সাঁচিগছ

(অগৰুৰ পৰা পুনঃনিৰ্দেশিত)


সাঁচিগছ : (Aquilaria malaccensis) সৰু সৰু পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া সুগন্ধিজাতীয় গছ। কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰপৰা পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল। ইয়াক সাঁচিপাত বোলে। এই গছৰ পলস কাঠ যদিও কোমল, নিতিতিলে বহুকাল যায় আৰু তাক কেতিয়াও ঘুণে নধৰে। ভিতৰৰ সাৰ তেল-ক'লীয়া বৰণৰ আৰু তাক আগৰ-কাঠ বোলে। সাঁচিগছক অসমত অগৰু গছ বুলিও কয়। ই এক মাঝাৰি ধৰণৰ চিৰসেউজ বৃক্ষ। উচ্চতা সাধাৰণতে ৬০ ৰ পৰা ৮০ ফুট মান হয়। বৰ্গ: Malvales, পৰিয়াল: Thymelaeaceae, গণ: Aquilaria। অন্যান্য স্থানীয় নামৰ ভিতৰত Agor, Oudh, Eagle Wood, Aloe Wood, Aguruh, Krissana, Gaharu, Chen-xiang, Jin-koh আদি উল্লেখযোগ্য।

সাঁচিগছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malvales
পৰিয়াল: Thymelaeaceae
গণ: Aquilaria
প্ৰজাতি: A. malaccensis
বৈজ্ঞানিক নাম
Aquilaria malaccensis
Lamk.
সমাৰ্থক

A. agallocha[1][2],
A. secundaria[1][2],
A. malaccense'[2],
Agalochum malaccense[2]

সাধাৰণতে ভাৰত, বাংলাদেশ, ভুটান, ইন্দোনেছিয়া, ইৰাণ, লাউচ, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড আদি ঠাইত পোৱা যায়। থাইলেণ্ডত কৃচানা, মালয়েছিয়া আৰু ইন্দুনেছিয়াত গাহাৰু, মধ্যপ্ৰাচ্যত ওদ্ , চীনত ছেনঝিয়াং, জাপানত জীন-ক’হ্। ইয়াক চুলটানৰ পাৰ্ফিউম্ বুলিও জনা যায়। মূলতঃ বন্য আৰু প্ৰাকৃতিকভাৱে ধনী অসমত আগৰওদ্ পৰিলক্ষিত হয়। দুৰ্লভ বাবে ই বহুত দামী। আগৰ কাঠৰ পৰা পোৱা তেল সুগন্ধি ধূপ, আতৰ, পাৰফিউম, লোচন, তেল আদিত ব্যৱহাৰ কৰা হয়। সৰ্বোত্তম আগৰ তেলৰ মূল্য সম তোলা সোণতকৈ তিনিগুণ পৰ্য্যন্ত হয়। আগৰ তেল আৰু গা-গছৰ টুকুৰা মধ্যপ্ৰাচ্যৰ দেশ ডুবাই, ছৌদি আৰৱ, কাটাৰ, কোৱেইট, বাহৰেইন, ওমান, য়েমেন আৰু চিৰিয়া দেশৰ উপৰিও মৰক্কো, কম্বোডিয়া, ম্যানমাৰ, চিংগাপুৰ আৰু ইউৰোপীয় দেশসমূহত অতি উচ্চমূল্যত বিক্ৰী কৰা হয়। প্ৰতিদিনেই বাঢ়িছে আতৰৰ মূল্য। আগৰ গছৰ ওপৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানসন্মত