হেমকোষ

অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধান
(অসমীয়া হেমকোষৰ পৰা পুনঃনিৰ্দেশিত)

হেমকোষ (ইংৰাজী: Hemkosh) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ গোস্বামীৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত এই অভিধানত এহেজাৰ পৃষ্ঠা আৰু ২২,৩৪৬টা শব্দ আছিল। বৰ্তমান ইয়াত এক লাখতকৈও অধিক শব্দ সংযোগ কৰা হৈছে।[1] হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত নাতি দেৱানন্দ বৰুৱাই হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে।[2]

হেমকোষ  
হেমকোষৰ ২০০৬ চনৰ সংস্কৰণ
লেখক হেমচন্দ্ৰ বৰুৱা
দেশ অসম,  ভাৰত
ভাষা অসমীয়া
বিষয় অভিধান
প্ৰকাশক হেমকোষ প্ৰকাশন
প্ৰকাশ ১৯০০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

প্ৰণেতাসম্পাদনা কৰক

হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua) (১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক আছিল।[3] তেওঁক অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত কৰা হৈছিল। ১৮৩৫ চনৰ ১০ ডিচেম্বৰত অসমযোৰহাট জিলাৰ ৰজা-বাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী[4]

প্ৰস্তুতি পৰ্বসম্পাদনা কৰক

হেমকোষ অভিধান প্ৰস্তুত কালত প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই নানা অসুবিধাৰ সম্মুখীন হ’বলগীয়াত পৰিছিল৷ হেমচন্দ্ৰ বৰুৱাই শ্ৰীৰামপুৰীয়া কাগজৰ দুই-তিনিখন বহীত গোটেই অভিধানখন লিখিছিল৷ আজিকালিৰ ফুলস্কেপ কাগজতকৈ শ্ৰীৰামপুৰীয়া কাগজৰ আকাৰ ডাঙৰ আছিল৷ য’ত বৰুৱা শুইছিল, সেই কোঠাৰ মেজতে বহীকেইখন ৰাখিছিল আৰু যেতিয়াই মনত পৰিছিল, তেতিয়াই তেওঁ, আনকি ৰাতি শোৱাৰ পৰা উঠিও তেওঁ শব্দ মনত পৰিলে লিখি ৰাখিছিল৷ অফিচত কাম কৰি থাকোঁতেও তেওঁ কোনো শব্দৰ কথা মনলৈ আহিলে টুকি থৈ ঘৰলৈ আহি পোনতে তাক বহীত সন্নিৱিষ্ট কৰিছিল৷ এনে কৰোঁতে বহুত কটাকুটা হৈছিল আৰু ওপৰাওপৰিকৈয়ো লিখা হৈছিল৷ লিখা প্ৰায় শেষ হৈছিল যদিও সেই সময়ত অসমত অভিধান ছপাব পৰা ছপাশাল নাছিল আৰু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কলিকতালৈ যাবও পৰা নাছিল৷ হেমকোষ প্ৰকাশৰ আগতেই ১৮৯৬ চনত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷[5]

প্ৰকাশ পৰ্বসম্পাদনা কৰক

হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত ছাব-ডেপুটী কালেক্টৰ মিষ্টাৰ গেইটে হেমচন্দ্ৰ বৰুৱাই অভিধান লিখি থৈ যোৱা বুলি গম পাই কামৰূপ জিলাৰ ডেপুটী কমিচনাৰলৈ চিঠি লিখি অভিধানখন চৰকাৰী উদ্যোগত ছপাবলৈ অনুৰোধ কৰে৷ সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলেও ধন সংগ্ৰহ কৰি অভিধানখন ছপাবলৈ মন কৰিছিল যদিও বহু ধনৰ প্ৰয়োজন হোৱাৰ অনুমান কৰি হেমকোষখন চৰকাৰকে ছপাবলৈ দিয়া হয়৷ কিন্তু দুখৰ কথা যে, ছপা কাম আৰম্ভ হওঁতেই শ্বিলঙত হোৱা ১৮৯৭ চনৰ ডাঙৰ ভূঁইকঁপত শ্ৱিলঙৰ প্ৰায়বোৰ অফিচ ঘৰৰ লগতে চৰকাৰী ছপাশালো ভাঙি যায় আৰু হেমকোষৰ পাণ্ডুলিপিখনো মাটিৰ তলত পোত যায়৷ ইয়াৰ ফলত অভিধানখনৰ বহু পাত ছিঙি যায়৷ পিছত বহু কষ্ট কৰি হেমচন্দ্ৰ গোস্বামীয়ে পুথিখন উদ্ধাৰ কৰি প্ৰকাশৰ উপযোগী কৰি তোলে৷ কিন্তু এইসময়তে গেইট চাহাব অসম এৰি যায় আৰু ইমানতে হেমকোষ ছপা কৰাৰ কথা তল পৰি যায়৷ ভূঁইকঁপৰ বৃহৎ ক্ষতিৰ পিছত চৰকাৰেও সতকাই অভিধান ছপোৱাৰ কামত মনোনিৱেশ নকৰিব বুলি ধাৰণা কৰা হৈছিল যদিও ১৯০০ চনত কলিকতাৰ বেপ্তিষ্ট মিছন প্ৰেছত কৰ্ণেল গৰ্ডনে চৰকাৰৰ হৈ হেমকোষখন ছপা কৰি উলিয়ায়৷[5]

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. RCILTS, IIT Guwahati
  2. "Debananda Baruah dies at 89". The Sentinel. February 25, 2012. http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=108348&dtP=2012-02-26&ppr=1। আহৰণ কৰা হৈছে: February 28, 2012. 
  3. http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লিখিত তথ্য
  4. গগণ চন্দ্ৰ অধিকাৰী (১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ)). ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা. পৃষ্ঠা. ৪. 
  5. 5.0 5.1 বৰুৱা, অমৰ (১০ ডিচেম্বৰ ২০২২). "হেমকোষ প্ৰকাশৰ কিছু কথা". অসমীয়া খবৰ: ৪.