অন্য যুগ অন্য পুৰুষ (ইংৰাজী: Onyo Jug Onyo Purux) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৭০ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাস বুলি গণ্য কৰা হয়।[1]

অন্য যুগ অন্য পুৰুষ  
লেখক দেৱেন্দ্ৰ নাথ আচাৰ্য
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯৭০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গ্ৰন্থকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

 
ঔপন্যাসিক দেৱেন্দ্ৰ নাথ আচাৰ্য

দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী। তেখেত এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস জংগমএ মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

গ্ৰন্থৰ চমু পৰিচয় সম্পাদনা কৰক

এই উপন্যাসখনত অতীতৰ সমাজখনক পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে। এক বিশেষ ভৌগোলিক অঞ্চলতে উপন্যাসখন বৰ্ণনা সীমাবদ্ধ। গ্ৰন্থখনত বিভিন্ন বৈচিত্ৰ্যময় চৰিত্ৰৰ সমাহাৰ ঘটিছে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.