ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।[1][2]

অমলেন্দু গুহ
জন্ম ৩০ জানুৱাৰী, ১৯২৪
ইম্ফল, মণিপুৰ
মৃত্যু ৭ মে', ২০১৫ (৯১ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা কবি, সাহিত্যিক, ইতিহাসবিদ
দাম্পত্যসঙ্গী অনিমা গুহ (বি. ১৯৬০)

জন্ম আৰু শিক্ষাসম্পাদনা কৰক

ড॰ গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰিবলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে ইম্ফলত জন্মগ্ৰহণ কৰে।[3] স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱসৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুচি আহে। তাত তেখেতে চিলভাৰ জুবিলী এংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়) ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজত আই.এ.ত নাম ভৰ্তি কৰি এবছৰ পঢ়ি পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰপৰাও বদলি হৈ তেখেতে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰি আই.এ.পৰীক্ষাত ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়া-শুনা কৰে। ১৯৪৫ত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক হয়। ১৯৪৭ত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ ১৯৪৮ত তেখেতে তেজপুৰৰ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।[4] তেখেতে দিল্লীৰ স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।[1] তেখেতে পুণেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলন আৰু শিৱসাগৰত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।[2]

পাৰিবাৰিক জীৱনসম্পাদনা কৰক

১৯৬০ চনত ড॰ গুহই ধুবুৰীৰ জীয়ৰী অনিমা গুহক (পূৰ্বত অনিমা দাস[4]) বিয়া কৰায়। অনিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।[3]

সাহিত্যিক কৰ্মৰাজিসম্পাদনা কৰক

ড॰ গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্স্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বঙালী কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।[3][1][2]

  • Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
  • Medieval and Colonial Assam: Society, Polity And Economy- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
  • বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • অসমৰ ইতিহাস: অধ্যয়ন আৰু ৰচনা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • তোমালৈ- অসমীয়া কবিতা পুথি
  • লুইত পাৰেৰ গাথা- বঙালী কবিতা পুথি

সন্মান আৰু স্বীকৃতিসম্পাদনা কৰক

অসম সাহিত্য সভাই গুহক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।[1] তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।[2]

তথ্যসূত্ৰসম্পাদনা কৰক