অযোধ্যা (পৌৰাণিক নগৰ)

ভাৰতৰ প্ৰাচীন কিংবদন্তি নগৰ

অযোধ্যা হৈছে প্ৰাচীন সংস্কৃত ভাষাৰ গ্ৰন্থ যেনে ৰামায়ণ আৰু মহাভাৰতত উল্লেখ কৰা এক কিংবদন্তি নগৰ। এই গ্ৰন্থসমূহে ইয়াক ৰামকে ধৰি ইক্ষ্বাকু ৰজাসকলৰ ৰাজধানী বুলি বৰ্ণনা কৰিছে। এক সূত্ৰ অনুসৰি, ই বৰ্তমানৰ অযোধ্যা চহৰৰ সৈতে একে। আন এক সূত্ৰ অনুসৰি, ই এখন কাল্পনিক নগৰ আৰু বৰ্তমানৰ অযোধ্যা (আদিতে সকেতা নামেৰে জনাজাত) গুপ্ত যুগত চতুৰ্থ বা পঞ্চম শতিকাৰ আশে পাশে পৌৰাণিক নগৰখনৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছিল।[1][2]

অযোধ্যা নগৰী।

আখ্যানসমূহৰ বৰ্ণনাসম্পাদনা কৰক

ৰামায়ণৰ মতে অযোধ্যা আদিপুৰুষ মনুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ পৰিসীমা আছিল ১২ x৩ যোজন।[3] ৰামায়ণ আৰু মহাভাৰত উভয়তেই অযোধ্যাক ৰাম আৰু দশৰথকে ধৰি কোশলৰ ইক্ষ্বাকু ৰাজবংশৰ ৰাজধানী বুলি বৰ্ণনা কৰা হৈছে। পুৰাণ-পঞ্চ-লক্ষণত নগৰখনক হৰিশ্চন্দ্ৰকে ধৰি ইক্ষ্বাকু ৰজাসকলৰ ৰাজধানী বুলিও বৰ্ণোৱা হৈছে।[4]

ৰামায়ণৰ মতে ৰজা দশৰথৰ পুত্ৰ ৰামক বনবাস দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ উভতি আহি এক আদৰ্শ ৰাজ্য স্থাপন কৰিছিল। উত্তৰা কাণ্ডৰ মতে, পৰৱৰ্তী সময়ত ৰামায়ণত যোগ দিয়া ৰমে তেওঁৰ শাসনকালৰ শেষত ৰাজ্যখনক ৰাজধানী শ্ৰাৱস্তী আৰু কুশৱতীৰ সৈতে উত্তৰ আৰু দক্ষিণ কোশলত বিভক্ত কৰি ইয়াৰ শাসনৰ ভাৰ তেওঁৰ দুই পুত্ৰ লৱ আৰু কুশক অৰ্পণ কৰে।[5] ইয়াৰ পিছত ৰামে নগৰখনৰ সকলো বাসিন্দাৰ সৈতে সৰযূ নদীৰ পানীত প্ৰৱেশ কৰি আৰু স্বৰ্গগামী হয়। মহাভাৰতৰ মতে তেওঁলোক স্বৰ্গগামী হোৱাৰ স্থান হৈছে গোপ্ৰতাৰা তীৰ্থ।[6] পৰৱৰ্তী সময়ত ৰজা ঋষভৰ দ্বাৰা অযোধ্যা পুনৰ জনবসতিপূৰ্ণ হয়।[4]

ৰামৰ কাহিনীৰ ওপৰত আধাৰিত আন কেইবাটাও সাহিত্যকৰ্মত অযোধ্যাৰ কথা উল্লেখ আছে। ইয়াৰ ভিতৰত আছে কবি ভাষৰ দ্বাৰা ৰচিত অভিষেক আৰু প্ৰতিমান্তক (খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকা বা তাৰ আগৰ), আৰু কালিদাসৰ ৰঘুবংশ (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা)। [7]

জৈন পৰম্পৰা অনুসৰি, অযোধ্যাত পাঁচজন তীৰ্থংকৰৰ জন্ম হৈছিল আৰু তেওঁলোক আছিল ঋষভনাথ, অজিতনাথ, অভিনন্দননাথ, সুমতিনাথ আৰু অনন্তনাথ।[8]

ঐতিহাসিক ভিত্তিসম্পাদনা কৰক

বৰ্তমানৰ অযোধ্যাৰ সৈতে চিহ্নিতকৰণসম্পাদনা কৰক

বি.বি. লাল এইচ.ডি. ছংকলিয়া আদি আধুনিক কালৰ পণ্ডিতে পৌৰাণিক অযোধ্যা নগৰক আধুনিক কালৰ অযোধ্যা চহৰৰ সৈতে চিহ্নিত কৰিছে। অৱশ্যে এই ধাৰণাটো সকলোৱে গ্ৰহণ কৰা নাই। [9]

ইয়াৰ সপক্ষে আগবঢ়োৱা যুক্তিসমূহ হৈছে:

