্ৰ অধ্যয়নৰ বাবে কিছুমান 'ধাৰণা' গঢ় দিয়াৰ প্ৰয়াস কৰে। চলচ্চিত্ৰ তত্ত্বৰ প্ৰথম আৰম্ভণি ঘটে 'ৰিকিঅ'টো কেনুড'ৰ 'দা বাৰ্থ অৱ দা চিক্স্‌থ আৰ্ট' ('The Birth of the Sixth Art', Ricciotto Canudo) নামৰ কিতাপখনত। ৰুড্লফ আৰ্নহাইম, বেলা বালাজ, আৰু ছিগফ্ৰাইড ক্ৰকাৰ (Rudolf Arnheim, Bela Balazs, and Siegfried Kracauer)-এ 'গাঠনিক চলচ্চিত্ৰ তত্ত্ব'-ৰ (Formalist Film Theory) পোষকতা কৰে। এই তত্ত্ব অনুসৰি বাস্তৱৰ লগত পাৰ্থক্যই চলচ্চিত্ৰ শিল্পৰ মূল কলাত্মক ভেঁটি। কিন্তু আন্দ্ৰে বাজিন-এ (Andre Bazin) এই তত্ত্বৰ বিৰোধিতা কৰি কয় যে চলচ্চিত্ৰৰ কলাত্মক ভিত্তি হৈছে বাস্তৱক পুনৰ-নিৰ্মাণ কৰাত হে বাস্তৱৰ লগত পাৰ্থক্য অনাত নহয়। বাজিনৰ তত্ত্বক 'বাস্তৱবাদী তত্ত্ব' (Realist Theory) বোলা হয়। চলচ্চিত্ৰৰ নতুন পণ্ডিতসকলে চলচ্চিত্ৰৰ মনোবৈশ্লেষণিক তত্ত্ব, গাঠনিক তত্ত্ব, নাৰীবাদী তত্ত্ব আদি কেইবাটাও নতুন ধাৰণাৰ জন্ম দিছে। আনহাতে এই তাত্বিক ধাৰণাবোৰৰ সলনি চলচ্চিত্ৰৰ কলাক 'জীৱন দৰ্শনৰ এক প্ৰতিফলন' বুলি কব খোজে। 'ৱিটজেনষ্টাইন' (Wittgenstein) এই ধাৰণাৰ মূল প্ৰতিষ্ঠাপক।

চলচ্চিত্ৰৰ ভাষা

চলচ্চিত্ৰৰ এটা নিজস্ব ভাষা থকা বুলি কোৱা হয়। জেম্‌ছ মোনাকো-ৰ (James Monaco) ৰছিত 'হাউ টু ৰিড এ ফিল্ম' (''How to Read a Film') গ্ৰন্থত চলচ্চিত্ৰৰ ভাষাৰ আলোচনা কৰা হৈছে। প্ৰখ্যাত পৰিচালকে ইংমাৰ বাৰ্গমেন-এ (Ingmar Bergman) ৰাছিয়ান পৰিচালক 'আন্দ্ৰেই টাৰক'ভস্কি' (Andrei Tarokvsky) ames Monaco]]-ক প্ৰচুৰ প্ৰশংসা কৰি কৈছিল যে টাৰক'ভস্কিয়ে চলচ্চিত্ৰক এটা নিজস্ব ভাষা দিবলৈ সক্ষম হৈছিল, আৰু এই ভাষা জীৱনৰে এটা প্ৰতিফলন হৈ চলচ্চিত্ৰক জীৱনৰে এটা সপোনৰ ৰূপ দিবলৈ সক্ষ হৈছিল (...for me is the greatest [director], the one who invented a new language, true to the nature of film, as it captures life as a reflection, life as a dream.") চলচ্চিত্ৰৰ ভাষাৰ এটা সৰু উদাহৰণ স্বৰূপে আগবঢ়াব পাৰি যে দুজন অভিনেতাৰ এজনৰ সোঁফাল দেখুৱাই কিছু সময় পাছত আনজনৰ বাওঁফালটো দেখুৱাই আৰু এই ক্ৰমৰ পুনৰাবৃত্তি কৰি দুয়োজনৰ মাজত কথোপকথন চলি থকাৰ ধাৰণা দৰ্শকক দিব পাৰি। সেইদৰে এজন অভিনেতাৰ কপালৰ ওচৰলৈ ক্ৰমান্বয়ে কেমেৰা জুম কৰি নি আৰু প্ৰায় একে দেখাত আন এজন কম বয়সীয়া অভিনেতাৰ চিত্ৰ দেখুৱাই অভিনেতাজনৰে জীৱনৰ স্মৃতি বুলি দৰ্শকক বুজাব পাৰি। এই ধাৰণাবিলাক এতিয়া তেনেই সাধাৰণ যেন লাগিলেও এয়েই আছিল প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ ব্যাকৰণ আৰু এই কৌশলবোৰ আৱিষ্কাৰ কৰি তাক বৰ্তমানৰ ৰূপ দিবলৈ বহুতো বছৰৰ সাধনাৰ প্ৰয়োজন হৈছিল।

