ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ
(অসমৰ ভৌগলিক সূচাংক বা জি আই টেগ লাভ কৰা সামগ্ৰীসমূহৰ পৰা পুনঃনিৰ্দেশিত)
নাম | চমু টোকা | জি আই টেগ লাভ কৰা বৰ্ষ | জাতি/জনগোষ্ঠী | স্থান |
---|---|---|---|---|
তেজপুৰৰ লিচু | অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত উৎপাদিত এবিধ ৰসযুক্ত ফল। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। | ২০১৫ চনৰ ৩১ মাৰ্চ[1] | অসমীয়া | তেজপুৰ, অসম |
অসমৰ কাৰ্বি-আংলং আদা | ই হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত এবিধ মছলাজাতীয় উদ্ভিদ। | ২০১৫ চনৰ ৩১ মাৰ্চ[2] | কাৰ্বি | কাৰ্বি আংলং, অসম |
জহা চাউল | ঘাইকৈ অসমত উৎপাদন হোৱা এবিধ সুগন্ধি চাউল | ২০১৭[3] | অসমীয়া | অসম |
বোকা চাউল | বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। | ২০১৮[4] | অসমীয়া | অসম |
চকোৱা চাউল | চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত শৰ্কৰাৰ পৰিমাণ তুলনামূলকভাৱে কম থাকে। | ২০১৯, ২৪ অক্টোবৰ[5] | অসমীয়া | অসম |
অৰ্থডক্স টী | অসমত উৎপাদিত চাহপাত। | অসম | ||
কাজি নেমু | এবিধ টেঙা জাতীয় ফল। ভিটামিন চি যুক্ত এই ফলবিধ বিভিন্ন ৰন্ধন প্ৰণালীত ব্যৱহাৰ হোৱাৰ লগতে ইয়াক কেঁচাকৈ বা চৰৱত তৈয়াৰ কৰি খোৱা হয়। | ২০১৯ | অসম | |
অসমীয়া জাপি | বাঁহেৰে তৈয়াৰী মূৰত পিন্ধা এবিধ টুপিৰ দৰে সামগ্ৰী। | অসম | ||
আশাৰীকান্দিৰ পুতলা শিল্প | আশাৰীকান্দি অঞ্চলত তৈয়াৰী পাৰম্পৰিক মৃৎশিল্প। এই অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়ালে পুতলা নিৰ্মাণ কৰি জীৱিকা নিৰ্বাহ কৰি আছে। | ধুবুৰী জিলা, অসম | ||
অসমৰ কাঁহ শিল্প | অসমৰ সৰ্থেবাৰী অঞ্চলত হাতেৰে নিৰ্মিত কাঁহৰ সামগ্ৰী। বিবাহ, ধৰ্মীয় অনুষ্ঠান, উৎসৱ আদিৰ লগতে সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰৰ বাবে অসমত কাঁহেৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ হয়। | অসমীয়া | সৰ্থেবাৰী, অসম | |
মাজুলীৰ মুখা শিল্প | বাঁহৰ কাঠিৰে তৈয়াৰ কৰি মাটিৰ লেপ দি প্ৰাকৃতিক ৰঙেৰে সজ্জিত এবিধ মুখ-বন্ধনী। ভাওনা আদিত ব্যৱহৃত এই সামগ্ৰীবিধ অসমৰ এক প্ৰাচীন লোককলা। | অসমীয়া | মাজুলী, অসম | |
জুডিমা | অসমৰ ডিমাছা সকলে চাউলৰপৰা প্ৰস্তুত কৰা এবিধ পাৰম্পৰিক সুৰা। | ২০২১, ১৪ ছেপ্টেম্বৰ | ডিমাছা | অসম |
গামোচা | ঘাইকৈ গা মুচিবৰ বাবে ব্যৱহৃত এবিধ পাতল বস্ত্ৰ। | ২০২২, ১৩ ডিচেম্বৰ[6] | অসমীয়া | অসম |
আৰনাই | অসমৰ বড়ো জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। | ২০২৪[7][8] | বড়ো জনগোষ্ঠী | অসম |
জৌ গৈৰাণ | ২০২৪[7][8] | বড়ো জনগোষ্ঠী | অসম | |
মাইব্ৰা | ২০২৪[7][8] | বড়ো জনগোষ্ঠী | অসম | |
জৌ বিদৈ | ২০২৪[7][8] | বড়ো জনগোষ্ঠী | অসম | |
জৌ গিচি | ২০২৪[7][8] | বড়ো জনগোষ্ঠী | অসম | |
নামফা | শুকান মাছৰপৰা তৈয়াৰী এবিধ জনপ্ৰিয় খাদ্য। | ২০২৪[7][8] | বড়ো জনগোষ্ঠী | অসম |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Assam’s pungent ginger, juicy litchi get GI tag
- ↑ Assam’s pungent ginger, juicy litchi get GI tag
- ↑ "GI tag for Joha rice". The Telegraph. 29 March, 2020. https://www.telegraphindia.com/north-east/gi-tag-for-joha-rice/cid/1429771। আহৰণ কৰা হৈছে: 29 July 2020.
- ↑ "‘The rice that needs no cooking’: magic rice variety from Assam gets GI tag" (ইংৰাজী ভাষাত). 2018-08-11. https://indianexpress.com/article/north-east-india/assam/the-rice-that-needs-no-cooking-magic-rice-variety-from-assam-gets-gi-tag-5299318/.
- ↑ "Traditional Scarf (Gamosa) of Assam gets Geographical Indications tag". The Sentinel. November 18, 2019. https://www.sentinelassam.com/north-east-india-news/assam-news/traditional-scarf-gamosa-of-assam-gets-geographical-indications-tag/। আহৰণ কৰা হৈছে: April 12, 2020.
- ↑ "Assamese Gamosa gets Geographical Indication tag". India today. https://www.indiatoday.in/lifestyle/what-s-hot/story/assamese-gamosa-gets-geographical-indication-tag-2309378-2022-12-15। আহৰণ কৰা হৈছে: 31 March 2023.
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 "বড়ো জনগোষ্ঠীৰ আৰনাইকে ধৰি ৰাজ্যৰ ৮ বিধ সামগ্ৰীলৈ জি আই টেগ" (Press release). অসমীয়া খবৰ. ৩ অক্টোবৰ, ২০২৪.
- ↑ 8.0 8.1 8.2 8.3 8.4 8.5 "Eight products used by Assam tribe granted GI tag" (Press release). https://www.thehindu.com.+3 October 2024. https://www.thehindu.com/news/national/gi-tags-for-bodo-rice-beers-and-other-culinary-delights/article68706590.ece। আহৰণ কৰা হৈছে: 3 October 2024.