সন্মিলন হৈছিল ২০১৩ চনত মালয়েছিয়াৰ Faculty of Forestry, UPMত ড॰ ৰজি মহমদৰ পৃষ্ঠপোষকতাত। অসম চৰকাৰৰ পৰিবেশ আৰু বনাঞ্চল বিভাগে “অসমত মানুহৰ উদ্ভিদ, আগৰৰ ওপৰত প্ৰথম প্ৰদক্ষেপ” এখন সন্মিলন আয়োজন কৰিছিল জানুৱাৰী ২০০৪চনত। অসমৰ শিৱসাগৰ, যোৰহাট, নাহৰণি, নামটি চাৰিআলি, গোলাঘাট, তিনিচুকীয়া আদি ঠাইত পোৱা যায়। অসমৰ উপৰিও মণিপুৰ, নগালেণ্ডো আগৰ বা সাঁচি গছৰ বাগিছাৰ বাবে উপযোগী। সাধাৰণতে পাহাৰীয়া পানী নৰখা মাটি এনে গছৰ উপযোগী। উজনী অসমৰ কিছু ঠাইত মানুহে চাহ গছৰ দৰে বৃক্ষৰুপন কৰি আছে। অসমৰ আগৰ গছ পৃথিৱীৰ সকলো ঠাইতকৈ উন্নতমানৰ বুলি নাম আছে। হোজাইত এতিয়া পৃথিৱীৰ ভিতৰত বৃহত্তম পাইকাৰী বিক্ৰীকেন্দ্ৰ গঢ়ি উঠিছে। ফলত হোজাইৰ লোকসকলে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছে। তেওঁলোকৰ জীৱনশৈলীৰ মানদণ্ড উন্নত হৈছে। অসমীয়াৰ বাবে ই এক গৌৰৱময় বিষয়। হোজাইত গঢ় লৈ উঠা উদ্যোগত উৎপন্ন কৰিছে পৃথিৱীৰ ভিতৰতে দামী আগৰ তেল। ২০০৩-২০০৪ চনৰ তথ্য অনুসৰি, অসম বন বিভাগে বনাঞ্চলৰ বাহিৰত(ব্যক্তিগত) বয়সভেদে ৯০,০০,০০০ আগৰ গছ গণনা কৰিছিল। ৯,১০০ তকৈ বেছি আগৰ তেল নিষ্কাশন এককে অসমত বিচাৰে ৭,২৮,০০০ জোপা আগৰ গছ, যি আগৰ খেতিয়কে সৰবৰাহ কৰে। ৫০,০০০তকৈ অধিক বনুৱা আৰু খেতিয়ক জড়িত হৈ আছে আগৰ ব্যৱসায়ত আৰু আন ১৫ লাখ লোক লাভৱান হয় পৰোক্ষভাৱে।

আৰবী সকলে এই সম্পদটি অধিক গুৰুত্বপূৰ্ণ তথা শ্ৰদ্ধাৰে নিয়মিত ব্যৱহাৰ কৰি আহিছে। আৰবীসকলে দিনটোত অন্ত:ত এবাৰ হ’লেও আগৰ ওদ্ ব্যৱহাৰ কৰে; নহবা পাক বুলি নাভাৱে। তেওঁলোকে বন্ধু-বৰ্গক মজলিচৰ চাৰিওফালে বহি ওদ্ জ্বলোৱাতো এটা সামাজিক প্ৰথা। পৰিস্থিতি সাপেক্ষে বিভিন্ন প্ৰকাৰৰ আতৰ ব্যৱহৃত হয়। নামাজ পঢ়িব যাওঁতে আতৰ লগায় মনৰ পবিত্ৰতাৰ বাবে। মৃতকৰ পৰিয়ালৰ ঘৰত খবৰ লবলৈ যাওঁতে আতৰ ব্যৱহৃত হয়। বিয়াত আগৰ তেল আৰু কাঠ আপৰুগিয়াল সম্পদ। গতিকে মধ্যপ্ৰাচ্যত আতৰৰ চাহিদা অসীম। তেওঁলোকে “হিন্দী ওদ্” বুলি চিনাক্ত কৰে। ধুনাৰ দৰে আৰৱীসকলে ব্যৱহাৰ কৰে। আৰৱত এটা লোকবিশ্বাস আছে যে এক বিন্দুসম ভেজালহীন আগৰ তেল সেৱনে কেঞ্চাৰৰ পৰা বচায়। প্ৰত্যয়াতীত অসম ওদ্ অভ্যন্তৰীণ বায়ু উন্নতি(indoor air improvement), ধৰ্মীয় ৰীতি-নীতি, আধ্যাত্মিক জীৱনত বিশালভাৱে ব্যৱহাৰ হয়। মধ্যপ্ৰাচ্যত ধূপ-ধুনা হিচাপে, জাপানত ক’হ-ডোত চন্দন কাঠৰ সৈতে ব্যৱহাৰ কৰে। পুৰণিদিনত ইজিপ্তত শৱ সংৰক্ষণ পদ্ধতিত(mummy) ব্যৱহৃত হৈছিল। আগৰ বা সাঁচি গছৰ পৰা আগৰ তেল উৎপন্ন কৰা হয় যাক সুগন্ধি বা আতৰ হিচাপে ব্যৱহাৰ কৰা হয়। আতৰৰ পৰা কেৱল সুগন্ধি কিম্বা দামী উপহাৰেই প্ৰস্তুত নহয়, ইয়াৰ পৰা অনেক ৰোগৰ মূল্যবান ঔষধ তৈয়াৰী হয়। জাৰ্মানী, বেলজিয়াম, কানাডা, ইউৰোপ আৰু জাপানৰ চিকিৎসা বিজ্ঞানত ভেষজ জাতীয় ঔষধ নিৰ্মাণতো প্ৰচুৰ প্ৰয়োগ হয়। ইয়াৰ দ্বাৰা প্ৰস্তুত ঔষধ বাত, ডায়েৰিয়া, পাচক, হৃৎপিণ্ড, মনৰ প্ৰফুল্লতা, স্নায়বিক ৰোগ তথা মস্তিষ্কৰ শক্তিবৃদ্ধি আদি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। এৰ’মাথেৰাপীৰ বাবে আগৰওদ্ ব্যাপকভাৱে ব্যৱহাৰ হয়। বিভিন্ন ত্বকৰ ৰোগ, ব্ৰংকাইটিচ, হাঁফানী, মুত্ৰবৰ্ধক, কামোদ্দীপক, কোষ্ঠ্য পৰিষ্কাৰক হিচাপেও ব্যৱহাৰ পৰিলক্ষিত হয়। ই ঋণাত্মক শক্তিক প্ৰতিৰোধ কৰে আৰু মন আৰু আবেগক সুস্থিত কৰি ৰাখে। সকলো ঠাই আগৰ গছৰ বাবে উপযোগী নহয়। পানী জমা নোহোৱা আপেক্ষাকৃতভাৱে ওখ ঠাইত আগৰ গছ ৰুপন কৰিব পাৰি। যি অঞ্চলত বৃষ্টিপাত বেছি, সুনিষ্কাশিত ভূমি, আৰ্দ্ৰতা আৰু তাপমাত্ৰা, ৰেচিন (Resin, আঠা জাতীয় পদাৰ্থ) উৎপাদনৰ সহায়ক পৰিবেশ থকা সেই অঞ্চলত বাণিজ্যিকভাৱে আগৰ বাগান কৰা উচিত। আগৰ গছে বীজৰ দ্বাৰা বংশবিস্তাৰ কৰে। ১০ ৰ পৰা ১২ ফুট দুৰত্বত ৰুপন কৰিব লাগে। উদ্যোগসমূহৰ নিৰ্দেশাৱলীৰ লগত সামঞ্জস্য ৰাখি উচিত মানদণ্ডবিশিষ্ট গছসমূহৰ বাগান কৰা হয়। আগৰৰ এটা সুস্থ সবল প্ৰকল্প নিৰ্মাণ চৰকাৰৰ সময়োপযোগী সুস্থ পদক্ষেপ হ’ব। একুইলাৰিয়া গোত্ৰৰ ১৭টা প্ৰজাতি আছে আৰু তাৰ ভিতৰত ৮ বিধে আগৰওদ্ উৎপন্ন কৰে বুলি জনা যায়। আগৰ গছৰ গা-গছ আৰু মূল এবিধ গাঢ়বেৰৰ দৰে পৰাশ্ৰয়ী ফাংগাচ(Phaeoacremonium parasitica)ৰ সংক্ৰমণৰ ফলত আগৰ কাঠ গঠন হয়। এই গছে উৎপন্ন কৰে উচ্চপৰিবৰ্তনশীল জৈৱিক যৌগিক পদাৰ্থ (resin)উৎপন্ন কৰে, যি বিকশিত