মন্তাজ

'মন্তাজ' চলচ্চিত্ৰ সম্পাদনাৰ এটা কৌশল। নিৰ্বাক যুগত ক্ৰমবিহীন দুটা দৃশ্যক একেলগে দৰ্শাই দৃশ্যটোৰ অৰ্থ সলনি কৰি দিবলৈ বা দৃশ্যাংশৰ আবেদন অধিক তীব্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। সবাক ছবি অহাৰ পাছত একে প্ৰক্ৰিয়াকে কেতিয়াবা দৃশ্যৰ লগত মিল নথকা শব্দ প্ৰয়োগ কৰি বা আন বহুতো কৌশলেৰে প্ৰয়োগ কৰা হৈছে। 'ছোলে' বোলছবিৰ গব্বৰ সিঙৰ চৰিত্ৰটোৱে গাঁৱৰপৰা বাহিৰলৈ পঢ়িবলৈ যোৱাৰ সময়ত কিশোৰ এজনক হত্যা কৰাৰ দৃশ্যটো নেদেখুৱাই তাৰ ঠাইত হাতত পৰি থকা মাখি এটা মৰাৰ দৃশ্য দেখুৱাই সমাপ্ত কৰা হয়। মাখি মৰাৰ দৃশ্যটো যদিও মূল কাহিনীৰ লগত লগত সংগতিহীন, তথাপিও সেই দৃশ্যাংশৰ অৰ্থটো মাখি মৰা কাৰ্য্যই সম্পূৰ্ণ কৰে। অৱশ্যে এই দৃশ্যটোত সৰু ঘটনাটো ঘটনাকালত ঘটি যোৱা এটা সৰু খুঁটি-নাটি হিচাপে দেখুওৱা হৈছে। আজিকালিৰ চলচ্চিত্ৰত মন্তাজক প্ৰায়েই ছবিৰ কাহিনীৰ খুঁটি-নাটিৰ লগত সংলগ্ন দৃ্শ্য ব্যৱহাৰ কৰি কৰা হয়। মন্তাজৰ সফল প্ৰয়োগৰ বাবে ছেৰ্গেই আইজেনষ্টাইনৰ ছবিসমূহ অগ্ৰণী আছিল বুলি কোৱা হয়।[5]

চলচ্চিত্ৰ সমালোচনা

চলচ্চিত্ৰ সমালোচনাই চলচ্চিত্ৰৰ বিশ্লেষণ আৰু মূল্যায়নক সাঙুৰি লয়। চলচ্চিত্ৰ সমালোচনা মূলতে দুই প্ৰকাৰৰ: বিদ্যায়তনিক আৰু সংবাদভিত্তিক। বিদ্যায়তনিক সমালোচনাত চলচ্চিত্ৰৰ ধ্যান-ধাৰণা, ব্যাকৰণ আদিৰ ওপৰত অধ্যয়ন কৰা হয় আৰু সাধাৰণতে চলচ্চিত্ৰৰ পণ্ডিত, ছাত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণকাৰীৰ মাজতে সীমাবদ্ধ থাকে। আনহাতে সংবাদভিত্তিক সমালোচনাত কোনো এখন চলচ্চিত্ৰৰ সমালোচনা আগবঢ়োৱা হয়, য'ত পঢ়ুৱৈ হয় সাধাৰণ ৰাইজ আৰু ঘাইকৈ সমালচনা কৰা ছবিখনৰ ভাল, বেয়া দিশবোৰ আঙুলিয়াই দিয়া হয়। সংবাদভিত্তিক সমালোচনা বহুলকৈ বাতৰি-কাকত বা অন্যান্য গণ-সংযোগৰ মাধ্যমত প্ৰকাশ কৰা হয়।

