অনুপমা দেৱী
অনুপমা দেৱী (ইংৰাজী: Anupama Devi) অসমৰ এগৰাকী অনুবাদক তথা সাহিত্যিক আৰু সমাজকৰ্মী৷ অসমীয়া, বাংলা, ইৰাজী আৰু সংস্কৃত ভাষাত ব্যুৎপত্তি থকা অনুপমা দেৱীয়ে বিভিন্ন ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ আৰু বৰ্তমান তেওঁ নলবাৰীৰ “ক’লেজ পথ’’ত বাস কৰে৷[1]
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকঅনুপমা দেৱীৰ জন্ম হৈছিল ১৯৩৮ চনত, দৰং জিলাৰ মঙ্গলদৈ চহৰত৷ নলবাৰী জিলাৰ আঠঘৰীয়া গাঁৱৰ পণ্ডিত ধীৰেশ্বৰাচাৰ্যৰ বংশোদ্ভৱ দেৱেন্দ্ৰনাথ আচাৰ্য আছিল তেওঁৰ পিতৃ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা দেৱী৷ অনুপমা দেৱী সাহিত্যিক নিৰুপমা মিশ্ৰৰ ভনীয়েক৷ পিতৃ দেৱেন্দ্ৰনাথ আচাৰ্য স্কুল পৰিদৰ্শক আৰু লেখক আছিল৷[2][1]
শিক্ষা
সম্পাদনা কৰকঅনুপমা দেৱীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল ধুবুৰী জিলাৰ বি,চি, মেম’ৰিয়েল স্কুলত৷ তাৰ পিছত তেওঁ দেউতাক কৰ্মসূত্ৰে নলবাৰীলৈ বদলি হোৱাত “নলবাৰী ছোৱালী হাইস্কুল’’ত নাম ভৰ্তি কৰি তাৰপৰা এম,ই পাছ কৰে আৰু তাৰপৰাই প্ৰৱেশিকা পৰীক্ষাতো অৱতীৰ্ণ হৈছিল৷[2][1]
সাহিত্য কৰ্ম
সম্পাদনা কৰককবি-সাহিত্যিক আম, ইব্ৰাহিম আলীৰ সম্পাদনাত ১৯৫২ চনত মঙ্গলদৈৰ পৰা প্ৰকাশিত শিশু আলোচনী “কাঁচিজোন’’ত অনুপমা দেৱীৰ সাহিত্যিক জীৱনৰ প্ৰথম গল্প “পৰাজিত’’ ছপা হৈছিল৷ কিন্তু ৰক্ষণশীল সমাজৰ নীতি-নিয়ম উলংঘা কৰিব নোৱাৰি তেওঁৰ কম বয়সতে অৰ্থাৎ ১৯৫৩ চনত নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ খৈৰাপাৰ গাঁৱৰ কৰুণাকান্ত শৰ্মাৰ সৈতে তেওঁৰ বিয়া হৈছিল৷ কৰুণাকান্ত শৰ্মা নলবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰবক্তা আছিল৷ শিক্ষিত স্বামীৰ আগ্ৰহত অনুপমা দেৱীৰ সাহিত্য অধ্যয়ন চলিবলৈ ধৰে৷ বিভিন্ন ভাষাৰ সাহিত্যৰ সতে ঘৰতেই তেওঁৰ পৰিচয় হ’বলৈ ধৰে৷ এনেকৈ তেওঁ নিজা সৃষ্টিৰ বাবেও আগবঢ়িবলৈ ধৰে৷ কাঁচিজোনৰ উপৰি তেওঁ নতুন অসমীয়া, শান্তিদূত, নতুন দৈনিক, প্ৰকাশ, বুধবাৰ, প্ৰান্তিক, সঁফুৰা, সাদিন, অসম বাণী, আমাৰ অসম আদি কাকতত তেতিয়াৰে পৰা লিখি আছে৷ ফৰাছী গল্পকাৰ মোপাছাঁৰ ১২টা গল্পৰ অসমীয়া অনুবাদ সংকলন “এনুৱা জোনালী নিশা’’(১৯৫৫), মোপাছাঁৰে আন দহটা গল্পৰ ভাঙনিৰে “প্ৰত্যাৱৰ্তন’’(১৯৯১), “নিউ ফৰেষ্টৰ অকণিহঁত’’(২০০৫), “নিগ্ৰো বৈজ্ঞানিক ড° জৰ্জ ৱাশ্বিংটন কাৰ্ভাৰ’’(২০০৭), ইংৰাজী ভাষাৰ সাধুকথাৰ ভাঙনি “দেশ-বিদেশৰ সাধু’’(২০০৯), “বিদেশী সাধুৰ কৰণি’’ আৰু “গল্পাঞ্জলি’’ প্ৰকাশ পায় ২০১৩ চনত৷ [2][1]
সামাজিক আৰু অন্যান্য কৰ্ম
সম্পাদনা কৰক১৯৯৯ চনত সদৌ অসম লেখিকা সন্থাই আয়োজন কৰা অসম ভিত্তিক প্ৰবন্ধ প্ৰতিযোগিতাত অনুপমা দেৱীয়ে প্ৰথম পুৰস্কাৰ পায়৷ ১৯৮১ চনত নলবাৰীত হোৱা “সদৌ অসম লেখিকা সমাৰোৰ সমিতি’’ৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ অধিৱেশন উপলক্ষে প্ৰকাশ পোৱা স্মৰণিকাখন অনুপমা দেৱীয়ে সম্পাদনা কৰা৷ তেওঁ নলবাৰীৰ “থিয়’ছফিকেল ছ’ছাইটী’’, নলবাৰী “নৱদ্বীপ ল’জ’’, “জিলা মহিলা সমিতি’’ আদিৰ সৈতে জড়িত৷ ২০১২-১৩ চনৰ পৰা তেওঁ নিৰাশ্ৰয় পুৰুষৰ “আশ্ৰয় গৃহ’’ এটি সমাজ কল্যাণ বিভাগৰ সাহায্যত পৰিচালনা কৰি আছে৷ তেওঁ এগৰাকী অভিনেত্ৰীও৷[2]