অসমত ব্যৱহৃত পতংগ খাদ্য

পতংগখাদক (ইংৰাজী: Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। [1]

অসমত খাদ্যৰূপত ব্যৱহৃত কিছুমান পতংগ প্ৰজাতি সম্পাদনা কৰক

আমৰলি পৰুৱা সম্পাদনা কৰক

আমৰলি পৰুৱা (Oecophylla smaragdina): আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াঁজৰ সৈতে ভাজি পৰিবেশন কৰা হয়। জনবিশ্বাসমতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ উপৰিও সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে।[1]

উঁইচিৰিঙা সম্পাদনা কৰক

উঁইচিৰিঙা (Acheta domestica): মাটিত থকা উঁইচিৰিঙাৰ গাতবোৰ চিনাক্ত কৰি খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উঁইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাজি পৰিবেশন কৰা হয়।[1]

জেবাংকৰি নাইবা মেজাংকৰি সম্পাদনা কৰক

জেৱাংকৰ(Lethocerus grandis): এই পতংগবিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। ইহতক জুইত সেকি বা তেলত ভাজি পৰিবেশন কৰা হয়।[1]

 
 

উঁই সম্পাদনা কৰক

উঁই (Odontotermes obesus): পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুছাই পৰিবেশন কৰা হয়।

মৌ-মাখি আৰু বৰল সম্পাদনা কৰক

 
পিয়াঁজ আৰু জলকীয়াৰ সৈতে ভজা কোদো বৰলৰ টোপ

মৌ-মাখি আৰু বৰল (Apis indica) আৰু বৰল (Vespa sp.) : মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয়ধৰণে পৰিবেশন কৰিব পাৰি। ইহঁতৰ অপত্যস্তৰবোৰ, যেনে:-পলু আৰু লেটাক বাঁহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাসমতে, মৌ আৰু বৰলৰ কিছুমান ঔষধি গুণ আছে। প্লীহাৰোগ নাশক, বাত বিষ নাশক আৰু দৃষ্টি শক্তি বৃদ্ধিকাৰক হিচাপে এইবোৰৰ গুৰুত্ব আছে।[1]

লিংকৰি সম্পাদনা কৰক

লিংকৰ(Agabetes acuductus) আৰু (Hydrochara rickseckeri): অসমৰ বড়ো আৰু মিচিং সম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাবে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা লিংকৰি সংগ্ৰহ কৰি জুইত সেকি বা তেলত ভাজি পৰিবেশন কৰা হয়।

ফৰিং সম্পাদনা কৰক

ফৰিং (Heiroglyphus banian) আৰু (Neoconocephalus paustris): ফৰিঙৰ পাখি গুছাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত।

এৰী পলু সম্পাদনা কৰক

এৰী পলু (Philosomia ricini): আহোম আৰু মিচিঙকে ধৰি অসমৰ বহুকেইটা সম্প্ৰদায়ৰ মাজত এৰিৰ পলু আৰু লেটা খাদ্যৰূপত বহুলভাৱে সমাদৃত। এৰিৰ পলু আৰু লেটাক কেঁচাই, সিজাই বা তেলত ভাজি পৰিবেশন কৰা হয়।

 
এৰীপলু
 
এৰী লেটা
 
 

কেইবিধমান পতংগৰ পুষ্টিগত মান সম্পাদনা কৰক

পতংগ প্ৰ’টিন (গ্ৰাম) চৰ্বি (গ্ৰাম) শৰ্কৰা (গ্ৰাম) কেলছিয়াম (মি.গ্ৰা.) লোহা (মি.গ্ৰা.)
জেবাংকৰি ১৯.৮ ৮.৩ ২.১ ৪৩.৫ ১৩.৬
আমৰলি পৰুৱা ১৩.৮ ৩.৫ ২.৯ ৪৭.৮ ৫.৭
এৰিপলুৰ লেটা ৯.৬ ৫.৬ ২.৩ ৪১.৭ ১.৮
উঁইচিৰিঙা ১২.৯ ৫.৫ ৫.১ ৭৫.৮ ৯.৫
উঁই ১৪.২ 0 0 0 ৩৫.৫
সৰু ফৰিং ২০.৬ ৬.১ ৩.৯ ৩৫.২ ৫.০
ডাঙৰ ফৰিং ১৪.৩ ৩.৩ ২.২ ২৭.৫ ৩.০
উৰহ ১৪.২
গুবৰুৱা ১৭.২ ৪.৩ ২.০ ৩০.৯ ৭.৭

