অভিযান (ইংৰাজী: Abhijaan) ১৯৭৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰবিশ্বনাথ চাৰিআলিৰ পৰা নিৰ্ম্মাণ হোৱা প্ৰথমখন অসমীয়া কথাছবি। সুজিত সিংহই ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও চিত্ৰগ্ৰহণো কৰিছিল।[1][2]

অভিযান
Abhijaan

অভিযান ছবিৰ এটা দৃশ্য
পৰিচালক সুজিত সিংহ
ৰচনা বীৰেণ শৰ্মা
চিত্ৰনাট্য সুজিত সিংহ
প্ৰযোজক বিষ্ণুজ্যোতি সমবায় চলচ্চিত্ৰ পৰিষদ লিমিটেড
অভিনয়ত নিপন গোস্বামী
পুৰ্ণিমা পাঠক
ইলা কাকতি
(তলত চাওক)
চিত্ৰগ্ৰহণকাৰী সুজিত সিংহ
সম্পাদনা শিৱ সাধন ভট্টাচাৰ্য
সংগীত পৰিচালক জীতু-তপন
মুক্তি
৯ ফেব্ৰুৱাৰী ১৯৭৩
দেশ ভাৰত
ভাষা অসমীয়া

ছবিখনৰ কাহিনী

সম্পাদনা কৰক

গাঁৱৰ এটি মধ্যবিত্ত পৰিয়ালৰ দুজন ককাই ভাই। সৰুজন অবিবাহিত। ককায়েক ঢুকুৱাৰ পাছত গোটেই পৰিয়ালৰ ভাৰ পৰে ভায়েক দেৱীৰ ওপৰত। দেৱী আছিল অসৎ চৰিত্ৰৰ। নিজৰ স্বাচ্ছন্দ্যৰ বাবে সকলো কাম কৰিব পৰা বিধৰ। ভতিজাক নীলিমৰ বাবে খৰছ কৰিবলৈ টান পোৱা দদায়েকে সকলো সম্পত্তি বন্ধকত থৈ নিজৰ অসৎ চৰিত্ৰ পূৰণৰ কাৰণে কুচক্ৰী মহাজনৰ সৈতে লগলাগি ঘৰত অশান্তি বঢ়াবলৈ ধৰিলে। পৰিণামত নীলিমৰ মাকে অকালতে মৃত্যুবৰণ কৰিব লগা হ'ল। ভতিজাক নীলিমক উচ্চশিক্ষাৰ খৰচৰ যোগান নধৰাত মাজ ভাগতে কলেজ পৰিত্যাগ কৰিলে। ভনীয়েক লিলিয়ে মাকে সাঁচি থোৱা সোণৰ গহনাবোৰ বন্ধকত দি পঢ়িবৰ বাবে উদগনি দিছিল।[1]

ইতিমধ্যে চহৰৰ পৰা নতুনকৈ অহা চৰকাৰী ডাক্তৰ জনক লগ পালে আৰু পৰামৰ্শক্ৰমে বি ডি অ'ক লগ ধৰি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ ব্যৱস্থাদি কৰি যথেষ্ট উন্নতিৰ পথত আগবাঢ়িল। তাৰবাবে নীলিমৰ 'অভিযান'ৰ প্ৰেৰণা যোগাইছিল কলেজৰ পৰাই ভাল পোৱা বি ডি অ'ৰ কন্যা কৰবীয়ে। কিন্তু ধনী মহাজনে তাক সহ্য কৰিব নোৱাৰি নানা অত্যাচাৰৰ মাজেদি তাৰ 'অভিযান'ক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। মহাজনৰ চেষ্টা বিফল হ'ল। অৱশেষত বুঢ়া লগুৱা মদনে বিভিন্ন উপায়ৰে সমস্যা সমাধানত সহায় কৰে। শেহত লিলিৰ বিয়া, দদায়েক-ভতিজাকৰ মিলন,নীলিমৰ বিয়াৰে কাহিনী সমাপ্ত হৈছে।[1]

কলা-কুশলী

সম্পাদনা কৰক

(তথ্যপেৰাত উল্লেখ নথকা)

  • নৃত্য পৰিচালনা: অজয় চলিহা
  • শব্দগ্ৰহণ:টেকনিকা
  • ৰূপসজ্জা: গৌৰ ৰঞ্জন দাস আৰু বংশী দাস[1]

অভিযানৰ সঙ্গীত জীতু-তপনৰ। ছবিখনত চাৰিটা গীত আছিল; গীতকেইটা চাৰিজন বেলেগ বেলেগ গীতিকাৰে ৰচনা কৰিছিল।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন"  জয়ন্ত বৰুৱাদ্বীপেন বৰুৱা  
2. "ভৰ বাৰিষাৰ নৈ, নাই পাল নাই চৈ"  কেশৱ মহন্তদ্বীপেন বৰুৱা  
3. "ফাগুণৰে বা বলে লিহিৰি লিহিৰি বনতে"  নিৰ্মলপ্ৰভা বৰদলৈদ্বীপেন বৰুৱা, অনিমা ভট্টাচাৰ্য  
4. "লাজ লাগে নাচাবা চকুলৈ, ভয় লাগে নাহিবা কাষলৈ"  নুৰুল হকঅনিমা ভট্টাচাৰ্য  

গীত সংকলন ৱেবচাইটত অভিযানৰ গীত

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 দাস, অৰুণলোচন. অসমীয়া চলচ্চিত্ৰ:১৯৩৫-১৯৯৬. 
  2. অৰুণলোচন দাস (২০১৩). ২১২ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 0.