ফাংগাচক ৰুদ্ধ কৰে। পদ্ধতিটোক টিল’চিচ(tylosis)বুলি কয়। গছৰ যি অংশ সংক্ৰমণ নাই হোৱা, সেই অংশ তুলনামূলকভাৱে পাতল ৰঙৰ। প্ৰাকৃতিক বনাঞ্চলত ৭ শতাংশমান আগৰ গছহে ফাংগাচৰদ্বাৰা সংক্ৰমিত হয়। এক সাধাৰণ কলম লগোৱা পদ্ধতিৰে ফাংগাচৰ সংক্ৰমণ ঘটায়। আগৰ গছ ৰুপনৰ ৪ বছৰ মানৰ পৰা ব্যৱহাৰৰ উপযোগী হৈ পৰে। দুই ধৰণৰ পদ্ধতিৰে সাঁচি গছৰ পৰা সুগন্ধিজাতীয় আতৰ বা পাৰ্ফিউম উৎপাদন সম্ভৱ। প্ৰাকৃতিক আৰু কৃটিম উপায়েৰে। আগৰ গছৰ ডাল হৰ্থাৎ শকত হৈ গলে সেই গছৰ পৰা আতৰ তেল উৎপাদন সম্ভৱ বুলি জনা যায়। প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা আতৰ তেলৰ প্ৰতি তোলাৰ দাম সৰ্বোচ্চ কেইবা লাখ টকা হয়। আজিকালি কৃটিমভাৱে বেছিভাগ আগৰকাঠ সংগ্ৰহ কৰা হয়। ইয়াৰ বাবে খেতিয়কসকলে আগৰ গছৰ পুলি ৰোৱাৰ অতি কমেও ৪ বছৰ পাছত গছৰ গুৰিৰ পৰা মূৰলৈ সমগ্ৰ গা-গছত লোহা বা গজাল মাৰি আৰু ৩ বছৰ গছৰ যত্ন লয়। লোহা বা গজাল পোতাৰ ফলত চাৰিওকাষে এক ফাংগাচ্ তৈয়াৰ হয় আৰু কৃটিম আগৰ কাঠ তৈয়াৰী হৈ পৰে। আগৰ গছ কাটোতে প্ৰথমে ক’লা কাঠখিনি অতি যত্নসহকাৰে সংগ্ৰহ কৰা হয়। বাকী থকা কাঠখিনি সৰু সৰু চিপ্চ্ বনোৱা হয়। এই চিপ্চ্খিনি ডাঙৰ পাত্ৰত ভিজাই ৰখা হয়। ৮-১৫ দিন ভিজোৱাৰ পিছত ডাঙৰ ডেস্কি বা ডিষ্টিলিং প্লাণ্টত বা বিশেষভাৱে নিৰ্মিত গেছৰ চুল্লীত নিৰ্ধাৰিত তাপত উত্তাপিত কৰি ৰখা হয়। এইদৰে ৫-১৫ দিন উত্তাপিত কৰি ৰখাৰ ফলত আতৰ তেল নিষ্কাশিত হয় বিশেষ পাত্ৰত। এনেধৰণৰ পদ্ধতিৰ সহায়ত উৎপন্ন হোৱা এই তৰল পদাৰ্থ বা আতৰৰ বিদেশত প্ৰতি তোলা হিচাপত বিক্ৰী হয়। এতিয়া তাপ দিয়া বন্ধ কৰি পাত্ৰত থকা চিপ্চ্খিনি ৰ’দত দি শুকোৱা হয়। ইও মূল্যবান। সাধাৰণতে পোকে নোখোৱা ডালবোৰৰ সৰু সৰু কটা অংশক ‘মুখা’ বুলি কয়। কোনো কোনো অংশ যেতিয়া ক’লা হৈ পৰে, তাক ‘বটালী মাল’ বুলি কোৱা হয়। গছৰ ভিতৰত আঠাজাতীয় পদাৰ্থৰ দ্বাৰা সৃষ্টি হোৱা পদাৰ্থটিক ‘চিনমাল’ বুলি কয়। পাতিত পদ্ধতিৰে ৭০ কেজি আগৰ ওদৰ পৰা ২০মিলিৰ ওপৰত আগৰ তেল পাব নোৱাৰি (হেৰিচ ১৯৯৫)। প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰা আগৰ গছ কাটিলে মাজত এক ধৰণৰ ক’লা কাঠ পোৱা