  • ৰামায়ণ, ভাগৱত পুৰাণ আৰু পদ্ম পুৰাণ আদি গ্ৰন্থত উল্লেখ আছে যে বৰ্তমানৰ অযোধ্যা নগৰৰ দৰেই পৌৰাণিক নগৰখনো সৰযূ নদীৰ পাৰত অৱস্থিত আছিল। [10]
  • গুপ্ত যুগৰ সাহিত্য যেনে ব্ৰহ্মাণ্ড পুৰাণ, কালিদাসৰ ৰঘূবংশ আদিত অযোধ্যাক বৰ্তমানৰ চহৰখনৰ প্ৰাচীন নাম সকেত বুলিও উল্লেখ কৰা হৈছে। পৰৱৰ্তী সময়ৰ সংস্কৃত সাহিত্য যেনে হেমচন্দ্ৰৰ অভিধান-চিন্তামণি আৰু যশোধৰাৰ কামসূত্ৰৰ বিষয়ে মন্তব্যমঞ্জৰীতো একেধৰণৰ উল্লেখ পোৱা যায়। [4]
  • বিষ্ণু স্মৃতি আৰু মৎস্য পুৰাণত অযোধ্যাক এক তীৰ্থক্ষেত্ৰ বুলি কোৱা হৈছে। ১০৯২ চনৰ চন্দ্ৰৱতী লিপিসমূহত উল্লেখ আছে যে ৰজা চন্দ্ৰদেৱে অযোধ্যাৰ সৰযূ আৰু ঘাগৰা নদীৰ সংগমস্থলৰ স্বৰ্গ-দ্বাৰ তীৰ্তগত স্নান কৰিছিল। [11]
  • মহাকাব্যসমূহত অযোধ্যাক কোশল দেশৰ ৰাজধানী বুলি বৰ্ণোৱা হৈছে। বৰ্তমানৰ অযোধ্যাত উদ্ধাৰ হোৱা ধনদেৱে লিখোৱা খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ লিপিত তেওঁক কোশলৰ অধিপতি বুলি উল্লেখ কৰা হৈছে। [12] পৰৱৰ্তী কালৰ বিভিন্ন লিপিতো অযোধ্যাৰ উল্লেখ আছে। [11]

কিংবদন্তিমূলক নগৰ হিচাপে চিহ্নিতকৰণসম্পাদনা কৰক

বহুসংখ্যক পণ্ডিতে মতপোষণ কৰে যে ৰামায়ণৰ অযোধ্যা সম্পূৰ্ণৰূপে এখন কিংবদন্তিমূলক নগৰ আৰু ই বৰ্তমানৰ অযোধ্যাৰ সৈতে একে নহয়। [13] এই পণ্ডিতসকলৰ ভিতৰত এম.চি. যোশী, হেন্স টি. বেক্কাৰ[14] আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় বা চমুকৈ জেএনইউৰ ২৫ গৰাকী ইতিহাসবিদ অন্যতম। [13] তেওঁলোকৰ মতে পৌৰাণিক অযোধ্যাক সকেত অৰ্থাৎ বৰ্তমানৰ অযোধ্যাৰ সৈতে চিহ্নিত কৰাৰ প্ৰক্ৰিয়া খ্ৰীষ্টিয় প্ৰথম শতিকাকেইটাতে আৰম্ভ হয় আৰু গুপ্ত সাম্ৰাজ্যৰ সময়ছোৱাতে ই সম্পূৰ্ণ হয়। [15]

এই মতৰ সপক্ষে যুক্তিসমূহ এনেধৰণৰ:

পুৰাতাত্বিক প্ৰমাণৰ অভাৱসম্পাদনা কৰক

জেএনইউৰ ইতিহাসবিদসকলে কয় যে পুৰাতাত্বিক সমলসমূহৰ মতে অযোধ্যাত বসতিৰ যথাসম্ভৱ প্ৰাৰম্ভিক নমুনা খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ। ৰামায়ণত অযোধ্যাক নগৰকেন্দ্ৰীক বুলি বৰ্ণোৱা হৈছে যদিও পুৰাতাত্বিক খননসমূহে আদিম জীৱনশৈলীৰ কথাহে সূচায়। [16]

হেন্স টি. বেক্কাৰে নথিভুক্ত কৰিছে যে খ্ৰীষ্টিয় দ্বিতীয় শতিকাৰ আগৰ কোনো পুৰাতাত্বিক প্ৰমাণ বা সমলৰ সৈতে অযোধ্যা নামৰ কোনো ঠাই সংযুক্ত নহয়। [17] অযোধ্যাৰ প্ৰাৰম্ভিক উল্লেখ গুপ্ত যুগৰ লিপিসমূহতহে পোৱা যায়। উদাহৰণস্বৰূপে, ৫৩৩-৫৩৪ চনৰ এক লিপিত অযোধ্যাৰ এক সম্ভ্ৰান্ত লোকৰ বিষয়ে উল্লেখ আছে। সমুদ্ৰগুপ্তই লিখোৱা গয়া লিপিত (খ্ৰীষ্টিয় চতুৰ্থ শতিকা) অযোধ্যাক এক দুৰ্গ-চহৰ বুলি কোৱা হৈছে। [18]

