অসম বৈভৱ বঁটা

অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা

অসম বৈভৱ (ইংৰাজী: Assam Baibhav) অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে উদ্যোগপতি ৰতন টাটাকৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।[3] এই বঁটা প্ৰৱৰ্তনৰ আগতে অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান আছিল।

অসম বৈভৱ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী সাধাৰণ
বৰ্ণনা সন্মুখফাল: হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" অসমীয়া লিপিত খোদিত
পিছফাল: ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত[1]
প্ৰতিষ্ঠা ২০২১[2]
অন্তিমবাৰ প্ৰদান ২০২৩
মুঠ প্ৰদানৰ সংখ্যা
প্ৰদানকৰ্তা অসম চৰকাৰ
প্ৰথম প্ৰাপক ৰতন টাটা
অন্তিম প্ৰাপক ৰঞ্জন গগৈ
বঁটাৰ মৰ্যদা
<নাই>অসম বৈভৱঅসম সৌৰভ

অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক। এই বঁটাৰ সন্মুখৰ ফালে হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" অসমীয়া লিপিত খোদিত কৰা আৰু পিছফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত কৰা আছে।[4] ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে স্বাস্থ্যসেৱা (কেন্সাৰ কেয়াৰ) আৰু জনসেৱাৰ ক্ষেত্ৰত মুম্বাইত বাস কৰা বিখ্যাত কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।[5] ২০২৪ চনৰ ১৬ জানুৱাৰী তাৰিখে অসম চৰকাৰে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আইন আৰু ন্যায়ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষৰ অসম বৈভৱ বঁটা প্ৰদান কৰে।[6]

বিৱৰণ সম্পাদনা কৰক

লোকসেৱাৰ হিতাৰ্থে আৰু মানৱিক প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰতেই সৰ্বোচ্চ ব্যৱস্থাৰ অসাধাৰণ সেৱা/কাৰ্যক্ষমতাক স্বীকৃতি প্ৰদানৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ আৰ্হিত অসম অসামৰিক সন্মান প্ৰদানৰ ব্যৱস্থা হাতত লয়। এই বঁটাসমূহ ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ চনৰ ২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঅসম দিৱস উপলক্ষে আনুষ্ঠানিকভাৱে এই বঁটাসমূহ ঘোষণা কৰে।

সাধাৰণতে প্ৰতি বছৰে এজন ব্যক্তিক অসম বৈভৱ, তিনি গৰাকীক অসম সৌৰভ আৰু ১৫ গৰাকী ব্যক্তিক অসম গৌৰৱ সন্মানৰ বাবে বাছনি কৰা হয়। অৱশ্যে পুৰস্কাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী প্ৰত্যেক শাখাত প্ৰতি বছৰে বঁটাৰ সংখ্যা পৰিবৰ্তন হব পাৰে।

বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ এনেধৰণৰ-

  • অসম বৈভৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান
  • অসম সৌৰভ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৪ লাখ টকাৰ এক আৰ্থিক অনুদান
  • অসম গৌৰৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৩ লাখ টকাৰ এক আৰ্থিক অনুদান

বঁটা প্ৰাপক সকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ এনেধৰণৰ-

  • চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰে
  • তেওঁলোকক ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন, অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হয়
  • তেওঁলোক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত কৰা হয়
  • অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসালয়ৰ ব্যয়ৰ বাবে ২ লাখ টকা পৰ্য্যন্ত প্ৰদান কৰে
  • পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধাৰ ব্যৱস্থা থকাৰ উপৰিও বঁটাপ্ৰাপ্ত নাগৰিকসকলে এ.এছ.টি.চি বাছত বিনামূলীয়াকৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিহে ভ্ৰমণৰ ২৪ ঘণ্টা পূৰ্বেই নিৰ্ধাৰিত তথ্য প্ৰদান কৰে।[7]

বঁটা বিজয়ীসকলৰ তালিকা সম্পাদনা কৰক

নং নাম চন ক্ষেত্ৰ চিত্ৰ
ৰতন টাটা[8] ২০২১ সমাজ সেৱা  
তপন শইকীয়া ২০২২ স্বাস্থ্যসেৱা আৰু জনসেৱা
ৰঞ্জন গগৈ ২০২৩ আইন আৰু ন্যায়  

তথ্য উৎস সম্পাদনা কৰক

  1. "এইবাৰ ‘অসম বৈভৱ’ বঁটা ৰতন টাটালৈ : অন্য কি বঁটা কোনে পালে চাওক". https://assamtimespost.com/?p=62976&amp। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২. 
  2. "ৰতন টাটালৈ অসম বৈভৱ সন্মান, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে কোন কোন হ'ল নিৰ্বাচিত?". https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-assam-government-announced-3-highest-civilian-awards-check-the-list-hb-175713.html। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২. 
  3. "অসম অসামৰিক বঁটা- তিনিটা শিতানত প্ৰদান কৰা হ’ব এই বঁটা…লাভলীনালৈ অসম সৌৰভ বঁটা". Archived from the original on 2022-01-21. https://web.archive.org/web/20220121154519/https://as.time8.in/assam-civilian-award-announced/। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২. 
  4. "২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা". https://assam.nenow.in/assam-baibhav-award-for-2021-announced-first-year-assam-baibhav-award-to-ratan-tata/। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২. 
  5. Time, Pratidin (2023-01-04). "Dr Tapan Saikia To Receive Assam's Highest Civilian Award". www.pratidintime.com. https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/dr-tapan-saikia-assams-highest-civilian-award। আহৰণ কৰা হৈছে: 2023-01-15. 
  6. Bureau, The Hindu (14 February 2024). "Former CJI Ranjan Gogoi receives Assam’s highest civilian award". www.thehindu.com. https://www.thehindu.com/news/national/other-states/former-cji-ranjan-gogoi-receives-assams-highest-civilian-award/article67842362.ece। আহৰণ কৰা হৈছে: 4 April 2024. 
  7. Award, Assam Civilian. "About the Assam Civilian Awards" (en ভাষাত). assamcivilianawards.assam.gov.in. https://assamcivilianawards.assam.gov.in/index.php/about। আহৰণ কৰা হৈছে: 4 February 2024. 
  8. "ৰতন টাটালৈ অসম বৈভৱ বঁটা আৰু কোনে পালে অসম গৌৰৱ বঁটা চাওক তালিকা…". https://fonts.googleapis.com/css?family=Lato%3A400%2C600%7CRoboto%3A300%2C400%2C500%2C700&ver=5.7.5। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২.