যায়। কলম পদ্ধতিৰ উন্নতিৰদ্বাৰা সফলতাৰ মাপ বাঢ়ে। আগৰ গছৰ বয়স যিমান বেছি হয়, তিমানেই মূল্যৱান হয়। বিশুদ্ধ আগৰ তেল ২২ ডিগ্ৰী ছেলচিয়াচত হিমায়িত হয় আৰু ৪০ ডিগ্ৰী ছেলচিয়াচত তেল হিচাপে পোৱা যায়। সাধাৰণতে, ভাল প্ৰাকৃতিক গন্ধ পাবলৈ আগৰ কাঠ বামক’ল(Bum coal)ৰ ওপৰত ৰাখি জ্বলোৱা হয়। আগৰ তেলৰ ডিষ্টিলেচনৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি তিনিভাগত ভগাব পাৰি: A++ গ্ৰেড: ২-৩ দিনত পোৱা আতৰক অসমত “কাঢ়া আতৰ” বুলি কয়। ই বহুত সুগন্ধী। A+ গ্ৰেড: ১২-১৫ দিনত পোৱা আতৰক অসমত “বহা আতৰ” বুলি কয়। প্ৰায় একে সুগন্ধ; কিন্তু সাধাৰণ উষ্ণতাত হিমায়িত হৈ পৰে। ব’য়া পেষ্ট্: অপৰিশোধিত আগৰ কাঠৰ পৰা পোৱা যায়। ইয়াৰ গন্ধ সামান্য বেলেগ। ই ম’মজাতীয় যাক মুখত ঘহা ক্ৰীম বা তেনেজাতীয় পদাৰ্থত ব্যৱহাৰ হয়। এজন শ্ৰমিকে প্ৰতিদিনে ৮-১০ ঘণ্টা কাম কৰি ১০০-২০০ গ্ৰাম আগৰ কাঠ সংগ্ৰহ কৰিব পাৰে। ফেক্টৰী চলাওতেও বিজ্ঞানসন্মতভাৱে আগবঢ়া উচিত। কিছু গবেষণাই কয়, কেতিয়াবা ফেক্টৰীত ব্যৱহাৰ কৰা ষ্টেইনলেচ ষ্টিল পাত্ৰইও আতৰৰ আচল ঘ্ৰাণ বিনষ্ট কৰে। সম্ভাৱনা অনুসৰি অসমত আগৰৰ বিকাশ হোৱা নাই। কৃষকক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ উপৰিও প্ৰচুৰ বিনিয়োগৰ প্ৰয়োজন। অসমত এতিয়াও সাঁচিগছৰ ওপৰত প্ৰতক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰি বহুত লোক জড়িত হৈ আছে। আগৰ খেতিয়কে গছ বিক্ৰীৰ দ্বাৰা অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰে বাবে এজোপা গছ কাটিলে আন ৫ জোপা লগাবলৈও উৎসাহ পায়। এনে শিল্পত কৰ্মসংস্থাপনৰদ্বাৰা নিবনুৱা সমস্যা কিছু পৰিমাণ হ’লেও লাঘৱ কৰা সম্ভৱ। তাৰবাবে প্ৰয়োজন অত্যাধুনিক ব্যৱস্থাপনা আৰু যন্ত্ৰপাতিৰ। বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত আগৰ উৎপাদনৰ শিল্প গঢ়ি উঠিছে। ইয়াৰ ভিতৰত ভিয়েটনাম, পাপুয়া নিউগিনি, ভুটান, বাংলাদেশ উল্লেখযোগ্য। তথ্যৰ পৰা জানিব পৰা গৈছে যে বাংলাদেশ চৰকাৰে ৭০ হেক্টৰ মাটিত ১লাখ ১২ হাজাৰ আতৰ গছৰ পুলি ৰোপণ কৰি বাণিজ্যিকভাৱে আতৰ গছৰ বাগান বনাইছে। লগতে স্থানীয় বাণিজ্যিক