সাহিত্যভিত্তিক প্ৰমাণৰ অভাৱসম্পাদনা কৰক

পৌৰাণিক বৌদ্ধ আৰু জৈন ৰচনাসমূহত কোশলৰ মুখ্য নগৰ হিচাপে অযোধ্যাৰ পৰিৱৰ্তে শ্ৰাৱস্তী আৰু সকেতৰ নামহে উল্লেখ কৰা হৈছে। পৰৱৰ্তী কালত ৰচিত পুৰাণসমূহত কোশলৰ ৰাজধানী বুলি অযোধ্যাৰ নাম উল্লেখ আছে যদিও এই গ্ৰন্থসমূহে সম্ভৱতঃ ৰামায়ণৰ বৰ্ণনাকেই অনুসৰণ কৰিছে। [16]

হেন্স টি. বেক্কৰৰ বিশ্লেষণ অনুযায়ী, সকেতৰ সলনি অযোধ্যাৰ উল্লেখ কৰা সংস্কৃত ৰচনাসমূহ মূলতঃ কাল্পনিক। এইসমূহৰ ভিতৰত আছে ৰামায়ণ, মহাভাৰত আৰু পুৰাণ-পঞ্চ-লক্ষ্মণ ইত্যাদি। আনহাতে অযোধ্যাৰ সলনি সকেতৰ নাম উল্লেখ কৰা সংস্কৃত গ্ৰন্থসমূহ আংশিকভাৱে বিজ্ঞানভিত্তিক বা সত্যৰ ওঅপৰত আধাৰিত। [19] পালি ভাষাৰ বৌদ্ধ সাহিত্যসমূহত অযোজ্য বা অযোঝ নামৰ এখন নগৰৰ কথা উল্লেখ কৰিছে যদিও ই গঙ্গা নদীৰ পাৰত অৱস্থিত। [20] পোৰাণিক জৈন সাহিত্য থান সূত্তত ঔঝাক (অযোধ্যা) গান্ধীলাৱতী নামৰ কাল্পনিক ৰাজ্য এখনৰ ৰাজধানী বুলি কোৱা হৈছে। [21] ই এই কথা সূচায় যে অযোধ্যাও এক কাল্পনিক নগৰ। [19]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Gopal, Sarvepalli; Thapar, Romila; Chandra, Bipan; Bhattacharya, Sabyasachi; Jaiswal, Suvira; Mukhia, Harbans; Panikkar, K. N.; Champakalakshmi, R. et al. (Feb 1990). "The Political Abuse of History: Babri Masjid-Rama Janmabhumi Dispute". Social Scientist খণ্ড 18 (1/2): 76–81. doi:10.2307/3517330. http://www.jstor.com/stable/3517330। আহৰণ কৰা হৈছে: 7 August 2020. 
  2. Bakker, Hans (1982). "The rise of Ayodhya as a place of pilgrimage". Indo-Iranian Journal খণ্ড 24 (2): 103–126. doi:10.1163/000000082790081267. 
  3. K. D. Bajpai 1967, পৃষ্ঠা. 42.
  4. 4.0 4.1 4.2 Hans T. Bakker 1984, পৃষ্ঠা. 7.
  5. Meenakshi Jain 2013, পৃষ্ঠা. 91.
  6. Hans T. Bakker 1982, পৃষ্ঠা. 103–104.
  7. Kishore Kunal 2016, পৃষ্ঠা. 8-9.
  8. Paras Kumar Choudhary 2004.
  9. Herman Paul 2015, পৃষ্ঠা. 113-114.
  10. S. N. Arya 1990, পৃষ্ঠা. 44.
  11. 11.0 11.1 S. N. Arya 1990, পৃষ্ঠা. 46.
  12. S. N. Arya 1990, পৃষ্ঠা. 45.
  13. 13.0 13.1 Sarvepalli Gopal et al. 1995, পৃষ্ঠা. 76.
  14. Hans T. Bakker 1984, পৃষ্ঠা. 10.
  15. Hans T. Bakker 1984, পৃষ্ঠা. 11-12.
  16. 16.0 16.1 Sarvepalli Gopal et al. 1995, পৃষ্ঠা. 76-81.
  17. Hans T. Bakker 1984, পৃষ্ঠা. 9, 11.
  18. Hans T. Bakker 1984, পৃষ্ঠা. 12.
  19. 19.0 19.1 Hans T. Bakker 1984, পৃষ্ঠা. 9.
  20. Hans T. Bakker 1984, পৃষ্ঠা. 5.
  21. Hans T. Bakker 1984, পৃষ্ঠা. 3.

সহায়ক গ্ৰন্থপঞ্জীসম্পাদনা কৰক