সংবাদভিত্তিক সমালোচকক বহুতে সমালোচক বুলি নকৈ চলচ্চিত্ৰ পৰ্য্যালোচক (film reviewer) বুলিহে ক'ব খোজে। প্ৰকৃত সমালোচকে চলচ্চিত্ৰৰ বিদ্যায়তনিক দিশত বেছি গুৰুত্ব দিয়ে। তেওঁলোকে একোখন ছবিৰ ওপৰত মন্তব্য দিয়াতকৈ (নতুন দিগ-দৰ্শক ছবিৰ বাহিৰে) চলচ্চিত্ৰই কেনেকৈ সমাজক প্ৰভাৱান্বিত কৰে, আৰু তাৰ ওলোটাটো, চলচ্চিত্ৰৰ নিৰ্মাণৰ গাঠনিগত সাল-সলনি ইত্যাদিৰ ওপৰত আলোচনা কৰে। বিদ্যায়তনিক আলোচনা বাতৰি কাকতৰ দৰে বহুল প্ৰচাৰিত গণ-মাধ্যমত প্ৰকাশ নহৈ গৱেষণা-পত্ৰ হিচাপেহে প্ৰকাশিত হয়। এনে সমালোচক সাধাৰণতে বিদ্যায়তনিক প্ৰতিষ্ঠানৰ অংগ হয়।

চলচ্চিত্ৰ উদ্যোগ

 
লুমিয়েৰ ভাতৃদ্বয়ৰদ্বাৰা নিৰ্মিত 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' ( La Sortie des usines Lumière à Lyon) চলচ্চিত্ৰৰ এটা ফ্ৰেম।

চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰদৰ্শন এটা লাভজনক ব্যৱসায়। প্ৰথম আৰম্ভণিৰ পৰাই চলচ্চিত্ৰ জনসাধাৰণৰ মাজত বিপুল ভাৱে জনপ্ৰিয় হৈ পৰে, সেয়ে অতি সোনকালেই চলচ্চিত্ৰ নিৰ্মাণ এটা লাভজনক ব্যৱসায় হিচাপে গঢ় লৈ উঠে। ১৮৯০-ৰ দশকত 'লুমিয়েৰ ভাতৃদ্বয়ে' ( Auguste আৰু Louis Lumière) আৱিষ্কাৰ কৰে 'চিনেমাটোগ্ৰাফ' (Cinématographe) নামৰ এবিধ বিশেষ যন্ত্ৰ। এই যন্ত্ৰটো মূলতে এটা চলচ্চিত্ৰৰ কেমেৰা হ'লেও ইয়াৰ সহায়ত কেমেৰাৰ ফিল্ম পৰিস্ফূটন কৰাৰ উপৰিও প্ৰজেক্টৰ হিচাপে ব্যৱহাৰ কৰি পৰ্দাত চাব পৰা গৈছিল। কিছু সংখ্যকৰ মতে এই যন্ত্ৰৰ মূল আৱিষ্কাৰক আছিল 'লিঅ'ন ব'লি' (Léon Bouly)। তেখেতে ১৮৯২ চনত এই যন্ত্ৰ নিৰ্মাণ কৰিছিল যদিও ধনৰ অভাৱত তাক পেটেণ্ট কৰিব নোৱাৰিলে। তেখেতৰপৰাই লুমিয়েৰ ভাতৃদ্বয়ে এই যন্ত্ৰ কিনি লয় আৰু নিজৰ নামত পেটেণ্ট লয় ১৩ ফেব্ৰুৱাৰী ১৮৯৫ চনত। তেওঁলোকে এই যন্ত্ৰৰদ্বাৰাই প্ৰথম ছবি তোলে ১৯ মাৰ্চ, ১৮৯৫ চনত।

