অসমৰ তামোল-পাণ সংস্কৃতি

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰাসন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে অসমৰ গাঁওবোৰত ইয়াৰ অধিকতম প্ৰচলন দেখা পোৱা যায় যদিও চহৰ অঞ্চলতো ইয়াৰ ব্যৱহাৰ কম নহয়। বৰ্তমান অসমত বহুলোকেই তামোল পাণ বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে।

শৰাইত আৰু বটাত সজাই পৰাই দিয়া তামোল আৰু পাণ

সাংস্কৃতিক আৰু সামাজিক প্ৰমূল্যসম্পাদনা কৰক

চাহ, জলপান নাইবা ভাত খোৱাৰ পাছত পিছত তামোল-পাণ খাই মুখ সতেজ কৰা হয়। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, বন্ধু-বান্ধৱ অথবা মিতিৰ-কুটুমক তামোল-পাণেৰে সন্মান যাচে। বিয়া, সকাম বা বিভিন্ন সৰু বৰ অনুষ্ঠানত তামোল-পাণ পৰিবেশন কৰা হয়। অসমৰ ঠাই বিশেষে দোষীজনেও তামোল-পাণ আগবঢ়াই ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা মাগে। অসমীয়া লোকৰ বিয়াৰ দিনাখন পদূলিমুখত শৰাইত এথোক তামোল থৈ ৰাইজক আদৰণি জনোৱা হয়।

উৎপত্তিসম্পাদনা কৰক

এটা পকা তামোল (বাঁওফাল); পাণ গছৰ সৈতে পাত (সোঁফাল)

তামোল গছৰ পৰা তামোলৰ উৎপত্তি হয় আৰু পাণ গছৰ পাতৰ পৰা পাণ। তামোল-পাণ এটা আনটোৰ পৰিপূৰক। তামোল (Areca Nut), তামোল গছত লগা এবিধ ফল। তামোলৰ বিজ্ঞান ভিত্তিক নাম Areca catechu। এই গছডাল প্ৰাপ্তবয়স্ক অৱস্থালৈ দীঘলে প্ৰায় ৫০ ফুটমান ওখ আৰু ৬-৭ ইঞ্চিমান বহল হয়। পাণ (Piper betle) এবিধ লতা জাতীয় গছ। অসমত সাধাৰণতে তামোল, মদাৰ, নাৰিকল আদি গছৰ গুৰিত ইয়াক ৰোপণ কৰা হয়। কোনো কোনো ঠাইত বাঁহৰ চাং পাতিও ইয়াৰ খেতি কৰা হয়।

আখ্যানসম্পাদনা কৰক

শাস্ত্ৰ অনুসৰি তামোল-পাণৰ এটি আখ্যানো পোৱা যায়। এদিন কৃষ্ণৰাধাক নোকোৱাকৈ বিজেতাৰ ঘৰলৈ গ'ল। ৰাধাই জানিব পাৰি কথাৰ সত্যতা প্ৰমাণ ল’বলৈ বিজেতাৰ ঘৰ ওলোৱাত শ্ৰীকৃষ্ণই ৰাধা আগমনৰ গম পাই তেওঁ নিজৰ ৰূপ সলাই তাতেই এজোপা তামোল গছ হৈ পৰিল আৰু বিজেতায়ো সেই জোপা তামোলতেই পাণ গছ হৈ বগাই পৰিল। তামোল গছৰ ফল ‘তামোল’ আৰু পাণ গছৰ ফল ‘পাণ’ হয়। তামোলক যোৰা (২টা) বা হালি (৪টা) বুলি গণনা কৰা হয়। আনহাতে পাণক বিজেতাৰ পৰা হোৱাৰ বাবে বীৰা হিচাপে গণনা কৰে। উক্ত ফল বৈকুণ্ঠৰ, আৰু দেৱ-ভোগ্য দেৱতাৰ বস্তু হ’ল। নাৰদ মুনিয়ে এই ফল বৈকুণ্ঠৰ পৰা মানৱৰ ভোগৰ বাবে পৃথিৱীলৈ আনি পৃথিৱীত বিলাই দি এক উচ্চ মানদণ্ডৰ সামগ্ৰী কৰিলে।

