সাদিন
সাদিন (ইংৰাজী: Sadin) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ১৯৮৯ চনত কাকতখন প্ৰথম প্ৰকাশ পায়। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। ২০১৩ চনত সাদিনে ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ২৫ বছৰত ভৰি দিয়ে।[2] প্ৰথম কাৰ্যবাহী সম্পাদক আছিল অজিত কুমাৰ ভূঞা।[3][4]
![]() | |
প্ৰকাৰ | সাপ্তাহিক বাতৰি কাকত |
---|---|
ফৰমেট | মজলীয়া পৃষ্ঠা |
প্ৰকাশক | যতীন চৌধুৰী[1] |
সম্পাদক | = অনুৰাধা শৰ্মা পূজাৰী |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম |
ভগ্নী কাকত | অসমীয়া প্ৰতিদিন |
ৱেবছাইট | www.pratidinassam.com/sadin |
প্ৰকাশসম্পাদনা কৰক
প্ৰবন্ধ-ৰ এই অনুচ্ছেদ বা অংশটি (যিটোsection'ৰ লগত সংযুক্ত, সেইবোৰৰ) ম্যাদ উকলি গৈছে। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। |
সাদিন কাকতখন ১৯৮৯ চনৰপৰা প্ৰতি শুক্ৰবাৰে প্ৰকাশ পাই আহিছে। বৰ্তমান সাদিনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ।
সমলসম্পাদনা কৰক
২৪ পৃষ্ঠাৰ এই সাপ্তাহিক কাকতখনে বিভিন্ন স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বাতৰি পৰিৱেশন কৰে। ইয়াৰ লগতে শিল্প-সাহিত্য, অৰ্দ্ধ-আকাশ, বিনোদন, ক্ৰীড়া আদি নিয়মীয়া পৃষ্ঠাসমূহত ধাৰাবাহিক উপন্যাস, গল্প-কবিতা আৰু প্ৰৱন্ধকে আদি কৰি ভিন্নধৰণৰ লেখা প্ৰকাশ কৰে। শিশুসকলৰ বাবে সাদিনৰ চোতাল পৃষ্ঠা অন্যতম সংযোজন।