প্ৰথম লোৱা ছবি আছিল তেওঁলোকৰ কলঘৰৰপৰা ওলাই গৈ থকা শ্ৰমিক সকলৰ গতিশীল ছবি। ছবিখনৰ নাম আছিল 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' ( La Sortie des usines Lumière à Lyon)। লুমিয়েৰ ভাতৃদ্বয়ে এই ছবিখন প্ৰথমে ব্যক্তিগত ভাৱে প্ৰদৰ্শন কৰে ১৮৯৫ চনৰ ২২ মাৰ্চত। একেখন ছবিৰে প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰা হয় একে চনৰ ২৮ ডিচেম্বৰ তাৰিখে পেৰিছৰ এখন কাফেত (Salon Indien du Grand Café)। লুমিয়েৰ ভাতৃদ্বয়ৰ এই ছবিখনকে প্ৰথম চলচ্চিত্ৰ বুলি সাধাৰণ ভাৱে অভিহিত কৰা হয় যদিও চলচ্চিত্ৰৰ ছবি তোলা বিশেষ কেমেৰা ব্যৱহাৰ কৰি তোলা প্ৰথমখন চলচ্চিত্ৰ আছিল 'লুই লে প্ৰিন্স'ৰ ( Louis Le Prince) ১৮৮৮ চনত নিৰ্মিত 'ৰাউণ্ডহে গাৰ্ডেন চিন' (Roundhay Garden Scene)।

প্ৰথম নিৰ্মিত ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিলৈ চাই লুমিয়েৰ ভাতৃদ্বয়ে ঠায়ে ঠায়ে ভ্ৰমি চলচ্চিত্ৰ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথমে গৈ ঠাইখনৰে কিছুমান চলচ্চিত্ৰ তুলি লৈ সেই বিলাকো প্ৰদৰ্শনত সংযোগ কৰিছিল। এনেদৰেই তেওঁলোকে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি বহুতকে আকৰ্ষিত কৰি তোলে আৰু তেওঁলোকৰ যন্ত্ৰৰ বিক্ৰীও বাঢ়ি আহিবলৈ ধৰে। ১৮৯৮ চনত নিৰ্মিত 'অবেৰামেৰ্জ' পেছন প্লে' (Oberammergau Passion Play)-ক প্ৰথম কাহিনী ভিত্তিক চলচ্চিত্ৰ বুলি কোৱা হয়। এইখন আচলতে বাভাৰিয়াৰ একে নামৰ গাঁৱ এখনত যীচু খ্ৰীষ্টৰ কাহিনী দৰ্শাই কৰা এখন নাটক। সোনকালেই কাহিনী চিত্ৰৰ নিৰ্মাণ বাঢ়ি আহে। আৰু ইয়াৰ জনপ্ৰিয়তাই নাটক আৰু অপেৰাৰ জনপ্ৰিয়তাক চেৰ পেলাবলৈ সক্ষম হয়। লগে লগেই ব্যৱসায়ভিত্তিত চলচ্চিত্ৰ নিৰ্মাণ আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাৰ ষ্টুডিঅ' বিলাকত মাহিলী দৰমহাৰ ভিত্তিত অভিনেতা, কলা-কুশলী ৰখা হৈছিল আৰু তেওঁলোকৰ দ্বাৰা চলচ্চিত্ৰ নিৰ্মাণ কৰি ৰাইজলৈ আগবঢ়োৱা হৈছিল।

দূৰদৰ্শনৰ প্ৰচলন হয় ১৯৩১ চনৰপৰা, কিন্তু দূৰদৰ্শনৰ বাবে ছবি তুলিবলৈও ফিল্ম কেমেৰাৰ ব্যৱহাৰ কৰা হৈছিল ১৯৫৬ চনলৈ। কাৰণ চলচ্চিত্ৰ সংৰক্ষণৰ বাবে চুম্বকীয় ফিতাৰ (magnetic tape) ব্যৱহাৰ সেই চনৰপৰাই হৈছিল। চলচ্চিত্ৰ নিৰ্মাণ মূলতঃ কলা যদিও ইয়াৰ নিৰ্মাণ যথেষ্ট ব্যয়বহুল হোৱা বাবে আৰম্ভণিৰ পৰাই চলচ্চিত্ৰ এক ব্যক্তিগত কলা নহৈ ব্যৱসায়িক ৰুপটোৱে প্ৰাধান্য পাই আহিছে। ১৯৬০ চনৰপৰা মাহিলী দৰমহা দিয়া ষ্টুডিঅ'ৰ ব্যৱস্থা বন্ধ হৈ যায়। তাৰ ঠাইত গা কৰি উঠে ছবিখনৰ প্ৰয়োজন বা জনপ্ৰিয়তালৈ চাই অভিনেতা, অভিনেত্ৰী, পৰিচালক আদি নিৰ্বাচন কৰি চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া। এই পদ্ধতিত মূল ব্যয় ষ্টুডিঅ'ই কৰে যদিও কলা-কুশলী সকলে নিজৰ কামৰ বাবে মাননি লয়।

পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে চলচ্চিত্ৰ নিৰ্মাণ উদ্যোগে গা কৰি উঠিছে। আমেৰিকাত চলচ্চিত্ৰ উদ্যোগ কেলিফৰ্নিয়া চহৰৰ হলিউড অঞ্চলৰ আশে-পাশে হোৱা বাবে আমেৰিকাৰ ছবি সমূহক হলিউডৰ ছবি বুলি কোৱা হয়। একেদৰেই ভাৰতৰ হিন্দী ছবিৰ মূল কেন্দ্ৰ মুম্বাই-ত (আগতে বোম্বাই) বাবে বলীউড-ৰ ছবি বুলি কোৱা হয়। চলচ্চিত্ৰ নিৰ্মাণ বৰ্তমান এটা লাভজনক কোটি-টকীয়া উদ্যোগ। কাহিনী ভিত্তিক চলচ্চিত্ৰৰ বাহিৰেও শৈক্ষিক ছবি, এনিমেছন ছবি, বিজ্ঞাপনৰ ছবি, প্ৰাপ্তবয়স্কৰ ছবি ইত্যাদি বিভিন্ন ছবিৰ বাবে পৃথক উদ্যোগ আছে।

সংলগ্ন অন্যান্য ক্ষেত্ৰ

চলচ্চিত্ৰৰ ওপৰত ভিত্তি কজৰি বহুতো নতুন নতুন ক্ষেত্ৰ আৰু পেছা গঢ় লৈ উঠিছে। পেছা সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে। এই অংশত মাত্ৰ চলচ্চিত্ৰৰ লগত জড়িত বিদ্যায়তিন ক্ষেত্ৰবোৰৰ বিষয়ে উনুকিওৱা হৈছে। 'চলচ্চিত্ৰ সমালোচনা', 'চলচ্চিত্ৰৰ ইতিহাস', 'চলচ্চিত্ৰৰ শ্ৰেণী বিভাগ', 'মানসিক জগতত চলচ্চিত্ৰৰ প্ৰভাৱ' ইত্যাদি চলচ্চিত্ৰৰ সতে জড়িত অধ্যয়নৰ ক্ষেত্ৰ। চলচ্চিত্ৰৰ লগত সাংবাদিকতাৰো সংযোগ ঘটিছে। চলচ্চিত্ৰ সাংবাদিকতা, চলচ্চিত্ৰ পৰ্য্যালোচনা, চলচ্চিত্ৰ বিষয়ক আলোচনী আদিও চলচ্চিত্ৰৰ লগত জড়িত অন্যান্য ক্ষেত্ৰ। চলচ্চিত্ৰ উদ্যোগৰ দলগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে ছবি হল আৰু ইয়াক কেন্দ্ৰ কৰি গড় লৈ উঠা বিভিন্ন ব্যৱসায়। চলচ্চিত্ৰৰ দ্বাৰা দূৰদৰ্শনৰো বহুতো অনুষ্ঠান প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত হয়।

চলচ্চিত্ৰৰ কিছুমান পৰিভাষা

A clip from the Charlie Chaplin silent film The Bond (1918)

চলচ্চিত্ৰ আৰু বোলছবিৰ পাৰ্থক্য আগতেই আলোচনা কৰা হৈছে। অকল 'ছবি' শব্দৰেও চলচ্চিত্ৰৰ কথা বুজোৱা হয়। চলচ্চিত্ৰৰ বিষয়, নিৰ্মাণ শৈলী, আৰু উদ্দ্যশিত বাণিজ্যিক আবদেনলৈ লক্ষ্য কৰি চলচ্চিত্ৰক কলাত্মক, তাত্বিক, বাণিজ্যিক আদি বিভিন্ন ভাগত ভগোৱা হয়। অৱশ্যে এই বিভাজনৰ যথেষ্ট সীমাবদ্ধতা আছে। একেখন ছবিয়েই কেতিয়াবা দুটা ভাগত একেসময়তে সুমুৱাব পাৰি।

চলচ্চিত্ৰ আজিকালি অকল ফিল্মৰ ৰূপতে আবদ্ধ হৈ থকা নাই। চুম্বকীয় ফিতাৰ ৰূপত চলচ্চিত্ৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা ৬০-ৰ দশকতে আৰম্ভ হৈছিল। ১৯৯০-ৰ দশকত চিডি (কমপেক্ট ডিস্ক) আৰু পাছলৈ ডিভিডি (ডিজিটেল ভাৰ্ছেটাইল ডিস্ক) আৰু অতি শেহতীয়া ভাৱে 'ব্লু-ৰে' ৰূপতো উপলব্ধ হৈছে।

চলচ্চিত্ৰ নিৰ্মাণৰ কেমেৰাৰে ছবি তোলা কাৰ্য্যক ছুটিং (Shooting) বা ফিল্মিং (Filming) বুলি কোৱা হয়।

ৰূপালি পৰ্দা (Silver Screen) শব্দৰেও চলচ্চিত্ৰক বুজোৱা হয়। আজিকালি এই শব্দৰ প্ৰয়োগ ঘাইকৈ পুৰণি দিনৰ ছবিৰ বাবে ব্যৱহাৰ কৰা হয়।

চলচ্চিত্ৰৰ ফ্ৰেমৰ দীঘ আৱু প্ৰস্থৰ অনুপাত অনুসৰি মূলতঃ দুটা ভাগত ভগোৱা হয়--'ৱাইডস্ক্ৰীন' (Widescreen) বা 'চিনেমাস্কোপ' (Cinemascope) আৰু ৩৫ মিমি.। চিনেমাস্কোপ পদ্ধতিত প্ৰস্থ আৰু দৈৰ্ঘৰ অনুপাত ১৬:৯ আৰু ৩৫ মিমি-ত ৪:৩ ৰখা হয়। ইয়াৰ বাহিৰেও অন্যান্য অনুপাতো আছে যদিও এই দুবিধেই বহুল ভাৱে ব্যৱহাৰ কৰা হয়। চিনেমাস্কোপ পদ্ধতিত ছবি তোলোতে ডাঙৰ আকাৰৰ (১৬:৯ অনুপাতৰ) ফিল্ম ব্যৱহাৰ কৰা হয়, কিন্তু সেই ফিল্মক এনাম'ৰ্ফিক (Anamorphic) পদ্ধতিৰে ৩৫ মিমিলৈ সলনি কৰি প্ৰজেক্টৰত এনাম'ৰ্ফিক লেন্স ব্যৱহাৰ কৰি আকৌ ১৬:৯ অনুপাতত পৰিবৰ্ধিত কৰিব পাৰি। সাধাৰণতে এই পদ্ধতিৰে একেটা প্ৰজেক্টৰত মাত্ৰ লেন্স সলনি কৰিয়েই দুয়োবিধ অনুপাতৰ ছবি প্ৰদৰ্শন কৰিব পাৰি।

দৈৰ্ঘ্য অনুসৰি চলচ্চিত্ৰক 'কাহিনী দৈৰ্ঘৰ ছবি' (Feature length film), 'চুটি ছবি' (Short film) এই দুটা ভাগত ভগোৱা হয়। দুয়োটাৰে কোনো নিৰ্দিষ্ট সময় সীমা বন্ধা নাই যদিও কাহিনী দৈৰ্ঘৰ ছবি ১:৩০ ঘণ্টাতকৈ দীঘল আৰু চুটি ছবি আধা ঘণ্টাতকৈ দীঘল কৈ বনোৱা হয়।

প্ৰচলিত ষ্টুডিঅ' ব্যৱস্থাৰ বাহিৰত নিৰ্মিত ছবিক 'স্বাধীন ছবি' (Independent Film) বোলা হয়।

পূৰ্বদৰ্শন (Preview)

দৰ্শকৰ বা মুকলি কৰি দিয়াৰ আগতে নিৰ্বাচিত দৰ্শকক ছবিখন দেখুওৱা হয়। সাধাৰণতে পৰিবেশক, উদ্দেশ্যিত দৰ্শক বা বিশেষ গোটত ছবিখন দেখুওৱা হয়, যাতে তেওঁলোকৰ মতামত জানিব পৰা যায়। এই গোটৰ সহাঁৰিলৈ লক্ষ্য ৰাখি ছবিখনৰ কেতিয়াবা সালসলনিও ঘটোৱা হয়।

ট্ৰেইলাৰ (Trailer)

নিৰ্মিত চলচ্চিত্ৰ এখনৰ বিজ্ঞাপনৰ বাবে ছবিখনৰ দৃশ্যাংশৰ টুকুৰা ছবিএখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াকে ট্ৰেইলাৰ বোলা হয়। আগতে মূল ছবিৰ শেষত এই অংশটো দেখুওৱা হৈছিল বাবে ইয়াক ট্ৰেইলাৰ (ইং: Trail শব্দৰপা অহা) বোলা হৈছিল। আজিকালি অৱশ্যে ট্ৰেইলাৰ ছবিৰ আগতে বা মাজৰ 'বিৰাম'ৰ সময়ত দেখুওৱা হয়। এতিয়া ট্ৰেইলাৰখনত ছবিৰ দৃশ্যাংশৰ বাহিৰেও আন সমলো কেতিয়াবা সংযোগ কৰা হয়।

শিক্ষামূলক আৰু বিশেষ উদ্দেশ্যৰ চলচ্চিত্ৰ

মনোৰঞ্জনৰ বাহিৰেও চলচ্চিত্ৰ শিক্ষমূলক বা বিশেষ উদ্দেশ্যধৰ্মীও হ'ব পাৰে। যেনে কোনো বিশেষ বিষয়ৰ ওপৰত দিয়া বক্তৃতাৰ ছবি, কোনো এটা বিষয়ৰ জ্ঞান দিয়াৰ বাবে নিৰ্মিত ছবি, ইত্যাদি। চলচ্চিত্ৰক কেতিয়াবা বিশেষ উদ্দেশ্য পূৰণ কৰিবৰ বাবেও নিৰ্মাণ কৰা হয়। যুদ্ধৰ সময়ত দেশবাসীক উদ্বুদ্ধ কৰিবলৈ, বিশেষ পন্থাৱলম্বী গোটে আন মানুহক নিজৰ গোটত যোগ দিয়াবলৈ এনে চলচ্চিত্ৰ নিৰ্মাণ কৰে।