পৰিবেশনসম্পাদনা কৰক

 
ফলৰ সৈতে তামোল গছ

অসমীয়া লোকৰ আন এক সাংস্কৃতিক প্ৰতীক শঁৰাই বা বঁটাত তামোল পাণ কাটি চাধা বা ধঁপাত আৰু চূনৰ সৈতে ইয়াক সাধাৰণতে পৰিবেশন কৰা হয়।

লোকবিশ্বাসসম্পাদনা কৰক

অসমত তামোল-পাণ খোৱা প্ৰথা ব্যাপক প্ৰচলন বিষয়ে যোগিনীতন্ত্ৰৰ শ্লোক (তাম্বুলাসা সদা ভৱেৎ) এটাৰ পৰাই জানিব পাৰি। অসমীয়া পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰণে তামোল খোৱাত সামাজিকভাৱে বাধা নিষেধ নাই।

বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ ধৰা-বন্ধা ৰীতি। অসমীয়া মানুহৰ প্ৰিয় কথা এফাঁকি মন কৰিবলগীয়া, "আগফাল শুৱনি কাকিনী তামোল, পাছফাল শুৱনি পাণ। " তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাকৰ বচন আছে।

ধৰ্মানুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বা গুৱা পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। পূজাৰ নৈবেদ‍্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ। গুৰু-গোসাঁইলৈ বা ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়। উৎসৱ-অনুষ্ঠানত অথবা অপায়-অমংগলৰ সময়ত গুৰুঘৰলৈ, নামঘৰলৈ, দেৱতা বা অপদেৱতালৈ তামোল-পাণ আগবঢ়োৱা হয়। আলহী অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভিথ‍্যনা কৰা হয়। তামোলখনৰ যোগেই গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান-প্ৰদানত বন্ধুত্ব স্থাপনো হয়। ৰাজহুৱা দায়-জগৰত পৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি।

বিবাহৰ নিমন্ত্ৰণ কাৰ্যতো তামোল-পাণৰ ব্যৱহাৰ হয়। তামোল-পাণ থুৰিওৱা আদি কাৰ্যৰ মাজেদি তিৰোতাৰ কলাসুলভ মনৰ পৰিচয় পোৱা যায়। বিয়াৰ ভালেমান ক্ৰিয়াকাৰ্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া। বিয়াৰ কেইদিনা দৰা-কইনা এযোৰ পাণ-তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে। বিবাহ-অনুষ্ঠান শেষ হ'লে দৰা-কইনা এই তামোল-কটাৰী সলনা-সলনি  কৰে। দৈয়ন দিওঁতেও পাণৰ প্ৰয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা-কোঠাৰ দুৱাৰডলিত পিৰা এখন পাৰি বহুওৱা হয়। কন্যাৰ মাক বা আন কোনো সম্বন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঁঠু কাঢ়ে; পাণ দুখন দৈ-গাখীৰত জুবুৰিয়াই কন্যাৰ গাল, বাহু, ভৰিত সানি দিয়ে। কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদী গমনত দৰা-কইনা সাতখিলা পান গচকাৰ বিধি। অসমৰ কোনো কোনো অঞ্চলত 'পাণ-ছিঙা' প্ৰথাৰে বিবাহ-বিচ্ছেদ হয়।

তামোল-পাণ গাঁৱলীয়া দৰৱ-জাতিৰ অন্যতম উপাদান। অসমীয়া নিদান মতে, তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু-ম'হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। তামোল-পাণৰ অলৌকিক শক্তিত বিশ্বাস কৰি ইয়াক মন্ত্ৰত ব্যৱহাৰ কৰা হয়।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. অসমৰ লোকসংস্কৃতি- ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা