মূল মেনু খোলক

মাধৱ কন্দলী ১৪ শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ কি?) ৰাজসভাৰ এজন কবি[1]। মাধৱ কন্দলীয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে[2]। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলীক "অপ্ৰমাদী কবি" আখ্যা দিছিল[1]

মাধৱ কন্দলী
জন্ম ১৪শ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজী সপ্তকাণ্ড ৰামায়ণ

জীৱনকালসম্পাদনা কৰক

কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ সময়ৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, বাণীকান্ত কাকতি, বেণুধৰ শৰ্মা আদিৰ মত অনুসৰি খৃষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যই নগাঁৱৰ কপিলী উপত্যকা অঞ্চলত শাসন কৰিছিল[2][3] নাইবা উজনিৰ সোণাপুৰত (সম্ভৱতঃ শিৱসাগৰৰ সোণাৰি অঞ্চল) ৰাজধানী পাতিছিল[2]। এইজন ৰজাৰে ৰাজসভাত প্ৰাক্‌-শঙ্কৰী কবি মাধৱ কন্দলীয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলীৰ আন এটা নাম "কবিৰাজ কন্দলী", সম্ভৱ তেওঁৰ কবিত্ব শক্তিৰ বাবেই পিছলৈ এই নাম পায়[3]

কাব্যকৃতিসম্পাদনা কৰক

হিন্দু ধৰ্মত দিক্ষিত হোৱা ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলীৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰাম-চৰিত মানস' ৰচিত হয়[2]

মাধৱ কন্দলীয়ে সহজ-সৰলকৈ সাধাৰণ ৰাইজৰ বাবে এই কাব্য ৰচনা কৰিছিল[1]। ইয়াৰ বিৱৰণসমূহত অসমীয়া ভাষা প্ৰথম অৱস্থাৰ ৰূপ দেখা পোৱাৰ লগতে সেইসময়ৰ প্ৰচলিত ৰীতি-নীতিৰো আভাস পোৱা যায়[1]। ভাষাৰ সৰলতা আৰু কাব্যিক গুণলৈ লক্ষ্য কৰি মাধৱ কন্দলীৰ ৰামায়ণক অসমীয়া সাহিত্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱদানৰূপে গণ্য কৰিব পাৰি[1]। পিছৰ যুগৰ কবিসকলক ই প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকৰ ৰচনাৰ বাবে ই এক মানস্বৰূপ আছিল।


ৰাজনৈতিক খেলিমেলিৰ মাজত মাধৱ কন্দলীৰ ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "গুৰু-চৰিত" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে অনন্ত কন্দলীয়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলীৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলীয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়[4]। মাধৱ কন্দলীয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়[4]


"দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ কন্দলীৰ ভনিতা পোৱা যায়। ইয়াত নৰনাৰায়ণ অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়[2]। এই ৰচনাত পিছৰ কালত প্ৰসাৰ পাবলগীয়া নৱবৈষ্ণৱ ধৰ্মৰ ছাঁ দেখিবলৈ পোৱা যায়[1]। এই পুথিৰ কোনো কোনো ঠাইত কেৱল 'মাধৱ' নামহে পোৱা যায় আৰু ইয়াৰ ভাষাও 'কথা-ৰামায়ণ'ৰ লগত নিমিলে। মাধৱ কন্দলীৰ ছদ্মনাম লৈ আন কোনো কবিয়ে এইখন ৰচনা কৰিছে বুলি ঠাৱৰ কৰা হয়[2][3]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 [1]Indian Literature, Sahitya Akademi, (Assamese- Birinchi Kumar Barua, Praphulla Dutta Goswami, আহৰণ ১০.১০.২০১১
  2. 2.0 2.1 2.2 2.3 2.4 2.5 সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৬২-৬৯. 
  3. 3.0 3.1 3.2 হেমন্ত কুমাৰ শৰ্মা (১৯৯৭). অসমীয়া সাহিত্যত দৃষ্টিপাত. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৬৯,৭০. 
  4. 4.0 4.1 [2]Modern Indian Literature,an Anthology:Plays and prose, By K. M. George, Sahitya Akademi (Assamese-Banikant Kakati)

বাহ্যিক সংযোগসম্পাদনা কৰক