টোকা

  1. http://www.geetikavi.com/html/hisworks/movie.aspx[সংযোগবিহীন উৎস] আহৰণ কৰা তাৰিখ: ০৩-০৪-২০১২
  2. Williams, Alan Larson (1992) Republic of images: a history of French filmmaking Harvard University Press
  3. http://www.britannica.com/EBchecked/topic/179233/Thomas-Alva-Edison আহৰণ কৰা তাৰিখ: জুলাই ২৮, ২০১১
  4. Beck, Jerry (ed) (2004). "Animation Art". First Edition. Flame Tree. ISBN 1-84451-140-5
  5. গুহ, সৌমেন। ছেৰ্গেই আইজেনষ্টাইন - জীৱন ও চলচ্চিত্ৰ। দীপায়ন। মাঘ, ১৪০৪ (শকাব্দ)। কলিকতা।

তথ্যসূত্ৰ

  • Acker, Ally (1991). Reel Women: Pioneers of the Cinema, 1896 to the Present. প্ৰকাশক New York: Continuum. ISBN 0826404995. 
  • Basten, Fred E. (1980). Glorious Technicolor: The Movies' Magic Rainbow. প্ৰকাশক Cranbury, NJ: AS Barnes & Company. ISBN 0498023176. 
  • Basten, Fred E. (writer); Peter Jones (director and writer); Angela Lansbury (narrator) (1998). Glorious Technicolor (Documentary). Turner Classic Movies. 
  • Casetti, Francesco (1999). Theories of Cinema, 1945-1995. প্ৰকাশক Austin, TX: University of Texas Press. ISBN 0292712073. 
  • Cook, Pam (2007). The Cinema Book, Third Edition. প্ৰকাশক London: British Film Institute. ISBN 9781844571932. 
  • Faber, Liz, & Walters, Helen (2003). Animation Unlimited: Innovative Short Films Since 1940. প্ৰকাশক London: Laurence King, in association with Harper Design International. ISBN 1856693465. 
  • Hagener, Malte, & Töteberg, Michael (2002). Film: An International Bibliography. প্ৰকাশক Stuttgart: Metzler. ISBN 3476015238. 
  • Hill, John, & Gibson, Pamela Church (1998). The Oxford Guide to Film Studies. প্ৰকাশক Oxford; New York: Oxford University Press. ISBN 0198711247. 
  • King, Geoff (2002). New Hollywood Cinema: An Introduction. প্ৰকাশক New York: Columbia University Press. ISBN 0231127596. 
  • Ledoux, Trish, & Ranney, Doug, & Patten, Fred (1997). Complete Anime Guide: Japanese Animation Film Directory and Resource Guide. প্ৰকাশক Issaquah, WA: Tiger Mountain Press. ISBN 0964954257. 
  • Merritt, Greg (2000). Celluloid Mavericks: A History of American Independent Film. প্ৰকাশক New York: Thunder's Mouth Press. ISBN 1560252324. 
  • Nowell-Smith, Geoffrey (1999). The Oxford History of World Cinema. প্ৰকাশক Oxford; New York: Oxford University Press. ISBN 0198742428. 
  • Rocchio, Vincent F. (2000). Reel Racism: Confronting Hollywood's Construction of Afro-American Culture. প্ৰকাশক Boulder, CO: Westview Press. ISBN 0813367107. 
  • Schrader, Paul (Spring 1972). "Notes on Film Noir". Film Comment খণ্ড 8 (1): 8–13. ISSN 0015-119X. 
  • Schultz, John (writer and director); James Earl Jones (narrator) (1995). The Making of 'Jurassic Park' (Documentary). Amblin Entertainment. 
  • Thackway, Melissa (2003). Africa Shoots Back: Alternative Perspectives in Sub-Saharan Francophone African Film. প্ৰকাশক Bloomington, IL: Indiana University Press. ISBN 0852555768. 
  • Vogel, Amos (1974). Film as a Subversive Art. প্ৰকাশক New York: Random House. ISBN 0394490789. 

বাহ্যিক সংযোগ

  • Allmovie – Information on films: actors, directors, biographies, reviews, cast and production credits, box office sales, and other movie data.
  • Film Site – Reviews of classic films
  • Movies বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
  • Rottentomatoes.com – Movie reviews, previews, forums, photos, cast info, and more.
  • The Internet Movie Database (IMDb) – Information on current and historical films and cast listings.