অসমীয়া পুৰণি সাহিত্য
পণ্ডিত জ্ঞাননাথ বৰাৰ দ্বাৰা প্ৰণিত অসমীয়া পুৰণি সাহিত্য এখন প্ৰবন্ধ সংকলন। নটা প্ৰবন্ধ সন্নিৱিষ্ট এই সংকলনখনি গুৱাহাটী, দীঘলী- পুখুৰীৰ পাৰৰ বৰুৱা এজেন্সীৰ পৰা শ্ৰী অতুলচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰিছিল আৰু শ্ৰী সুধীৰকুমাৰ দাশগুপ্তৰ কমলা প্ৰিণ্টিং ওয়াৰ্কস্ , কলিকতাৰ পৰা মুদ্ৰিত হৈছিল।
অসমীয়া পুৰণি সাহিত্য | |
---|---|
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশক | বৰুৱা এজেন্সী |
পাতনি
সম্পাদনা কৰকজ্ঞাননাথ বৰাই অসমীয়া পুৰণি সাহিত্যৰ পাতনিত প্ৰাচীন অসমীয়া সাহিত্যৰ বিষয়ে বহুখিনি কথা উল্লেখ কৰিছে। অসমীয়া ভাষা চহকী অসমীয়া ভাষাত প্ৰায় সকলো বিষয়তে অসংখ্য পুথি ৰচনা কৰা হৈছিল। প্ৰাচীন কবিসকলে কেৱল ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণ আদি সংস্কৃত গ্ৰন্থৰাজি অসমীয়া ভাষাত ভাঙনি কৰাৰ লগতে আয়ুৰ্বেদ নিদান, নৃত্যশাস্ত্ৰ, জ্যোতিষ, ইতিহাস, কিছুমান পুথি কালৰ বুকুত হেৰাই গৈছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰা পুৰণি পুথি সমূহে প্ৰাচীন কামৰূপৰ সমৃদ্ধিশালী ঐতিহ্যৰ কথা সোঁৱৰাই দিয়ে।
প্ৰাচীন কামৰূপৰ আহোম আৰু কোচ দুয়োখন ৰাজ্যত একে ভাষা, একে সাহিত্যৰ প্ৰচলন আছিল। ৰাজনৈতিক গম্ভীৰ মাজত ভাষাৰ আৱদ্ধ হোৱা নাছিল। কামৰূপী ভাষাটো গভীৰ প্ৰভাবেৰে সমস্ত কামৰূপ জুৰি চলি আছিল। উজনি অসম,নামনি অসম,কোঁচবেহাৰ,জলপাইগুৰি,ৰংপুৰ আৰু ত্ৰিপুৰাৰ কাৰ্বিসকলেও কামৰূপী ভাষাত অসংখ্য গ্ৰন্থ ৰচনা কৰিছিল। কোচ আৰু আহোম ৰাজ্যৰ ৰজাসকলে কামৰূপী সাহিত্যৰ প্ৰচাৰ আৰু উন্নতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহৰ বিৱৰণ বুৰঞ্জীত পোৱা যায় কামৰূপৰ বিভিন্ন ঠাইত বসবাস কৰা কবি সকল যেনে হৰিবৰ বিপ্ৰ, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, মাধৱ কন্দলী, ৰুদ্ৰ কন্দলী, দুৰ্গাবৰ, শ্ৰীমন্ত শংকৰদেৱ,মাধৱদেৱ, ভট্টদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী, চন্দ্ৰ ভাৰতী, শ্ৰীধৰ কন্দলি, পীতাম্বৰ দ্বিজ, নৰোত্তম ঠাকুৰ, গোপীনাথ পাঠক, ৰামৰায় দাস আদিয়ে বিভিন্ন পুথি ৰচনা কৰি কামৰূপী ভাষা চহকী কৰিছিল। বৰ্তমানৰ সাহিত্য যেনেকৈ ইংৰাজী সাহিত্যৰ সাঁচত চলা অথাৎ ইংৰাজী সাহিত্য জানিলেহে বৰ্তমানৰ সাহিত্যৰ আত - গুৰি বুজা যায়। সেই দৰে সংস্কৃত সাহিত্যৰ জ্ঞান থাকিলেহে প্ৰাচীন সাহিত্য বিচাৰ কৰিব পৰি বুলি জ্ঞাননাথ বৰাই " অসমীয়া পুৰণি সাহিত্য " ৰ পাতনিত উল্লেখ কৰিছে। পুৰণি সাহিত্যৰ উৎপত্তি আৰু ইয়াৰ প্ৰভাৱ কেনেদৰে দেশত বিস্তাৰিত হৈছিল তাৰ আভাস গ্ৰন্থ খনিত পোৱা যায়। বৰ্তমান সময়ত বহু উন্নত মানদণ্ডৰ সাহিত্য ৰচনা হৈছে যদিও প্ৰাচীন সাহিত্য সমূহৰো নিজস্ব সুকীয়া মৰ্যাদা আছে। জ্ঞাননাথ বৰাই পাতনিত প্ৰাচীন সাহিত্যৰ বিষয়ে লিখিছে - " যদি কোনোবাই সেই সাহিত্য নাইকিয়া কৰে, আমাৰ জীৱন শুকান মৰুভূমি হ'ব। মনৰ সুখ মনৰ আনন্দ একে তিলে নাইকিয়া হ'ব। আধুনিক সাহিত্য থাকিলেও সি সেই জীৱন মৰুভূমিত এটোপা পানীও দিব নোৱাৰিব।"
ষোল্ল শতিকাতে "কথা-ভাগৱত" আৰু"কথা-গীতা" ৰচিত আমাৰ পুৰণি সাহিত্য গদ্যতো চহকী আছিল। এই পুথি দুখনৰ গদ্য অসমীয়াৰ গৌৰৱৰ কাৰণ। অসমীয়া গদ্যৰ জনক ভট্টদেৱৰ প্ৰথম অসমীয়া শুদ্ধ গদ্যৰ বিষয়ে জ্ঞাননাথ বৰাই গ্ৰন্থৰ পাতনিত উল্লেখ কৰিছে।[1]
প্ৰবন্ধৰ তালিকা
সম্পাদনা কৰক- পুৰণি অসমীয়া সাহিত্য
- কথা ভাগৱত আৰু কথা গীতা
- মাধৱ কন্দলীৰ ৰামায়ণ
- কীৰ্তন
- ৰাস-ক্ৰীড়া
- শ্ৰীকৃষ্ণ
- ভীম চৰিত
- কাণখোৱা
- গীতি-ৰামায়ণ
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ সম্পা: বৰা, জ্ঞাননাথ. অসমীয়া পুৰণি সাহিত্য. প্ৰকাশক দীঘলী পুখুৰী, গুৱাহাটী: বৰুৱা এজেঞ্চী.