(প্ৰতি ১০০ গ্ৰাম ওজনত)[2]

ব্যৱহাৰিতা আৰু বৈজ্ঞানিক দৃষ্টভঙ্গী সম্পাদনা কৰক

পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে, যদিও সেই অনুপাতে উচ্চগুণ সম্পন্ন প্ৰ’টিনযুক্ত খাদ্যৰ উৎপাদন বৃদ্ধি হোৱা নাই। যাৰ ফলত এদিন হয়তো মানুহৰ খাদ্যস্বৰূপে পতংগ, মানুহৰ দৈনন্দিন আহাৰৰ তালিকাৰ ভিতৰত সোমাই পৰিব বুলি বৈজ্ঞানিক সকলে মত পোষণ কৰিছে।[3][4][5][6] প্ৰায় বৰ্গৰ পতংগই অধিক গুণজাত প্ৰ’টিনৰ ভঁৰাল, সেয়ে এইবোৰক খাদ্যৰূপত ব্যৱহাৰ কৰা হয়।[7] কিছুমান পতংগই বিষাক্ত ৰেচন দ্ৰব্য বৰ্জন কৰে, কিছুমানে এলাৰ্জিকাৰক পদাৰ্থ সৃষ্টি কৰে, আনহাতে কিছুমানে ৰোগৰ বাহক হিচাপেও ক্ৰিয়া কৰে।[8] সেই পতংগক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ আগতে সতৰ্কতা অৱলম্বণ কৰা প্ৰয়োজন।[9] জৈৱবৈচিত্ৰ্য্যৰ অন্যতম কিছুমান পতংগ, বিশেষকৈ আমৰলি পৰুৱা আৰু বৰলৰ বাহ আদিৰ নিৰ্বিচাৰ ধ্বংসৰ ফলত এনে প্ৰজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়।[10] এনে পতংগ সহজে ঘৰুৱাভাবে উৎপাদন আৰু বংশ বিস্তাৰৰ বাবে উন্নত প্ৰযুক্তি প্ৰয়োগ কৰিব পাৰি। [11]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 প্ৰবন্ধ: উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ প্ৰিয় খাদ্য: পতংগ; প্ৰকাশ প্ৰান্তিক , ২০০৫,(পৃষ্ঠা ৩৩-৩৫) লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
  2. Dunkel, F. V. 1996. Nutritional Value of various insects per 100 grams. The Food Insects Newsletter. 8: (2) pp.4-5
  3. Oonincx, Dennis G. A. B.; Van Itterbeeck, Joost; Heetkamp, Marcel J. W.; Van Den Brand, Henry; Van Loon, Joop J. A.; Van Huis, Arnold (2010). Hansen, Immo A (ed.). "An Exploration on Greenhouse Gas and Ammonia Production by Insect Species Suitable for Animal or Human Consumption". PLOS ONE. 5 (12): e14445
  4. Premalatha, M.; Abbasi, Tasneem; Abbasi, Tabassum; Abbasi, S.A. (2011). "Energy-efficient food production to reduce global warming and ecodegradation: The use of edible insects". Renewable and Sustainable Energy Reviews. 15 (9): 4357–4360. doi:10.1016/j.rser.2011.07.115
  5. Srivastava, K. P. (1996). A Textbook of Applied Entomology (Volume II). Kalyani Publishers, NewDelhi, India
  6. Gahukar, R.T. (August 2011). "Entomophagy and human food security". International Journal of Tropical Insect Science. 31 (3): 129–144.
  7. "Nutritional value of insects for human consumption" (PDF). Edible insects: future prospects for food and feed security. Food and Agriculture Organization. Archived from the original (PDF)
  8. Zagrobelny, Mika; Dreon, Angelo Leandro; Gomiero, Tiziano; Marcazzan, Gian Luigi; Glaring, Mikkel Andreas; Møller, Birger Lindberg; Paoletti, Maurizio G (2009). "Toxic Moths: Source of a Truly Safe Delicacy". Journal of Ethnobiology. 29: 64–76.
  9. Phillips, Joel; Burkholder, Wendell (1995). "Allergies Related to Food Insect Production and Consumption". Food Insect Allergies. 8 (2).
  10. Imathiu, Samuel (1 March 2020). "Benefits and food safety concerns associated with consumption of edible insects". NFS Journal. 18: 1–11
  11. Ramos-Elorduy, Julieta (2009). "Anthropo-Entomophagy: Cultures, Evolution And Sustainability". Entomological Research. 39 (5): 271–288

বাহ্যিক সংযোগ সম্পাদনা কৰক