বেংকসমূহেও সহযোগিতা আগবঢ়াইছে। বৃহত্তৰ ছিলেটতে ২০০ৰ ওপৰত নাৰ্চাৰী হৈছে। বাংলাদেশতো বনবিভাগৰ আগৰ প্ৰকল্পৰ অধীনত কৃষকে সুলভ মূল্যত আগৰ গছৰ পুলি লাভ কৰে। বাংলাদেশৰ মৌলভীবাজাৰ আৰু সুজানগৰৰ সৰু-ডাঙৰ পাহাৰ, জংঘল, টিলা সকলোতে আগৰগছ পোৱা যায়। খেতিয়কসকলে কেৱল বাগান চোৱাচিতা কৰে আৰু বিক্ৰী কৰে; আতৰ কাঠ বা আতৰ তেল সংগ্ৰহ নকৰে। যিসকলে আগৰ গছ চিনাক্ত কৰে, তেওঁলোকক স্থানীয় ভাষাত “দৌড়াল” বুলি কয়। আগৰ তেলৰ বজাৰ মূল্য কল্পনাতীত। এই শিল্প গঢ়ি উঠিলে এই অঞ্চলৰ মানুহৰ আৰ্থ-সামাজিক উন্নতিৰ লগত দেশৰ অৰ্থনৈতিক স্থিতিয়ে নতুন মাত্ৰা পাব। কিন্তু খেতিয়কসকলক আতৰৰ বিষয়ে প্ৰয়োজনীয় তথ্য, প্ৰশিক্ষণ আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ অভাৱ পৰিলক্ষিত হয়। চৰকাৰ, কৃষি গৱেষণা কেন্দ্ৰ আৰু স্থানীয় বেংকৰ সহযোগ পালে নিশ্চয়কৈ এই উদ্যোগসমূহ বৃহত্তৰ পৰা বৃহত্তমলৈ গতি কৰিব। কিছুক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে বহু ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানী তথা প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হয়। আতৰ তেল আৰু কেঁচামাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানীৰ বাবে সুবিধা হ’লে বছৰি হাজাৰ কোটি টকা বৈদেশিক মুদ্ৰা অৰ্জন সম্ভৱ। উদাহৰণস্বৰূপে, লাউচ, মালয়েছিয়া, চিংগাপুৰ, ইন্দোনেছিয়া আদি দেশত এই উদ্যোগটোক স্বীকৃতি দিয়াৰ বাবে সেই দেশসমূহে বৃহৎ পৰিমাণৰ কৰ আদায় কৰি আছে। চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱ, পৰিবহণত বাধা, বেংক ঋণৰ অভাৱ, অনিৰ্দিষ্ট বজাৰমূল্য তথা নকল দ্ৰব্যৰ বাবে ব্যৱসায়ীসকল বাধাপ্ৰাপ্ত হয়। সেয়ে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহি গৱেষণা কৰাৰ অতীব প্ৰয়োজন হৈ পৰিছে। তেতিয়া কম সময়ত বৈজ্ঞানীকভাৱে অধিক উৎপন্ন কৰিব পাৰি। যদি চৰকাৰে বৈজ্ঞানীক দৃষ্টিভঙ্গী সহকাৰে উদ্যোগ গঢ়াত স্থানীয় ব্যৱসায়ীসকলক সহায় কৰে, তেন্তে অসম বিশ্বৰ বুকুত জিলিকি উঠিব। বৰ্তমান কাটাৰত আগৰ তেলৰ ১ তোলা(১১.৬২ গ্ৰাম)ৰ মূল্য প্ৰায় কাটাৰী ৰিয়াল ২৫(৪০০ টকা) ৰ পৰা ৬,০০০(৯৬,০০০ টকা) আৰু প্ৰতি কেজি ওদৰ মূল্য কাটাৰী ৰিয়াল ১,৫০০(২৪,০০০টকা) ৰ পৰা ১০০,০০০(১৬,০০,০০০ টকা) লৈকে। (১ কাটাৰী ৰিয়াল = ১৬ টকা ধৰি লৈ)।

সাঁচিগছৰ ব্যৱহাৰ

সম্পাদনা কৰক

ব্যক্তিগত,সামাজিক আৰু ধৰ্মীয় জীৱনত অগৰুৰ ব্যৱহাৰ অতি তাৎপৰ্যপূৰ্ণ । প্ৰাগজ্যোতিষ বিজয়ৰ পিছত মধ্যম পাণ্ডৱ ভীমসেনে এই ৰাজ্যৰ পৰা অগৰু সংৰক্ষণ কৰাৰ কথা পোৱা যায় -মহাভাৰতৰ সভা পৰ্বত।পাণ্ডৱ সকলে ৰাজসূয় যজ্ঞ কৰাৰ কালত প্ৰাগজ্যোতিষৰ পৰা অসামান্য মণি -মুক্তা আৰু স্বৰ্ণ ৰোপ্যৰ লগতে লাভ কৰিছিল সুগন্ধিযুক্ত অগৰু। কালিদাসৰ ৰঘুবংশৰ ৰঘু কামৰূপলৈ আহোঁতে কালা গুৰুদ্ৰমত (অগৰু) তেওঁৰ হাতী বন্ধা কথা বিবৃত হৈছে ।কৌটিল্যৰ অৰ্থশাস্ততো উল্লেখ আছে -কামৰূপৰ ক্ষেত্ৰত অনান্য মূল্যবান গছৰ লগতে পোৱা যায় অগৰু গছ । কুমাৰ ভাস্কৰ বৰ্মাই হৰ্ষ শিলাদিত্যলৈ পঠিয়াইছিল -কৃষ্ণ গুৰু তৈল(অগৰু গছ)। আইন-ই-আকবৰীৰ দ্বিতীয় খণ্ডত আছে -কামৰূপৰ পৰ্বতমালাত পোৱা প্ৰচুৰ পৰিমাণৰ আগৰ গছ কাটি তাৰ পৰা পোৱা লোকে অগৰু তেল উলিয়ায়। খৰালি কালত এই কাম আৰম্ভ হয় । অগৰুৰ তেল প্ৰসাধন সামগ্ৰী। পুৰণি অসমত তুলাপাতৰ ব্যৱহাৰৰ পূৰ্বে পুথি-পাঁজি লিখা হৈছিল অগৰু বা সাঁচি গছৰ ছালৰ পৰা প্ৰস্তুত কৰা সাঁচিপাতত।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Broad, S. (1995) "Agarwood harvesting in Vietnam" TRAFFIC Bulletin 15:96
  2. 2.0 2.1 2.2 2.3 Anonymous (November 2003) "Annex 2: Review of Significant Trade: Aquilaria malaccensis" Significant trade in plants: Implementation of Resolution Conf. 12.8: Progress with the Implementation of Species Reviews (CITES PC14 Doc.9.2.2) Archived 2012-02-06 at the Wayback Machine Fourteenth meeting of the Plants Committee, Convention on International Trade in Endangered Species of Wild Fauna and Flora, Windhoek, Namibia
  3. দাস,ড°নাৰায়ণ আৰু ৰাজবংশী, ড°পৰমানন্দ (সম্পাদক) (২৭মে,১৯৯৬). অগৰুৰ ব্যৱহাৰ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ ,পাণবজাৰ ,গুৱাহাটী -১. পৃষ্ঠা. ৩২৬.